সাংস্কৃতিক মন্ত্ৰালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীৰ উপহাৰসামগ্ৰীৰ 'ই-নিলাম ২০২৬'ত স্থান লাভ কৰিলে অসমৰ জীৱন্ত পৰম্পৰা আৰু সাংস্কৃতিক ঐতিহ্যই

অসমৰ বস্ত্ৰশিল্প, বাঁহ-বেতৰ শিল্প, কাঁহ-পিতলৰ বাচন আৰু ঐতিহ্যমণ্ডিত কলা-সংস্কৃতিয়ে প্ৰতিফলিত কৰিছে ৰাজ্যখনৰ স্বকীয় সাংস্কৃতিক পৰম্পৰা

পোষ্ট কৰা হৈছে: 22 SEP 2026 6:25PM by PIB Guwahati

'প্ৰধানমন্ত্ৰীৰ উপহাৰসামগ্ৰীৰ ই-নিলাম ২০২৬' অষ্টম সংস্কৰণৰত অসমৰ চহকী সাংস্কৃতিক পৰম্পৰা আৰু ঐতিহ্যই বিশেষ স্থান লাভ কৰিছে। এই সামগ্ৰীসমূহত ৰাজ্যখনৰ বিখ্যাত বস্ত্ৰশিল্প, বাঁহ-বেতৰ শিল্পকৰ্ম, ধাতুৰ শিল্প, পৰম্পৰাগত কলা আৰু ঐতিহ্যমণ্ডিত স্থাপত্যৰ অনন্য উপস্থাপন কৰা হৈছে।

 

অসম সামগ্ৰীৰ এই উপহাৰসমূহৰ জৰিয়তে দৈনিক কাৰুশিল্পৰ লগতে ৰাজ্যখনৰ গভীৰ সাংস্কৃতিক স্মৃতিক প্ৰতিফলিত কৰা হৈছে। পৰম্পৰাগত শিল্প আৰু কলা-সংস্কৃতিৰ উপৰি ইয়াত অসমৰ ইতিহাসৰ গুৰুত্বপূৰ্ণ ব্যক্তিত্ব, সাংস্কৃতিক অনুষ্ঠান আৰু ঐতিহাসিক মুহূৰ্তৰ সৈতে জড়িত বিভিন্ন স্মৃতিচিহ্ন অন্তৰ্ভুক্ত কৰা হৈছে।

 

এই স্মৃতিচিহ্নসমূহে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি চলি অহা আৰু অসমৰ সাংস্কৃতিক পৰিচয়ৰ এক গুৰুত্বপূৰ্ণ অংগ হৈ পৰা দক্ষতা, পৰম্পৰা তথা সাংস্কৃতিক অনুশীলনসমূহক দাঙি ধৰিছে।

 

এই সংগ্ৰহত অসমৰ ঐতিহ্য আৰু সাংস্কৃতিক প্ৰতিষ্ঠানসমূহৰ প্ৰতিনিধিত্বমূলক সামগ্ৰীও অন্তৰ্ভুক্ত কৰা হৈছে, যিয়ে ভৌতিক পৰম্পৰাৰ সৈতে ৰাজ্যখনৰ ঐতিহাসিক আৰু আধ্যাত্মিক উত্তৰাধিকাৰক একত্ৰিত কৰিছে। ইয়াৰ ভিতৰত বীৰ চিলাৰায়, ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ, স্বৰ্গদেউ চাওলুং চুকাফা আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৈতে জড়িত কলা-সংস্কৃতি আৰু স্মাৰকসমূহ উল্লেখযোগ্য।

 

তদুপৰি সংগ্ৰহত অসমৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ অধ্যায় ১৮৯৪ চনৰ পথৰুঘাটৰ ৰণৰ চিত্ৰায়ণৰ লগতে বৰদোৱা থান/সত্ৰ আৰু শ্বহীদ স্মাৰক ক্ষেত্ৰ তথা উদ্যানৰ প্ৰতিৰূপো অন্তৰ্ভুক্ত কৰা হৈছে।

 

প্ৰধানমন্ত্ৰীৰ ই-নিলামৰ অষ্টম সংস্কৰণত আগবঢ়োৱা মুঠ ১,৪৯৮টা উপহাৰসামগ্ৰীৰ ভিতৰত অসমৰ এই স্মৃতিচিহ্নসমূহ অন্যতম।

 

এই নিলামে সাধাৰণ নাগৰিক, সংগ্ৰাহক, প্ৰতিষ্ঠান, কৰ্পোৰেট প্ৰতিষ্ঠান আৰু কলা-সংস্কৃতিপ্ৰেমীসকলক বিভিন্ন সময়ত প্ৰধানমন্ত্ৰীক উপহাৰ দিয়া স্মৃতিচিহ্নসমূহ ক্ৰয় কৰাৰ এক সুযোগ প্ৰদান কৰিছে। নতুন দিল্লীৰ নেচনেল গেলাৰী অৱ মডাৰ্ন আৰ্ট (এনডিএম)ত আয়োজিত এক বিশেষ প্ৰদৰ্শনীৰ জৰিয়তে দর্শকে এই উপহাৰসমূহ প্ৰত্যক্ষ কৰাৰ লগতে ইয়াৰ শৈল্পিক আৰু সাংস্কৃতিক গুৰুত্ব অনুধাৱন কৰিব পাৰিব।

 

সংস্কৃতি মন্ত্ৰালয়ৰ উদ্যোগত নতুন দিল্লীৰ নেচনেল গেলাৰী অৱ মডাৰ্ন আৰ্টৰ জৰিয়তে এই ই-নিলামৰ আয়োজন কৰা হৈছে। এই নিলামৰ পৰা সংগ্ৰহ কৰা ধন 'নমামি গংগে' কাৰ্যসূচীত দান কৰা হ'ব, যিখন গংগা নদীৰ সংৰক্ষণ আৰু পুনৰুজ্জীৱনৰ এক ৰাষ্ট্ৰীয় অভিযান।

 

'প্ৰধানমন্ত্ৰীৰ উপহাৰসামগ্ৰীৰ ই-নিলাম ২০২৬'ৰ প্ৰক্ৰিয়া অফিচিয়েল পৰ্টেল https://pmmementos.gov.in/#/ ৰ জৰিয়তে পৰিচালিত হৈছে।

 

অসমৰ উল্লেখযোগ্য স্মৃতিচিহ্নসমূহ হ'ল:

 

মুগা ৰেচমৰ ফ্ৰেমযুক্ত সতী সাধনীৰ চিত্ৰকৰ্মঃ আহোম-খামতি পৰম্পৰাগত শৈলীত মুগা কাপোৰৰ ওপৰত সোণালী ৰঙৰ ফয়েল আৰু প্ৰাকৃতিক ৰং ব্যৱহাৰ কৰি চুতীয়া ৰাজ্যৰ ১৬ শতিকাৰ ৰাণী সতী সাধনীক অংকন কৰা এক বিশেষ চিত্ৰকৰ্ম।

বাঁহ আৰু বেতৰ দেৱাল ঘড়ীঃ– প্ৰাকৃতিক বাঁহ আৰু বেতেৰে হাতেৰে তৈয়াৰী এক ঘড়ী, যিয়ে অসমৰ বহনক্ষম কাৰুশিল্প আৰু পৰম্পৰাগত শিল্পকলাৰ পৰিচয় দিয়ে।

ইকো-ক্ৰাফ্ট উপহাৰৰ বাকচ-মেটেকাৰ বৈচিত্ৰময় শিল্পঃ– মেটেকাৰ আঁহেৰে তৈয়াৰী চটি জোতা, খৰাহি, টুপি আৰু এখন ছবিত অন্তৰ্ভুক্ত এই বাকচটোৱে জলজ উদ্ভিদ মেটেকাক কেনেকৈ এক বহনক্ষম হস্তশিল্প আৰু শিল্পীসকলৰ জীৱিকাৰ উৎস হিচাপে গঢ়ি তুলিব পাৰি, তাৰ প্ৰমাণ দিয়ে।

পৰম্পৰাগত অসমীয়া জাপিঃ– ৰঙা আৰু নীলা ৰঙৰ মনোমহা অলংকৰণেৰে তৈয়াৰী পৰম্পৰাগত জাপিটোৱে অসমৰ অনন্য হস্তশিল্পৰ লগতে আতিথ্য, শ্ৰদ্ধা আৰু সম্মানৰ চিৰন্তন পৰম্পৰাক প্ৰতিফলিত কৰে।

অসমীয়া গামোচা– সংগ্ৰহত বিশেষ স্থান পোৱা কেইবাখনো পৰম্পৰাগত গামোচাই আকৰ্ষণীয় ৰঙা-সোণালী সূতাৰ চানেকি আৰু পৰম্পৰাগত অসমীয়া ডিজাইনৰ জৰিয়তে ৰাজ্যখনৰ বিখ্যাত বস্ত্ৰশিল্পক প্ৰদৰ্শন কৰিছে।

অসমীয়া পিতলৰ শৰাইঃ– অসমীয়া সংস্কৃতিৰ আতিথ্য, শ্ৰদ্ধা আৰু সম্মানৰ পৰম্পৰাগত প্ৰতীক কেইবাখনো হাতেৰে তৈয়াৰী পিত্তলৰ শৰাই এই সংগ্ৰহত অন্তৰ্ভুক্ত কৰা হৈছে, যিয়ে ৰাজ্যখনৰ অনন্য কাঁহ-পিতলৰ শিল্পক উপস্থাপন কৰিছে।

কাঠেৰে প্ৰস্তুত কৰা কামাখ্যা দেৱালয়ৰ প্ৰতিৰূপঃ– ঐতিহাসিক কামাখ্যা দেৱালয়ৰ স্থাপত্যৰ ৰূপ আৰু পৰম্পৰাগত নক্সাক হুবহু তুলি ধৰি কাঠেৰে সূক্ষ্মভাৱে তৈয়াৰ কৰা এটা সৰু প্ৰতিৰূপ।

 

***

M Annadurai/DB


(ৰিলিজ আই ডি : 2313691) অতিথি কক্ষ : 4
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी