গৃহ মন্ত্ৰালয়
গ্ৰেটাৰ নয়দাত চতুৰ্থ উত্তৰপ্ৰদেশ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা উদ্বোধন কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ
প্ৰধানমন্ত্ৰী হিচাপে ধাৰাবাহিকভাৱে তিনিটা কাৰ্যকালৰ বাবে জনসাধাৰণৰ বিশ্বাস অৰ্জন কৰি শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজনৈতিক সুস্থিৰতাক নিজৰ পৰিচয় হিচাপে গঢ়ি তুলিছে আৰু তৃণমূলক পৰ্যায়ত নীতিসমূহ ৰূপায়ণ কৰিছে
অভিজ্ঞতাৰ ভিত্তিত নীতিসমূহৰ সংশোধন কৰি, নতুন নীতি প্ৰণয়ন কৰি আৰু এই সকলোবোৰতে স্পষ্টতা প্ৰদৰ্শন কৰি মোদীয়ে সমগ্ৰ বিশ্বৰ বাবে ভাৰতক এক আকৰ্ষণীয় উৎপাদন হাবলৈ ৰূপান্তৰিত কৰিছে
বিশ্বজুৰি চলি থকা অস্থিৰতা আৰু অশান্তিৰ সমান্তৰালভাৱে, অসংখ্য প্ৰত্যাহ্বানৰ স্বত্ত্বেও বৰ্তমান ভাৰতৰ বিকাশৰ হাৰ বৃদ্ধি পাইছে
যিসকলে ভাৰতক এখন 'মৃত অৰ্থনীতি' বুলি বিবেচনা কৰে, প্ৰকৃততে তেওঁলোকৰ মানসিকতাহে মৃত, সেইবাবেই তেওঁলোকে ভাৰতৰ গতিশীলতা আৰু বিকাশ প্ৰত্যক্ষ কৰিব নোৱাৰে
'ডাবল-ইঞ্জিন' চৰকাৰৰ ফলত উত্তৰপ্ৰদেশ বৰ্তমান ভয়মুক্ত, বিনিয়োগৰ কেন্দ্ৰবিন্দু আৰু দেশৰ উন্নয়নৰ ইঞ্জিন হৈ পৰিছে
অনুকূল বিনিয়োগৰ পৰিৱেশৰ বাবে সুস্থ আইন শৃংখলা পৰিস্থিতি, এক অনুকূল ঔদ্যোগিক নীতি, এখন সক্ৰিয় চৰকাৰ আৰু সুবিধা প্ৰদানৰ হেঁপাহ, এই চাৰিওটা উপাদানেই আজি উত্তৰপ্ৰদেশত বিৰাজমান
এই বাণিজ্য মেলাই সমগ্ৰ উত্তৰপ্ৰদেশৰ উৎপাদকসকলৰ বাবে বাণিজ্য আৰু উৎপাদন সম্প্ৰসাৰণ কৰাত সহায় কৰিব আৰু বিশ্বদৰবাৰত উত্তৰপ্ৰদেশৰ পৰিচয় দাঙি ধৰাত সহায় কৰিব
যিখন উত্তৰপ্ৰদেশৰ সুস্থ আইন শৃংখলা পৰিস্থিতিৰ নাটনিৰ বাবে ২০১৩ চনত বিনিয়োগ সন্মিলনখন দিল্লীত অনুষ্ঠিত কৰিবলগীয়া হৈছিল, সেই একেখন উত্তৰপ্ৰদেশেই আজি ১ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতি গঠনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে, এয়াই হৈছে 'ডাবল-ইঞ্জিন' চৰকাৰৰ যাদু
য’ত পূৰ্বে বাহন চুৰি আৰু চেইন কাঢ়ি লোৱা কাৰ্য্যবোৰ কুটিৰ উদ্যোগৰ দৰে গঢ়ি উঠিছিল, তাত আজি প্ৰতিৰক্ষা কৰিডৰ, বাহন নিৰ্মাণ আৰু চিকিৎসা সঁজুলিৰ পার্ক গঢ়ি উঠিছে
উত্তৰপ্ৰদেশত প্ৰস্তুত কৰা ব্ৰাহ্মোছ ক্ষেপণাস্ত্রই পাকিস্তানক শংকিত কৰি ৰাখে, আনহাতে আমেথিত নিৰ্মিত এ কে-২০৩ এচাল্ট ৰাইফলে ইতিমধ্যে নক্সালবাদী আৰু সন্ত্ৰাসবাদীসকলৰ মনত ভয়ৰ সৃষ্টি কৰিছে
'ৱান ডিষ্ট্ৰিক্ট, ৱান প্রডাক্ট' পদক্ষেপে যুৱক-যুৱতী, ক্ষুদ্র উদ্যমী আৰু ক্ষুদ্র উদ্যোগসমূহৰ বাবে উল্লেখযোগ্য অগ্ৰগতি আনিছে আৰু ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশৰ অন্যতম মুখ্য চালিকা শক্তি হিচাপে আত্মপ্ৰকাশ কৰিছে
পণ্ডিত দীনদয়াল উপাধ্যায়ৰ ১১০সংখ্যক জয়ন্তীত শ্ৰদ্ধাঞ্জ
পোষ্ট কৰা হৈছে:
25 SEP 2026 5:47PM by PIB Guwahati
কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি গ্ৰেটাৰ নয়দাত চতুৰ্থ উত্তৰপ্ৰদেশ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা উদ্বোধন কৰে। এই উপলক্ষে উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথ আৰু আন বহুতো গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

ভাষণ প্ৰসংগত কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে আজি অতি গুৰুত্বপূৰ্ণ দিন। তেওঁ কয় যে ১২ বছৰ পূৰ্বে ২৫ ছেপ্টেম্বৰতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে 'মেক ইন ইণ্ডিয়া' অভিযানৰ কথা ঘোষণা কৰিছিল। আজিৰ এই কাৰ্যসূচী হৈছে 'মেক ইন ইণ্ডিয়া'ৰ পথ প্ৰশস্ত কৰা কাৰ্যসূচী। যোৱা ১২ বছৰত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰসমূহে একেলগে 'মেক ইন ইণ্ডিয়া'ৰ পথেৰে অগ্ৰসৰ হৈ ভাৰতক উৎপাদন, ডিজাইন আৰু উদ্ভাৱনৰ গোলকীয় কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ কাম কৰিছে। শ্ৰী শ্বাহে কয় যে ১২ বছৰ আগতে ভাৰতীয় অৰ্থনীতিক 'ভংগুৰ-৫’ৰ ভিতৰত গণনা কৰা হৈছিল আৰু আজি ভাৰতীয় অৰ্থনীতি শীৰ্ষ ৫ খনৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হৈছে, যিটো প্ৰধানমন্ত্ৰী মোদীৰ 'মেক ইন ইণ্ডিয়া' নীতিৰেই সুফল।

শ্ৰী অমিত শ্বাহে কয় যে ২৫ ছেপ্টেম্বৰ হৈছে পণ্ডিত দীনদয়াল উপাধ্যায়ৰ ১১০ সংখ্যক জয়ন্তী। তেওঁ কয় যে স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে দীনদয়াল উপাধ্যায়ে দেশৰ আগত মুক্ত বাণিজ্য আৰু মুক্ত কৃষিভিত্তিক অৰ্থনৈতিক নীতি দাঙি ধৰিছিল। সেই একেখন অৰ্থনৈতিক নীতিয়েই পিছলৈ প্ৰথমে অটল জীৰ নেতৃত্বত আৰু পৰৱৰ্তী সময়ত শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতৰ উন্নয়নৰ ভেটি হৈ পৰে। দীনদয়াল জীয়ে সংগঠনভিত্তিক ৰাজনীতিৰো আধাৰশিলা স্থাপন কৰিছিল।

কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে কয় যে ভয়মুক্ত উত্তৰপ্ৰদেশ আজি বিনিয়োগৰ কেন্দ্ৰবিন্দু আৰু ভাৰতৰ উন্নয়নৰ ইঞ্জিন হিচাপে গঢ় লৈ উঠিছে। 'ডাবল-ইঞ্জিন' চৰকাৰৰ বাবেই এই ৰূপান্তৰ সম্ভৱ হৈ উঠিছে। এই পৰিৱৰ্তনৰ বাবেই আমি উত্তৰপ্ৰদেশৰ অৰ্থনীতিক ১ ট্ৰিলিয়ন মাৰ্কিন ডলাৰৰ অৰ্থনীতিলৈ ৰূপান্তৰিত কৰাৰ লক্ষ্য স্থিৰ কৰিব পাৰিছোঁ। তেওঁ কয় যে আজি বাণিজ্য মেলাত বিশ্বৰ বিভিন্ন প্ৰান্তৰ ক্ৰেতা উপস্থিত আছে আৰু ইয়াৰ ফলত নিশ্চয় উত্তৰপ্ৰদেশত বিনিয়োগ, উৎপাদন আৰু বিক্ৰী ব্যাপকভাৱে বৃদ্ধি পাব। উত্তৰপ্ৰদেশ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাৰ এইটো চতুৰ্থ সংস্কৰণ। প্ৰথম সংষ্কৰণত বিশ্বক উত্তৰপ্ৰদেশত হোৱা পৰিৱৰ্তনৰ বিষয়ে অৱগত কৰোৱা হৈছিল। দ্বিতীয় সংস্কৰণত উত্তৰপ্ৰদেশত বিনিয়োগৰ মনোভাৱ প্ৰকাশ পাইছিল। তৃতীয় সংস্কৰণত বিনিয়োগকাৰীসকল উত্তৰপ্ৰদেশলৈ আহিছিল আৰু আজি এই বাণিজ্য মেলাৰ চতুৰ্থ সংস্কৰণত তেওঁলোকে ১ ট্ৰিলিয়ন মাৰ্কিন ডলাৰৰ অৰ্থনীতি গঢ়াৰ দিশত ৰাজ্যখনৰ উন্নয়নৰ অংশীদাৰ হিচাপে কাম কৰিব। তেওঁ কয় যে ২০২৫ বৰ্ষটো প্ৰভাৱশালী বৰ্ষ আছিল, য’ত ৫ লাখৰো অধিক লোকে বাণিজ্য মেলা ভ্ৰমণ কৰিছিল, ২৪০০তকৈও অধিক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছিল, হাজাৰ হাজাৰ কোটি টকাৰ বিনিয়োগ হৈছিল আৰু বাণিজ্য চুক্তিও সম্পন্ন হৈছিল। শ্ৰী শ্বাহে আশা প্ৰকাশ কৰে যে ২০২৬ চনত আয়োজিত এই চতুৰ্থ সংস্কৰণে ২০২৫ চনৰ সকলো অভিলেখ ভংগ কৰাত সফল হ’ব।

শ্ৰী অমিত শ্বাহে কয় যে প্ৰায় ২৪ কোটি জনসংখ্যাৰে উত্তৰপ্ৰদেশ হৈছে দেশৰ আটাইতকৈ ডাঙৰ ৰাজ্য। ইয়াত প্ৰচুৰ পানী সম্পদ, মাটি, পৰিশ্ৰমী শিল্পী আৰু এতিয়া উদ্যোগৰ বাবে এক অনুকূল পৰিৱেশ আছে। এনে এক সময় আছিল যেতিয়া উত্তৰপ্ৰদেশত মাফিয়াই ৰাজত্ব কৰিছিল, কিন্তু ২০১৭ চনত আমাৰ দলে ইয়াত চৰকাৰ গঠন কৰে আৰু শ্ৰী যোগী আদিত্যনাথ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হয়। যোগী চৰকাৰে সমগ্ৰ উত্তৰপ্ৰদেশৰ পৰা মাফিয়াৰ অন্ত পেলাইছে আৰু ইয়াৰ বাবেই আজি ৰাজ্যখনত বিনিয়োগ-অনুকূল পৰিৱেশৰ সৃষ্টি হৈছে। তেওঁ কয় যে বিনিয়োগৰ পৰিৱেশৰ প্ৰথম চৰ্ত হ’ল সু-আইন শৃংখলা, এক অনুকূল ঔদ্যোগিক নীতি, এখন সক্ৰিয় চৰকাৰ আৰু উদ্যোগক সুবিধা প্ৰদানৰ উৎসাহ। আজি উত্তৰপ্ৰদেশত এই চাৰিওটা পৰিৱেশেই বিদ্যমান, যাৰ বাবে ইয়াত বিনিয়োগৰ এক পৰিৱেশ গঢ়ি উঠিছে। প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজনৈতিক সুস্থিৰতাক নিজৰ মূল পৰিচয় হিচাপে গঢ়ি তুলিছে। প্ৰধানমন্ত্ৰী হিচাপে ধাৰাবাহিকভাৱে তিনিটা কাৰ্যকালৰ বাবে জনসাধাৰণৰ বিশ্বাস অৰ্জন কৰি শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেৱল নীতি প্ৰণয়নেই কৰা নাই, বৰঞ্চ সেইবোৰ ধাৰাবাহিকভাৱে ভূমিত কাৰ্যকৰী কৰি তুলিছে। নীতিসমূহ কাৰ্যকৰী কৰাৰ সমান্তৰালকৈ প্ৰধানমন্ত্ৰী মোদীয়ে অভিজ্ঞতাৰ ভিত্তিত সেইবোৰ সংশোধন কৰিছে আৰু নতুন নীতি নিৰ্ধাৰণ কৰিছে, যাৰ ফলত সমগ্ৰ বিশ্বৰ বাবে ভাৰত এক আকৰ্ষণীয় উৎপাদন কেন্দ্ৰ হিচাপে গঢ়ি উঠিছে।
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে কিছুমান লোকে ভাৰতৰ জিডিপিৰ পৰিসংখ্যাক লৈও বিতৰ্ক সৃষ্টি কৰিবলৈ চেষ্টা কৰে। মুডিছে ভাৰতৰ উন্নয়নৰ পূৰ্বানুমান ৬%ৰ পৰা ৭%লৈ বৃদ্ধি কৰিছে। জাপানৰ অগ্ৰণী ৰেটিং সংস্থা 'জাপান ক্ৰেডিট ৰেটিং এজেন্সী'য়ে ভাৰতৰ সাৰ্বভৌম ৰেটিং BBB+ৰ পৰা Aলৈ উন্নীত কৰিছে। অন্তিমটো ত্ৰৈমাসিকত ভাৰতে ৭.৮% বিকাশৰ হাৰ অৰ্জন কৰি নিজৰ অভিলেখ ধৰি ৰাখিছে। আজি বিশ্বৰ ডাঙৰ অৰ্থনীতিসমূহৰ ভিতৰত ভাৰতৰ অৰ্থনীতিয়েই আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতি। তেওঁ কয় যে সমগ্ৰ বিশ্বজুৰি সৃষ্টি হোৱা বিশৃংখলা আৰু অশান্তিৰ সময়তো, তথা অসংখ্য প্ৰত্যাহ্বানৰ স্বত্বেও ভাৰতে নিজৰ বিকাশৰ হাৰ কেৱল বৰ্তাই ৰখাই নহয়, ইয়াক আৰু অধিক ক্ষিপ্ৰ কৰি তুলিছে। শ্ৰী শ্বাহে কয় যে আমি ২০৪৭ চনৰ ভিতৰত 'বিকশিত ভাৰত' গঢ়ি তুলিবলৈ প্ৰধানমন্ত্ৰী মোদীয়ে দেশবাসীক দিয়া সংকল্প পূৰণ কৰিম।

