প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰীৰ সফলতা আৰু উদ্ভাৱনৰ বাবে নিৰন্তৰ প্ৰচেষ্টা, অধ্যৱসায় আৰু নিষ্ঠাৰে কৰা কাম কাজৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীৰ সংস্কৃত হিতোপদেশ শ্বেয়াৰ
পোষ্ট কৰা হৈছে:
25 SEP 2026 8:20AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেওঁৰ 'অন্ত্যোদয়' ৰ দৃষ্টিভংগী আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ ভেটি হিচাপে প্রান্তীয় লোকসকলৰ উত্থানৰ প্ৰসংগ উত্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে সকলোকে তেওঁৰ আদৰ্শ গ্ৰহণ কৰাৰ লগতে সামাজিক তথা ৰাষ্ট্ৰীয় দায়িত্ব পালন কৰিবলৈ আহ্বান জনায়। এই উপলক্ষে শ্ৰী মোদীয়ে এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰি কয় যে সফলতা আৰু উদ্ভাৱন ভাগ্যৰ পৰিৱৰ্তে নিৰন্তৰ প্ৰচেষ্টা আৰু সাহসৰ দ্বাৰা চালিত হয়।
প্ৰধানমন্ত্ৰীয়ে এক্স-ত লিখিছে;
"ৰাষ্ট্ৰীয় সেৱাৰ প্ৰকৃত সাধক পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জয়ন্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। তেওঁ সমাজৰ প্ৰান্তীয় লোকসকলৰ উত্থানক ৰাষ্ট্ৰ নিৰ্মাণৰ আধাৰ হিচাপে গণ্য কৰাৰ লগতে তেওঁৰ অন্ত্যোদয়ৰ আদৰ্শই আজিও অতুলনীয়ভাবে জনকল্যাণক অনুপ্ৰাণিত কৰে। এই বিশেষ উপলক্ষত, আমি তেওঁৰ চিন্তা আৰু আদৰ্শ আঁকোৱালি লৈ আমাৰ সামাজিক আৰু ৰাষ্ট্ৰীয় দায়িত্ব পালন কৰাৰ সংকল্প পুনৰ দোহাৰো।
यथा यथा प्रयत्नः स्याद्भवेदाशु फलं तथा।
इति पौरुषमेवास्ति दैवमस्तु तदेव च॥"
এজন ব্যক্তিৰ প্ৰচেষ্টা আৰু অধ্যৱসায় যিমানে বেছি হয়, সিমানেই সোনকালে তেওঁ সফলতা লাভ কৰে। উদ্ভাৱনো নিৰন্তৰ প্ৰচেষ্টাৰ ওপৰত আধাৰিত। সেয়েহে, এয়া ভাগ্য নহয়, বৰঞ্চ নিষ্ঠাৰে কৰা কাম কাজ, সাহস আৰু নতুন ধাৰণাবোৰ বাস্তৱলৈ ৰূপান্তৰিত কৰাৰ সংকল্পই সফলতা আৰু উদ্ভাৱন দুয়োটাৰে পথ প্ৰশস্ত কৰে।
*****
MJPS/SS/PRK/DD
(ৰিলিজ আই ডি : 2314712)
অতিথি কক্ষ : 7
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam