উপ-ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav

গুৱাহাটীত এছএছইউএইচএছৰ সমাৱৰ্তন সমাৰোহ অনুষ্ঠানত অংশগ্ৰহণ উপ-ৰাষ্ট্ৰপতি শ্ৰী চি পি ৰাধাকৃষ্ণণৰ

স্বাস্থ্যসেৱাৰ বৃত্তিধাৰীসকলক বৈজ্ঞানিক উৎকৰ্ষৰ লগতে মানৱীয় সমবেদনাৰে আৰু মানৱজাতিৰ সেৱাত নিজকে আত্মনিয়োগ কৰিবলৈ আহ্বান উপ-ৰাষ্ট্ৰপতিৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বই ভাৰতৰ স্বাস্থ্যসেৱাৰ পৰিৱেশ সলনি কৰিলেঃ উপ-ৰাষ্ট্ৰপতি

২০২১ চনৰ ৭ খনৰ পৰা দুগুণতকৈও অধিক বৃদ্ধি পাই অসমৰ চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা ১৫ খন হ’ল; নিৰ্মীয়মান অৱস্থাত আছে ৯ খনঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা কৰি ক’লে উপ-ৰাষ্ট্ৰপতিয়ে

এইম্‌ছ গুৱাহাটী আৰু তিনিতৰপীয়া কেন্সাৰ-কেয়াৰ নেটৱৰ্কে উত্তৰ-পূবৰ স্বাস্থ্যসেৱা পৰিস্থিতিতন্ত্ৰক শক্তিশালী কৰিছেঃ উপ-ৰাষ্ট্ৰপতি

যুৱপ্ৰজন্মক নিচাযুক্ত দ্ৰৱ্যৰ ব্যৱহাৰৰ পৰা আঁতৰত থাকি ‘নিচা মুক্ত ভাৰত’ৰ দিশত অৰিহণা যোগাবলৈ আহ্বান উপ-ৰাষ্ট্ৰপতিৰ

পোষ্ট কৰা হৈছে: 06 SEP 2026 6:05PM by PIB Guwahati

উপ-ৰাষ্ট্ৰপতি শ্ৰী চি পি ৰাধাকৃষ্ণণে আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ (SSUHS) সমাৱৰ্তন সমাৰোহত ভাষণ প্ৰদান কৰি নতুনকৈ উত্তীৰ্ণ স্বাস্থ্যসেৱাৰ বৃত্তিধাৰীসকলক সমবেদনা, নৈতিকতা আৰু বৈজ্ঞানিক উৎকৰ্ষতাক বৰ্তাই ৰাখিবলৈ আৰু তেওঁলোকৰ জ্ঞান তথা দক্ষতাক মানৱজাতিৰ সেৱাত উৎসৰ্গা কৰিবলৈ আহ্বান জনায়। অনুষ্ঠানত তেওঁ ২০২৩, ২০২৪ আৰু ২০২৫ বৰ্ষৰ 'ড° জন বেৰী হোৱাইট বঁটা'ও প্ৰদান কৰে।

সমাৱৰ্তন সমাৰোহত ভাষণ আগবঢ়াই উপ-ৰাষ্ট্ৰপতিয়ে কয় যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামেৰে নামকৰণ কৰা বিশ্ববিদ্যালয়খন স্বাস্থ্য বিজ্ঞানৰ শিক্ষা, গৱেষণা আৰু জনস্বাস্থ্যৰ বাবে এক গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান হিচাপে আত্মপ্ৰকাশ কৰিছে। স্থানীয় ভাষাত চিকিৎসা জ্ঞান প্ৰচাৰৰ বাবে প্ৰতিষ্ঠানটোৱে কৰা প্ৰচেষ্টা, যেনে— ইংৰাজী-অসমীয়া চিকিৎসা বিজ্ঞানৰ অভিধান আৰু অসমীয়া ভাষাত চিকিৎসা শাস্ত্ৰৰ পাঠ্যপুথি প্ৰকাশৰ পদক্ষেপকো তেওঁ প্ৰশংসা কৰে।

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আয়ুষ্মান ভাৰতৰ দৰে পদক্ষেপসমূহৰ কথা উনুকিয়াই দি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰতৰ স্বাস্থ্যসেৱা খণ্ডৰ ৰূপান্তৰৰ কথা আলোকপাত কৰে। তেওঁ উল্লেখ কৰে যে বৰ্তমান ভাৰতত ৪৪ কোটিৰো অধিক আয়ুষ্মান কাৰ্ড প্ৰদান কৰা হৈছে। এই আঁচনিয়ে দুখীয়া তথা মধ্যবিত্ত পৰিয়ালসমূহক চিকিৎসাৰ খৰচত আনুমানিক ২ লাখ কোটি টকা ৰাহি কৰাত সহায় কৰিছে বুলি তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰে।

 

অসমৰ স্বাস্থ্যসেৱাৰ প্ৰগতিৰ কথা উল্লেখ কৰি শ্ৰী চি পি ৰাধাকৃষ্ণণে কয় যে ৰাজ্যখনত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা ২০২১ চনৰ ৭ খনৰ পৰা দুগুণতকৈও অধিক বৃদ্ধি পাই ১৫ খন হ’ল আৰু আন ৯ খন নিৰ্মীয়মাণ অৱস্থানত আছে। তেওঁ লগতে উত্তৰ-পূবৰ প্ৰথমখন এইমছ গুৱাহাটী আৰু ৰাজ্যৰ প্ৰথমটো প্ৰ'টন বিম থেৰাপী কেন্দ্ৰকে ধৰি অসমৰ তিনিতৰপীয়া কেন্সাৰ-কেয়াৰ নেটৱৰ্কৰ কথাও উল্লেখ কৰে।

 

স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু অসম চৰকাৰক অভিনন্দন জনাই কয় যে স্বাস্থ্যসেৱাৰ পৰিৱৰ্তিত পৰিৱেশৰ বাবে অসমৰ বাহিৰৰ ৰোগীসকলেও ক্ৰমান্বয়ে গুৱাহাটীত উন্নত চিকিৎসাৰ বাবে আহিবলৈ লৈছে।

 

যুৱপ্ৰজন্মক সুস্থ আৰু অনুশাসনমূলক জীৱন যাপন কৰিবলৈ আহ্বান জনাই শ্ৰী চি পি ৰাধাকৃষ্ণণে তেওঁলোকক নিচাযুক্ত দ্ৰৱ্যৰ পৰা আঁতৰত থাকি 'নিচামুক্ত ভাৰত' গঢ়াৰ দিশত অৰিহণা যোগাবলৈ আহ্বান জনায়। তেওঁ ছাত্ৰ-ছাত্ৰীসকলক ছ'চিয়েল মিডিয়া গঠনমূলকভাৱে ব্যৱহাৰ কৰিবলৈ আৰু ইয়াত অত্যাধিক সময় নষ্ট নকৰিবলৈ পৰামৰ্শ আগবঢ়ায়।

 

উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এক ‘বিকশিত’ আৰু সুস্থ ভাৰতৰ সপোন আগবঢ়াই নিয়াত নৱাগত স্বাস্থ্য কৰ্মীসকলৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। তেওঁ উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যত প্ৰচেষ্টাসমূহৰ সফলতা কামনা কৰে।

 

সমাৱৰ্তন সমাৰোহ অনুষ্ঠানত অসমৰ ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্য; মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা; চিকিৎসা শিক্ষা আৰু গৱেষণা মন্ত্ৰী শ্ৰী অশোক সিংহল; শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু; মুখ্য সচিব ড° ৰবি কোটা; বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° অনুপ কুমাৰ বৰ্মনৰ লগতে শিক্ষক-কৰ্মচাৰী, গৱেষক, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকল উপস্থিত থাকে।

 

****

PR/ASM/VMJ/DB


(ৰিলিজ আই ডি : 2307210) অতিথি কক্ষ : 32
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Tamil , Malayalam