প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

এছিয়ান গেমছত অংশগ্ৰহণকাৰী ভাৰতীয় দলক শুভকামনা প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 19 SEP 2026 7:28PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আইচি-নাগোয়াত অনুষ্ঠিত এছিয়ান গেমছত অংশগ্ৰহণ কৰা ভাৰতীয় দলটোক শুভকামনা জ্ঞাপন কৰিছে। শ্ৰী মোদীয়ে কয় যে ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰতিগৰাকী খেলুৱৈয়ে কঠোৰ পৰিশ্ৰম কৰিছে আৰু সমগ্ৰ দেশেই তেওঁলোকক লৈ গৌৰৱান্বিত।

 

শ্ৰী মোদীয়ে এক্সৰ পোষ্টত কয়ঃ

 

"আইচি-নাগোয়াত এছিয়ান গেমছ আৰম্ভ হোৱাৰ ক্ষণত ভাৰতীয় দলটোলৈ মোৰ আন্তৰিক শুভকামনা জনালোঁ। প্ৰতিগৰাকী খেলুৱৈয়ে অতি কষ্ট কৰাৰ লগতে উল্লেখযোগ্য নিষ্ঠা আৰু সংকল্প প্ৰদৰ্শন কৰিছে। তেওঁলোকক লৈ গৌৰৱান্বিত ভাৰত।

 

তেওঁলোকে নিজৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াওক, সুন্দৰকৈ খেলক আৰু উজ্জ্বলি উঠক!"

***

MJPS/SS/VJ/DB


(ৰিলিজ আই ডি : 2312609) অতিথি কক্ষ : 9