গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়
পিঁয়াজৰ উপলব্ধতা নিশ্চিত কৰিবলৈ বজাৰত সