শক্তি মন্ত্ৰালয়
azadi ka amrit mahotsav

বহনক্ষম উন্নয়নৰ বাবে সহযোগিতা শক্তিশালী কৰিছে ভাৰত আৰু জাৰ্মানীয়ে

শক্তি সুৰক্ষা, কম কাৰ্বন নিৰ্গমন আৰু কাৰ্বন বজাৰৰ ক্ষেত্ৰত সহযোগিতাৰ বিষয়ে আলোচনা কৰিবলৈ জাৰ্মান ফেডাৰেলৰ মন্ত্ৰী শ্ৰী কাৰ্ষ্টেন শ্বনাইডাৰৰ সৈতে কেন্দ্ৰীয় শক্তি আৰু গৃহ নিৰ্মাণ তথা নগৰ পৰিক্ৰমা মন্ত্ৰী শ্ৰী মনোহৰ লালে দ্বিপাক্ষিক আলোচনাত মিলিত হয়

পোষ্ট কৰা হৈছে: 02 SEP 2026 9:17PM by PIB Guwahati

আজি নতুন দিল্লীত জাৰ্মানীৰ পৰিৱেশ, প্ৰকৃতি সংৰক্ষণ, জলবায়ু সুৰক্ষা আৰু পাৰমাণৱিক সুৰক্ষা বিভাগৰ মন্ত্ৰী কাৰ্ষ্টেন শ্বনাইডাৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয় ভাৰতৰ কেন্দ্ৰীয় শক্তি আৰু গৃহ নিৰ্মাণ তথা  নগৰ পৰিক্ৰমা মন্ত্ৰী শ্ৰী মনোহৰ লালে। বৈঠকত শক্তি খণ্ডত ভাৰত আৰু জাৰ্মানীৰ মাজত চলি থকা সহযোগিতামূলক পদক্ষেপৰ  পৰ্যালোচনা কৰা হয় আৰু ইয়াক অধিক শক্তিশালী কৰাৰ বিষয়ত সহমত প্ৰকাশ কৰা হয়।

https://static.pib.gov.in/WriteReadData/userfiles/image/2026/sep/image001_20260902212157_17b6f2.jpg

এই আলোচনাত শক্তি সুৰক্ষা, বৈদ্যুতিকৰণ, কম কাৰ্বন নিৰ্গমন , কাৰ্বন বজাৰ আৰু যোগান শৃংখলৰ বৈচিত্ৰ্যকে ধৰি বহু ক্ষেত্ৰ সামৰি লোৱা হয়। দুয়োপক্ষই চলি থকা পদক্ষেপসমূহৰ বিষয়ত  মত বিনিময় কৰে আৰু এই ক্ষেত্ৰসমূহত সহযোগিতা গভীৰ কৰাৰ পথৰ অন্বেষণ কৰে, ভাৰত-জাৰ্মানী সম্পৰ্ক অধিক  শক্তিশালী  কৰাৰ বিষয়তো সহমত ব্যক্ত কৰা হয়। শেহতীয়াকৈ দুয়োখন দেশে কূটনৈতিক সম্পৰ্কৰ ৭৫ বছৰ আৰু কৌশলগত অংশীদাৰিত্বৰ ২৫ বছৰ সম্পূৰ্ণ কৰিছে।

দুয়োগৰাকী মন্ত্ৰীয়ে এই কথাত একমত প্ৰকাশ কৰে যে শক্তি সুৰক্ষা, কম কাৰ্বন  আৰু কাৰ্বন বজাৰ গভীৰভাৱে আন্তঃসংলগ্ন বিষয় আৰু তিনিওটা ক্ষেত্ৰতে ভাৰত-জাৰ্মানীৰ সহযোগিতা পাৰস্পৰিকভাৱে শক্তিশালী হ’ব পাৰে। তেওঁলোকে সুৰক্ষিত, সুলভ আৰু বহনক্ষম শক্তিৰ ভৱিষ্যতক আগুৱাই নিয়াৰ বাবে  ভাগ-বাটোৱাৰা কৰা  প্ৰতিশ্ৰুতিৰ কথা  পুনৰ দৃঢ় কৰে। তেওঁলোকে এনে পদক্ষেপসমূহ আগন্তুক মাহবোৰত অব্যাহত ৰখাৰ বাবেও আগ্ৰহ প্ৰকাশ কৰে।

https://static.pib.gov.in/WriteReadData/userfiles/image/2026/sep/image002_20260902212205_eca13e.jpg

আজিৰ বৈঠকখনে  দশক দশক ধৰি চলি অহা অংশীদাৰিত্ব তথা  বহনক্ষম উন্নয়ন আৰু শক্তি সুৰক্ষাৰ প্ৰতি  ভাগ-বাটোৱাৰা কৰা দায়বদ্ধতাৰ ভিত্তিত ভাৰত-জাৰ্মানী শক্তি সহযোগিতাৰ ক্ৰমবৰ্ধমান গতিক শক্তিশালী কৰিব ।

****

NR/AP/DM


(ৰিলিজ আই ডি : 2306317) অতিথি কক্ষ : 8
ত এই ৰিলিজটো পঢ়ক: English , Urdu , Marathi , हिन्दी , Manipuri