আয়ুষ
azadi ka amrit mahotsav

এনএইচআৰআইএমএইচ, কোট্টায়ামৰ উদ্যোগত হোমিঅ’পেথীত কৃত্ৰিম বুদ্ধিমত্তাৰ দায়বদ্ধ ব্যৱহাৰ সন্দৰ্ভত ৰাষ্ট্ৰীয় আলোচনা চক্ৰ সম্পন্ন

আলোচনা চক্ৰত হোমিঅ'পেথিক গৱেষণাত এআই-চালিত ক্লিনিকেল সিদ্ধান্ত সমৰ্থন, ব্যক্তিগতকৃত যতন আৰু নৈতিক কাঠামোৰ অন্বেষণ

পোষ্ট কৰা হৈছে: 31 AUG 2026 5:44PM by PIB Guwahati

আয়ুষ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় হোমিঅ’পেথী গৱেষণা পৰিষদৰ (CCRH) অধীনস্থ ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য হোমিঅ’পেথী গৱেষণা প্ৰতিষ্ঠান (NHRIMH), কোট্টায়ামৰ উদ্যোগত আজি কোট্টায়ামৰ এনএইচআৰআইএমএইচ প্ৰেক্ষাগৃহত “ক্লিনিকেল প্ৰেকটিছ আৰু হোমিঅ’পেথীত কৃত্ৰিম বুদ্ধিমত্তাৰ (AI) প্ৰয়োগ” শীৰ্ষক এখনি ৰাষ্ট্ৰীয় আলোচনা চক্ৰ অনুষ্ঠিত হয়। “বুদ্ধিমত্তা আৰু কৰুণাৰ সংহতি” (Where Intelligence Meets Compassion) বিষয়বস্তুৰ অধীনত আয়োজিত আলোচনা চক্ৰখনিত বিশেষজ্ঞ, শিক্ষাবিদ, গৱেষক, ক্লিনিচিয়ান, প্ৰেকটিচনাৰ আৰু ছাত্ৰ-ছাত্ৰীসকল একত্ৰিত হৈ স্বাস্থ্যসেৱা আৰু হোমিঅ’পেথিক গৱেষণাত এআই-ৰ উদীয়মান প্ৰয়োগৰ ওপৰত আলোচনা কৰে।

ইয়াত আয়ুষ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব) শ্ৰী প্ৰতাপৰাও যাদৱে ভাৰ্চুৱেল ভাষণ প্ৰদান কৰে। ভাষণত মন্ত্ৰীগৰাকীয়ে স্বাস্থ্যসেৱাত কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ৰমবৰ্ধমান প্ৰাসংগিকতা আৰু ইয়াৰ দায়বদ্ধ প্ৰয়োগৰ ক্ষেত্ৰত বিশেষকৈ হোমিঅ’পেথীৰ ক্ষেত্ৰত জ্ঞাত আলোচনাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।

উদ্বোধনী অধিৱেশনত চিচিআৰএইচ-ৰ সঞ্চালক প্ৰধান ডাঃ সুভাষ কৌশিকে ভাষণ প্ৰদান কৰে। তেওঁ স্বাস্থ্যসেৱা আৰু গৱেষণাত ইয়াৰ দায়বদ্ধ প্ৰয়োগ নিশ্চিত কৰিবলৈ গৱেষক আৰু শিক্ষাবিদসকলে এআই-ৰ সামৰ্থ্য আৰু নৈতিক মাত্ৰা উভয়ে বুজি পোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

আলোচনাসমূহত স্বাস্থ্যসেৱাত এআই-ৰ অভিযোজনা কাৰ্য্য মানৱ তদাৰকী, বৈজ্ঞানিক বৈধকৰণ, তথ্যৰ বিশ্বাসযোগ্যতা আৰু যথোপযুক্ত নৈতিক সুৰক্ষাৰ দ্বাৰা সমৰ্থিত হ’ব লাগিব বুলি গুৰুত্ব আৰোপ কৰা হয়।

এই উপলক্ষে মনোৰোগ আৰু মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত শৈক্ষিক সহযোগিতা গভীৰ কৰাৰ বাবে হোমিঅ’পেথিক চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ সৈতে ৯ খন বুজাবুজিৰ চুক্তি (MoU) স্বাক্ষৰিত হয়। আন্তঃশাখা গৱেষণা আৰু প্ৰতিষ্ঠানিক সহযোগিতাৰ বাবে এট্টুমানুৰৰ সেৱাভাৰতীৰ সৈতেও এখনি বুজাবুজিৰ চুক্তি (MoU) স্বাক্ষৰিত হয়।

এনএইচআৰআইএমএইচ-ৰ সহকাৰী সঞ্চালক (হোমিঅ’পেথী) আৰু ভাৰপ্ৰাপ্ত বিষয়া ডাঃ দেৱদত্ত নায়কে কয় যে সমগ্ৰ ভাৰতৰ প্ৰায় ১২ খন হোমিঅ’পেথিক চিকিৎসা মহাবিদ্যালয়ৰ প্ৰতিনিধিয়ে কেৰলম্ ৰ প্ৰেকটিচনাৰ আৰু ফেকাল্টী সদস্যসকলৰ সৈতে আলোচনা চক্ৰত অংশগ্ৰহণ কৰি স্বাস্থ্যসেৱা আৰু হোমিঅ’পেথীত এআই সন্দৰ্ভত শৈক্ষিক মত-বিনিময়ৰ বাবে এখনি মঞ্চ প্ৰশস্ত কৰে।

চিচিআৰএইচ-ৰ উপ-সঞ্চালক প্ৰধান ডাঃ কে. চি. মুৰুলীধৰন, মেডিকেল এচেছমেন্ট আৰু ৰেটিং ব’ৰ্ড (MARB) তথা ৰাষ্ট্ৰীয় হোমিঅ’পেথী আয়োগৰ (NCH) প্ৰাক্তন অধ্যক্ষ ডাঃ জনাৰ্দন নাইৰ, এনএইচআৰআইএমএইচ-কোট্টায়ামৰ আঞ্চলিক বৈজ্ঞানিক পৰামৰ্শদাতা কমিটিৰ অধ্যক্ষ অধ্যাপক (ডাঃ) ঈশ্বৰ দাসেও ইয়াত ভাষণ প্ৰদান কৰে। কাৰিকৰী কাৰ্য্যসূচীত ক্লিনিকেল সিদ্ধান্ত সমৰ্থনত এআই, হোমিঅ’পেথীত এআই-ৰ প্ৰয়োগ আৰু ক্লিনিক’-মৌলিক গৱেষণাত এআই-ৰ নৈতিক দিশসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা চাৰি অধিৱেশন অনুষ্ঠিত হয়।

এই আলোচনা চক্ৰত বৈজ্ঞানিক উদ্ভাৱন, আন্তঃশাখা সহযোগিতা আৰু হোমিঅ’পেথিক গৱেষণা তথা ক্লিনিকেল প্ৰেকটিছত উদীয়মান প্ৰযুক্তিসমূহৰ দায়বদ্ধ অভিযোজনাৰ প্ৰতি চিচিআৰএইচ আৰু এনএইচআৰআইএমএইচ, কোট্টায়ামৰ দায়বদ্ধতা প্ৰতিফলিত হয়। এই পদক্ষেপে শৈক্ষিক আৰু গৱেষণামূলক নেটৱৰ্কক অধিক সম্প্ৰসাৰিত কৰাৰ লগতে স্বাস্থ্যসেৱা আৰু হোমিঅ’পেথীত এআই-এ সঞ্চাৰ কৰা সুযোগ আৰু প্ৰত্যাহ্বানসমূহৰ ওপৰত জ্ঞাত আলোচনাৰ সুবিধা প্ৰশস্ত কৰিব বুলি আশা কৰা হৈছে।

***

SR/SV/SG/SB


(ৰিলিজ আই ডি : 2305554) অতিথি কক্ষ : 7
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Punjabi , Tamil , Malayalam