যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়
কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী ডঃ মনসুখ মাণ্ডৱিয়াই নাগোয়াত 'চানডে’ অন চাইকেল'ত চিয়েৰ ফৰ ভাৰতৰ বাবে প্ৰবাসী ভাৰতীয়সকলক নেতৃত্ব প্ৰদান কৰে
মাণ্ডৱিয়াই কয়, “আমাৰ দলে উন্নত প্ৰদৰ্শন কৰিছে আৰু আমাৰ প্ৰবাসীসকলেও তেওঁলোকৰ মনোবল বৃদ্ধি কৰিছে“
জাপানৰ নাগোয়াৰ মেইজো পাৰ্কত ‘চানডে’ অন চাইকেল’ৰ ৯১ সংখ্যক সংস্কৰণত প্ৰবাসী ভাৰতীয়সকলে ভাৰতীয় দলৰ বাবে উল্লাস প্ৰদৰ্শন কৰে
পোষ্ট কৰা হৈছে:
20 SEP 2026 1:44PM by PIB Guwahati
কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া দপ্তৰৰ মন্ত্ৰী ডঃ মনসুখ মাণ্ডৱিয়াই ২০২৬-ৰ ২০ ছেপ্টেম্বৰ অৰ্থাৎ দেওবাৰে জাপানৰ নাগোয়াৰ মেইজো পাৰ্কত ‘চানডে’ অন চাইকেল’ৰ ৯১ সংখ্যক সংস্কৰণৰ নেতৃত্ব প্ৰদান কৰে। ইয়াত তেওঁ প্ৰবাসী ভাৰতীয়সকলৰ সৈতে ৰেলীত ভাগ লৈ এছিয়ান গেমছ, ২০২৬-ত অংশগ্ৰহণ কৰা ভাৰতীয় দলটোক সমৰ্থন জনাই আৰু উল্লাস প্ৰদৰ্শন কৰে।
এই পদক্ষেপে ফিট ইণ্ডিয়া অভিযানৰ অধীনত ফিটনেছ আৰু সুস্থ জীৱন-যাপনৰ বাৰ্তাক অধিক প্ৰচাৰ কৰাৰ সমান্তৰালভাৱে ক্ৰীড়াৰ সাৰ্বজনীন ভাষাৰ জৰিয়তে প্ৰবাসী ভাৰতীয়সকলৰ সৈতে জনসাধাৰণৰ মাজৰ সংযোগক শক্তিশালীকৰণৰ বাবে ভাৰত চৰকাৰৰ অবিৰত প্ৰচেষ্টা গ্ৰহণ কাৰ্য্যকে প্ৰতিফলিত কৰে।
ডঃ মাণ্ডৱিয়াই ৯১ সংখ্যক চানডে’ অন চাইকেল কাৰ্য্যক্ৰমৰ অংশগ্ৰহণকাৰীসকলৰ সৈতে মত-বিনিময় কৰি এছিয়ান গেমছত ভাগ লোৱা টীম ইণ্ডিয়ালৈ সমৰ্থন আগবঢ়াবলৈ উৎসাহ-উদ্দীপনাৰে একত্ৰিত হোৱা কাৰ্য্যৰ শলাগ লয়।
চিয়েৰ ফৰ ভাৰতৰ বাবে ‘চানডে’ অন চাইকেল’ৰ জৰিয়তে নাগোয়াৰ ভাৰতীয় সমাজ একত্ৰিত হৈ সৰ্ববৃহৎ মহাদেশীয় মঞ্চত অংশগ্ৰহণ কৰা খেলুৱৈসকলৰ মনোবল বৃদ্ধি কৰে।
ডঃ মাণ্ডৱিয়াই নাগোয়াত থকা প্ৰবাসী ভাৰতীয়সকলৰ শক্তি আৰু উৎসাহৰ কথা উল্লেখ কৰি এই গেমছত টীম ইণ্ডিয়াৰ প্ৰতি তেওঁলোকৰ অটল সমৰ্থন কাৰ্য্যক প্ৰশংসা কৰে।
ডঃ মাণ্ডৱিয়াই কয়, “জাপানৰ নাগোয়াত এছিয়ান গেমছ আৰম্ভ হৈছে আৰু আমাৰ ভাৰতৰ ৫০০-ৰো অধিক যুৱ খেলুৱৈৰ এটা দলে ইয়াত অংশগ্ৰহণ কৰিছে।“
তেওঁ কয়, “নাগোয়াত থকা প্ৰবাসী ভাৰতীয়সকলে ইয়াত চানডে’ অন চাইকেল কাৰ্য্যক্ৰমত যোগদান কৰি আমাৰ খেলুৱৈসকলক সমৰ্থন জনোৱা আৰু উৎসাহিত কৰাৰ ক্ষেত্ৰত ব্যাপক আগ্ৰহ প্ৰদৰ্শন কৰিছে। মই জনাবলৈ পাই সুখী হৈছো যে আমাৰ দলটোৱে উন্নত প্ৰদৰ্শন কৰিছে আৰু আমাৰ প্ৰবাসীসকলে তেওঁলোকৰ মনোবল বৃদ্ধিৰ বাবে অহোপুৰুষাৰ্থ কৰিছে।”
এছিয়ান গেমছ, ২০২৬ উপলক্ষে ডঃ মাণ্ডৱিয়া জাপানৰ নাগোয়াত আছে। তেওঁ ভাৰতীয় খেলুৱৈ, বিষয়া আৰু প্ৰবাসী ভাৰতীয়সকলৰ সৈতে মত-বিনিময় কৰি ক্ৰীড়াৰ উৎকৰ্ষতা আৰু বিশ্ব মঞ্চত এখনি ফিট, সুস্থ ভাৰতক প্ৰসাৰিত কৰাৰ দিশত চৰকাৰৰ স্থায়ী প্ৰচেষ্টাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।
যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ (MYAS) উদ্যোগত তথা ভাৰতীয় চাইক্লিং ফেডাৰেচন (CFI), ৰাহগিৰি ফাউণ্ডেচন আৰু এমৱাই ভাৰতৰ সহযোগত উক্ত ফিট ইণ্ডিয়া চানডে’ অন চাইকেলৰ আয়োজন কৰা হৈছে।
ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চল সমূহত একে সময়তে এই চাইকেল চলোৱা অভিযান অনুষ্ঠিত হয়। ইয়াত এছএআই আঞ্চলিক কেন্দ্র, নেচনেল চেন্টাৰ অৱ এক্সেলেন্স (NCOE), এছএআই ট্ৰেইনিং চেন্টাৰ (STC), খেল’ ইণ্ডিয়া ষ্টেট চেন্টাৰ অৱ এক্সেলেন্স (KISCE) আৰু খেল’ ইণ্ডিয়া চেন্টাৰ (KIC) আদিও অন্তৰ্ভুক্ত হৈছে।
৬০০০-ৰো অধিক নমো ফিট ইণ্ডিয়া ক্লাবেও প্ৰতি সপ্তাহে ৰাষ্ট্ৰজুৰি চাইকেল চলোৱা পদক্ষেপ গ্ৰহণ কৰে।
*****
Ayushman Kumar/SB
(ৰিলিজ আই ডি : 2313298)
অতিথি কক্ষ : 5