বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়
azadi ka amrit mahotsav

ভাৰত–ইইউ এফটিএ-এ ভাৰত আৰু ইউৰোপৰ কৃষক, এমএছএমই, উদ্ভাৱক, ষ্টাৰ্টআপ আৰু বাণিজ্যৰ বাবে বিশাল সুযোগৰ উন্মেষ ঘটাইছেঃ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ূষ গোৱেল

বেলজিয়ামৰ প্ৰধানমন্ত্ৰী বাৰ্ট ডি ৱেভাৰে কয় যে ভাৰত–ইইউ এফটিএ-এ বাণিজ্য, বিনিয়োগ আৰু অৰ্থনৈতিক স্থিতিস্থাপকতা সুদৃঢ় কৰিব; ভাৰত–ইউৰোপৰ মূল সংযোগ হিচাপে এন্টৱাৰ্প-ব্ৰুজ বন্দৰৰ কথা উল্লেখ কৰে

ভাৰত আৰু বেলজিয়ামে ৰত্ন আৰু গহনা, অৰ্ধপৰিবাহী, সেউজ হাইড্ৰজেন, প্ৰতিৰক্ষা আৰু উন্নত উৎপাদন তথা কৃষি আৰু খাদ্য সংসাধনৰ ক্ষেত্ৰত সহযোগিতা গভীৰ কৰিব পাৰেঃ শ্ৰী গোৱেল

ভাৰত–ইইউ এফটিএ-এ ২ বিলিয়ন লোকৰ এখন বজাৰক একত্ৰিত কৰিছে, যিয়ে বিশ্বৰ জিডিপি-ৰ এক চতুৰ্থাংশ আৰু বিশ্ব বাণিজ্যৰ এক তৃতীয়াংশক প্ৰতিনিধিত্ব কৰেঃ শ্ৰী গোৱেল

যোৱা দশকত ভাৰত–ইইউ ৰ বাণিজ্য দুগুণ বৃদ্ধি পাই প্ৰায় ১৪০ বিলিয়ন মাৰ্কিন ডলাৰ হৈছে; এন্টৱাৰ্প-ব্ৰুজ বন্দৰে ইউৰোপলৈ ভাৰতীয় ৰপ্তানিৰ ক্ষেত্ৰত প্ৰৱেশদ্বাৰ হিচাপে কাম কৰিব পাৰে

পোষ্ট কৰা হৈছে: 04 SEP 2026 7:03PM by PIB Guwahati

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ দপ্তৰৰ মন্ত্ৰী শ্ৰী পীয়ূষ গোৱেলে আজি কয় যে ভাৰত-ইউৰোপিয়ান ইউনিয়ন (EU) মুক্ত বাণিজ্য চুক্তিয়ে (FTA) ভাৰত আৰু ইউৰোপৰ কৃষক, মাছমৰীয়া, এমএছএমই, ক্ষুদ্ৰ উদ্যোগ, উদ্ভাৱক, ষ্টাৰ্টআপ, মহিলা উদ্যোগী, উৎপাদক আৰু সেৱা প্ৰদানকাৰী সকলৰ বাবে বিপুল সুযোগৰ উন্মেষ ঘটাইছে। মুম্বাইত আয়োজিত ভাৰত–ইইউ এফটিএ সন্দৰ্ভত ভাৰত–বেলজিয়ামৰ উচ্চ-পৰ্য্যায়ৰ আলোচনাত বেলজিয়াম গণৰাজ্যৰ প্ৰধানমন্ত্ৰী শ্ৰী বাৰ্ট ডি ৱেভাৰ আৰু মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী শ্ৰী দেৱেন্দ্ৰ ফডণবীসৰ উপস্থিতিত ভাষণ প্ৰদান কৰি শ্ৰী গোৱেলে কয় যে ইয়াত দুয়োপক্ষৰ স্পৰ্শকাতৰ খণ্ডসমূহক সুৰক্ষা প্ৰদান কৰাৰ লগতে চুক্তিখনি সম্পৰ্কে গভীৰভাৱে আলোচনা কৰা হৈছে।

শ্ৰী গোৱেলে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আলোচনা সমাপ্ত হোৱাৰ পূৰ্বে ২৫ বছৰ ধৰি যুগুত কৰা ভাৰত–ইইউ এফটিএ-এ বিশ্বৰ জিডিপি-ৰ এক চতুৰ্থাংশ, বিশ্ব বাণিজ্যৰ এক তৃতীয়াংশ আৰু ২৪ ট্ৰিলিয়ন মাৰ্কিন ডলাৰৰ বজাৰক প্ৰতিনিধিত্ব কৰা ২ বিলিয়ন লোকক একত্ৰিত কৰিছে। তেওঁ কয় যে ইইউ-ৰ ২৭ খন দেশেই ইয়াৰ অন্তৰ্ভুক্ত হৈছে, ইয়ালৈ সমৰ্থন আগবঢ়াইছে আৰু অনতিপলমে আনুষ্ঠানিকতাসমূহ সমাপ্ত কৰি চুক্তিখন বলবৎ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে। তেওঁ কয় যে ইউৰোপিয়ান প্ৰেক্ষাপটত তেওঁ বুজাৰ দৰে এনে সৰ্বসন্মতিক্ৰমে সমৰ্থন আগবঢ়োৱা কাৰ্য্য বিৰল। একেদৰে ভাৰতৰ প্ৰতিটো শ্ৰেণীয়ে ভাৰত–ইইউ এফটিএ-ক অকুণ্ঠচিত্তে সমৰ্থন কৰিছে।

বেলজিয়াম গণৰাজ্যৰ প্ৰধানমন্ত্ৰী শ্ৰী বাৰ্ট ডি ৱেভাৰে কয় যে ভাৰত–ইইউ এফটিএ-এ বাণিজ্যক সুদৃঢ় কৰিব তথা কোম্পানী, যুৱ প্ৰতিভা আৰু বিনিয়োগৰ বাবে দুৱাৰ মুকলি কৰিব। একেদৰে উভয় অৰ্থনীতিকে ব্যাঘাতৰ বিৰুদ্ধে অধিক স্থিতিস্থাপক কৰি তুলিব। ভাৰত আৰু ইউৰোপৰ মাজত এন্টৱাৰ্প-ব্ৰুজ বন্দৰক এক গুৰুত্বপূৰ্ণ লজিষ্টিক সংযোগ হিচাপে অভিহিত কৰি তেওঁ কয় যে এফটিএ-এ হীৰা, খাদ্য সংসাধন, ফাৰ্মাচিউটিকেলছ, সামুদ্ৰিক সেৱা, সেউজ হাইড্ৰজেন আৰু আন্তঃগাঁথনিকে প্ৰমুখ্য কৰি ভিন্ন ক্ষেত্ৰত সুযোগ সৃষ্টি কৰিব তথা ভাৰত আৰু ইউৰোপিয়ান সামগ্ৰীৰ ৰপ্তানিৰ ৯৫ শতাংশৰো অধিক সামগ্ৰীৰ ওপৰত শুল্ক বাতিল বা হ্ৰাস কৰা হ’ব।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰত আৰু বেলজিয়ামৰ অৰ্থনীতি পাঁচটা গুৰুত্বপূৰ্ণ ক্ষেত্ৰত পাৰস্পৰিকভাৱে পৰিপূৰক হোৱাৰ পৰিপ্ৰেক্ষিতত অৰ্থনৈতিক সহযোগিতাক গভীৰ কৰাৰ এক উল্লেখযোগ্য সুযোগ আছে। তেওঁ কয় যে ভাৰত আৰু বেলজিয়ামে সহযোগিতাৰ নতুন ক্ষেত্ৰ হিচাপে লেবত উৎপাদিত হীৰাকে প্ৰমুখ্য কৰি ৰত্ন আৰু গহনাত সহ-সৃষ্টি আৰু ডিজাইনৰ অন্বেষণ কৰিব পাৰে। তেওঁ প্ৰযুক্তিৰ ক্ষেত্ৰত অধিক সহযোগিতা আৰু পাৰস্পৰিক স্বীকৃতিৰ বাবে প্ৰমাণপত্ৰ প্ৰদানৰ আহ্বান জনায়।

শ্ৰী গোৱেলে কয় যে বেলজিয়ামৰ বিশ্বমানৰ মাইক্ৰ’-ইলেক্ট্ৰনিক্স গৱেষণাক ভাৰতৰ পৰিসৰ, দক্ষতা আৰু প্ৰতিভাৰ সৈতে সংলগ্ন কৰি অৰ্ধপৰিবাহীৰ ক্ষেত্ৰত ডিজাইন-টু-ফেব্ৰিকেচন বাতাবৰণ সৃষ্টি কৰিব পৰা যাব। তেওঁ কয় যে ভাৰতৰ গ্ৰীন হাইড্ৰ’জেন মিছনে এন্টৱাৰ্প-ব্ৰুজৰ বাংকাৰিং আৰু সেউজ জাহাজ আন্তঃগাঁথনিৰ জৰিয়তে ইউৰোপক সমৃদ্ধ কৰিব পাৰে তথা তেওঁ এই ক্ষেত্ৰত গভীৰ সহযোগিতাৰ আহ্বান জনায়।

