পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়
এনএইচএআইয়ে নতুন প্ৰযুক্তিৰে ১০৩৩ ৰাষ্ট্ৰীয় ঘাইপথ হেল্পলাইনৰ ৰূপান্তৰ কৰিব
জৰুৰীকালীন অৱস্থা, বাহন বিজুতি আৰু অন্যান্য ঘাইপথ সম্পৰ্কীয় সমস্যাৰ সময়ত ৰাষ্ট্ৰীয় ঘাইপথ ব্যৱহাৰকাৰীসকলক দ্ৰুত সহায় লাভ কৰাত সহায় কৰিবলৈ নতুন ব্যৱস্থা
পোষ্ট কৰা হৈছে:
14 SEP 2026 5:29PM by PIB Guwahati
ৰাষ্ট্ৰীয় ঘাইপথত যাতায়ত কৰা লোকসকলক দ্ৰুত আৰু উন্নত সাহায্য প্ৰদানৰ বাবে ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে বৰ্তমানৰ ১০৩৩ ৰাষ্ট্ৰীয় ঘাইপথ হেল্পলাইন উন্নত প্ৰযুক্তিৰে উন্নীতকৰণৰ পৰিকল্পনা কৰিছে। উন্নীতকৃত ১০৩৩ হেল্পলাইনত কৃত্ৰিম বুদ্ধিমত্তা (এআই), বাস্তৱ সময়ৰ অৱস্থান অনুসৰণ আৰু স্মাৰ্ট জৰুৰীকালীন সঁহাৰি ব্যৱস্থাৰ দৰে প্ৰযুক্তি ব্যৱহাৰ কৰা হ’ব। এই উন্নতিসমূহে ১০৩৩ ৰাষ্ট্ৰীয় ঘাইপথ হেল্পলাইনে ফোন কৰা লোকসকলৰ স্থান চিনাক্ত কৰাত, বিভিন্ন ভাৰতীয় ভাষাত ফোনসমূহ বুজিবলৈ আৰু অধিক ক্ষীপ্ৰতাৰে স্থানলৈ সঠিক সহায় প্ৰেৰণ কৰাত সহায় কৰিব। বিশেষকৈ মানৱীয় বিচাৰ আৰু সিদ্ধান্ত গ্ৰহণ অতি প্ৰয়োজনীয় জৰুৰীকালীন অৱস্থাত মানৱ অপাৰেটৰসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি যাব।
১০৩৩ হেল্পলাইনে ২৪ ঘণ্টাই সহায় আগবঢ়ায়
২০১৮ চনত প্ৰৱৰ্তন কৰা ১০৩৩ হেল্পলাইন সপ্তাহৰ সাত দিন ২৪ ঘণ্টাই উপলব্ধ। ই ৰাষ্ট্ৰীয় ঘাইপথ ব্যৱহাৰকাৰীসকলক নিম্নোক্ত কামত সহায় কৰে:
চিকিৎসাজনিত জৰুৰীকালীন অৱস্থা।
বাহনৰ বিজুতি।
এম্বুলেন্স, ক্ৰেন আৰু টহলদাৰী বাহনৰ পৰা সহায়।
টোল প্লাজা আৰু FASTag সম্পৰ্কীয় সমস্যা।
ৰাষ্ট্ৰীয় ঘাইপথত যাত্ৰা কৰাৰ সময়ত সন্মুখীন হোৱা অন্যান্য সমস্যা।
বৰ্তমান এই হেল্পলাইনে ১.৪৬ লাখ কিলোমিটাৰতকৈও অধিক ৰাষ্ট্ৰীয় ঘাইপথ সামৰি লৈছে আৰু প্ৰতিদিনে প্ৰায় ১৫ হাজাৰ ফোন লাভ কৰে। ইয়াৰ উপৰিও একাধিক ভাষাত সহায় আগবঢ়ায়।
নতুন ব্যৱস্থাৰ সৈতে কি উন্নতি হ’ব?
নেক্সট জেনেৰেচন ১০৩৩ প্লেটফৰ্মৰ লক্ষ্য হৈছে তলত দিয়া সুবিধাসমূহ প্ৰদান কৰা:
দ্ৰুত সহায়: কল গ্ৰহণ আৰু প্ৰয়োজনীয় স্থানলৈ সহায় প্ৰেৰণ কৰাৰ বাবে উন্নত ব্যৱস্থাপ্ৰণালী।
স্থান চিনাক্তকৰণ: জৰুৰীকালীন দলসমূহক স্থানত উপনীত হোৱাত সহায় কৰিবলৈ ফোন কৰাজনৰ স্থান বাস্তৱ সময়ত ধৰা পেলোৱা।
বহুভাষিক সমৰ্থন: বিভিন্ন ভাৰতীয় ভাষাত কলৰ AI-সহায়ক নিয়ন্ত্ৰণ।
স্মাৰ্ট ডিচপেচ: আটাইতকৈ উপযুক্ত এম্বুলেন্স, ক্ৰেন বা টহলদাৰী বাহন চিনাক্ত আৰু প্ৰেৰণ কৰাত সহায়ক হোৱাকৈ বুদ্ধিমান ব্যৱস্থা।
সক্ৰিয় সতৰ্কবাণী: ঘাইপথ ব্যৱহাৰকাৰীসকলক কাণ্ড আৰু অন্যান্য গুৰুত্বপূৰ্ণ পৰিঘটনাৰ বিষয়ে সময়মতে পৰামৰ্শ দিয়া।
উন্নত সমন্বয়: হেল্পলাইন, জৰুৰীকালীন সেৱা আৰু ৰাষ্ট্ৰীয় ঘাইপথ পৰিচালনা দলৰ মাজত উন্নত সমন্বয়।
এনএইচএআইৰ প্ৰচাৰিত কোম্পানী ইণ্ডিয়ান হাইৱেজ মেনেজমেণ্ট কোম্পানী লিমিটেডে নেক্সট জেনেৰেচন ১০৩৩ হেল্পলাইন আৰু কল চেণ্টাৰৰ উন্নয়ন, ডিজাইন, নিয়োগ, পৰিচালনা আৰু ৰক্ষণাবেক্ষণৰ বাবে কোম্পানী আৰু কনচৰ্টিয়াৰ পৰা আগ্ৰহ প্ৰকাশ (ইঅ’আই) আমন্ত্ৰণ জনাইছে। এই পদক্ষেপৰ বাবে চফট্ ৱেৰ ডেভেলপমেণ্ট, ডিজিটেল প্লেটফৰ্ম, ২৪x৭ কল-চেণ্টাৰ অপাৰেচন আৰু জৰুৰীকালীন-প্ৰতিক্ৰিয়া সেৱাৰ বিশেষজ্ঞতাৰ প্ৰয়োজন। গতিশীলতা আৰু ৰাইড-হেলিং, লজিষ্টিক, দ্ৰুত-কমাৰ্চ, জনসাধাৰণৰ সুৰক্ষা, কম্পিউটাৰ-এডেড ডিস্পেচ, ভইচ এআই আৰু ভাৰতীয় ভাষাৰ বাক্য-চিনাক্তকৰণ প্ৰযুক্তিৰ ক্ষেত্ৰত কাম কৰা কোম্পানীসমূহক অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰা হয়।
নতুন মঞ্চখনৰ বিকাশত সহায় কৰিবলৈ উদ্যোগৰ মতামত
আই এইচ এম চি এলে উদ্যোগ বিশেষজ্ঞসকলৰ পৰা পৰামৰ্শ আৰু কাৰিকৰী ইনপুট বিচাৰিব যাতে এটা নিৰ্ভৰযোগ্য, স্কেলেবল আৰু ভৱিষ্যতৰ বাবে সাজু ব্যৱস্থা বিকশিত হয়। প্ৰয়োজনীয়তাসমূহ চূড়ান্ত কৰাৰ সময়ত প্ৰাসংগিক উদ্যোগৰ উত্তম পদ্ধতিসমূহো বিবেচনা কৰা হ’ব।
উন্নীতকৃত ১০৩৩ হেল্পলাইনে ৰাষ্ট্ৰীয় ঘাইপথত সহায়ক দ্ৰুত, অধিক সমন্বিত আৰু নাগৰিকসকলৰ বাবে অধিক সুবিধাজনক কৰি তুলিব বুলি আশা কৰা হৈছে। মানৱ সহায়ৰ সৈতে প্ৰযুক্তিৰ সংমিশ্ৰণ ঘটাই এন এইচ এ আইৰ লক্ষ্য হৈছে সমগ্ৰ দেশৰ ঘাইপথ ব্যৱহাৰকাৰীৰ সুৰক্ষা আৰু ভ্ৰমণ অভিজ্ঞতা আৰু অধিক উন্নত কৰা।
***
GDH/DS/HJ/ DM
(ৰিলিজ আই ডি : 2310297)
অতিথি কক্ষ : 7