যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় কমিউনিকেচন মন্ত্ৰী শ্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই টেলিকমিউনিকেচন বিভাগৰ সচিব আৰু জ্যেষ্ঠ বিষয়াবৰ্গৰ সৈতে গোৱালিয়ৰৰ টেলিকম মেনুফেকচাৰিং জ’নৰ বাবে চিনাক্ত কৰা স্থান পৰিদৰ্শন কৰে

গোৱালিয়ৰত এছিয়াৰ প্ৰথম টেলিকম মেনুফেকচাৰিং জ’নৰ (TMZ) বাবে ২৪ টা কোম্পানীয়ে ৫,৫০০ কোটি টকা বিনিয়োগৰ প্ৰস্তাৱ দিছেঃ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সিন্ধিয়া

টিএমজেডে ১৮,০০০+ৰো অধিক প্ৰত্যক্ষ আৰু পৰোক্ষ নিয়োগৰ সুযোগ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে

গোৱালিয়ৰত টেলিকম সঁজুলি নিৰ্মাণ আৰু ঔদ্যোগিক উন্নয়নক নতুন গতি প্ৰদান কৰিবলৈ ৫,৫০০ কোটি টকা বিনিয়োগৰ প্ৰস্তাৱ জনোৱা হৈছে

প্ৰথম পৰ্য্যায়ৰ বাবে ১৭০ একৰ চিনাক্ত কৰা হৈছে; ২৪ টা বিশ্বব্যাপী কোম্পানীয়ে আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিছে

পোষ্ট কৰা হৈছে: 20 SEP 2026 6:49PM by PIB Guwahati

এছিয়াৰ প্ৰথমটো টেলিকম মেনুফেকচাৰিং জ’ন (TMZ) স্থাপনৰ জৰিয়তে গোৱালিয়ৰে ভাৰতৰ টেলিকম উৎপাদন খণ্ডৰ বাবে এটি গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু হৈছে। কেন্দ্ৰীয় কমিউনিকেচন আৰু উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন দপ্তৰৰ মন্ত্ৰী শ্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই আজি ভাৰত চৰকাৰৰ টেলিকমিউনিকেচন বিভাগৰ সচিব আৰু আন-আন জ্যেষ্ঠ বিষয়াসকলৰ সৈতে শ্ৰীমন্ত মাধৱৰাও সিন্ধিয়া কাউন্টাৰ মেগনেট চিটিত (এছএডিএ, গোৱালিয়ৰ) প্ৰস্তাৱিত টিএমজেড-ৰ বাবে চিনাক্ত কৰা স্থান পৰিদৰ্শন কৰে।

প্ৰায় ৫,৫০০ কোটি টকা বিনিয়োগেৰে প্ৰস্তাৱিত টিএমজেড স্থাপন কৰা হ’ব আৰু ইয়াৰ জৰিয়তে ১৮,০০০-ৰো অধিক প্ৰত্যক্ষ নিয়োগৰ সুযোগ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰকল্পটো একক ঔদ্যোগিক ইউনিট স্থাপনতে সীমাবদ্ধ নহয়, বৰঞ্চ গোৱালিয়ৰৰ ২৪-২৫ টা টেলিকম উৎপাদন ইউনিটক সামৰি এক সম্পূৰ্ণ ঔদ্যোগিক বাতাবৰণ গঢ়াৰ পৰিকল্পনা কৰা হৈছে। এই ইউনিটসমূহে টেলিকম সঁজুলি আৰু একাধিক উপাদান নিৰ্মাণ কৰিব। ইয়াৰ ফলশ্ৰুতিত চহৰখনৰ উদীয়মান টেলিকম উৎপাদন কেন্দ্ৰ হিচাপে স্থিতি সুদৃঢ় হ’ব।

প্ৰথম পৰ্য্যায়ৰ বাবে ১৭০ একৰ চিনাক্তকৰণ

প্ৰস্তাৱিত টিএমজেড-ৰ বাবে এছএডিএ-ত প্ৰায় ৯০+ একৰ আৰু আইটি পাৰ্কত ৭০+ একৰ, মুঠতে প্ৰায় ১৭০ একৰ চিনাক্ত কৰা হৈছে।

শ্ৰী সিন্ধিয়াই কয় যে বিনিয়োগকাৰীসকলে গভীৰ আগ্ৰহ প্ৰদৰ্শন কৰিছে। বৰ্তমান উপলব্ধ ভূমিতকৈ অধিক আবেদন লাভ কৰা হৈছে। সেই অনুসৰি টিএমজেড-ৰ প্ৰথম পৰ্য্যায়ৰ সম্প্ৰসাৰণৰ বাবে অতিৰিক্ত ভূমি চিনাক্ত কৰা হ’ব, প্ৰয়োজন অনুসৰি ভূমি আবন্টন বৃদ্ধি কৰা হ’ব।

গোৱালিয়ৰক নতুন ঔদ্যোগিক কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ দৃষ্টিভংগীৰে প্ৰথমে কাউন্টাৰ মেগনেট চিটি হিচাপে এছএডিএ প্ৰতিষ্ঠা কৰা হৈছিল। প্ৰস্তাৱিত টিএমজেডে গোৱালিয়ৰত এছিয়াৰ প্ৰথমটো সমৰ্পিত টেলিকম উৎপাদন মণ্ডল গঢ়ি এই ঔদ্যোগিক দৃষ্টিভংগীক আগুৱাই নিব।

২৪ টা কোম্পানীয়ে ৫,৫০০ কোটি টকা বিনিয়োগৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিছে

২০২৬-ৰ জুলাইত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ নেতৃত্বত টেলিকমিউনিকেচন বিভাগ আৰু মুখ্যমন্ত্ৰী ডঃ মোহন যাদৱৰ নেতৃত্বত মধ্যপ্ৰদেশ চৰকাৰে টিএমজেড স্থাপনৰ বাবে বুজাবুজিৰ চুক্তি (MoU) স্বাক্ষৰিত কৰিছিল। ইয়াৰ পিছত আগষ্টত দিল্লী আৰু মুম্বাইত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সিন্ধিয়া আৰু মুখ্যমন্ত্ৰী ডঃ মোহন যাদৱৰ নেতৃত্বত বিনিয়োগকাৰীৰ ৰোডশ্ব’ অনুষ্ঠিত হৈছিল। দিল্লীৰ ৰোডশ্ব’ত প্ৰায় ৩,৫০০ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱ লাভ কৰা গৈছিল। এই বিনিয়োগে প্ৰায় ১৪,০০০ নিয়োগৰ সুযোগ সৃষ্টি কৰাৰ সম্ভাৱনা দেখুৱাইছিল। আগষ্টত অনুষ্ঠিত হোৱা মুম্বাইৰ ৰোডশ্ব’ত প্ৰায় ২ হাজাৰ কোটি টকাৰ প্ৰস্তাৱ লাভ কৰা হৈছিল, ইয়াত প্ৰায় ৪ হাজাৰ নিয়োগৰ সুযোগে দেখা দিছিল।

শ্ৰী সিন্ধিয়াই কয় যে এই বিনিয়োগ কেৱল মৌখিক প্ৰতিশ্ৰুতি নাছিল। আগ্ৰহ প্ৰকাশ কৰা কোম্পানীসমূহক ভূমি আবন্টনৰ সময়ত আবেদন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ কোৱা হৈছিল। এনে প্ৰেক্ষাপটত এতিয়া ২৪ টা কোম্পানীয়ে টিএমজেড-ত ইউনিট স্থাপনৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

মধ্যপ্ৰদেশ আৰু কেন্দ্ৰৰ আকৰ্ষণীয় ইনচেন্টিভ পেকেজ

শ্ৰী সিন্ধিয়াই টেলিকম উৎপাদন উদ্যোগৰ বাবে এক আকৰ্ষণীয় ইনচেন্টিভ পেকেজ যুগুত কৰাৰ বাবে মুখ্যমন্ত্ৰী ডঃ মোহন যাদৱ আৰু মধ্যপ্ৰদেশ চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে। এই পেকেজত ভূমি পট্টা, শক্তি, নিয়োগ আৰু উৎপাদনৰ সৈতে জড়িত প্ৰৰোচনাৰ লগতে পৰিবেশ বহনক্ষমতা আৰু সেউজ উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰা প্ৰৰোচনাও অন্তৰ্ভুক্ত হৈছে। ইয়াৰ উপৰিও টেলিকমিউনিকেচন বিভাগে প্ৰায় ৫০০ কোটি টকাৰ কমন টেষ্টিং লেব পেকেজৰ প্ৰস্তাৱ জনাইছে।

গোৱালিয়ৰৰ বিকাশৰ বাবে সংযোগ, আন্তঃগাঁথনি আৰু দক্ষ প্ৰতিভা

শ্ৰী সিন্ধিয়াই টিএমজেড-ৰ উন্নয়নৰ বাবে গোৱালিয়ৰৰ সংযোগ, আন্তঃগাঁথনি আৰু দক্ষ মানৱ সম্পদক মূল শক্তি হিচাপে অভিহিত কৰে। প্ৰায় ১২০ কিমি-দৈৰ্ঘ্যৰ আগ্ৰা-গোৱালিয়ৰ হাই-স্পীড কৰিডৰটো দিল্লী আৰু সমগ্ৰ উত্তৰ ভাৰতৰ প্ৰধান বজাৰসমূহৰ সৈতে গোৱালিয়াৰৰ সংযোগক শক্তিশালী কৰাৰ বাবে গঢ়ি তোলা হৈছে, ইয়াৰ জৰিয়তে চহৰখনক মূল ঔদ্যোগিক আৰু বাণিজ্যিক কেন্দ্ৰসমূহৰ ওচৰলৈ লৈ যোৱা হৈছে।

গোৱালিয়ৰক প্ৰধান ৰেলপথসমূহেও সংযুক্ত কৰিছে। ইয়াৰ ফলশ্ৰুতিত দেশৰ ভিন্ন প্ৰান্তলৈ সামগ্ৰী আৰু মানৱ সম্পদৰ সৰবৰাহ আৰু চলাচলত সুবিধা হ’ব। অভিলেখ সৃষ্টিৰে ১৬ মাহতে প্ৰায় ৬৫০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা চহৰখনৰ বিমানবন্দৰটোৱে দিল্লী, মুম্বাই, বেংগালুৰুকে প্ৰমুখ্য কৰি প্ৰধান চহৰসমূহৰ সৈতে বিমান সংযোগক অধিক শক্তিশালী কৰি তুলিছে।

গোৱালিয়ৰত অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰো এক শক্তিশালী ভিত্তি আছে, প্ৰতি বছৰে প্ৰায় ২৫,০০০ অভিযান্ত্ৰিক পাঠ্যক্ৰমৰ ছাত্ৰ-ছাত্ৰীয়ে স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ দ্বাৰা টেলিকম উৎপাদন খণ্ডৰ বাবে প্ৰয়োজনীয় কাৰিকৰী আৰু দক্ষ কৰ্মশক্তিৰ উপলব্ধতা নিশ্চিত কৰাত সহায়ক হ’ব।

টিএমজেড-ক টেলিকম উৎপাদনৰ ছটা মূল পৰ্য্যায়ক সামৰি লোৱা এক সম্পূৰ্ণ বাতাবৰণ হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা কৰা হৈছে। শ্ৰী সিন্ধিয়াই কয় যে ভাৰত চৰকাৰ, মধ্যপ্ৰদেশ চৰকাৰ আৰু সংশ্লিষ্ট সকলো বিভাগ বিনিয়োগকাৰীক গোৱালিয়ৰত তেওঁলোকৰ উৎপাদন ইউনিট স্থাপনৰ বাবে প্ৰয়োজনীয় সহায় আগবঢ়াবলৈ সম্পূৰ্ণৰূপে সাজু আছে।

গোৱালিয়ৰত এছিয়াৰ প্ৰথমটো টেলিকম মেনুফেকচাৰিং জ’ন (TMZ) স্থাপনৰ পৰিকল্পনা চহৰখনৰ ঔদ্যোগিক উন্নয়নৰ এক নতুন অধ্যায় হিচাপে পৰিগণিত হৈছে আৰু এই পৰিকল্পনাই শ্ৰীমন্ত মাধৱৰাও সিন্ধিয়া কাউন্টাৰ মেগনেট চিটিৰ ঔদ্যোগিক দৃষ্টিভংগী তথা উত্তৰাধিকাৰক আগুৱাই নিছে।

শ্ৰী সিন্ধিয়াই লগতে ঘোষণা কৰে যে দুদিনীয়া কাৰ্য্যসূচীৰে গোৱালিয়ৰ ভ্ৰমণৰ পিছত তেওঁ ২২ ছেপ্টেম্বৰত বেংগালুৰুলৈ গৈ টেলিকম খণ্ডৰ বিনিয়োগকাৰীৰ সৈতে ৰোডশ্ব’ত অংশগ্ৰহণ কৰিব।

অধিক তথ্যৰ বাবে DoT Handles অনুসৰণ কৰকঃ-

এক্স - https://x.com/DoT_India

ইনষ্টা- https://www.instagram.com/department_of_telecom?igsh=MXUxbHFjd3llZTU0YQ==

ফেচবুক - https://www.facebook.com/DoTIndia

ইউটিউবঃ https://youtube.com/@departmentoftelecom?si=DALnhYkt89U5jAaa

 

*****

NJ/ARJ/SB


(ৰিলিজ আই ডি : 2313293) অতিথি কক্ষ : 7
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Punjabi , Tamil