গৃহ মন্ত্ৰালয়
দিল্লীত মেক্স স্মাৰ্ট ছুপাৰ স্পেচিয়েলিটি হস্পিটেলৰ নতুন ভৱন উদ্বোধন কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ
নতুন ভৱনটোৱে জনসাধাৰণলৈ আগবঢ়োৱা সেৱাৰ ২৫ বছৰীয়া যাত্ৰাত চিকিৎসালয়খনৰ বাবে আন এক মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে
নতুন সংযোজনে সেৱাসমূহ অধিক সম্প্ৰসাৰিত কৰিব, যাৰফলত অধিক সংখ্যক লোক উপকৃত হ’ব
পোষ্ট কৰা হৈছে:
03 SEP 2026 6:03PM by PIB Guwahati
কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি দিল্লীৰ সাকেটত মেক্স স্মাৰ্ট ছুপাৰ স্পেচিয়েলিটি হস্পিটেলৰ নতুন ভৱন উদ্বোধন কৰে।


সামাজিক মাধ্যম এক্সত দিয়া এটা পোষ্টত কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয়, "দিল্লীৰ সাকেটত মেক্স স্মাৰ্ট ছুপাৰ স্পেচিয়েলিটি হস্পিটেলৰ নতুন ভৱন উদ্বোধন কৰা হ’ল। এই নতুন ব্যৱস্থাই জনসাধাৰণলৈ সেৱা আগবঢ়োৱাৰ ২৫ বছৰীয়া যাত্ৰাত চিকিৎসালয়খনৰ বাবে আন এক মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে, য’ত যোৱা এটা বছৰতে কেৱল ৩.৬০ লাখ লোকক ২৪৪ কোটি টকা মূল্যৰ অত্যাধুনিক বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান কৰা হৈছে। এই নতুন সংযোজনে এই সেৱাসমূহ অধিক সম্প্ৰসাৰিত কৰিব, যাৰ ফলত অধিক সংখ্যক লোক উপকৃত হ’ব।"
****
RK/RR/PR/PS/DB
(ৰিলিজ আই ডি : 2306546)
অতিথি কক্ষ : 6