জন ককেৰিলৰ সৈতে বুজাবুজিৰ চুক্তি আদান-প্ৰদানৰ কথা উল্লেখ কৰি শ্ৰী গোৱেলে কয় যে প্ৰতিৰক্ষা আৰু উন্নত উৎপাদনৰ ক্ষেত্ৰত সহযোগিতাৰ যথেষ্ট সম্ভাৱনা আছে। ইয়াত কাউন্টাৰ-ড্ৰোন ব্যৱস্থা, ইলেক্ট্ৰনিক ৱাৰফেয়াৰ, নিখুঁত মিউনিচন আৰু ভাৰতে ডিজাইন কৰা ব্ৰহ্মছ তথা পিনাকা ক্ষেপণাস্ত্ৰৰ বাবে পশ্চিমীয়া ৰপ্তানি কৰিডৰ আদি অন্তৰ্ভুক্ত হৈছে। তেওঁ কয় যে ভাৰত আৰু বেলজিয়ামৰ মাজৰ ঔদ্যোগিক সংহতি গভীৰ হৈ পৰিছে। তেওঁ লগতে উল্লেখ কৰে যে জন ককেৰিলে ভাৰতৰ বফৰ্ছ গানৰ বাবে এমুনিচন তৈয়াৰ কৰে। নতুন পৰিস্থিতিত ইউৰোপত ব্যয় বৃদ্ধি আৰু ভাৰতৰ নিজা নিৰাপত্তা পৰিবেশৰ প্ৰতি লক্ষ্য কৰি তেওঁ কয় যে একেলগে কাম কৰাৰ বিপুল সম্ভাৱনা আছে।

শ্ৰী গোৱেলে আলু সংসাধন আৰু শীতল শৃংখলৰ পৰা আৰম্ভ কৰি খাদ্য সংসাধনৰ আন-আন ক্ষেত্ৰলৈকে কৃষি আৰু খাদ্য সংসাধনৰ সুযোগসমূহৰ ওপৰতো আলোকপাত কৰে। তেওঁ কয় যে প্ৰযুক্তি আৰু বহনক্ষম কৃষি মূল্য শৃংখলে বেলজিয়াম আৰু ভাৰতৰ জৰিয়তে সমগ্ৰ বিশ্বক সেৱা আগবঢ়াব পাৰে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে বেলজিয়ামে ভাৰত–ইইউ এফটিএ-এ উন্মেষ ঘটোৱা সুযোগৰাজিৰ দুৱাৰমুখত অৱস্থান কৰিছে। তেওঁ উল্লেখ কৰে যে এন্টৱাৰ্প-ব্ৰুজ বন্দৰ ইউৰোপৰ দ্বিতীয় সৰ্ববৃহৎ সাগৰীয় বন্দৰ। তেওঁ ইয়াক সেই দুৱাৰমুখ বুলি অভিহিত কৰে যাৰ জৰিয়তে এফটিএ-ৰ অংগীকাৰ ভৌতিকভাৱে ইউৰোপত উপনীত হ’ব বা ভাৰতলৈ প্ৰেৰণ কৰা হ’ব। তেওঁ কয় যে এন্টৱাৰ্পৰ বিশ্ব-মানৰ অভ্যন্তৰীণ বাৰ্জ, ৰেল আৰু পথ নেটৱৰ্কক ব্ৰুজৰ ছীব্ৰীজ, ডিপৱাটাৰ, ৰোল-অন/ৰোল-অফ আৰু অট’ম’টিভ শক্তিৰ সৈতে নিৰৱচ্ছিন্নভাৱে সংযুক্ত কৰি বন্দৰটোৱে ভাৰতীয় ৰপ্তানিকাৰীসকলক ইউৰোপৰ ঔদ্যোগিক আৰু উপভোক্তা কেন্দ্ৰসমূহলৈ এক অতুলনীয় পথ প্ৰশস্ত কৰিছে।

শ্ৰী গোৱেলে কয় যে ইতিমধ্যে যোৱাটো দশকত ইইউ-ৰ সৈতে ভাৰতৰ বাণিজ্যৰ মূল্য দুগুণ বৃদ্ধি পাই প্ৰায় ১৪০ বিলিয়ন মাৰ্কিন ডলাৰ হৈছে। তেওঁ কয় যে সুৰক্ষাবাদ, যোগান শৃংখল ভঙা, খাদ্য আৰু ইন্ধন যোগানৰ সমস্যা, দুখন যুদ্ধ, অস্থিৰতা, অনিশ্চয়তা আৰু গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান সমূহৰ সন্মুখত ভাৰত আৰু বেলজিয়ামে দৃঢ়তা প্ৰদৰ্শন কৰিছে।

বেলজিয়ামৰ নোবেল বঁটা বিজয়ী ইলিয়া প্ৰিগোজিনৰ উদ্ধৃতি দি শ্ৰী গোৱেলে “বিশৃংখলতা প্ৰসূত শৃংখলা”ৰ ধাৰণাটোৰ কথা উল্লেখ কৰি কয় যে বেলজিয়ামৰ প্ৰধানমন্ত্ৰী আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নেতৃত্বত “আমি নিৰ্মাণ কৰাক বাছি লওঁ, আমি সংযোগ স্থাপন কৰাক বাছি লওঁ, আমি একেলগে কাম কৰাক বাছি লওঁ।”

শ্ৰী গোৱেলে ভাৰতৰ সম্প্ৰসাৰিত অৰ্থনৈতিক আৰু প্ৰযুক্তিগত সামৰ্থ্যৰ ওপৰত আলোকপাত কৰি কয় যে ভাৰতৰ কাহিনীৰ এয়া মাত্ৰ আৰম্ভণিহে। তেওঁ উল্লেখ কৰে যে ভাৰত আজি ক্ৰয় শক্তি সমতা ভিত্তিত ৪ ট্ৰিলিয়ন মাৰ্কিন ডলাৰৰ অৰ্থনীতি আৰু ইতিমধ্যে পিপিপি ভিত্তিত ২০ ট্ৰিলিয়ন মাৰ্কিন ডলাৰৰ জিডিপি-ৰে বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি। তেওঁ কয় যে ১.৪ বিলিয়ন ভাৰতীয়ৰ উল্লেখিত লক্ষ্য আৰু সামূহিক অংগীকাৰ হৈছে ভাৰতে স্বাধীনতাৰ ১০০ বছৰ উদযাপন কৰাৰ শুভলগনত অৰ্থাৎ ২০৪৭-ৰ ভিতৰত ৪ ট্ৰিলিয়ন মাৰ্কিন ডলাৰৰ অৰ্থনীতিক ৩০ ট্ৰিলিয়ন মাৰ্কিন ডলাৰৰ অৰ্থনীতিত উপনীত কৰোৱা।

তেওঁ কয় যে ইয়াৰ অৰ্থে ৰূপৰেখা যুগুত কৰা হৈছে আৰু ভাৰতত গ্ৰহণ কৰি থকা সামূহিক প্ৰচেষ্টাত সামাজিক উত্থান, আন্তঃগাঁথনি সৃষ্টি, উৎপাদন আৰু বিশ্বব্যাপী কোম্পানীসমূহে ভাৰতলৈ আহি কাম কৰাৰ কেন্দ্ৰ সৃষ্টি, ডিজাইন, সহ-ডিজাইন, সহ-সৃষ্টি আৰু সহ-নিৰ্মাণ আদিক সামৰি লোৱা হৈছে। তেওঁ কয় যে ভাৰত আৰু ইয়াৰ অংশীদাৰসকলে সামূহিকভাৱে কেৱল ইউৰোপ আৰু ভাৰতৰ বাবেই নহয়, বৰঞ্চ বিশ্বৰ বাবেও তেওঁলোকৰ বজাৰ হিচাপে কাম কৰিব পাৰিব।

শ্ৰী গোৱেলে অৰ্ধপৰিবাহী উদ্যোগক প্ৰসাৰিত কৰাৰ বাবে ভাৰতে ৰূপায়ণ কৰা বৃহৎ কাৰ্য্যসূচীৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে ছেমিকন ইণ্ডিয়াৰ প্ৰথম সংস্কৰণ সম্পূৰ্ণৰূপে সফল হৈছে, বিশ্বৰ ভিন্ন প্ৰান্তৰ বিনিয়োগকাৰীয়ে ইয়াত অংশগ্ৰহণ কৰিছে। একেদৰে শেহতীয়াকৈ ১৪ বিলিয়ন মাৰ্কিন ডলাৰ ব্যয়সাপেক্ষে ইয়াৰ দ্বিতীয় সংস্কৰণ ছেমিকন ইণ্ডিয়া ২.০-ৰ শুভাৰম্ভ কৰা হৈছে। সামূহিকভাৱে তেওঁ কয় যে এই অভিযানে ভাৰতৰ অৰ্ধপৰিবাহী স্থানত প্ৰায় ৭০ বিলিয়ন মাৰ্কিন ডলাৰ বিনিয়োগৰ ক্ষেত্ৰত অনুঘটক হিচাপে কাম কৰিব।