শ্ৰী অমিত শ্বাহে কয় যে ২০১৫ চনৰ তুলনাত আমাৰ ইলেক্ট্ৰনিক্স ৰপ্তানি ১১ গুণ বৃদ্ধি পাইছে। জুলাই মাহত জিএছটি সংগ্ৰহ আছিল ২.১১ লাখ কোটি টকা, যিটো বৰ্তমানলৈকে জুলাই মাহৰ আটাইতকৈ বেছি সংগ্ৰহ। ৬খন ৰাজ্যত ১.৬৪ লাখ কোটি টকাতকৈ অধিক বিনিয়োগেৰে ১২টা ছেমিকণ্ডাক্টৰ প্ৰকল্প চলি আছে আৰু আমাৰ মূলধনী ব্যয় ১২.২ লাখ কোটি টকা অতিক্ৰম কৰি অভিলেখ ভংগ কৰিছে। এই সকলোবোৰ সাফল্যই ভাৰতৰ উন্নয়নৰ ভেটি প্ৰমাণ কৰে। তেওঁ কয় যে কিছুমান মানুহে ভাৰতীয় অৰ্থনীতিক "মৃত অৰ্থনীতি" বুলি গণ্য কৰে, কিন্তু যিসকলৰ চিন্তাধাৰাই মৃত, তেওঁলোকে ইয়াৰ জীৱন্ত ৰূপ প্ৰত্যক্ষ কৰিব নোৱাৰে। শ্ৰী শ্বাহে কয় যে একাংশই ভাৰতৰ উন্নয়ন দেখিবলৈ নাপায়। প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত আমি মৰিছাছ, সংযুক্ত আৰৱ আমীৰশ্বাহী, অষ্ট্ৰিয়া, ইউৰোপীয় ৪ খন দেশৰ সংগঠন, যুক্তৰাজ্য, ওমান, নিউজিলেণ্ড আৰু ইউৰোপীয় ইউনিয়নৰ সৈতে মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰ কৰিছোঁ। এই এফটিএসমূহৰ ফলত আমাৰ উদ্যোগসমূহৰ ৰপ্তানি সম্ভাৱনা বহুগুণে বৃদ্ধি পাইছে। শ্ৰী শ্বাহে কয় যে বিভিন্ন প্রতিকূলতা স্বত্বেও ভাৰতীয় অৰ্থনীতিয়ে নিজৰ বিকাশৰ হাৰ অক্ষুণ্ণ ৰাখিছে।
কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে কয় যে আজি উত্তৰপ্ৰদেশৰ ঝান্সি, চিত্ৰকূট, লক্ষ্ণৌ, আগ্ৰা, আলিগড় আৰু কানপুৰ-এই ছটা কেন্দ্ৰত প্ৰতিৰক্ষা উৎপাদন খণ্ডত বিনিয়োগ লাভ কৰা হৈছে। ইয়াৰ ফলত কেৱল উত্তৰপ্ৰদেশতেই নহয়, সমগ্ৰ দেশতে প্ৰতিৰক্ষা সামগ্রীৰ বিকাশ ঘটিছে আৰু আমাৰ প্ৰতিৰক্ষা উৎপাদন ১,৭৮,০০০ কোটি টকাত উপনীত হৈছে। ২০১৩-১৪ চনৰ তুলনাত আমি প্ৰতিৰক্ষা সঁজুলিৰ ৰপ্তানি ৫৬ গুণ বৃদ্ধি কৰিছোঁ আৰু আজি ভাৰতীয় প্ৰতিৰক্ষা সামগ্রী ৮০খন দেশলৈ ৰপ্তানি কৰা হৈছে। তেওঁ কয় যে উত্তৰপ্ৰদেশেই ইয়াৰ বাবে অতি গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। যোগী চৰকাৰে কেৱল প্ৰতিৰক্ষা কৰিডৰ স্থাপন কৰাই নহয়, বৰঞ্চ ইয়াক সুগম কৰি তোলা, ভৌতিক আন্তঃগাঁথনিৰ সৈতে সংযোগ কৰা আৰু অনুকূল নীতি প্ৰস্তুত কৰাৰ বাবেও ব্যাপক কাম কৰিছে। উত্তৰপ্ৰদেশত নিৰ্মিত ব্ৰহ্মোছ ক্ষেপণাস্ত্রই পাকিস্তানক ভয় খুৱাই ৰাখে, আনহাতে আমেথিত নিৰ্মিত এ কে-২০৩ এচাল্ট ৰাইফলে ইতিমধ্যে নক্সালবাদী আৰু সন্ত্ৰাসবাদীৰ বুকুত কঁপনি তুলিছে।
শ্ৰী অমিত শ্বাহে কয় যে পূৰ্বৰ চৰকাৰসমূহৰ কাৰ্যকালত উত্তৰপ্ৰদেশত এক অপৰাধ উদ্যোগ গঢ়ি উঠিছিল আৰু ৰাজ্যখন দেশীয় পিষ্টল আৰু অবৈধ মাৰণাস্ত্ৰ নিৰ্মাণৰ কেন্দ্ৰবিন্দুলৈ পৰিণত হৈছিল। ৰাজ্যখনৰ চহৰসমূহত বাহন চুৰি এক কুটিৰ উদ্যোগৰ দৰে চলিছিল আৰু চেইন কাঢ়ি লোৱা কাৰ্যই আনকি যুৱক-যুৱতীসকলক নিজৰ দক্ষতা প্ৰদৰ্শনৰ সুযোগ দিছিল। আজি ১০ বছৰৰ পাছত দেশীয় পিস্তল উদ্যোগৰ ঠাই প্ৰতিৰক্ষা কৰিডৰে, বাহন চুৰিৰ ঠাই বাহন নিৰ্মাণ উদ্যোগে আৰু চেইন কাঢ়ি লোৱা উদ্যোগৰ ঠাই 'মেডিকেল ডিভাইচ পাৰ্ক'সমূহে লৈছে। তেওঁ কয় যে আজি উত্তৰপ্ৰদেশ বিনিয়োগ আকৰ্ষণৰ এক ডাঙৰ গন্তব্যস্থান হৈ পৰিছে আৰু এই ৰূপান্তৰ 'ডাবল-ইঞ্জিন' চৰকাৰৰ বাবেই সম্ভৱ হৈছে। তেওঁ কয় যে যিখন উত্তৰপ্ৰদেশৰ আইন-শৃংখলা পৰিস্থিতিৰ বাবে ২০১৩ চনৰ বিনিয়োগ সন্মিলন দিল্লীত অনুষ্ঠিত কৰিবলগীয়া হৈছিল, সেইখন উত্তৰপ্ৰদেশেই আজি ১ ট্ৰিলিয়ন মাৰ্কিন ডলাৰৰ অৰ্থনীতি হোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে; এয়াই 'ডাবল-ইঞ্জিন' চৰকাৰৰ যাদু।
কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰীগৰাকীয়ে কয় যে যোগী চৰকাৰ গঠনৰ পিছত পূৰ্বৰ চৰকাৰসমূহৰ আমোলৰ গুণ্ডাৰাজ সম্পূৰ্ণৰূপে উৎখাত কৰা হৈছে আৰু ইয়াৰ ফলত ইয়াত উদ্যোগ স্থাপনৰ বাবে এক অনুকূল পৰিৱেশৰ সৃষ্টি হৈছে। উত্তৰপ্ৰদেশ চৰকাৰে ইয়াৰ লাভজনক ঔদ্যোগিক নীতি, উদ্যোগসমূহৰ সমস্যাসমূহৰ খৰতকীয়া সমাধান আৰু সমগ্ৰ দেশৰ উদ্যোগসমূহক ৰাজ্যখনলৈ আকৰ্ষণ কৰিবলৈ ৰঙা দলিচা পাৰি দি উন্নত ফলাফল লাভ কৰিছে। ইয়াৰ জৰিয়তে যোগী আদিত্যনাথৰ চৰকাৰে ৰাজ্যখনৰ কোটি কোটি যুৱক-যুৱতীৰ বাবে সংস্থাপনৰ সুযোগ সৃষ্টি কৰিছে।
