প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

নতুন দিল্লীত অনুষ্ঠিত অষ্টাদশ ব্ৰিকছ সন্মিলনৰ সমান্তৰালকৈ নাইজেৰিয়াৰ উপ-ৰাষ্ট্ৰপতিক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 13 SEP 2026 6:13PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত অনুষ্ঠিত ব্ৰিকছ সন্মিলনৰ সমান্তৰালকৈ ফেডাৰেল ৰিপাব্লিক অৱ নাইজেৰিয়াৰ উপ-ৰাষ্ট্ৰপতি মহামান্য কাচিম শ্বেট্টিমা মুস্তাফা, জি চি অ’ এন-ক সাক্ষাৎ কৰে। উপ-ৰাষ্ট্ৰপতি কাচিম ছেট্টিমা মুস্তাফা, জি চি. অ’ এন ই নতুন দিল্লীত অনুষ্ঠিত ব্ৰিকছ সন্মিলনত নাইজেৰিয়াৰ প্ৰতিনিধি দলটোৰ নেতৃত্ব দিছে। প্ৰতিনিধি দলতটোত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী; উদ্যোগ, বাণিজ্য আৰু বিনিয়োগ; যোগাযোগ উদ্ভাৱন আৰু ডিজিটেল প্ৰযুক্তি; মানৱ পৰিক্ৰমা আৰু দৰিদ্ৰতা হ্ৰাস, মহিলা পৰিক্ৰমা; বিজ্ঞান তথা প্ৰযুক্তি মন্ত্ৰীসহ কেইবাগৰাকীও মন্ত্ৰী আছে।

দুয়োগৰাকী নেতাই বহুমুখী ভাৰত-নাইজেৰিয়া সম্পৰ্কৰ পৰ্যালোচনা কৰে আৰু বিভিন্ন খণ্ডত নিৰন্তৰ অগ্ৰগতিৰ ওপৰত সন্তুষ্টি প্ৰকাশ কৰে। এই আলোচনাত বাণিজ্য আৰু বিনিয়োগ, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, শক্তি অংশীদাৰিত্ব, কৃষি, স্বাস্থ্য আৰু ডিজিটেল প্ৰযুক্তিকে ধৰি গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। তেওঁলোকে ভাৰত-নাইজেৰিয়া কৌশলগত অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ বাবে তেওঁলোকৰ প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰে।

প্ৰধানমন্ত্ৰী মোদী আৰু উপ-ৰাষ্ট্ৰপতি শ্বেট্টিমা মুস্তাফাই পাৰস্পৰিক স্বাৰ্থৰ আঞ্চলিক আৰু গোলকীয় বিষয়সমূহৰ ওপৰতো মত বিনিময় কৰে, যাৰ ভিতৰত আছে গ্ল’বেল চাউথৰ অগ্ৰাধিকাৰ আৰু উদ্বেগ। তেওঁলোকে বহুপাক্ষিক মঞ্চত সহযোগিতা শক্তিশালী কৰা আৰু অধিক প্ৰতিনিধিত্বমূলক, অন্তৰ্ভুক্তিমূলক তথা বহু-মেৰু আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাৰ দিশত একেলগে কাম কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে নাইজেৰিয়াৰ সৈতে ইয়াৰ অংশীদাৰিত্ব শক্তিশালী কৰা আৰু আফ্ৰিকাৰ সৈতে ভাৰতৰ সম্পৰ্ক গভীৰ কৰাৰ বাবে ভাৰতৰ নিৰন্তৰ প্ৰতিশ্ৰুতিৰ ওপৰত আলোকপাত কৰে। উপ-ৰাষ্ট্ৰপতি শ্বেট্টিমা মুস্তাফাই ভাৰতৰ উন্নয়নৰ অভিজ্ঞতা আৰু নাইজেৰিয়াত ক্ষমতা নিৰ্মাণ তথা অৰ্থনৈতিক উন্নয়নত ইয়াৰ অৱদানক প্ৰশংসা কৰে। বৈঠকত দুয়োখন দেশৰ শান্তি, সমৃদ্ধি আৰু উন্নয়নত অৰিহণা যোগোৱা এক শক্তিশালী, অগ্ৰগামী অংশীদাৰিত্ব গঢ়ি তোলাৰ বাবে ভাৰত আৰু নাইজেৰিয়াৰ অংশীদাৰী প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰা হয়।

 

*****

MJPS/SS/ST/MK


(ৰিলিজ আই ডি : 2309861) অতিথি কক্ষ : 5