তেওঁ কয় যে ভাৰতৰ এআই মিছন অব্যাহত আছে আৰু ষ্টাৰ্টআপক সেৱা আগবঢ়াইছে। একেদৰে দেশখনে ইয়াৰ ক্ৰিটিকেল মিনাৰেলছ মিছনতো সক্ৰিয়তা অৱলম্বন কৰিছে। তেওঁ কয় যে শান্তি আইনৰ জৰিয়তে ভাৰতৰ পাৰমাণৱিক শক্তি কাৰ্য্যসূচীক এতিয়া ৬০ বছৰৰ পাছত ব্যক্তিগত খণ্ডৰ বাবে মুকলি কৰা হৈছে, জীৱাশ্ম ইন্ধনৰ সলনি বেছল’ড ক্ষমতা হিচাপে অহা ২০ বছৰত ১০০ গিগাৱাট পাৰমাণৱিক শক্তি ক্ষমতা আহৰণৰ পৰিকল্পনা কৰা হৈছে।

শ্ৰী গোৱেলে কয় যে বৰ্তমান ৮.৫ বিলিয়ন মাৰ্কিন ডলাৰৰ ভাৰতৰ মহাকাশ প্ৰযুক্তি খণ্ড অহা আঠ বছৰত ৪৪ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধি পাব বুলি আশা কৰা হৈছে। ইয়াৰ মূল কাৰণ হৈছে নতুন ব্যক্তিগত পদক্ষেপ, ষ্টাৰ্টআপ, উদ্ভাৱক আৰু ডিজাইনাৰসকলে অনন্য সমাধান বিকশিত কৰা কাৰ্য্য। তেওঁ কয় যে ভাৰত বিশ্বৰ তৃতীয়খন দেশত পৰিণত হৈছে য’ত এটা ব্যক্তিগত কোম্পানীয়ে মহাকাশলৈ ৰকেট উৎক্ষেপণ কৰিছে আৰু প্ৰথমখন দেশ য’ত প্ৰথম প্ৰচেষ্টাতে ব্যক্তিগত পদক্ষেপ সফল হৈছে।

তেওঁ ভাৰতে শেহতীয়াকৈ শুভাৰম্ভ কৰা ১২ বিলিয়ন মাৰ্কিন ডলাৰৰ গৱেষণা আৰু উন্নয়ন পুঁজিৰ ওপৰতো আলোকপাত কৰে। তেওঁ কয় যে ইউৰোপিয়ান প্ৰেক্ষাপটত ১২ বিলিয়ন মাৰ্কিন ডলাৰ সামান্য যেন লাগিব পাৰে। ভাৰতৰ ক্ৰয় শক্তি সমতা শক্তিৰ অৰ্থ হ’ল যে চৰকাৰৰ অৱদানৰ লগতে ব্যক্তিগত খণ্ডৰ বিনিয়োগ আৰু ভাৰতৰ শৈক্ষিক মহলৰ সামৰ্থ্যই ইউৰোপত যিখিনি লাভ কৰিব পৰা যায় তাৰ তুলনাত সামূহিকভাৱে ১৫০ বিলিয়ন মাৰ্কিন ডলাৰৰ সমতুল্য উদ্ভাৱন প্ৰশস্ত কৰিব পাৰে।

শ্ৰী গোৱেলে বেলজিয়াম আৰু ইউৰোপিয়ান ইউনিয়নক ভাৰতৰ সৈতে অংশীদাৰিত্ব কৰিবলৈ আমন্ত্ৰণ জনাই কয় যে বেলজিয়ামৰ প্ৰযুক্তি, উদ্ভাৱন আৰু পুঁজিয়ে ইয়াৰ পৰিসৰ, প্ৰতিভা, যুৱ শক্তি, যুৱ সমাজ আৰু নিৰ্ণায়ক নেতৃত্বৰ দ্বাৰা ভাৰতত অনুকূল ভূমি বিচাৰি পাব পাৰে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে মহাৰাষ্ট্ৰই বাণিজ্যৰ বাবে অতি আমন্ত্ৰণজনক স্থান আগবঢ়াইছে, ইয়াক ভাৰতৰ বিত্তীয় আৰু বাণিজ্যিক মূলধন, ইয়াৰ ঔদ্যোগিক মূলধন আৰু দেশৰ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতি বুলি অভিহিত কৰে।

