পৰিৱেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰালয়
azadi ka amrit mahotsav

ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নতুন দিল্লীত ‘পৰিবেশ আৰু জলবায়ু গতিশীলতাৰ ভৱিষ্যৎ’ শীৰ্ষক এনজিটি-ৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ সামৰণি অধিৱেশনত ভাষণ প্ৰদান কৰে

ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নতুন দিল্লীত ‘পৰিবেশ আৰু জলবায়ু গতিশীলতাৰ ভৱিষ্যৎ’ শীৰ্ষক এনজিটি-ৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ সামৰণি অধিৱেশনত ভাষণ প্ৰদান কৰে

বহনক্ষম, স্থিতিস্থাপক আৰু সমতাপূৰ্ণ ভৱিষ্যতৰ বাবে অংগীকাৰসমূহক ফলপ্ৰসূ কাৰ্য্যলৈ ৰূপান্তৰ আৰু স্থায়ী আন্তঃৰাষ্ট্ৰীয় সহযোগিতাত গুৰুত্ব আৰোপেৰে সন্মিলনৰ সামৰণি পৰে

পোষ্ট কৰা হৈছে: 20 SEP 2026 7:02PM by PIB Guwahati

ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মূৰ্মুৱে আজি নতুন দিল্লীত অনুষ্ঠিত হোৱা ‘পৰিবেশ আৰু জলবায়ু গতিশীলতাৰ ভৱিষ্যৎ’ শীৰ্ষক ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ (NGT) দুদিনীয়া আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ সামৰণি অধিৱেশনত ভাষণ প্ৰদান কৰে। ইয়াত কেন্দ্ৰীয় গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা শক্তি দপ্তৰৰ মন্ত্ৰী শ্ৰী মনোহৰ লাল; ন্যায়াধীশ (ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়) বি.ভি. নাগৰত্ন; অধ্যক্ষ (এনজিটি) ন্যায়াধীশ প্ৰকাশ শ্ৰীবাস্তৱ আৰু ভাৰতৰ ছলিচিটৰ জেনেৰেল শ্ৰী তুষাৰ মেহতাই অংশগ্ৰহণ কৰে।

 

ইয়াত মূল ভাষণ প্ৰদানেৰে ৰাষ্ট্ৰপতিগৰাকীয়ে পৰিবেশ শাসন কাৰ্য্যক শক্তিশালী কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে পালন কৰা ভূমিকাক প্ৰশংসা কৰে। তেওঁ পৰম্পৰাগত জ্ঞানেৰে বদ্ধমূল জন-কেন্দ্ৰিক আৰু সমাজ-ভিত্তিক অভিযোজন পদ্ধতিৰ জৰিয়তে জলবায়ু স্থিতিস্থাপকতাক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

(প্ৰেছ বিজ্ঞপ্তিৰ লিংকঃ https://www.pib.gov.in/PressReleasepage.aspx?PRID=2312728&reg=3&lang=1)

এই উপলক্ষে ভাষণ প্ৰদানেৰে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী মনোহৰ লালে দ্ৰুত উন্নয়ন আৰু পৰিবেশ বহনক্ষমতাৰ মাজত ভাৰসাম্য ৰক্ষাৰ বাবে ভাৰতে গ্ৰহণ কৰা প্ৰচেষ্টাৰ ওপৰত আলোকপাত কৰি উল্লেখ কৰে যে অ-জীৱাশ্ম উৎসসমূহে সংস্থাপিত উৎপাদন ক্ষমতাৰ প্ৰায় ৫৫ শতাংশ অংশ বৰঙণি যোগাইছে। তেওঁ কয় যে পাঁচ বছৰ আগতেই ভাৰত ৫০ শতাংশ অ-জীৱাশ্ম ক্ষমতাৰ লক্ষ্যত উপনীত হৈছে। জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰিবলৈ ইতিবাচক সামূহিক পদক্ষেপ গ্ৰহণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ বহনক্ষম নগৰ উন্নয়ন, জল সুৰক্ষা, ৰাজহুৱা পৰিবহণ, সেউজ গতিশীলতা আৰু বৈদ্যুতিক বাহনৰ পদক্ষেপসমূহৰ ওপৰতো আলোকপাত কৰে।

ভাষণত ন্যায়াধীশ বি. ভি. নাগৰত্নই কয় যে পৰিবেশ শাসন কাৰ্য্যই উন্নয়ন আৰু সংৰক্ষণ, বৰ্তমানৰ প্ৰয়োজনীয়তা তথা ভৱিষ্যতৰ স্বাৰ্থৰ মাজত ভাৰসাম্য ৰক্ষা কৰিব লাগিব। একে সময়তে সমাজ আৰু প্ৰজন্মৰ মাজত ভিন্ন প্ৰভাৱ অনুধাৱন কৰিব লাগিব। তেওঁ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ পৰিবেশ-কেন্দ্ৰিক দৃষ্টিভংগীৰ দিশত পৰিৱৰ্তনৰ ওপৰত আলোকপাত কৰি ফলপ্ৰসূ প্ৰতিষ্ঠান, বলবৎকৰণ, স্বচ্ছতা, জবাবদিহিতা আৰু ন্যায়ৰ সুবিধাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। জলবায়ু পৰিৱৰ্তন, জৈৱ বৈচিত্ৰ্যৰ ক্ষতি, প্ৰদূষণ আৰু পানীৰ অভাৱৰ দৰে আন্তঃসংলগ্ন প্ৰত্যাহ্বানসমূহৰ বাবে ন্যায়িক অধিকাৰক্ষেত্ৰসমূহৰ মাজত সহযোগিতা, জ্ঞান-বিনিময় আৰু ৰাষ্ট্ৰসমূহৰ মাজত ন্যায্য দায়িত্বৰ প্ৰয়োজন আছে বুলিও তেওঁ কয়।

এনজিটি-ৰ অধ্যক্ষ ন্যায়াধীশ প্ৰকাশ শ্ৰীবাস্তৱে তেওঁৰ সামৰণি ভাষণত কয় যে দুদিনীয়া আলোচনাত পৰিবেশৰ প্ৰত্যাহ্বান চিনাক্তকৰণৰ বাহিৰেও আইন, প্ৰতিষ্ঠান আৰু ইয়াৰ প্ৰতি সঁহাৰি জনাব পৰা অংশীদাৰিত্ব গঢ়ি তোলাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰা হৈছে। তেওঁ কয় যে জলবায়ু ব্যৱস্থা সৰ্বাংগীন আৰু সমতাপূৰ্ণ হ’ব লাগিব, বিশেষকৈ দুৰ্বল সমাজ আৰু ভৱিষ্যৎ প্ৰজন্মৰ প্ৰতি মনোযোগী হ’ব লাগিব। একেদৰে পৰিবেশ আইনে প্ৰযুক্তি, উদ্ভাৱন, বহনক্ষম বিত্ত আৰু ন্যায্য পৰিৱৰ্তনক আকোৱালি লৈ সঁহাৰিজনক আৰু আগন্তুক দৃষ্টিভংগী অক্ষুণ্ণ ৰাখিব লাগিব।

ভাষণত ভাৰতৰ ছলিচিটৰ জেনেৰেল শ্ৰী তুষাৰ মেহতাই কয় যে পৰিবেশ প্ৰত্যাহ্বানেৰে মোকাবিলাৰ বাবে আইন, শাসন, বিজ্ঞান, অৰ্থনীতি আৰু সমাজৰ সংযুক্ত প্ৰজ্ঞাৰ প্ৰয়োজন। তেওঁ বৈজ্ঞানিক মূল্যায়ন, উদ্ভাৱন আৰু বহনক্ষম উন্নয়নৰ দ্বাৰা সমৰ্থিত জলবায়ু কাৰ্য্য তথা উন্নয়নৰ সৈতে জৈৱ বৈচিত্ৰ্য সুৰক্ষাৰ মাজত ভাৰসাম্য ৰক্ষা কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে পৰিবেশ সুৰক্ষা মানৱ প্ৰগতিৰ বাধা নহয় বৰঞ্চ চিৰস্থায়ী প্ৰগতিৰ চৰ্ত, ইয়াৰ অৰ্থে শক্তিশালী প্ৰতিষ্ঠান, ফলপ্ৰসূ ৰূপায়ণ আৰু দায়িত্বশীল শাসনৰ প্ৰয়োজন।

এই উপলক্ষে শ্ৰী মনোহৰ লালে এনজিটি-ৰ স্মৃতিগ্ৰন্থ ‘হৰিৎ ন্যায়ম’ উন্মোচন কৰি ইয়াৰ প্ৰথমটো কপি ভাৰতৰ ৰাষ্ট্ৰপতিৰ হাতত অৰ্পণ কৰে। ইয়াত ​​ন্যায়াধীকৰণৰ প্ৰতিষ্ঠা, বিকাশ আৰু কৃতিত্বৰ অৱলোকন কৰা হৈছে। নীতি নিৰ্ধাৰক, আইনী ভ্ৰাতৃত্ববোধ আৰু দেশৰ নাগৰিকৰ বাবেও এয়া এখনি গুৰুত্বপূৰ্ণ গ্ৰন্থ। ইয়াত দুদিনীয়া সন্মিলনখনিৰ ধাৰণা, দৃষ্টিভংগী আৰু সামূহিক সংকল্পৰ প্ৰতিফলন ঘটিছে।

১৯-০৯-২০২৬ ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰা এই দুদিনীয়া সন্মিলনত ১৭ খন দেশৰ আইনবিদ, শিক্ষাবিদ, নীতি নিৰ্ধাৰক, বিজ্ঞানী, পৰিবেশ বিশেষজ্ঞ আৰু আন-আন অংশীদাৰসকলৰ লগতে ৰাষ্ট্ৰসংঘৰ পৰিবেশ কাৰ্য্যক্ৰম (UNEP) তথা এছিয়ান ডেভেলপমেন্ট বেংকৰ (ADB) প্ৰতিনিধিসকল একত্ৰিত হয়। এই সন্মিলনে ন্যায়িক, বৈজ্ঞানিক, নীতি আৰু প্ৰতিষ্ঠানিক উত্তম পদ্ধতিসমূহৰ ওপৰত আলোচনা আৰু জ্ঞান বিনিময়ৰ বাবে এখনি মঞ্চ প্ৰশস্ত কৰাৰ লগতে পৰিবেশ আৰু জলবায়ুৰ ক্ষেত্ৰত জৰুৰী প্ৰত্যাহ্বানসমূহেৰে মোকাবিলাৰ বাবে সহযোগিতামূলক কাৰ্য্যক উৎসাহিত কৰে।

দ্বিতীয় দিনটোত দুখন কাৰিকৰী অধিৱেশন অনুষ্ঠিত হয়। তলত ইয়াৰ সবিশেষ উল্লেখ কৰা হৈছেঃ

  1. গ্ৰহৰ পৰিবেশ প্ৰত্যাহ্বান আৰু সহযোগিতা’, ইয়াত আন্তঃসংযোগী পৰিবেশ আৰু জলবায়ু প্ৰত্যাহ্বান, উমৈহতীয়া প্ৰাকৃতিক সম্পদ, প্ৰতিযোগী ৰাষ্ট্ৰীয় স্বাৰ্থ, সীমা অতিক্ৰম কৰি সহযোগিতা আৰু আঞ্চলিক তথা আন্তঃৰাষ্ট্ৰীয় উত্তম পদ্ধতিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।
  2. ভৱিষ্যতৰ বাবে বনঃ বন সুৰক্ষা আৰু পুনৰুদ্ধাৰ সন্দৰ্ভত আলোচনা’, ইয়াত বন শাসন, বহনক্ষম বন ব্যৱস্থাপনা, সমাজৰ অংশগ্ৰহণ, জৈৱ বৈচিত্ৰ্য সংৰক্ষণ, বনাঞ্চলৰ প্ৰতি উদীয়মান ভাবুকি, আইনী আৰু প্ৰতিষ্ঠানিক ব্যৱস্থা তথা প্ৰযুক্তি আৰু বৈজ্ঞানিক, উপগ্ৰহ-ভিত্তিক নিৰীক্ষণৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। ইয়াত আগন্তুক পথ সন্দৰ্ভতো চিন্তা-চৰ্চা কৰা হয়। ইয়াৰ জৰিয়তে এক উমৈহতীয়া দৃষ্টিভংগী, অগ্ৰাধিকাৰমূলক কাৰ্য্য, আঞ্চলিক সহযোগিতা, প্ৰতিষ্ঠানিক অংশীদাৰিত্ব আৰু পৰিমাপযোগ্য লক্ষ্যত গুৰুত্ব আৰোপ কৰা হয়।

দুদিনীয়া আলোচনাই ভিন্ন ন্যায়িক অধিকাৰক্ষেত্ৰৰ ন্যায়িক, বৈজ্ঞানিক, নীতিগত আৰু প্ৰতিষ্ঠানিক দৃষ্টিভংগীৰে সাধাৰণ পৰিবেশ প্ৰত্যাহ্বানসমূহেৰে মোকাবিলাৰ সুযোগ প্ৰশস্ত কৰে। এই সন্মিলনত শক্তিশালী পৰিবেশ শাসন কাৰ্য্য, জলবায়ু ন্যায়, প্ৰতিষ্ঠানিক সহযোগিতা, জ্ঞান বিনিময় আৰু সীমা অতিক্ৰম কৰা পৰিবেশ প্ৰত্যাহ্বানসমূহেৰে মোকাবিলা কৰাৰ ক্ষেত্ৰত ব্যৱহাৰিক পদ্ধতিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।

এটি বহনক্ষম, স্থিতিস্থাপক তথা সমতাপূৰ্ণ ভৱিষ্যতৰ বাবে পৰিবেশ নীতি আৰু অংগীকাৰসমূহক ফলপ্ৰসূ কাৰ্য্য, শক্তিশালী প্ৰতিষ্ঠান আৰু বহনক্ষম আন্তঃৰাষ্ট্ৰীয় সহযোগিতালৈ ৰূপান্তৰিতকৰণৰ উমৈহতীয়া গুৰুত্ব আৰোপেৰে এই সন্মিলনৰ সামৰণি পৰে।

*****

VM/GS/SB


(ৰিলিজ আই ডি : 2313296) অতিথি কক্ষ : 6
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Punjabi , Tamil