গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়
চেন্নাইত ৮০৩.৯৯ গ্ৰাম হলমাৰ্ক নথকা সোণৰ গহনা জব্দ বিআইএছৰ
পোষ্ট কৰা হৈছে:
10 SEP 2026 2:38PM by PIB Guwahati
ব্যুৰো অব ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছ (বিআইএছ)ৰ চেন্নাই শাখা কাৰ্যালয়ে ২০২৬ চনৰ ১ ছেপ্টেম্বৰত চেন্নাইৰ আম্বাট্টুৰৰ এখন গহনা দোকানত চলোৱা তালাচী অভিযানৰ সময়ত ৮০৩.৯৯ গ্ৰাম হলমাৰ্ক নথকা সোণৰ গহনা জব্দ কৰে, এই হলমাৰ্ক নথকা সোণৰ গহনাবোৰ বিক্ৰীৰ বাবে প্ৰদৰ্শন কৰা হৈছিল।
জব্দ কৰা গহনাসমূহৰ ভিতৰত আছে ৬৭১.৫০ গ্ৰাম ওজনৰ ১৭৫ডাল মংগলসূত্ৰ (থালিছ), ২৫.০২ গ্ৰাম ওজনৰ শিশুৰ বাবে প্ৰস্তুত কৰা ১২ডাল বেংগল, ৮৬.১৪ গ্ৰাম ওজনৰ ৪০টা কাণফুলি আৰু ২১.৩৩ গ্ৰাম ওজনৰ ১০টা পেণ্ডেণ্ট।
বিআইএছৰ বিধি বলৱৎকাৰী দলটোৱে বিভিন্ন ডিজাইন আৰু শিতানৰ গহনাসমূহ প্ৰয়োজনীয় হলমাৰ্কিং অবিহনে বিক্ৰীৰ বাবে আগবঢ়োৱা অৱস্থাত উদ্ধাৰ কৰে। ব্যুৰো অব ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছ এক্ট, ২০১৬ৰ বিধান অনুসৰি জব্দ কৰা এই সামগ্ৰীসমূহ বিতং তদন্ত আৰু অধিক আইনী প্ৰক্ৰিয়াৰ বাবে জব্দ কৰা হৈছে।
স্থানীয় আৰক্ষীৰ সহযোগত বি আই এছৰ চেন্নাই শাখা কাৰ্যালয়ৰ বিষয়া আৰু কৰ্মচাৰীসকলে এই অভিযান চলায়।
গ্ৰাহকক সুৰক্ষা দিবলৈ বিআইএছে বজাৰ নিৰীক্ষণ বৃদ্ধি কৰিছে।
বিআইএছৰ চেন্নাই শাখা কাৰ্যালয়ৰ মুৰব্বী শ্ৰী এছ ডি দয়ানন্দই কয় যে বাধ্যতামূলক বিআইএছ প্ৰমাণীকৰণ আৰু হলমাৰ্কিঙৰ প্ৰয়োজনীয়তাৰ অধীনত সামৰি লোৱা সামগ্ৰীসমূহে নিৰ্ধাৰিত মান মানি চলাটো নিশ্চিত কৰিবলৈ বিআইএছে নিয়মিতভাৱে বজাৰ নিৰীক্ষণ আৰু প্ৰয়োজনীয় কাৰ্য্কলাপ গ্ৰহণ কৰি আহিছে।
তেওঁ কয় যে এনে বিধি বলৱৎকাৰী ব্যৱস্থা নকল সামগ্ৰীৰ বিক্ৰী ৰোধ কৰিবলৈ, বিআইএছ মনক চিহ্ন আৰু হলমাৰ্কৰ অপব্যৱহাৰ পৰীক্ষা কৰিবলৈ আৰু প্ৰমাণীকৰণ তথা হলমাৰ্কিং ব্যৱস্থাৰ ওপৰত গ্ৰাহকৰ আস্থা বৰ্তাই ৰাখিবলৈ অত্যন্ত গুৰুত্বপূৰ্ণ।
বিআইএছৰ মতে, হলমাৰ্কিঙে বহুমূলীয়া ধাতুৰ সামগ্ৰীৰ বিশুদ্ধতা বা সৌন্দৰ্যতাৰ আনুষ্ঠানিক ইংগিত প্ৰদান কৰে। বৰ্তমানৰ হলমাৰ্কিং ব্যৱস্থাৰ অধীনত হলমাৰ্কযুক্ত সোণৰ গহনাত বিআইএছৰ ল'গ', বিশুদ্ধতা/সৌন্দৰ্যতা আৰু ছয় অংকৰ হলমাৰ্ক ইউনিক আইডেন্টিফিকেশন (HUID) নম্বৰ থাকে। গ্ৰাহকে হলমাৰ্কযুক্ত গহনাসমূহৰ HUID পৰীক্ষা কৰিবলৈও বিআইএছ কেয়াৰ এপ ব্যৱহাৰ কৰিব পাৰে।
আইনী ব্যৱস্থা আৰম্ভ
ব্যুৰো অব ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছ এক্ট, ২০১৬ৰ অধীনত সংশ্লিষ্ট ব্যক্তিসকলৰ বিৰুদ্ধে উপযুক্ত আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে।


ৰেফাৰেন্সৰ বাবে:
***
RT/ SB/ ARC/KD
(ৰিলিজ আই ডি : 2309368)
অতিথি কক্ষ : 3