প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে ১৯ ছেপ্টেম্বৰত ‘পৰিবেশ আৰু জলবায়ু গতিশীলতাৰ ভৱিষ্যত’ শীৰ্ষক আন্তঃৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰিব
জটিল পৰিবেশ আৰু জলবায়ু প্ৰত্যাহ্বান সন্দৰ্ভত আলোচনাৰ সুবিধা প্ৰদান আৰু পৰিবেশ প্ৰশাসন শক্তিশালী কৰাৰ উপায় অন্বেষণৰ উদ্দেশ্যে এই সন্মিলন
১৭ খন দেশৰ বিশিষ্ট ন্যায়াধীশ আৰু ন্যায়িক প্ৰতিনিধি আৰু ভাৰতৰ বিশিষ্ট অংশগ্ৰহণকাৰীসকল সাক্ষী হ’ব এই সন্মিলনৰ
পোষ্ট কৰা হৈছে:
18 SEP 2026 3:08PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ১৯ ছেপ্টেম্বৰত নতুন দিল্লীৰ বিজ্ঞান ভৱনত পুৱা প্ৰায় ১০ বজাত ‘পৰিবেশ আৰু জলবায়ু গতিশীলতাৰ ভৱিষ্যত’ শীৰ্ষক এখন আন্তঃৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰিব।
২০২৬ চনৰ ১৯ আৰু ২০ ছেপ্টেম্বৰত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে এই দুদিনীয়া সন্মিলনৰ আয়োজন কৰিছে। ইয়াত পৰিবেশ বিশেষজ্ঞ, ভাৰতৰ উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ, জিলা ন্যায়ালয়ৰ ন্যায়াধীশ, বিভিন্ন মন্ত্ৰালয়ৰ সচিব, জ্যেষ্ঠ চৰকাৰী বিষয়া, ৰাজ্যিক ন্যায়িক একাডেমী, ৰাজ্যিক আইনী সেৱা কৰ্তৃপক্ষ, ৰাজ্যিক বিশেষজ্ঞ মূল্যায়ন সমিতি (এছইএছচি), ৰাজ্যিক পৰিবেশ প্ৰভাৱ মূল্যায়ন কৰ্তৃপক্ষ (এছইআইএএ), ৰাজ্যিক জলাশয় কৰ্তৃপক্ষ আৰু অন্যান্য অংশীদাৰসকলে অংশগ্ৰহণ কৰিব। তদুপৰি ই ১৭ খন দেশৰ বিশিষ্ট ন্যায়াধীশ আৰু ন্যায়িক প্ৰতিনিধিসকলক একত্ৰিত কৰিব।
সন্মিলনখনে ন্যায়িক দৃষ্টিভংগী, বৈজ্ঞানিক জ্ঞান, পৰিবেশ প্ৰশাসনৰ অনুশীলন আৰু অধিকাৰক্ষেত্ৰত প্ৰাতিষ্ঠানিক অভিজ্ঞতাৰ আদান-প্ৰদানৰ বাবে এখন মঞ্চ প্ৰদান কৰিব। ই নীতি প্ৰস্তুতকৰণ, ৰূপায়ণ আৰু প্ৰয়োগৰ ব্যৱধানকে ধৰি গুৰুত্বপূৰ্ণ পৰিবেশ আৰু জলবায়ু প্ৰত্যাহ্বান সন্দৰ্ভত আলোচনাৰ সুবিধা প্ৰদান কৰিব আৰু পৰিবেশ প্ৰশাসন তথা প্ৰাতিষ্ঠানিক সহযোগিতা শক্তিশালী কৰাৰ উপায় অন্বেষণ কৰিব।
****
MJPS/SS/PRK/NB
(ৰিলিজ আই ডি : 2312049)
অতিথি কক্ষ : 5