শ্ৰী গোৱেলে প্ৰধানমন্ত্ৰী ডি ৱেভাৰ আৰু বেলজিয়ামৰ কোম্পানীসমূহক আধুনিক উদ্যোগৰ বাবে প্ৰয়োজনীয় সকলো সুবিধাৰ সহায়ত মুকলি মনেৰে ভাৰতৰ সৈতে জড়িত হ’বলৈ আমন্ত্ৰণ জনায়।

শ্ৰী গোৱেলে কয় যে ভাৰত আৰু বেলজিয়ামৰ মাজত ১৯৪৭-ৰ পৰাই অতি উষ্ণ আৰু চিৰস্থায়ী সম্পৰ্ক অব্যাহত আছে। স্বাধীন ভাৰতৰ সৈতে কূটনৈতিক সম্পৰ্ক স্থাপন কৰা ইউৰোপৰ প্ৰথম দেশসমূহৰ বেলজিয়াম অন্যতম বুলি উল্লেখ কৰি তেওঁ কয় যে ভাৰতে ইয়াৰ বাবে বেলজিয়ামৰ জনসাধাৰণৰ প্ৰতি সদায় কৃতজ্ঞতা প্ৰকাশ কৰি যাব।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী ডি ৱেভাৰক তেওঁৰ নেতৃত্ব, সমৰ্থন আৰু বেলজিয়াম–ভাৰত তথা ইইউ–ভাৰতৰ সম্পৰ্কক শক্তিশালী কৰিবলৈ কৰা অদম্য সাধনাৰ বাবে ধন্যবাদ জনায়।

শ্ৰী গোৱেলে কয় যে শেহতীয়াকৈ বেলজিয়াম ভ্ৰমণৰ সময়ত তেওঁ অনুভৱ কৰা প্ৰকৃত শক্তি বেলজিয়ামৰ উদ্যোগসমূহত আছিল। তেওঁ কয় যে বেলজিয়াম আৰু ভাৰতে একেলগে ভাৰতৰ পৰিসৰ, প্ৰতিভা, যুৱ শক্তি, যুৱ সমাজ আৰু নিৰ্ণায়ক নেতৃত্বৰ সৈতে বেলজিয়ামৰ প্ৰযুক্তি, উদ্ভাৱন আৰু পুঁজিৰ সংমিশ্ৰণেৰে এক “অতুলনীয় প্ৰতিযোগিতা” সৃষ্টি কৰিব পাৰে।

শ্ৰী গোৱেলে তেওঁৰ ভাষণৰ সামৰণিত হীৰা গঠনৰ উপমা দাঙি ধৰে। তেওঁ কয় যে প্ৰচণ্ড চাপত, মাটিৰ তলৰ গভীৰতাত হীৰা গঠন হয়, আনহাতে লেবত উৎপাদিত হীৰা কাৰ্বন জমা হোৱা প্ৰক্ৰিয়াৰ জৰিয়তে গঠন হয়। তেওঁ কয় যে হেঁচা আৰু অস্থিৰতাৰ মাজত ভাৰত আৰু বেলজিয়াম হীৰাৰ দৰে সমানেই চিৰস্থায়ী, সুন্দৰ।

“ভাৰত আৰু বেলজিয়ামে হীৰাৰ দৰেই স্থায়ী, ধুনীয়া আৰু বহুমূলীয়া আকৃতি এটা গঠন কৰক। এই হীৰা কেৱল বেলজিয়াম আৰু ভাৰতৰ বাবেই নহয়, কেৱল ইউৰোপৰ বাবেই নহয়, বৰঞ্চ এই হীৰা বিশ্বৰ বাবে”, শ্ৰী গোৱেলে কয়।

 

***

Abhishek Dayal/ Abhijith Narayanan/ Ishita Biswas/SB


(ৰিলিজ আই ডি : 2307010) অতিথি কক্ষ : 5
ত এই ৰিলিজটো পঢ়ক: English , Urdu , Marathi , हिन्दी , Gujarati , Tamil