প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
৩০ আগষ্ট, ২০২৬ত 'মন কি বাত'ৰ ১৩৭ সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
পোষ্ট কৰা হৈছে:
30 AUG 2026 11:36AM by PIB Guwahati
মোৰ প্ৰিয় দেশবাসী, নমস্কাৰ!
'মন কি বাত'ৰ এই নতুন খণ্ডলৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছো। আপোনালোক সকলোৱে জানে যে এইখন এনে এক মঞ্চ য’ত আমি নতুন নতুন পদক্ষেপক আগুৱাই লৈ যাওঁ আৰু আমাৰ নাগৰিকসকলৰ উদ্ভাৱনীমূলক ধাৰণাসমূহৰ বিষয়ে আলোচনা কৰোঁ। এনেবোৰ ধাৰণা মানুহৰ অক্লান্ত শক্তি আৰু নিষ্ঠাৰেই ফল।
বন্ধুসকল,
কিছুদিনৰ আগতে কোনোবাই ছ’চিয়েল মিডিয়াত লিখিছিল, "আশাধী একাদশীৰ শুভক্ষণত ইতিহাসক আকৰ্ষণীয় কৰি তোলাৰ বাবে মোৰ পদক্ষেপ আৰম্ভ কৰাৰ কথা ঘোষণা কৰি আনন্দিত হৈছো।" তেওঁ লগতে বুজাই দিছিল যে ধাৰণাটো যথেষ্ট সহজ: ৱেবছাইটটো চাওক আৰু যিকোনো বছৰ এটা নিৰ্বাচন কৰক। সেই সময়ত কোনটো শাসকে ভাৰতৰ কোনটো অংশৰ ক্ষমতা দখল কৰিছিল সেয়া সহজেই জানিব পাৰিব। এই কথাটোৱে মোক যথেষ্ট আকৰ্ষণ কৰিছিল আৰু মই ইয়াৰ বিষয়ে অধিক তথ্য সংগ্ৰহ কৰাৰ সিদ্ধান্ত লৈছিলোঁ। মই জানিব পাৰিলো যে এই প্ৰকল্পটো হাতত লৈছিল মুম্বাইত বাস কৰা শ্ৰীকৃষ্ণ শেশাদ্ৰী ডাঙৰীয়াই। আমোদজনকভাৱে কৃষ্ণ জীয়ে ৱেবছাইটটোৰ বাবে এটা অতি সহজ নাম বাছি লৈছিল: www.bharatrajya.com । মই অনুভৱ কৰিলোঁ যে তেওঁৰ এই মহান কামৰ খবৰ নিশ্চয়কৈ আপোনালোক সকলোৰে মাজলৈ লৈ যাব লাগে; সেইবাবেই মই কৃষ্ণ জীৰ লগত পোনপটীয়াকৈ কথা পতাৰ সিদ্ধান্ত লৈছিলো।
বন্ধুসকল,
কৃষ্ণ জীয়ে মোৰ সৈতে ফোনত সংযুক্ত হৈ আছে।
প্ৰধানমন্ত্ৰীঃ নমস্কাৰ, কৃষ্ণ জী।
কৃষ্ণ শেশাদ্ৰী: নমস্কাৰ, ছাৰ। নমস্কাৰ।
প্ৰধানমন্ত্ৰীঃ মোৰ বন্ধু, মই গম পাইছো যে আপুনি প্ৰযুক্তিৰ জগতৰ নহয়, ইতিহাসৰ শিক্ষকো নহয়; তথাপি আপুনি ইতিহাসৰ বাবে নিবেদিত এটা ৱেবছাইট তৈয়াৰ কৰিবলৈ প্ৰযুক্তি ব্যৱহাৰ কৰিছে। মোৰ বৰ কৌতুহল হৈছে—এই সকলোবোৰ কেনেকৈ সম্ভৱ হ’ল?
কৃষ্ণ শেশাদ্ৰী: ধন্যবাদ ছাৰ; আপোনাৰ সৈতে কথা পাতিবলৈ পোৱাটো মোৰ বাবে এক ডাঙৰ সৌভাগ্য। মোৰ বিষয়ে ক’বলৈ গ’লে— মই অভিযন্তা হিচাপে আৰম্ভ কৰিছিলোঁ, তাৰ পিছত এম বি এ কৰি মাৰ্কেটিঙৰ ক্ষেত্ৰখনলৈ আগবাঢ়িলোঁ। অৱশ্যে এই সকলোবোৰৰ মাজেৰে মই ইতিহাসৰ প্ৰতি গভীৰ আগ্ৰহ বজাই ৰাখিছিলোঁ— যিটোৱে মোক সৰুৰে পৰাই মোহিত কৰি আহিছিল। মই সদায় ইতিহাসৰ সৈতে জড়িত কিবা এটা কৰিব বিচাৰিছিলো—বিশেষকৈ ইয়াক কেনেকৈ আকৰ্ষণীয় কৰি তুলিব পাৰি সেই বিষয়ত চিন্তা কৰিছিলো। ইতিহাস শিকোৱাৰ ধৰণত উন্নতি সাধন আৰু পৰিৱৰ্তনৰ উল্লেখযোগ্য স্থান আছে বুলি মই অনুভৱ কৰিছিলো; মই বিশ্বাস কৰিছিলো যে আমি ইতিহাসক গল্পৰ ৰূপত মানুহৰ আগত উপস্থাপন কৰিব পাৰিম।
প্ৰধানমন্ত্ৰীঃ কৃষ্ণ-জী, ভাৰতীয় ইতিহাসৰ কোনবোৰ দিশ আপুনি যিমান পাৰে সিমান মানুহে জনাটো প্ৰয়োজনীয় বুলি অনুভৱ কৰে?
কৃষ্ণ শেশাদ্ৰী: ছাৰ, আমাৰ বিদ্যালয়-মহাবিদ্যালয়ত ভাৰতীয় ইতিহাস পঢ়োৱাৰ সময়ত প্ৰায়ে একক সাম্ৰাজ্য বা ৰাজ্যৰ দৃষ্টিভংগীৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়, আৰু এই সাম্ৰাজ্যসমূহে অসমতাপূৰ্ণভাবে মনোযোগ আকৰ্ষণ কৰে। ফলস্বৰূপে আমি আন বহু মহান সাম্ৰাজ্যৰ বিষয়ে অজ্ঞাত হৈয়েই থাকোঁ—যেনে চোলা, পল্লৱ, কাশ্মীৰৰ কৰকোটা বংশ,আৰু কমেও ৬০০ বছৰ অসমত নিজৰ সংস্কৃতি আৰু মূল্যবোধৰ ব্যৱস্থা গঢ় দিয়া কৰা আহোমসকল। গতিকে, মই এই মহান সাম্ৰাজ্যসমূহৰ সৈতে মানুহক পৰিচয় কৰাই দিয়াৰ বাবে এখন মঞ্চ সৃষ্টি কৰাৰ কথা ভাবিলোঁ।
প্ৰধানমন্ত্ৰী: কৃষ্ণ-জী, আপুনি ইমান কষ্ট কৰিলে; আপোনাক এটা প্ৰশ্ন সুধিম। যদি আপুনি ভাৰতীয় ইতিহাসৰ যিকোনো তিনিজন ব্যক্তিৰ সৈতে কথা পতাৰ সুযোগ পায়, তেন্তে আপুনি কাক বাছি ল’ব আৰু কিয়?
কৃষ্ণ শেশাদ্ৰী: হয় ছাৰ। প্ৰথমে মই ৰাজাৰাজা চোলা বা ৰাজেন্দ্ৰ চোলাৰ সৈতে কথা পাতিম—চোলা সাম্ৰাজ্যৰ তেওঁ আছিল শক্তিশালী আৰু গুৰুত্বপূৰ্ণ ৰজা। মই জানিব বিচাৰিম যে তেওঁলোকে বৃহদিশ্বৰ মন্দিৰ বা গংগাইকোণ্ড চোলাপুৰমৰ দৰে বিশাল শিৱ মন্দিৰৰ কথা কেনেকৈ কল্পনা কৰিছিল। সেই দৰ্শন ক’ৰ পৰা আহিছিল? তেওঁলোকে কেনেকৈ তাৰ পৰিকল্পনা কৰিছিল? আগন্তুক হাজাৰ-দুহাজাৰ বছৰলৈকে মানুহক অনুপ্ৰাণিত কৰি থাকিব পৰা কিবা এটা সৃষ্টি কৰাৰ চিন্তাক কিহে প্ৰেৰণা দিছিল? তেওঁলোকৰ পৰা মই সেইটোৱেই শিকিব বিচাৰিম। দ্বিতীয়জন ব্যক্তি—যিজনক মোৰ মতে ভাৰতীয় ইতিহাসত অতি কম মূল্যায়ন কৰা হয়—তেওঁ হ’ল হেমু। আমি সাধাৰণতে ঐতিহাসিক বিৱৰণীত তেওঁৰ বিষয়ে মাত্ৰ দুটা বা তিনিটা শাৰীহে পঢ়িবলৈ পাওঁ। আমি প্ৰায়ে এই কথাটো উপেক্ষা কৰি লওঁ যে হেমু এজন সাধাৰণ মানুহ আছিল—এজন ব্যৱসায়ী আছিল—কিন্তু তেওঁ আগবাঢ়ি গৈ সাম্ৰাজ্য গঢ়ি তুলিছিল। তেওঁ কেৱল সাম্ৰাজ্য নিৰ্মাতা নাছিল বৰঞ্চ সামৰিক চিন্তাবিদ আৰু প্ৰতিভাশালীও আছিল; তেওঁ নিজৰ কেৰিয়াৰত তেত্ৰিশখন যুদ্ধ কৰিছিল আৰু ইয়াৰে বাইশখন যুদ্ধত জয়ী হৈছিল। তেওঁৰ চিন্তাৰ ধৰণ আৰু তেওঁক সাধাৰণ মানুহৰ পৰা ইমান শক্তিশালী ৰজালৈ ৰূপান্তৰিত কৰা যাত্ৰাক বুজিবলৈ মোৰ গভীৰ আগ্ৰহ আছে। তৃতীয় ব্যক্তিগৰাকী হৈছে ওড়িশাৰ ভৌমকাৰা বংশৰ লগত জড়িত ত্ৰিভুৱন মহাদেৱী নামৰ এগৰাকী মহীয়সী মহিলা; তেওঁ কাহিনীও সমানেই জনাটো দৰকাৰ। প্ৰায় ৮৫০ খ্ৰীষ্টাব্দত চুবুৰীয়া পাল সাম্ৰাজ্যই তেওঁৰ ৰাজ্য আক্ৰমণ কৰিছিল আৰু তাৰ পিছৰ যুদ্ধত তেওঁৰ স্বামী—ৰজা—শ্বহীদ হয়। এই সংকটে সাম্ৰাজ্যখন দুৰ্বল কৰি তুলিছিল, যাৰ ফলত মুখীয়াল আৰু নেতাসকলে ইয়াক পৰিত্যাগ কৰিছিল; অৱশ্যে দায়িত্ব ল’বলৈ ত্ৰিভুৱন মহাদেৱীয়ে তাৰ মাজতে আগবাঢ়ি আহিছিল । তেওঁ প্ৰশাসনক সুস্থিৰ কৰি তোলাই নহয়, ৰাজ্যখনক ইমানেই শক্তিশালী কৰি তুলিলে যে পৰৱৰ্তী শতিকালৈকে কলিংগ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত ৰাজ্যখনে শাসন কৰি থাকিল। এই তিনিজন ঐতিহাসিক ব্যক্তিক লগ পালে মই ভাল পাম ছাৰ।
প্ৰধানমন্ত্ৰী: কৃষ্ণ-জী, এতিয়া যেন ইতিহাস জীৱন্ত হৈ উঠিছে; আপুনি তাতেই সম্পূৰ্ণৰূপে নিমগ্ন হৈ আছে। মই আপোনাৰ চাইটটো অতি আগ্ৰহেৰে চাইছিলো আৰু মই যিটো আটাইতকৈ আকৰ্ষণীয় পাইছিলো সেয়া আছিল মানুহে সংশোধন আৰু পৰামৰ্শ আগবঢ়াব পৰাৰ টেবটো। এনে গঠনমূলক প্ৰক্ৰিয়াক মুকলি কৰি ৰখাটো নিজৰ বাবেই এক উল্লেখযোগ্য কথা। মানুহৰ পৰা পৰামৰ্শ লাভ কৰিবলৈ আৰম্ভ কৰিছেনে? আৰু সেইবোৰৰ বিষয়ত আপুনি কেনে ধৰণে ব্যৱস্থা হাতত লৈছে ?
কৃষ্ণ শেশাদ্ৰী: হয় ছাৰ, আমি বহুত পৰামৰ্শ লাভ কৰিছো। সাধাৰণতে এইবোৰক দুটা ভাগত ভগাব পাৰি । কিছুমান হৈছে সংশোধন—উদাহৰণস্বৰূপে, কোনো বিশেষ ৰজাই এটা নিৰ্দিষ্ট যুগত এটা নিৰ্দিষ্ট অঞ্চলত শাসন কৰা বুলি আঙুলিয়াই দিয়া, বা এটা নিৰ্দিষ্ট সময়ত কোনো নিৰ্দিষ্ট যুদ্ধ হোৱা বুলি আঙুলিয়াই দিয়া। আন কিছুমান হৈছে বৈশিষ্ট্যৰ অনুৰোধ—ৱেবছাইটত নিৰ্দিষ্ট কাৰ্য্যকৰীতা যোগ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। আমি বাস্তৱিক সংশোধনসমূহ আমাৰ উৎসৰ বিপৰীতে পৰীক্ষা কৰি অন্তৰ্ভুক্ত কৰোঁ। উদাহৰণস্বৰূপে কোনোবাই পৰামৰ্শ দিছিল যে আমি সামগ্ৰিকভাৱে ভাৰতক প্ৰদৰ্শন কৰি থকাৰ সময়তে আঞ্চলিক পৰ্যায়ত তথ্য প্ৰদৰ্শন কৰাটো আৰু বেছি ভাল হ’ব; গতিকে, আমি সেই বৈশিষ্ট্যটো সংযোগ কৰিলোঁ। আন এটা পৰামৰ্শৰ আধাৰত শিশুৰ বাবে বিষয়বস্তু অধিক আকৰ্ষণীয় কৰি তুলিবলৈ বিভিন্ন সাম্ৰাজ্যৰ তথ্য আৰু পৰিসংখ্যা সন্নিবিষ্ট কৰা ‘ট্ৰাম্প কাৰ্ড’ তৈয়াৰ কৰা হয়। কোনোবাই এইবোৰ একত্ৰিত কৰাৰ পৰামৰ্শ দিছে, যাতে ইয়াক সহজে ডাউনলোড আৰু শ্বেয়াৰ কৰিব পৰা যায়, যিটো বৈশিষ্ট্য আমি বৰ্তমান অন্তৰ্ভুক্ত কৰি আছো। আমি স্বীকাৰ কৰোঁ যে আমি ভুল কৰিব পাৰো—বহু চেষ্টাৰ পিছতো আমি ভুলহীন নহয়—যাৰ বাবে আমি সংশোধন টেবটো অন্তৰ্ভুক্ত কৰিলোঁ। আমি বিচাৰো যে এইটো সকলোৰে অন্তৰ্গত হোৱা এটা চাইট হওক, য’ত সামূহিক অৱদানে আমাক এনে এখন মঞ্চ সৃষ্টি কৰাত সহায় কৰিব যিয়ে ইতিহাসক আগন্তুক বছৰবোৰৰ বাবে এক উপভোগ্য বিষয় কৰি তুলিব।
প্ৰধানমন্ত্ৰী : কৃষ্ণ-জী, আপুনি সঁচাকৈয়ে উল্লেখযোগ্য কাম এটা কৰিছে। ইতিহাসৰ বাহিৰেও মই ভাবিছো যে আপোনাৰ আন চখ আৰু আগ্ৰহো আছে হয়তো?
কৃষ্ণ শেশাদ্ৰী: আচলতে ছাৰ... মই অলপ বিৰক্তিকৰ মানুহ।
প্ৰধানমন্ত্ৰী: (হাঁহি )
কৃষ্ণ শেশাদ্ৰী: প্ৰযুক্তি আৰু ইতিহাস দুয়োটাৰে প্ৰতি আমাৰ গভীৰ আগ্ৰহ আছে; যেতিয়া দুয়ো একেলগে আহে, আমি গোটেই দিনটো ইয়াত সম্পূৰ্ণৰূপে নিমগ্ন হৈ থাকো।
প্ৰধানমন্ত্ৰীঃ কৃষ্ণ-জী, আপোনালৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপুনি এটা ডাঙৰ আৰম্ভণি কৰিছে আৰু মই নিশ্চিত যে আপোনাৰ পদক্ষেপে মানুহৰ মাজত সংযোগ ঘটাব আৰু তেওঁলোকক একত্ৰিত কৰিব। আপোনালৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
বন্ধুসকল,
কৃষ্ণ-জীৰ এই পদক্ষেপে কেৱল ইতিহাসৰ ছাত্ৰ-ছাত্ৰীকে নহয়, আমাৰ সকলোকে আমাৰ অতীতৰ বিষয়ে আকৰ্ষণীয়ভাৱে জানিবলৈ সহায় কৰিব। যদি আপুনিও এনে পদক্ষেপৰ বিষয়ে জানে তেন্তে সেয়া শ্বেয়াৰ কৰক।
মোৰ প্ৰিয় দেশবাসী,
‘এখন উন্নত ভাৰতৰ বাবে ড্ৰাগছ মুক্ত যুৱ’ অভিযানে বৰ্তমান সমগ্ৰ দেশতে দ্ৰুত গতি লাভ কৰিছে। ইয়াৰ লক্ষ্য স্পষ্ট: ড্ৰাগছমুক্ত যুৱ, ড্ৰাগছমুক্ত ভাৰত। বিপুল সংখ্যক লোক—বিশেষকৈ আমাৰ যুৱক-যুৱতীসকল—এই পদক্ষেপৰ অংশ হৈ পৰিছে। কাৰণ, ভাৰতৰ যুৱক-যুৱতীসকলৰ স্বাস্থ্য, সুখ, উজ্জ্বল ভৱিষ্যতৰ বাবে এয়াই আমাৰ সামূহিক সংকল্প।
বন্ধুসকল,
ড্ৰাগছৰ আসক্তিয়ে কেৱল ব্যক্তিক ফান্দত পেলোৱাই নহয়; ইয়াৰ বিৰূপ পৰিণতিৰ বোজা সমগ্ৰ পৰিয়াল আৰু সমাজে বহন কৰিবলগীয়া হয়। ড্ৰাগছৰ বিৰুদ্ধে সজাগতা বৃদ্ধি কৰা আৰু নিচাৰ সৈতে যুঁজি থকাসকলক সহায় কৰিবলৈ আগবাঢ়ি অহাসকলক মই প্ৰশংসা কৰিছো। ড্ৰাগছমুক্ত ভাৰতৰ বাবে এটি শক্তিশালী শ্লোগান উলিয়াব পাৰিবনে? আমাৰ যুৱ সংগীতজ্ঞসকলে ড্ৰাগছমুক্ত জীৱনৰ বাৰ্তা প্ৰেৰণ কৰা গীত ৰচনা কৰিব পাৰিবনে? ছাত্ৰ-ছাত্ৰী আৰু নাট্যদলসমূহে ড্ৰাগছৰ বিপদৰ বিষয়ত আলোকপাত কৰা মৰ্মস্পৰ্শী চুটি নাটক লিখিব পাৰিবনে লগতে আৰোগ্যৰ পথো দেখুৱাব পাৰিবনে? আমাৰ দেশত উৎকৃষ্ট কন্টেন্ট ক্ৰিয়েটৰৰ অভাৱ নাই। মই তেওঁলোকক বিভিন্ন ভাষাত এনে বিষয়বস্তু সৃষ্টি কৰিবলৈ আহ্বান জনাইছো যিয়ে সমাজক এই প্ৰচেষ্টাত সহায় কৰিব পাৰে। প্ৰাসংগিক হেচটেগ ব্যৱহাৰ কৰি ছ’চিয়েল মিডিয়াত আপোনালোকৰ প্ৰচেষ্টা শ্বেয়াৰ কৰক; প্ৰায়ে, আনুষ্ঠানিক অভিযানতকৈ সৃষ্টিশীল প্ৰচেষ্টা অধিক প্ৰভাৱশালী বুলি প্ৰমাণিত হয়। আহক আমি সকলোৱে ভাৰতৰ যুৱক-যুৱতীসকলক ড্ৰাগছৰ পৰা আঁতৰাই নিচাৰ পৰা মুক্ত কৰি ৰখাৰ এই উদাৰ অভিযানত নিজৰ ভূমিকা পালন কৰোঁ। #NashaMuktYuva হেচটেগেৰে আপোনাৰ এই প্ৰচেষ্টাসমূহ ছ'চিয়েল মিডিয়াত নিশ্চয়কৈ শ্বেয়াৰ কৰক।
মোৰ প্ৰিয় দেশবাসী,
আগষ্ট মাহত আমি আমাৰ চাৰিওফালে দেশপ্ৰেমৰ বহু ৰঙৰ সাক্ষী হৈ পৰো। এই সময়ছোৱাত সকলোৰে হৃদয়ত দেশৰ প্ৰতি থকা প্ৰেমৰ মনোভাৱ তীব্ৰতৰ হৈ পৰে। ‘ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস’ আৰু ‘ভাৰত ত্যাগ আন্দোলন’ৰ বৰ্ষপূৰ্তিৰ পৰা আৰম্ভ কৰি ‘বিভাজনৰ ভয়াৱহতা স্মৃতি দিৱস’লৈকে অনুষ্ঠানসমূহে এই মাহটোক বিশেষ কৰি তুলিছে। ‘স্বাধীনতা দিৱস’ আৰু ‘ৰাষ্ট্ৰীয় মহাকাশ দিৱস’ উদযাপনে প্ৰতিজন নাগৰিকৰ মন গৌৰৱেৰে ভৰাই তুলিছে। ‘হৰ ঘৰ তিৰংগা’ অভিযানে এই আবেগক আৰু অধিক শক্তিশালী কৰি তুলিছে। ‘বন্দে মাতৰম’ৰ ১৫০ বছৰ সম্পূৰ্ণ হোৱাৰ লগে লগে এই বছৰটো আৰু অধিক বিশেষ হৈ পৰিছে। এইবাৰ ৮ কোটিৰো অধিক ‘তিৰংগা চেলফি’ আপলোড কৰা হৈছে আৰু ত্ৰিৰংগাৰ এই উদযাপন কেৱল ভাৰততে সীমাবদ্ধ থকা নাই—এইবাৰ ‘সূৰ্য্যপথ তিৰংগা’ পদক্ষেপৰ জৰিয়তে আমাৰ ত্ৰিৰংগাই সমগ্ৰ বিশ্বতে এক অনন্য যাত্ৰাত নামি পৰিছে। ফিজিৰ ছুভাত সূৰ্য্যৰ প্ৰথম ৰশ্মিয়ে ত্ৰিৰংগাক উজলাই তুলিছে। ইয়াৰ পিছত এছিয়া, আফ্ৰিকা, ইউৰোপ আৰু আমেৰিকাৰ ছান ফ্ৰান্সিস্কোলৈকে ইণ্ডিয়ান মিছন আৰু পোষ্টত ওখকৈ ত্ৰিৰংগা উৰি থাকিল। সেই দৃশ্যবোৰ কিমান সুন্দৰ আছিল নিশ্চয় আপুনি কল্পনা কৰিব পাৰিছে। সূৰ্য্যই সমগ্ৰ বিশ্বতে গতি কৰাৰ লগে লগে ভাৰতীয় ত্ৰিৰংগাখনো তাৰ কাষেৰে উৰি গৈ থাকিল। এনে পদক্ষেপে সমাজখনক এক উমৈহতীয়া সুতাৰে বান্ধি ৰাখে আৰু দেশৰ সৈতে আমাৰ সম্পৰ্ক অধিক গভীৰ কৰি তোলে। এই প্ৰচেষ্টাসমূহৰ লগত জড়িত সকলোকে মোৰ আন্তৰিক অভিনন্দন জনাইছো।
মোৰ প্ৰিয় দেশবাসী,
প্ৰতিদিনে পুৱাৰ পৰা সন্ধিয়ালৈকে আমাৰ চহৰ-নগৰৰ ৰাজপথৰ কাষত লাখ লাখ মহিলাই নিজৰ কামত নিয়োজিত হৈ থাকে। কোনোৱে শাক-পাচলি বা ফল-মূল বিক্ৰী কৰে, কোনোৱে চাহৰ ষ্টল চলায়, আনহাতে কোনোৱে ফুল, দিয়া (মাটিৰ চাকি) আৰু পূজাৰ সামগ্ৰী বিক্ৰী কৰে। প্ৰায়ে মূলধনৰ অভাৱে তেওঁলোকৰ ব্যৱসায়ৰ বৃদ্ধিত বাধাৰ সৃষ্টি কৰে। কিন্তু এনে লাখ লাখ মাতৃ-ভগ্নীয়ে এতিয়া ‘পি এম স্বনিধি যোজনা’ৰ জৰিয়তে নতুন শক্তি লাভ কৰিবলৈ সক্ষম হৈছে। ‘মহিলা সবলীকৰণ’ৰ এই দিশটোৱে যিমান চৰ্চা লাভ কৰিব লাগে সিমান চৰ্চা লাভ নকৰে। ‘পি এম স্বনিধি যোজনা’ৰ হিতাধিকাৰীৰ সংখ্যা প্ৰায় ৪৬ শতাংশ; অৰ্থাৎ সমগ্ৰ দেশৰ প্ৰায় ৩৫ লাখ মহিলাই এই আঁচনিৰ সৈতে সংযোগ স্থাপন কৰি নিজৰ ব্যৱসায় সম্প্ৰসাৰণ কৰিছে।
বন্ধুসকল,
