মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী শ্ৰীমতী অন্নপূৰ্ণা দেৱীক সাক্ষাৎ কৰিলে নাইজেৰিয়া ফেডাৰেল ৰিপাব্লিকৰ মহিলা পৰিক্ৰমা তথা সামাজিক উন্নয়ন দপ্তৰৰ মন্ত্ৰী ইমান চুলেইমান-ইব্ৰাহিমে

আলোচনাত মহিলাৰ আৰ্থিক অন্তৰ্ভুক্তি, যত্নৰ সৈতে জড়িত অৰ্থনীতি, স্বচ্ছ শক্তি, শিশু সুৰক্ষা আৰু ডিজিটেল অন্তৰ্ভুক্তিৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হয়

পোষ্ট কৰা হৈছে: 14 SEP 2026 7:54PM by PIB Guwahati

নাইজেৰিয়াৰ ফেডাৰেল গণৰাজ্যৰ মহিলা পৰিক্ৰমা আৰু সামাজিক বিকাশ মন্ত্ৰী ইমান চুলেইমান-ইব্ৰাহিমে আজি নতুন দিল্লীৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ কাৰ্যালয়ত ভাৰত চৰকাৰৰ কেন্দ্ৰীয় মহিলা তথা শিশু বিকাশ দপ্তৰৰ  মন্ত্ৰী অন্নপূৰ্ণা দেৱীক সাক্ষাৎ কৰে।

 

61a0c6aaa1593a05b7475e905ffe4487.jpg

 

মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ে নাইজেৰিয়াৰ প্ৰতিনিধি দলটোক উষ্ম আদৰণি জনায়। ভাৰতৰ ব্ৰিকছ ২০২৬ৰ প্ৰতিনিধি দলটোক আদৰণি জনাই কেন্দ্ৰীয় মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী ,শ্ৰীমতী অন্নপূৰ্ণা দেৱীয়ে কয় যে অংশীদাৰ দেশ হিচাপে নাইজেৰিয়াৰ অংশগ্ৰহণে গ্ল’বেল চাউথৰ বাবে ভাগ-বাটোৱাৰা  কৰা কামলৈ আফ্ৰিকাৰ পৰা এক মূল্যৱান কণ্ঠ কঢ়িয়াই আনিছে আৰু প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশনা তথা দূৰদৰ্শী নেতৃত্বত মহিলা আৰু শিশুৰ বিকাশৰ ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰাৰ দিশত ভাৰত আৰু নাইজেৰিয়াৰ দায়বদ্ধতাক পুনৰ দৃঢ় কৰিছে।

9951d2983e889a5923f25b26ecbdfcaa.jpg

 

কেন্দ্ৰীয় মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী  শ্ৰীমতী অন্নপূৰ্ণা দেৱীয়ে, মহিলাৰ সামূহিক শক্তি, লিংগ সমতা,  আৰু উদ্যোগীকৰণক প্ৰসাৰিত কৰিবলৈ তথা আৰ্থিক অন্তৰ্ভুক্তিক আগুৱাই নিবলৈ মহিলাৰ সামূহিক সহায় লোৱাৰ বিষয়ত  তেওঁৰ মতামত আগবঢ়ায়। তেওঁ উল্লেখ কৰে যে ভাৰত প্ৰধানমন্ত্ৰীৰ মহিলা নেতৃত্বাধীন উন্নয়নৰ দৃষ্টিভংগীৰে পৰিচালিত হৈ আছে।দুয়োগৰাকী মন্ত্ৰীয়ে স্বচ্ছ শক্তি, সামাজিক সুৰক্ষা আৰু ৰাষ্ট্ৰীয় যত্ন ব্যৱস্থাকে ধৰি পাৰস্পৰিক স্বাৰ্থৰ ক্ষেত্ৰসমূহৰ বিষয়তো আলোচনা কৰে। আলোচনাত শিশুৰ অধিকাৰ, সুৰক্ষা আৰু ডিজিটেল সুৰক্ষাৰ বিষয়ে অধিক আলোচনা কৰা হয় ।  বৈঠকত শ্ৰীমতী অন্নপূৰ্ণা দেৱীয়ে কঠিন পৰিস্থিতিত শিশুৰ সুৰক্ষা আৰু সমৰ্থনৰ বাবে মন্ত্ৰালয়ৰ ফ্লেগশ্বিপ পদক্ষেপসমূহৰ  বিষয়ত আলোকপাত কৰে।

b80a75d2404b6141d0563524b9c345e8.jpg

ফেডাৰেল ৰিপাব্লিক অৱ নাইজেৰিয়াৰ মহিলা পৰিক্ৰমা আৰু সামাজিক উন্নয়ন মন্ত্ৰী ইমান চুলাইমান-ইব্ৰাহিমে তেওঁক আৰু তেওঁৰ প্ৰতিনিধি দলটোক উষ্ম আদৰণি জনোৱাৰ বাবে  কৃতজ্ঞতা প্ৰকাশ কৰে। তেওঁ কয় যে তেওঁ জ্ঞান বিনিময়ৰ বাবে আৰু মহিলাৰ দক্ষতা, মহিলা উদ্যোগীকৰণৰ বিত্তীয় সাহায্য, পুষ্টিৰ সহায়, মহিলা নেতৃত্বাধীন শাসন আৰু যত্ন অৰ্থনীতিকে ধৰি ভাৰতৰ উত্তম পদ্ধতিৰ পৰা শিকিবলৈ আগ্ৰহী।

917a869083b682a08b45120690de6744.jpg

মহিলাৰ অৰ্থনৈতিক সামূহিক আৰু স্বচ্ছ শক্তি, সামাজিক সুৰক্ষা আৰু যত্ন অৰ্থনীতি, শিশু অধিকাৰ, সুৰক্ষা আৰু ডিজিটেল অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত দুয়োখন দেশে একেলগে কাম কৰিব পাৰে বুলি মন্ত্ৰী দুগৰাকীয়ে মত প্ৰকাশ কৰে আৰু এই বৈঠকে দুয়োখন দেশৰ দীৰ্ঘদিনীয়া সম্পৰ্ক শক্তিশালী আৰু বৃদ্ধি কৰিব বুলি আশা প্ৰকাশ কৰে।

 

***

 

SS/PC/DM


(ৰিলিজ আই ডি : 2310295) অতিথি কক্ষ : 5
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Malayalam