ভাৰতীয় নিৰ্বাচন আয়োগ
ত্ৰিপুৰা, তামিলনাডু, পুডুচেৰী আৰু পশ্চিমবংগৰ ৫টা বিধানসভা সমষ্টি আৰু অসমৰ এটা লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ সূচী ঘোষণা
পোষ্ট কৰা হৈছে:
07 SEP 2026 5:53PM by PIB Guwahati
নিৰ্বাচন আয়োগে নিম্নোলিখিত বিধানসভা আৰু লোকসভা সমষ্টিসমূহৰ খালী পদসমূহ পূৰণৰ বাবে উপ-নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে:
|
ক্ৰমিক নং
|
ৰাজ্যৰ নাম
|
বিধানসভা/সংসদীয় সমষ্টিৰ নম্বৰ আৰু নাম
|
খালী হোৱাৰ কাৰণ
|
|
১.
|
তামিলনাডু
|
৩৫ নং মধূৰান্তকম (অনুসূচিত জাতি) বিধানসভা সমষ্টি
|
শ্ৰীমতী মৰগথম কুমাৰৱেলৰ পদত্যাগ
|
|
২.
|
তামিলনাডু
|
১০১ নং ধাৰাপুৰম (অনুসূচিত জাতি) বিধানসভা সমষ্টি
|
শ্ৰীমতী পি. সত্যভামাৰ পদত্যাগ
|
|
৩.
|
পুডুচেৰী
|
০৯ নং থাটানচাভাদী বিধানসভা সমষ্টি
|
শ্ৰী এন. ৰংগস্বামীৰ পদত্যাগ
|
|
৪.
|
পশ্চিমবংগ
|
৭০ নং ৰেজিনগৰ বিধানসভা সমষ্টি
|
শ্ৰী হুমায়ুন কবীৰৰ পদত্যাগ
|
|
৫.
|
পশ্চিমবংগ
|
২১০ নং নন্দীগ্ৰাম বিধানসভা সমষ্টি
|
শ্ৰী শুভেন্দু অধিকাৰীৰ পদত্যাগ
|
|
৬.
|
অসম
|
০৯ নং নগাঁও লোকসভা সমষ্টি
|
শ্ৰী প্ৰদ্যুৎ বৰদলৈৰ পদত্যাগ
|
উপ-নিৰ্বাচনৰ সূচী পৰিশিষ্ট-১ত সংলগ্ন কৰা হৈছে।
১. ভোটাৰ তালিকা
নিৰ্বাচন আয়োগে দৃঢ়ভাৱে বিশ্বাস কৰে যে এক স্বচ্ছ আৰু নবীকৃত ভোটাৰ তালিকা হ'ল মুক্ত, নিৰপেক্ষ আৰু বিশ্বাসযোগ্য নিৰ্বাচনৰ মূল ভেটি। সেয়েহে, ইয়াৰ গুণগত মান আৰু শুদ্ধতা বৃদ্ধিৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হয়। জনপ্ৰতিনিধিত্ব আইন-১৯৫০ৰ ১৪নং ধাৰাৰ নিৰ্বাচন আইন (সংশোধনী) অধিনিয়ম-২০২১ৰ দ্বাৰা সংশোধনীৰ পিছত, বছৰটোত ভোটাৰ হিচাপে নাম ভৰ্তি কৰাৰ বাবে চাৰিটা অৰ্হতা নিৰ্ধাৰণকাৰী তাৰিখৰ ব্যৱস্থা আছে। সেই অনুসৰি, আয়োগে ৰাজ্যসমূহত ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধন/বিশেষ নিবিড় সংশোধন কাৰ্যসূচী ৰূপায়ণ কৰিছিল।
|
ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ নাম
|
বিধানসভা/লোকভা সমষ্টিৰ নম্বৰ আৰু নাম
|
চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশৰ তাৰিখ
|
|
তামিলনাডু
|
৩৫ নং মধূৰান্তকম (অনুসূচিত জাতি) বিধানসভা সমষ্টি
|
২৩.০২.২০২৬
|
|
তামিলনাডু
|
১০১ নং ধাৰাপুৰম (অনুসূচিত জাতি) বিধানসভা সমষ্টি
|
২৩.০২.২০২৬
|
|
পুডুচেৰী
|
০৯ নং থাটানচাভাদী বিধানসভা সমষ্টি
|
১৪.০২.২০২৬
|
|
পশ্চিমবংগ
|
৭০ নং ৰেজিনগৰ বিধানসভা সমষ্টি
|
২৮.০২.২০২৬
|
|
পশ্চিমবংগ
|
২১০ নং নন্দীগ্ৰাম বিধানসভা সমষ্টি
|
২৮.০২.২০২৬
|
|
অসম
|
৯ নং নগাঁও লোকসভা সমষ্টি
|
১০.০২.২০২৬
|
অৱশ্যে, মনোনয়ন পত্ৰ দাখিলৰ অন্তিম তাৰিখৰ ১০দিন পূৰ্বে প্ৰাপ্ত আবেদনসমূহৰ ভিত্তিত, ন্যূনতম অৰ্হতা তাৰিখ অনুসৰি মনোনয়ন দাখিলৰ অন্তিম তাৰিখলৈকে ভোটাৰ তালিকা নিৰৱচ্ছিন্নভাৱে নবীকৰণ প্ৰক্ৰিয়া অব্যাহত থাকিব।
২. ইলেক্ট্ৰনিক ভোটিং মেচিন (EVM) আৰু ভিভিপেট
নিৰ্বাচন আয়োগে সকলো ভোটাৰ কেন্দ্ৰত উপ-নিৰ্বাচনৰ বাবে ইভিএম আৰু ভিভিপেট ব্যৱহাৰ কৰাৰ সিদ্ধান্ত লৈছে। পৰ্যাপ্ত পৰিমাণৰ ইভিএম আৰু ভিভিপেট উপলব্ধ কৰা হৈছে আৰু এই যন্ত্ৰসমূহৰ সহায়ত ভোটগ্ৰহণ প্ৰক্ৰিয়া যাতে সূচাৰুৰূপে সম্পন্ন হয় তাৰ বাবে সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে।
৩. ভোটাৰৰ চিনাক্তকৰণ
ভোটাৰ পৰিচয় পত্ৰ (EPIC) হ'ব ভোটাৰ চিনাক্তকৰণৰ মূল নথিপত্ৰ। অৱশ্যে, ভোটাৰসকলে ভোটগ্ৰহণ কেন্দ্ৰত তলত উল্লেখ কৰা যিকোনো এটা পৰিচয় পত্ৰ প্ৰদৰ্শন কৰিব পাৰিব:
i. আধাৰ কাৰ্ড
ii. এমজি এনৰেগা জব কাৰ্ড
iii. বেংক/ডাকঘৰে প্ৰদান কৰা ফটোযুক্ত পাছবুক
iv. শ্ৰম মন্ত্ৰালয়ৰ আঁচনিৰ অধীনত প্ৰদান কৰা স্বাস্থ্য বীমা স্মাৰ্ট কাৰ্ড/আয়ুষ্মান ভাৰত স্বাস্থ্য কাৰ্ড
v. ড্ৰাইভিং লাইচেঞ্চ
vi. পান কাৰ্ড
vii. এনপিআৰৰ অধীনত আৰজিআইৰ দ্বাৰা প্ৰদান কৰা স্মাৰ্ট কাৰ্ড
viii. ভাৰতীয় পাছপ’ৰ্ট
ix. ফটোযুক্ত পেঞ্চন নথিপত্ৰ
x. কেন্দ্ৰীয়/ৰাজ্যিক চৰকাৰ/ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান/পাব্লিক লিমিটেড কোম্পানীৰ দ্বাৰা কৰ্মচাৰীক প্ৰদান কৰা সেৱা পৰিচয় পত্ৰ
xi. সাংসদ/বিধায়ক/বিধান পৰিষদৰ সদস্যসকলক প্ৰদান কৰা আনুষ্ঠানিক পৰিচয় পত্ৰ
xii. ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ দ্বাৰা প্ৰদান কৰা বিশেষ প্ৰতিবন্ধী পৰিচয় পত্ৰ (UDID Card)
৪. নিৰ্বাচনী আচৰণ বিধি
নিৰ্বাচন হ’বলগীয়া বিধানসভা সমষ্টিটো যি জিলাৰ অন্তৰ্ভুক্ত (সম্পূৰ্ণ বা অংশবিশেষভাৱে), সেই জিলাখনত তৎকালীনভাৱে বলৱৎ হোৱাকৈ নিৰ্বাচনী আচৰণ বিধি প্ৰযোজ্য হ’ব। এই নিয়ম আয়োগৰ ০২ জানুৱাৰী, ২০২৪ তাৰিখৰ নিৰ্দেশনা পত্ৰ নং 437/6/1NST/ECI/FUNCT/MCC/2024/(BYE ELECTIONS) ৰ ব্যৱস্থা সাপেক্ষে কাৰ্যকৰী হ'ব (যি আয়োগৰ ৱেবছাইটত উপলব্ধ)।
৫. অপৰাধমূলক পটভূমি সংক্ৰান্তীয় তথ্য
অপৰাধমূলক পটভূমি থকা প্ৰাৰ্থীসকলে প্ৰচাৰৰ সময়ছোৱাত তিনিবাৰ বাতৰিকাকত আৰু টেলিভিছন চেনেলৰ জৰিয়তে এই সম্পৰ্কে তথ্য প্ৰকাশ কৰিব লাগিব। অপৰাধমূলক পটভূমি থকা প্ৰাৰ্থীক প্ৰক্ষেপ কৰা ৰাজনৈতিক দলসমূহেও নিজৰ প্ৰাৰ্থীৰ অপৰাধমূলক তথ্য দলৰ ৱেবছাইটৰ লগতে বাতৰিকাকত আৰু টেলিভিছন চেনেলত তিনিবাৰকৈ প্ৰকাশ কৰাটো বাধ্যতামূলক।
আয়োগে ইয়াৰ ১৬ ছেপ্টেম্বৰ, ২০২০ তাৰিখৰ চিঠি নং 3/4/2019/SDR/Vol. IV যোগে নিৰ্দেশ দিছে যে নিৰ্ধাৰিত সময়ছোৱা তলত দিয়া ধৰণে তিনিটা ভাগত ভাগ কৰা হ'ব, যাতে ভোটাৰসকলে এনে প্ৰাৰ্থীৰ পটভূমি সম্পৰ্কে জানিবলৈ পৰ্যাপ্ত সময় পায়:
- মনোনয়ন প্ৰত্যাহাৰৰ প্ৰথম ৪ দিনৰ ভিতৰত।
- পৰৱৰ্তী ৫ম ৰ পৰা ৮ম দিনৰ ভিতৰত।
- নৱম দিনৰ পৰা প্ৰচাৰৰ অন্তিম দিনলৈ (ভোটগ্ৰহণৰ তাৰিখৰ দুদিন আগলৈ)।
(উদাহৰণস্বৰূপ: যদি মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম তাৰিখ মাহটোৰ ১০ তাৰিখ হয় আৰু ভোটগ্ৰহণ ২৪ তাৰিখে হয়, তেন্তে প্ৰথম ঘোষণা ১১ৰ পৰা ১৪ তাৰিখৰ ভিতৰ, আৰু দ্বিতীয় তথা তৃতীয় ঘোষণা ক্ৰমে ১৫ৰ পৰা ১৮ তাৰিখ আৰু ১৯ৰ পৰা ২২ তাৰিখৰ ভিতৰত প্ৰকাশ কৰিব লাগিব।)
মাননীয় উচ্চতম ন্যায়ালয়ৰ ২০১৫ চনৰ লেখ আবেদন (চি) নং ৭৮৪ আৰু ২০১১ চনৰ লেখ আবেদন (দেৱানী) নং ৫৩৬ৰ ৰায়ৰ ভিত্তিত এই নিয়ম ধাৰ্য কৰা হৈছে।
ৰাজনৈতিক দলসমূহে এনে প্ৰাৰ্থী বাছনি কৰাৰ ৪৮ ঘণ্টাৰ ভিতৰত তেওঁলোকৰ অপৰাধমূলক পটভূমি আৰু বাছনিৰ কাৰণ বাতৰিকাকত, অফিচিয়েল ছ’চিয়েল মিডিয়া প্লেটফৰ্ম আৰু ৱেবছাইটত আপলোড কৰিব লাগিব। এই সন্দৰ্ভত বিতং তথ্য আয়োগৰ ৱেবছাইটত ১১.০১.২০২২ তাৰিখৰ চিঠি নং 3/4/2021/SDR/Vol.III ত উপলব্ধ।
এই তথ্য ECINET ৰ 'Know Your Candidates' শীৰ্ষক বিভাগতো উপলব্ধ হ'ব।
৬. কোনো বকেয়া নথকাৰ প্ৰমাণপত্ৰ (No Dues Certificate)
নিৰ্বাচনৰ অধিসূচনা প্ৰকাশৰ তাৰিখৰ পূৰ্বে বিগত ১০ বছৰৰ ভিতৰত চৰকাৰী আৱাস গৃহত থকা যিকোনো সম্ভাব্য প্ৰাৰ্থীয়ে আবেদন কৰিলে, তেওঁলোকক (ক) ভাৰা, (খ) বিদ্যুৎ মাচুল, (গ) পানীৰ মাচুল আৰু (ঘ) টেলিফোন মাচুল সম্পৰ্কীয় বিভাগ/প্ৰাধিকৰণৰ পৰা "কোনো বকেয়া নথকাৰ প্ৰমাণপত্ৰ" লাভ কৰাত সুবিধা কৰাৰ বাবে আয়োগে নিৰ্দেশনা প্ৰদান কৰিছে। এই নিৰ্দেশসমূহ আয়োগৰ ০৩.০৫.২০২৪ তাৰিখৰ পত্ৰ নং 3/ER/2023/SDR/Vol.IV ত অন্তৰ্ভুক্ত আছে আৰু আয়োগৰ ৱেবছাইটত উপলব্ধ।
পৰিশিষ্ট-১
উপ-নিৰ্বাচনৰ সূচী
|
নিৰ্বাচনী প্ৰক্ৰিয়া
|
তাৰিখ/বাৰ
|
|
নিৰ্বাচনী অধিসূচনা প্ৰকাশৰ তাৰিখ
|
০৯.০৯.২০২৬ (বুধবাৰ)
|
|
মনোনয়ন পত্ৰ দাখিলৰ অন্তিম তাৰিখ
|
১৬.০৯.২০২৬ (বুধবাৰ)
|
|
মনোনয়ন পত্ৰ পৰীক্ষাৰ (Scrutiny) তাৰিখ
|
১৭.০৯.২০২৬ (বৃহস্পতিবাৰ)
|
|
প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ অন্তিম তাৰিখ
|
১৯.০৯.২০২৬ (শনিবাৰ)
|
|
ভোটগ্ৰহণৰ তাৰিখ
|
০৬.১০.২০২৬ (মঙ্গলবাৰ)
|
|
ভোট গণনাৰ তাৰিখ
|
০৯.১০.২০২৬ (শুক্ৰবাৰ)
|
***
(ৰিলিজ আই ডি : 2307649)
অতিথি কক্ষ : 6