প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীক সাক্ষাৎ মহামহিম প্ৰিন্স ৰহিম আগা খান পঞ্চমৰ
ভাৰতৰ উন্নয়নমূলক অগ্ৰাধিকাৰসমূহৰ ক্ষেত্ৰত এ কে ডি এনৰ সুদীৰ্ঘ অৱদানক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
ঐতিহ্য সংৰক্ষণ আৰু পুনৰুজ্জীৱনৰ ক্ষেত্ৰত এই নেটৱৰ্কৰ কাৰ্যৱলীক শলাগ ল’লে প্ৰধানমন্ত্ৰীয়ে
ভাৰতৰ সামগ্ৰিক বিকাশ আৰু সামাজিক প্ৰগতিৰ প্ৰতি এ কে ডি এনৰ প্ৰতিশ্ৰুতিবদ্ধতাক দোঁহাৰিলে মহামহিম দ্য আগা খানে
পোষ্ট কৰা হৈছে:
10 SEP 2026 6:25PM by PIB Guwahati
আগা খান ডেভেলপমেণ্ট নেটৱৰ্কৰ (একেডিএন) অধ্যক্ষ মহামহিম প্ৰিন্স ৰহিম আগা খান পঞ্চমে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
ভাৰতত একেডিএনৰ দীৰ্ঘদিনীয়া অৱদানক প্ৰধানমন্ত্ৰীয়ে প্ৰশংসা কৰে। বিশেষকৈ বহনক্ষম নগৰ উন্নয়ন, পানী সংৰক্ষণ, স্বাস্থ্যসেৱা, গ্ৰাম্য অনাময়, যুৱক-যুৱতীসকলৰ দক্ষতা বিকাশ আৰু মহিলা সবলীকৰণৰ ক্ষেত্ৰত প্ৰতিষ্ঠানটোৱে আগবঢ়োৱা ভূমিকাৰ কথা তেওঁ উল্লেখ কৰে।
তদুপৰি, দেশৰ ঐতিহাসিক স্থানসমূহৰ পুনৰুদ্ধাৰ আৰু পুনৰুজ্জীৱনৰ জৰিয়তে ভাৰতৰ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ ক্ষেত্ৰত একেডিএনে গ্ৰহণ কৰা অগ্ৰণী প্ৰচেষ্টাক প্ৰধানমন্ত্ৰীয়ে শলাগ লয়।
মহামহিম দ্য আগা খানে ভাৰতৰ সামগ্ৰিক বিকাশ আৰু সামাজিক প্ৰগতিৰ প্ৰতি একেডিএনৰ প্ৰতিশ্ৰুতিবদ্ধতা পুনৰাই ব্যক্ত কৰে। তেওঁ ভাৰতৰ পৰিৱৰ্তনকাৰী উন্নয়নমূলক পদক্ষেপসমূহৰ প্ৰশংসা কৰে আৰু মানৱ কল্যাণৰ অগ্ৰগতিত উদ্ভাৱনৰ ভূমিকা সন্দৰ্ভত নিজৰ দৃষ্টিভংগী ব্যক্ত কৰে।
*********
MJPS/SS/ST/DB
(ৰিলিজ আই ডি : 2309357)
অতিথি কক্ষ : 11
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam