প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ব্ৰিকছৰ দুটা দশকৰ সহযোগিতাৰ স্মৃতিচাৰণৰ উদ্দেশ্যে স্মাৰক ডাক টিকট মুকলি

পোষ্ট কৰা হৈছে: 12 SEP 2026 6:16PM by PIB Guwahati

ব্ৰিকছৰ দুই দশক পূৰ্ণ হোৱা উপলক্ষ্যে ২০২৬ চনৰ ১২ ছেপ্টেম্বৰত নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক ব্ৰিকছ শীৰ্ষ সন্মিলনৰ  অনুষ্ঠানত দুখন স্মাৰক ডাক টিকট মুকলি কৰা হয়।

স্মাৰক ডাক টিকট দুখনত “ব্ৰিকছ: সহযোগিতাৰ দুটা দশক, ২০০৬–২০২৬” শীৰ্ষক বাৰ্তা অংকিত কৰা হৈছে। এই স্মাৰক টিকট দুখনে আলোচনা আৰু সহযোগিতাৰ এক গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে ব্ৰিকছৰ ক্ৰমবিকাশক প্ৰতিফলিত কৰিছে। দুয়োখন স্মাৰক ডাক টিকটতে ২০২৬ চনত ভাৰতৰ ব্ৰিকছ অধ্যক্ষতাৰ অগ্ৰাধিকাৰসমূহো প্ৰতিফলিত কৰা হৈছে। ভাৰতৰ অধ্যক্ষতাৰ মূল বিষয়বস্তু হৈছে— সহনশীলতা, উদ্ভাৱন, সহযোগিতা আৰু বহনক্ষমতাৰ বাবে নিৰ্মাণ।প্ৰথমখন স্মাৰক ডাক টিকটে পাৰস্পৰিক সন্মান, বুজাবুজি আৰু সংহতিৰ চেতনাৰে এক সহযোগিতাৰ মঞ্চ হিচাপে ব্ৰিকছৰ উত্থানক প্ৰতীকীভাৱে প্ৰকাশ কৰিছে।

আনহাতে, দ্বিতীয়খন স্মাৰক ডাক টিকটত ভাৰতৰ অধ্যক্ষতাৰ প্ৰতীকচিহ্নৰ লগতে “মানৱতাই প্ৰথম” আৰু “জনকেন্দ্ৰিক” দৃষ্টিভংগীৰ মূল বাৰ্তা প্ৰতিফলিত কৰা হৈছে।

 

**********

MJPS/SS/ST/DM


(ৰিলিজ আই ডি : 2309513) অতিথি কক্ষ : 7