প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰী আৰু কিৰগিজ গণৰাজ্যৰ ৰাষ্ট্ৰপতিৰ মাজত দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত

পোষ্ট কৰা হৈছে: 31 AUG 2026 4:33PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ৩১ আগষ্টত বিচকেকত অনুষ্ঠিত ছাংহাই সহযোগিতা সংস্থা (এছচিঅ) শীৰ্ষ সন্মিলনৰ সময়ত কিৰগিজ গণৰাজ্যৰ ৰাষ্ট্ৰপতি শ্ৰী ছাদিৰ ঝাপাৰ’ভক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীয়ে কিৰগিজ গণৰাজ্যৰ স্বাধীনতা দিৱস উপলক্ষে ৰাষ্ট্ৰপতি ঝাপাৰ’ভক আন্তৰিক অভিনন্দন জনাই উল্লেখ কৰে যে এই দিনটোতে এছচিঅ’ সন্মিলন আৰম্ভ হোৱাটোৱে এক বিশেষ অৰ্থ বহন কৰিছে। ২৬ সংখ্যক এছচিঅ’ সন্মিলন আয়োজন কৰাৰ বাবে তেওঁ ৰাষ্ট্ৰপতি ঝাপাৰ’ভকো অভিনন্দন জনায়। দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্কৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে আৰু ভাৰত তথা কিৰগিজ গণৰাজ্যৰ মাজত কৌশলগত অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ বাবে তেওঁলোকৰ প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰে। তেওঁলোকে দুয়োখন দেশৰ অৰ্থনীতিৰ মাজৰ পৰিপূৰকতাক বিবেচনা কৰি অৰ্থনৈতিক আৰু বাণিজ্যিক সহযোগিতা অধিক বৃদ্ধি কৰিবলৈ সন্মত হয়। নেতাদ্বয়ে শিক্ষাৰ্থীৰ আদান-প্ৰদান আৰু সাংস্কৃতিক সহযোগিতাৰ জৰিয়তে জনসাধাৰণৰ মাজত বৰ্ধিত সম্পৰ্কৰ বিষয়েও আলোচনা কৰে।

প্ৰধানমন্ত্ৰীয়ে কিৰগিজ গণৰাজ্যৰ অধ্যক্ষতাত অনুষ্ঠিত এছচিঅ’ৰ বৈঠকত ভাৰতৰ শক্তিশালী অংশগ্ৰহণৰ বিষয়ে আলোকপাত কৰে। তেওঁ লগতে কয় যে ই পাৰস্পৰিক সন্মান, বিশ্বাস আৰু সমৰ্থন প্ৰতিফলিত কৰে যি দুয়োখন দেশৰ মাজৰ ঘনিষ্ঠ আৰু দীৰ্ঘদিনীয়া সম্পৰ্কৰ বৈশিষ্ট্য। প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি ছাদিৰ ঝাপাৰ’ভক তেওঁৰ আন্তৰিকতা তথা আতিথ্যৰ বাবে আৰু এছচিঅ’ সন্মিলন সফলতাৰে অনুষ্ঠিত কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

 

***

MJPS/SS/VJ/MK


(ৰিলিজ আই ডি : 2305071) অতিথি কক্ষ : 6