শ্ৰী অমিত শ্বাহে কয় যে নয়দা বিমানবন্দৰ, এক্সপ্ৰেছৱে’ আৰু বিভিন্ন আন্তঃগাঁথনি প্ৰকল্পই ৰাজ্যখনত বিনিয়োগৰ বাবে সুচল পৰিৱেশৰ সৃষ্টি কৰিছে। ইয়াৰ ফলত আজি উত্তৰপ্ৰদেশ দ্ৰুতগতিত আগবাঢ়িছে। বৰ্তমান উত্তৰপ্ৰদেশৰ সাতখন চহৰত মেট্ৰ’ চলি আছে, যিটো দেশৰ ভিতৰতে যিকোনো ৰাজ্যৰ বাবে সৰ্বাধিক। আমি ইয়াত 'ৱান ডিষ্ট্ৰিক্ট, ৱান প্রডাক্ট' (অ’ডিঅ’পি) আঁচনি মুকলি কৰিছোঁ। পৰম্পৰাগত শিল্প আৰু উদ্যোগসমূহৰ সংবৰ্ধনৰ লগতে অ’ডিঅ’পি উদ্যোগৰ বাবে ৰাজ্যখনৰ যুৱক-যুৱতী, ক্ষুদ্র উদ্যমী আৰু ক্ষুদ্র উদ্যোগসমূহৰ মাজত যথেষ্ট উত্থান দেখা গৈছে, যিটো উত্তৰপ্ৰদেশৰ অৰ্থনৈতিক বিকাশৰ মূল চালিকা শক্তি হৈ পৰিছে।
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে এনে এক সময় আছিল যেতিয়া উত্তৰপ্ৰদেশৰ মানুহ সংস্থাপনৰ সন্ধানত দেশৰ অন্যান্য ৰাজ্যলৈ প্ৰব্ৰজন কৰিবলগীয়া হৈছিল, কিন্তু আজি 'ৱান ডিষ্ট্ৰিক্ট, ৱান প্রডাক্ট' আঁচনিৰ বাবে সেই উত্তৰপ্ৰদেশৰে যুৱক-যুৱতীসকলে নিজৰ ৰাজ্যতে সংস্থাপন লাভ কৰিছে। ভাদোহীৰ দলিচাতেই হওক, মোৰাদাবাদৰ পিতলৰ সামগ্ৰী, ফিৰোজাবাদৰ কাঁচ, সাহাৰানপুৰৰ কাঠৰ শিল্প, কনৌজৰ আতৰ বা বাৰাণসীৰ ৰেচমৰ শাড়ীয়েই হওক, এইবোৰে সমগ্ৰ দেশতে এক সুকীয়া পৰিচয় খোদিত কৰিবলৈ সক্ষম হৈছে। ঠিক অলপ সময় আগতে ইয়াত 'ৱান ডিষ্ট্ৰিক্ট, ৱান কুইজিন' (অ’ডিঅ’চি) ৱেবছাইট মুকলি কৰা হয়, যাৰ জৰিয়তে বাৰাণসীৰ মালাইয়ো আৰু তিৰংগা বৰ্ফি, আগ্ৰাৰ পিঠা, মথুৰাৰ পেড়া আৰু মীৰাটৰ গজাক কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ আৰু দ্বাৰকাৰ পৰা কামাখ্যালৈ সমগ্ৰ দেশৰ মানুহৰ বাবে উপলব্ধ হ’ব। শ্ৰী শ্বাহে কয় যে এই বাণিজ্য মেলাই সমগ্ৰ উত্তৰপ্ৰদেশৰ উৎপাদকসকলৰ বাণিজ্য আৰু উৎপাদন যথেষ্ট সহজ কৰি তুলিব আৰু বিশ্বজুৰি উত্তৰপ্ৰদেশৰ পৰিচয় প্ৰতিষ্ঠা কৰাত সহায় কৰিব।
******
RK/RR/PS/PR/DB
(ৰিলিজ আই ডি : 2315146)
অতিথি কক্ষ : 7