উপ-ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav

ইটানগৰত বিশেষভাৱে সক্ষম শিশুৰ বিদ্যালয় ডনি-প’ল’ মিছন স্কুল পৰিদৰ্শন উপ-ৰাষ্ট্ৰপতি শ্ৰী চি পি ৰাধাকৃষ্ণনৰ

আনক কেতিয়াও আপোনাৰ সপোনৰ সীমা নিৰ্ধাৰণ কৰিবলৈ নিদিব’: ডনি-প’ল’ মিছন স্কুলৰ শিক্ষাৰ্থীসকলক উপ-ৰাষ্ট্ৰপতিৰ আহ্বান

বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীসকলৰ বন্দে মাতৰমৰ উপস্থাপনে উপ-ৰাষ্ট্ৰপতিক দেশপ্ৰেমৰ গভীৰ ভাৱনাৰে ভৰাই তোলে

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনৰ অৰুণাচল প্ৰদেশৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণত জে এন ৰাজ্যিক সংগ্ৰহালয়ৰ ভূমিকাক প্ৰশংসা

পোষ্ট কৰা হৈছে: 09 SEP 2026 6:02PM by PIB Guwahati

উপ-ৰাষ্ট্ৰপতি শ্ৰী চি পি ৰাধাকৃষ্ণনে আজি ইটানগৰৰ চিম্পুৰ শ্ৰৱণ, দৃষ্টিশক্তি আৰু বৌদ্ধিকভাৱে প্ৰতিবন্ধীসকলৰ বিদ্যালয় ডনি-প’ল’ মিছন স্কুল পৰিদৰ্শন কৰি শিক্ষাৰ্থী, শিক্ষক আৰু কৰ্মচাৰীসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ প্ৰতিষ্ঠানখনৰ বিভিন্ন কাৰ্যকলাপৰ স্থান পৰিদৰ্শন কৰে আৰু শিক্ষাৰ্থীসকলক সম্বোধন কৰি ভাষণ প্ৰদান কৰে।

অনুষ্ঠানত ভাষণ দি উপ-ৰাষ্ট্ৰপতিয়ে কয় যে এই প্ৰতিষ্ঠানখন ভ্ৰমণে তেওঁক গভীৰ আৱেগ আৰু দেশপ্ৰেমৰ ভাৱনাৰে ভৰাই তুলিছে, বিশেষকৈ শিক্ষাৰ্থীসকলৰ কন্ঠত বন্দে মাতৰম শুনাৰ পাছত। তেওঁ কয় যে গীতটো ইমান আন্তৰিকতাৰে পৰিৱেশন কৰা হৈছিল যে তেওঁ ছাত্ৰ-ছাত্ৰীসকলৰ ‘হৃদয়ৰ পৰা অহা’ দেশপ্ৰেম অনুভৱ কৰিব পাৰিছিল।

অৰুণাচল প্ৰদেশ চৰকাৰ, ডনি-প’ল’ মিছন, ব্যৱস্থাপনা, শিক্ষক, পুনৰ্বাসন পেছাদাৰী আৰু কৰ্মচাৰীসকলক প্ৰশংসা কৰি শ্ৰী চি পি ৰাধাকৃষ্ণনে কয় যে মুখ্যমন্ত্ৰী শ্ৰী পেমা খাণ্ডুৰ অধীনত ৰাজ্য চৰকাৰৰ সাফল্যই ‘সমাজৰ প্ৰতিটো ক্ষেত্ৰক’ সামৰি লৈছে।

শিক্ষাৰ্থীসকলক সম্বোধন কৰি শ্ৰী চি পি ৰাধাকৃষ্ণনে তেওঁলোকক নিজৰ সপোনৰ সীমা নিৰ্ধাৰণ কৰিবলৈ আনক কেতিয়াও অনুমতি নিদিবলৈ আহ্বান জনায়। ‘প্ৰতিজন ব্যক্তি অনন্য। তেওঁলোকক ডাঙৰ সপোন দেখিবলৈ, নিজৰ ওপৰত বিশ্বাস ৰাখিবলৈ আৰু কঠোৰ পৰিশ্ৰম কৰিবলৈ উৎসাহিত কৰি তেওঁ কয় যে প্ৰতিজন ব্যক্তিৰে প্ৰতিভা থাকে। শ্ৰী শ্ৰীকান্ত ব’ল্লাৰ অনুপ্ৰেৰণামূলক যাত্ৰাৰ কথা উল্লেখ কৰি তেওঁ ছাত্ৰ-ছাত্ৰীসকলক প্ৰত্যাহ্বান অতিক্ৰম কৰা সকলৰ পৰা অনুপ্ৰেৰণা ল’বলৈ আহ্বান জনায়।

উপ-ৰাষ্ট্ৰপতিয়ে কয় যে ডনি-প’ল’ মিছন স্কুলৰ দৰে প্ৰতিষ্ঠানসমূহে কেৱল শিক্ষা প্ৰদান কৰাই নহয়, আশা, মৰ্যাদা, সুযোগ, আত্মবিশ্বাস আৰু আত্মনিৰ্ভৰশীলতাও প্ৰদান কৰে। তেওঁ কয় যে এনে প্ৰতিষ্ঠানসমূহে এক অন্তৰ্ভুক্তিমূলক বিকশিত ভাৰত @2047 গঢ়ি তোলাৰ দিশত অৰ্থপূৰ্ণ অৱদান আগবঢ়ায়।

প্ৰযুক্তিৰ পৰিৱৰ্তনশীল সম্ভাৱনাৰ ওপৰত গুৰুত্ব আৰোপ কৰি শ্ৰী চি পি ৰাধাকৃষ্ণনে কয় যে কৃত্ৰিম বুদ্ধিমত্তা, ডিজিটেল সঁজুলি আৰু সহায়ক প্ৰযুক্তিয়ে বাধাসমূহ অতিক্ৰম কৰাত সহায় কৰিব পাৰে আৰু শিক্ষাক অধিক সুগম তথা ব্যক্তিগতকৰণ কৰি তুলিব পাৰে। তেওঁ এআই-সক্ষম শিক্ষণ সামগ্ৰী আৰু শিক্ষাৰ্থীসকলৰ বাবে সামগ্ৰিক সমৰ্থনৰ দিশত মিছনৰ পদক্ষেপৰ প্ৰশংসা কৰে।

উপ-ৰাষ্ট্ৰপতিয়ে শিক্ষক আৰু কৰ্মচাৰীসকলক বিশেষ প্ৰয়োজন থকা শিশুৰ প্ৰতিপালনত তেওঁলোকৰ অসাধাৰণ ধৈৰ্য্য, সহানুভূতি আৰু প্ৰতিশ্ৰুতিৰ বাবেও প্ৰশংসা কৰে। তেওঁ নিজৰ সন্তানক সমৰ্থন আৰু উৎসাহিত কৰাৰ ক্ষেত্ৰত পিতৃ-মাতৃয়ে পালন কৰা গুৰুত্বপূৰ্ণ ভূমিকাক স্বীকাৰ কৰে।

তেওঁৰ ভাষণৰ সামৰণি মাৰি শ্ৰী চি পি ৰাধাকৃষ্ণনে ছাত্ৰ-ছাত্ৰীসকলৰ পৰা তেওঁ লাভ কৰা অনুপ্ৰেৰণা আৰু তেওঁলোকৰ সংকল্পৰ প্ৰশংসা কৰি কয়, ‘আজি আপোনালোকে মোক বহু কথা শিকালে।’

উপ-ৰাষ্ট্ৰপতিগৰাকীৰ লগত অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল লেফটেনেণ্ট জেনেৰেল (অৱসৰপ্ৰাপ্ত) কাইৱাল্য ত্ৰিবিক্ৰম পাৰনাইক, মুখ্যমন্ত্ৰী শ্ৰী পেমা খাণ্ডু, উপ মুখ্যমন্ত্ৰী শ্ৰী চৌনা মেইন, সামাজিক ন্যায় আৰু সবলীকৰণ তথা জনজাতীয় পৰিক্ৰমা মন্ত্ৰী শ্ৰী কোণ্টো জিনি, ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকল, ডনি-প’ল’ মিছন আৰু ইয়াৰ ব্যৱস্থাপনাৰ প্ৰতিনিধিসকল, শিক্ষক, পুনৰ্বাসন পেছাদাৰী, কৰ্মচাৰী আৰু প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকল এই অনুষ্ঠানত উপস্থিত আছিল।

ইয়াৰ পূৰ্বে আজি উপ-ৰাষ্ট্ৰপতিয়ে ইটানগৰৰ জে এন ৰাজ্যিক সংগ্ৰহালয় পৰিদৰ্শন কৰে আৰু অৰুণাচল প্ৰদেশ তথা উত্তৰ-পূবৰ সমৃদ্ধ নৃতাত্ত্বিক ঐতিহ্য সংৰক্ষণ আৰু প্ৰদৰ্শনত ইয়াৰ ভূমিকাক প্ৰশংসা কৰে। তেওঁ উল্লেখ কৰে যে এনে প্ৰতিষ্ঠানসমূহে প্ৰজন্মৰ মাজত গুৰুত্বপূৰ্ণ সেতু হিচাপে কাম কৰে আৰু সাংস্কৃতিক ঐতিহ্য সুৰক্ষিত কৰাৰ লগতে থলুৱা পৰম্পৰাত গৌৰৱ বৃদ্ধি কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁ অৰুণাচল প্ৰদেশৰ অমূল্য ঐতিহ্য সংৰক্ষণ আৰু প্ৰচাৰৰ ক্ষেত্ৰত সংগ্ৰহালয়ৰ সৈতে জড়িত সকলোৰে সমৰ্পিত প্ৰচেষ্টাক প্ৰশংসা কৰে।

******

PR/ASM/VMJ/MK


(ৰিলিজ আই ডি : 2308553) অতিথি কক্ষ : 11
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Tamil , Malayalam