গাজিয়াবাদৰ শ্ৰীমতী ববিতা শৰ্মা ইয়াৰ উৎকৃষ্ট উদাহৰণ। ববিতা জীয়ে পূজাৰ বাবে সামগ্ৰী—যেনে- ফুল, মাটিৰ চাকি, ধূপকাঠি, নাৰিকল আদি বিক্ৰী কৰি এখন সৰু দোকান চলাইছিল । এনেদৰে তেওঁ তেওঁৰ পৰিয়ালৰ জীৱিকা অৰ্জনত অৰিহণা যোগাইছিল। তেওঁ বহুত কষ্ট কৰিছিল যদিও ব্যৱসায়টো সম্প্ৰসাৰণ কৰিবলৈ মূলধনৰ প্ৰয়োজন আছিল। তেওঁ ‘পি এম স্বনিধি’ আঁচনিৰ জৰিয়তে আৰ্থিক সাহায্য লাভ কৰিছিল। তেওঁ দোকানত সামগ্ৰীৰ মজুত বৃদ্ধি কৰি ব্যৱসায় বৃদ্ধি কৰিলে। তেওঁৰ গ্ৰাহকৰ সংখ্যা আৰু উপাৰ্জন বাঢ়ি আহিল আৰু লাহে লাহে তেওঁৰ পথৰ কাষৰ সৰু দোকানখন এটা ডাঙৰ দোকানলৈ ৰূপান্তৰিত হ’ল।
বন্ধুসকল,
বাংগালুৰুৰ শ্ৰীমতী টি. এছ নিংগাম্মাৰ কাহিনীও অতি প্ৰেৰণাদায়ক। নিংগাম্মা জী আৰু তেওঁৰ স্বামীয়ে ইডলী, দোছা তথা সাম্বাৰ বিক্ৰী কৰি এটা সৰু ব্যৱসায় আৰম্ভ কৰিছিল। ব্যৱসায়টোৱে থন ধৰিলে যদিও ইয়াক পৰৱৰ্তী পৰ্যায়লৈ লৈ যাবলৈ মূলধনৰ প্ৰয়োজন হৈছিল। নিংগাম্মা জীয়েও ‘পি এম স্বনিধি’ৰ পৰা সমৰ্থন লাভ কৰে। তেওঁ নিজৰ গাড়ীখন উন্নীত কৰিলে, সামগ্ৰীবোৰ বেছি বেছিকৈ ক্ৰয় কৰিবলৈ ধৰিলে আৰু তেওঁৰ মেনুত কেইবাটাও নতুন বস্তু যোগ কৰিলে। তেওঁৰ গ্ৰাহক আৰু উপাৰ্জন দুয়োটাই বৃদ্ধি পালে, পৰিয়ালটোৰ আৰ্থিক অৱস্থাৰো উন্নতি হ’ল। আজি তেওঁ তিনিটা সন্তানৰ বাবে উন্নত শিক্ষাৰ ব্যৱস্থা কৰিবলৈ সক্ষম হৈছে।
বন্ধুসকল,
যেতিয়া এগৰাকী নাৰীৰ ব্যৱসায় বাঢ়ে, তাৰ লগে লগে তেওঁৰ সমগ্ৰ পৰিয়ালৰ ভৱিষ্যতো আগবাঢ়ি যায়। শিশুৱে উন্নত শিক্ষা লাভ কৰে, ঘৰৰ প্ৰয়োজনীয়তা পূৰণ হয়, মহিলাগৰাকীৰ আত্মবিশ্বাস দৃঢ় হয়। এয়া সঁচাকৈয়ে ‘মহিলা সবলীকৰণ’ৰ এক জীৱন্ত উদাহৰণ। ষ্ট্ৰীট ভেণ্ডিঙৰ লগত জড়িত সকলো ভগ্নীলৈ উজ্জ্বল ভৱিষ্যতৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
মোৰ প্ৰিয় দেশবাসী,
পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ এক উল্লেখযোগ্য গুণ আছে। কোনো ঠাই পৰিষ্কাৰ কৰি ৰখাৰ সংকল্প যেতিয়া জনসাধাৰণৰ নিজৰ সংকল্প হৈ পৰে, তেতিয়া পৰিৱৰ্তন কেৱল পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ মাজতে সীমাবদ্ধ হৈ নাথাকে ; ই সেই ঠাইখনৰ পৰিচয়লৈ ৰূপান্তৰিত হয়। দেশৰ বিভিন্ন প্ৰান্তত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ দিশত গ্ৰহণ কৰা প্ৰচেষ্টাই আমাক অহৰহ অনুপ্ৰাণিত কৰে। উত্তৰ প্ৰদেশৰ ৰামপুৰ জিলাৰ পাটৱাই নামৰ এখন গাঁও। তাত আকাশ আৰু ৰোহন নামৰ দুই বন্ধুৱে লক্ষ্য কৰিলে যে তেওঁলোকৰ চৌপাশ লেতেৰা হৈ পৰিছে। দ্বিতীয়বাৰ চিন্তা নকৰাকৈয়ে তেওঁলোকে আৱৰ্জনা কঢ়িওৱা মোনা হাতত তুলি লৈ সেই ঠাই চাফা কৰিবলৈ ওলাই আহিল। লাহে লাহে তেওঁলোকৰ লগত যোগ দি আন যুৱক-যুৱতীসকলে ‘ক্লিন-আপ পাটৱাই’ নামেৰে এটা দল গঠন কৰিলে। এতিয়ালৈকে এই যুৱকসকলে গংগাৰ কাষৰ চাৰিটা ঘাট পৰিষ্কাৰ কৰি এক টনৰো অধিক প্লাষ্টিকৰ আৱৰ্জনা আঁতৰাই পেলাইছে। লগতে অসংখ্য পুখুৰী আৰু ৰাজহুৱা স্থান পৰিষ্কাৰ কৰিছে।
বন্ধুসকল,
এইবাৰ শ্ৰী অমৰনাথ জী যাত্ৰাৰ সময়তো স্বচ্ছতা আৰু জনসাধাৰণৰ অংশগ্ৰহণৰ একেধৰণৰ প্ৰেৰণাদায়ক ছবি দেখিবলৈ পোৱা গ’ল। তাত হাজাৰ হাজাৰ অনাময় কৰ্মীয়ে দিনে-নিশাই কষ্ট কৰিছিল, প্ৰত্যাহ্বানমূলক ভূখণ্ডৰ মাজত সেৱা আগবঢ়াইছিল। চলিত বৰ্ষৰ তীৰ্থযাত্ৰাৰ সময়ত ৪০০ মেট্ৰিক টনৰো অধিক আৱৰ্জনা সংগ্ৰহ কৰি প্ৰক্ৰিয়াকৰণ কৰা হয়। এই প্ৰচেষ্টাৰ এটা দিশৰ মই বিশেষভাৱে শলাগ লৈছিলো: তীৰ্থযাত্ৰীসকল নিজেই এই পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভিযানত সক্ৰিয় অংশগ্ৰহণকাৰী হৈ পৰিছিল। ১৬ হাজাৰৰো অধিক তীৰ্থযাত্ৰীয়ে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতিশ্ৰুতি দিছিল আৰু ১০ হাজাৰতকৈ অধিক তীৰ্থযাত্ৰীক ‘দায়িত্বশীল যাত্ৰী’ প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। ইয়াতো এক অনন্য পদক্ষেপ গ্ৰহণ কৰা হৈছিল: তীৰ্থযাত্ৰাৰ সময়ত ব্যৱহাৰ কৰা ঘোঁৰা আৰু খচ্চৰৰ গোবৰ জৈৱ গেছলৈ ৰূপান্তৰিত কৰা হৈছিল আৰু এই পৰিষ্কাৰ শক্তিৰ সহায়ত ‘স্বচ্ছ জ্যোত’ জ্বলোৱা হৈছিল। মূলতঃ বাবা বৰফানীৰ এই পবিত্ৰ তীৰ্থযাত্ৰাৰ সময়ত পৰিষ্কাৰ-পৰিচ্ছন্নতা সেৱা আৰু বিশ্বাসৰ এক ৰূপত পৰিণত হৈছিল।
বন্ধুসকল,
আমাৰ গাঁৱেই হওক বা চহৰেই হওক, আমাৰ নদীয়েই হওক বা তীৰ্থস্থানেই হওক— সেইবোৰৰ পৰিচয় আমাৰ আচৰণৰ দ্বাৰা গঢ় লৈ উঠে। যেতিয়া পৰিষ্কাৰ-পৰিচ্ছন্নতা সেই আচৰণৰ অংশ হৈ পৰে, তেতিয়া ঠাইখনৰ সৌন্দৰ্য্য আৰু অধিক বৃদ্ধি পায়।
মোৰ প্ৰিয় দেশবাসী,
কেতিয়াবা আমাৰ এটা সৰু চখে জীৱনৰ মহান সম্ভাৱনাৰ দুৱাৰ মুকলি কৰি দিয়ে। নাগালেণ্ডৰ ফেক জিলাৰ পৰা কৰা ভেছালু পুৰোৰ যাত্ৰা তেনে এক উদাহৰণ। ভেছালু জীয়ে খেতিয়ক পৰিয়ালত ডাঙৰ-দীঘল হৈছিল; সৰুৰে পৰাই তেওঁ মাক-দেউতাকে খেতি কৰা দেখিছিল আৰু ফুলৰ প্ৰতি গভীৰভাবে আকৰ্ষণ অনুভৱ আছিল। ২০২১ চনত তেওঁ এই চখৰ দ্বাৰা পৰিচালিত হৈ সৰু পৰিসৰত ফুলৰ খেতি কৰিবলৈ আৰম্ভ কৰে। লাহে লাহে তেওঁ তাত সম্ভাৱনা দেখিবলৈ ধৰিলে। তেওঁ লক্ষ্য কৰিলে যে বিয়া বা আন উৎসৱৰ বাবেই হওক ফুলৰ চাহিদা অহৰহ থাকে। ভেছালু জীয়ে এই চখটোক আৰু আগুৱাই নিয়াৰ সিদ্ধান্ত ল’লে। স্থানীয় কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা বৈজ্ঞানিক ফুলৰ খেতিৰ প্ৰশিক্ষণ লৈ মাত্ৰ এক চতুৰ্থাংশ একৰ মাটিত হাজাৰ হাজাৰ গ্লেডিওলাছ গছ ৰোপণ কৰে। তেওঁৰ প্ৰথম প্ৰচেষ্টাতে ৫ হাজাৰৰো অধিক ফুল ফুলি উঠিল। বন্ধুসকল, এই সফলতাই ভেছালু জীৰ বাবে এক নতুন আৰম্ভণিৰ সূচনা কৰিলে। তেওঁ ফুলৰ খেতি আৰু অধিক বিস্তাৰ কৰিলে। এসময়ত স্থানীয় বজাৰত আৱদ্ধ হৈ থকা ফুলবোৰ এতিয়া নাগালেণ্ডৰ পৰা দিল্লী, মুম্বাইৰ দৰে চহৰলৈ যায়। ভেছালু পুৰো জীৰ যাত্ৰাই আমাক শিকাইছে যে যেতিয়া এটা চখৰ সৈতে কঠোৰ পৰিশ্ৰম আৰু সঠিক নিৰ্দেশনাৰ সংমিশ্ৰণ ঘটে তেতিয়া ই নতুন সম্ভাৱনাৰ পথ মুকলি কৰিব পাৰে।
মোৰ প্ৰিয় দেশবাসী,
আমাৰ চৌপাশে বহুতে এটা সৰু সৰু প্ৰচেষ্টাৰ চলি থাকে, আৰু আমি গম পোৱাৰ আগতেই সেই প্ৰচেষ্টাই আন বহুতৰ জীৱনলৈ পৰিৱৰ্তন অনাৰ বাট মুকলি কৰি দিয়ে। ওড়িশাৰ ডেব্ৰিগড় অঞ্চলত ‘ধোদ্ৰোকুছুম’ নামৰ এখন গাঁও আছে। কেইবছৰমান আগলৈকে এই গাঁৱৰ পৰা অহা মৈথিল ভূৱে জীয়ে প্ৰায় প্ৰতিদিনে হাবিলৈ গৈছিল—কেতিয়াবা খৰি গোটাবলৈ, কেতিয়াবা মহুৱা আৰু কেন্দুৰ পাত সংগ্ৰহ কৰিবলৈ আৰু কেতিয়াবা বাঁহৰ গাঁজ আৰু বনৰ আন আন উৎপাদিত সামগ্ৰী আনিবলৈ। তেওঁৰ পৰিয়াল আৰু অঞ্চলটোৰ আন অসংখ্য লোকৰ বহু প্ৰয়োজনীয়তা এই অৰণ্যখনেই পূৰণ কৰিছিল; কিন্তু পিছলৈ দেবৰিগড় ইক’-টুৰিজিমৰ পদক্ষেপৰ সৈতে মৈথিলী-জী জড়িত হৈ পৰে। ইয়াৰ ফলত অৰণ্যৰ সৈতে তেওঁৰ সম্পৰ্কৰ পৰিৱৰ্তন ঘটিল, হাবিখনক নতুন দিশলৈ লৈ গ’ল। বন সংৰক্ষণ তেওঁৰ বাবে জীৱিকাৰ মাধ্যম হৈ পৰিল। বন্ধুসকল, মৈথিলী-জীৰ জীৱনৰ এই ৰূপান্তৰে আন নাৰীকো অনুপ্ৰাণিত কৰিছিল। আজি ৬০ গৰাকীতকৈও অধিক মহিলা বন সংৰক্ষণৰ কামত সক্ৰিয়ভাৱে জড়িত হৈ আছে। কোনোৱে বন্যপ্ৰাণী সুৰক্ষাৰ দায়িত্ব গ্ৰহণ কৰিছে, কোনোৱে ঘাঁহনিৰ উন্নয়নত নিয়োজিত হৈছে আৰু কোনোৱে পৰিৱেশ পৰ্যটনৰ কামত অৰিহণা যোগাইছে। বন্ধুসকল, মৈথিলী-জী আৰু দেবৰিগড়ৰ এই ভগ্নীসকলে প্রমাণ কৰি দেখুৱাইছে যে প্রকৃতিক ৰক্ষা কৰাৰ সমান্তৰালভাৱে নিজৰ জীৱনলৈ সমৃদ্ধি কঢ়িয়াই আনিব পাৰি৷ এই সকলো ভগ্নীৰ প্ৰচেষ্টাই আমাৰ সকলোৰে বাবে এক প্ৰেৰণাৰ অমল উৎস হিচাপে কাম কৰে।
বন্ধুসকল,
আজি আমাৰ কন্যা সন্তানৰ সপোনৰ উৰণ পৃথিৱীৰ পৰা মহাকাশলৈ গৈছে আৰু আপোনালোকে জানি গৌৰৱ অনুভৱ কৰিব যে ভাৰতে সমগ্ৰ বিশ্বৰ পৰা এনে হাজাৰ হাজাৰ উচ্চাকাংক্ষী কন্যাক একত্ৰিত কৰিছে। এই পদক্ষেপৰ নাম ‘মিছন শক্তিছাট’। ইয়াৰ জৰিয়তে ১০৮খন দেশৰ ১২ হাজাৰ ছাত্ৰীয়ে উপগ্ৰহ প্ৰযুক্তি শিকিবলৈ আৰু উদ্ভাৱনৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ সুযোগ লাভ কৰিছে। এই অভিযানৰ এক সুন্দৰ আভাস ২৩ আগষ্টত—ৰাষ্ট্ৰীয় মহাকাশ দিৱসত—উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়ডাত দেখা গ’ল। গৌতম বুদ্ধ বিশ্ববিদ্যালয়ত মিছন শক্তিছাটৰ দ্বিতীয় পৰ্যায়ৰ শুভাৰম্ভ কৰা হয়। এই উপলক্ষ্যে ভাৰতৰ লগতে বিভিন্ন দেশৰ প্ৰায় ১০০ গৰাকী ছাত্ৰী একত্ৰিত হয়। ভাৰতৰ দুৰ্গম অঞ্চলৰ পৰা নিৰ্বাচিত ছাত্ৰীসকলেও এই পদক্ষেপত অংশগ্ৰহণ কৰে। এই সমগ্ৰ প্ৰচেষ্টাৰ লক্ষ্য সঁচাকৈয়ে বিশেষ: এটা উপগ্ৰহ—সম্পূৰ্ণৰূপে ছাত্ৰীৰ অংশগ্ৰহণৰ জৰিয়তে বিকশিত—চন্দ্ৰৰ কক্ষপথলৈ প্ৰেৰণ কৰাৰ প্ৰস্তুতি চলি আছে। বন্ধুসকল, এই ছাত্ৰীসকলৰ বহুতেই ভৱিষ্যতে বিজ্ঞান, প্ৰযুক্তি, উদ্ভাৱনৰ ক্ষেত্ৰত নিজৰ বাবে এক সুকীয়া পৰিচয় দাঙি ধৰিব বুলি মোৰ বিশ্বাস।
মোৰ প্ৰিয় দেশবাসীসকল
আজিকালি এভোকেডো যথেষ্ট জনপ্ৰিয় হৈ পৰিছে। আগতে এই ফলৰ বিষয়ে বহুতেই নাজানিছিল; ইয়াৰ মূল্য আৰু চাহিদা কম আছিল, কিন্তু আজি ইয়াৰ উপস্থিতি ডাইনিং টেবুলত সাধাৰণ দৃশ্য হৈ পৰিছে। স্বাস্থ্য আৰু প্ৰিমিয়াম বজাৰত ই প্ৰিয় হৈ পৰিছে। আমাৰ কৃষকৰ বাবেও ই অতি উপকাৰী বুলি প্ৰমাণিত হৈছে। অন্ধ্ৰপ্ৰদেশৰ কদাপাৰ পৰা অহা বৰাদৰাজ ডাঙৰীয়াৰ উদাহৰণ লওক। বছৰ বছৰ ধৰি তেওঁ নিজৰ খেতিপথাৰত টমেটো আৰু কলৰ খেতি কৰিছিল। এদিন বন্ধু এজনৰ ফাৰ্মত এভোকেডোৰ খেতি দেখিলে। ইয়াৰ পিছত তেওঁ ইউটিউবত ইয়াৰ বিষয়ে তথ্য সংগ্ৰহ কৰে। এতিয়ালৈকে তেওঁ প্ৰায় চাৰি টন এভোকেডো উৎপাদন কৰি স্থানীয় দোকানলৈ পোনপটীয়াকৈ যোগান ধৰিছে। বৈজ্ঞানিক পৰামৰ্শ আৰু প্ৰত্যক্ষ বিপণনৰ সৈতে মিলি এই নতুন শস্যই তেওঁৰ সৰু পামৰ পৰা লাভ কৰা উপাৰ্জনক সম্পূৰ্ণৰূপে ৰূপান্তৰিত কৰিছে। তামিলনাডুৰ কোদাইকানালৰ কৃষক শ্ৰী চন্দ্ৰশেখৰনে ডেৰ হেক্টৰ মাটিত এভোকেডো খেতি কৰিবলৈ আৰম্ভ কৰিলে; তেওঁ ভাল দাম লাভ কৰিলে আৰু তেওঁৰ উপাৰ্জন বৃদ্ধি পাইছে। কৰ্ণাটকৰ চিক্কামাগালুৰুত আনকি একাংশ কৃষকে নিজৰ কফি বাগিচাৰ মাজত এভোকেডো ৰোপণ কৰি কফি আৰু জালুকৰ সমান্তৰালভাৱে অতিৰিক্ত উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। বন্ধুসকল, চহৰৰ ৰেষ্টুৰেণ্টত আমি প্ৰায়ে এভোকেডো টোষ্টৰ কথা শুনিবলৈ পাওঁ যদিও আমাৰ উদ্ভাৱনী কৃষকসকলে এই ফলবিধৰ জৰিয়তে উপাৰ্জনৰ এক নতুন ৰেচিপি আৱিষ্কাৰ কৰিলে—অৰ্থাৎ আমাৰ দেশত উৎপাদিত এভোকেডোৱে আপোনাৰ টোষ্টৰ সোৱাদ বৃদ্ধি কৰা আৰু কৃষকৰ আয় বৃদ্ধি কৰা দুয়োটা কামেই কৰিছে।
মোৰ প্ৰিয় দেশবাসীসকল,
মাত্ৰ কেইদিনমানৰ পিছত ৩ ছেপ্টেম্বৰত আমি কিংবদন্তি অভিনেতা উত্তম কুমাৰৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰিম। বন্ধুসকল, উত্তম কুমাৰ আছিল এজন বহুমুখী অভিনেতা যিয়ে নিজৰ অভিনয়ৰ জৰিয়তে মানুহৰ মনত গভীৰভাৱে সোমাই পৰিছিল।
চলচ্চিত্ৰ অনুৰাগীসকলে বিশ্বাস কৰে যে সত্যজিৎ ৰায়ে মহানায়ক উত্তম কুমাৰৰ কথা মনত ৰাখিয়েই নায়ক ছবিখনৰ সম্পূৰ্ণ চিত্ৰনাট্য লিখিছিল।শ্ৰীমন সত্যজিৎ সত্যজিৎ ৰায়ে মন্তব্য কৰিছিল যে তেওঁৰ আবেগিক গভীৰতাও উল্লেখযোগ্য। তেওঁ চৰিত্ৰবোৰক জীৱন্ত কৰি তুলিবলৈ অবিশ্বাস্যভাৱে কষ্ট কৰিছিল। উত্তম কুমাৰ কেৱল স্বাভাৱিক অভিনয় শৈলীৰ বাবেই নহয়, দান-বৰঙণিৰ বাবেও পৰিচিত আছিল। তেওঁৰ জীৱনে তেওঁক কেতিয়াও হাৰ নামানিবলৈ এক গভীৰ শিক্ষা দিছিল। তেওঁৰ প্ৰাৰম্ভিক ছবিবোৰৰ কাম বৰ ভাল নহ’ল, তথাপিও তেওঁ নিজৰ কামত মনোনিৱেশ কৰি থাকিল। এই সমৰ্পণেই তেওঁক ইমান ডাঙৰ উচ্চতাত উপনীত হ’বলৈ সক্ষম কৰি তুলিছিল। বন্ধুসকল, মোৰ মনত আছে, কলকাতাত ৰোডশ্ব’ চলাই থাকোঁতে মই উত্তম কুমাৰ-জীৰ ঘৰৰ কাষেৰে পাৰ হৈ গৈছিলো৷ তাত কোনোবাই তেওঁৰ ফটো এখনো মোক উপহাৰ দিছিল। কিংবদন্তি উত্তম কুমাৰ-জীলৈ পুনৰ এবাৰ শ্ৰদ্ধাঞ্জলি জনাইছো। তেওঁ আমাৰ হৃদয়ত চিৰকাল ৰাজত্ব কৰিব।
“মহানায়ক উত্তম কুমাৰে চিৰদিন ৰাইজৰ অন্তৰত ৰাজত্ব কৰিব।”
মোৰ প্ৰিয় দেশবাসী,
আমাৰ পৰম্পৰাৰ সমান্তৰালভাৱে আমাৰ উৎসৱ আৰু উদযাপনসমূহে আমাক ইজনে সিজনৰ সৈতে সংযোগ স্থাপনৰ সুযোগ প্ৰদান কৰে। আগন্তুক দিনত আমি আৰু কেইবাটাও উল্লেখযোগ্য উৎসৱ উদযাপন কৰিবলৈ সাজু হৈছে। জন্মাষ্টমীৰ পবিত্ৰ উৎসৱ ৪ ছেপ্টেম্বৰত আছে। আমি ছেপ্টেম্বৰ মাহত বিশ্বকৰ্মা পূজা পালন কৰিম। এই উপলক্ষ্যে আমি আমাৰ সমাজৰ শিল্পী, শিপিনী, আৰু বিশ্বকৰ্মাৰ সহযোগীসকলক সন্মান জনোৱা উচিত। কেইমাহমানৰ পাছত দীপাৱলীও ওচৰ চাপি আহিছে, তাৰ বাবে ক্ৰমান্বয়ে প্ৰস্তুতি আৰম্ভ হৈছে। এই উৎসৱৰ বতৰত আপোনালোকক ‘ভ’কেল ফৰ লোকেল’ হ’বলৈ পুনৰ আহ্বান জনাইছো। ‘ভ’কেল ফৰ লোকেল’ হোৱাৰ অৰ্থ কেৱল মাটিৰ চাকি কিনাই নহয়; ইয়াৰ আঁৰৰ দৃষ্টিভংগী বহুত বহল। আমি আমাৰ ঘৰৰ বাবে যিবোৰ বস্তু ক্ৰয় কৰোঁ, সেইবোৰ ভাৰতত নিৰ্মিত হোৱাটো আমি নিশ্চিত কৰিব লাগিব। ভাৰতত নিৰ্মিত সামগ্ৰীক লৈ গৌৰৱ কৰিলে ভাৰত স্বাৱলম্বী হোৱাৰ পথ প্ৰশস্ত হ’ব। এই বাৰ্তা যিমান পাৰি সিমান মানুহৰ মাজত প্ৰচাৰ কৰাটোও আমাৰ দায়িত্ব। সৃষ্টিশীল জগতৰ আমাৰ বন্ধু, ইনফ্লুয়েন্সাৰ আৰু চেলিব্ৰিটিসকলে এই প্ৰচেষ্টাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। 'ভ'কেল ফৰ লোকেল' মনোভাৱ নিজে আঁকোৱালি ল'বলৈ আৰু আনকো একে কামেই কৰিবলৈ অনুপ্ৰাণিত কৰিবলৈ আহ্বান জনাইছো।
বন্ধুসকল,
আপোনাৰ চৌপাশে নিশ্চয় বহু মানুহ আছে যিয়ে নিজৰ সৰু সৰু প্ৰচেষ্টাৰে সমাজত উল্লেখযোগ্য পৰিৱৰ্তন আনিছে। ‘মন কি বাত’ৰ বাবে তেওঁলোকৰ বিষয়ে লিখক কৰক। আপুনি শ্বেয়াৰ কৰা অভিজ্ঞতাবোৰ কাৰোবাৰ বাবে দেশৰ ক’ৰবাত নতুন প্ৰেৰণাৰ উৎস হৈ উঠিব পাৰে। আপোনালোকৰ পৰামৰ্শ আৰু অভিজ্ঞতাৰ বাবে আগ্ৰহেৰে বাট চাইছো।
আপোনালোকক অশেষ ধন্যবাদ।
***
MJPS/SS/ST/VK/DM
(ৰিলিজ আই ডি : 2304649)
অতিথি কক্ষ : 7