গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত পেজাৱাৰ মঠৰ শ্রদ্ধেয় সাধু শ্ৰী বিশ্বপ্ৰসন্ন তীৰ্থ স্বামীজীক সাক্ষাৎ কৰে

নতুন দিল্লীত অনুষ্ঠিত ত৯ সংখ্যক পবিত্ৰ চতুৰ্মাস্য ব্ৰতৰ সময়ত পেজাৱাৰ মঠৰ শ্রদ্ধেয় সাধু শ্ৰী বিশ্বপ্ৰসন্ন তীৰ্থ স্বামীজীক সাক্ষাৎ কৰি আৰু তেওঁৰ আশীৰ্বাদ লৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে নিজকে ভাগ্যৱান বুলি কয়

আমাৰ সংস্কৃতিত চতুৰ্মাস্য ব্ৰতৰ পবিত্ৰ ৰীতি-নীতিয়ে আমাক ত্যাগৰ সৰ্বোচ্চ গুণৰ সৈতে পৰিচয় কৰাই দিয়ে, যি ধ্যান, সংযম আৰু আভ্যন্তৰীণ জাগ্ৰতৰ জৰিয়তে আমাৰ পূজনীয় সন্ন্যাসীসকলে পালন কৰে

স্বামীজীৰ আভ্যন্তৰীণ পোহৰে মানৱতাৰ পথ আলোকিত কৰি থাকক

পোষ্ট কৰা হৈছে: 21 SEP 2026 7:38PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত পেজাৱাৰ মঠৰ শ্রদ্ধেয় সাধু শ্ৰী বিশ্বপ্ৰসন্ন তীৰ্থ স্বামীজীক সাক্ষাৎ কৰে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে এক্সৰ  এটা পোষ্টত কয়, ‘নতুন দিল্লীত অনুষ্ঠিত ৩৯ সংখ্যক পবিত্ৰ চতুৰ্মা্স্য ব্ৰতৰ সময়ত পেজাৱাৰ মঠৰ শ্রদ্ধেয় সাধু শ্ৰী বিশ্বপ্ৰসন্ন তীৰ্থ স্বামীজীক সাক্ষাৎ কৰি আৰু তেওঁৰ আশীৰ্বাদ লৈ মই অতিশয় ভাগ্যৱান অনুভৱ কৰিছো। আমাৰ সংস্কৃতিত চতুৰ্মাস্য ব্ৰতৰ পবিত্ৰ ৰীতি-নীতিয়ে আমাক ত্যাগৰ সৰ্বোচ্চ গুণৰ সৈতে পৰিচয় কৰাই দিয়ে, যিটো আমাৰ পূজনীয় সাধু-সন্ন্যাসীসকলে ধ্যান, সংযম আৰু আভ্যন্তৰীণ জাগ্ৰতৰ জৰিয়তে পালন কৰে। স্বামীজীৰ আভ্যন্তৰীণ পোহৰে মানৱতাৰ পথ আলোকিত কৰি থাকক।’

*****

RK/RR/RKB/PR/PS/MK


(ৰিলিজ আই ডি : 2313274) অতিথি কক্ষ : 5
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Gujarati , Odia , Kannada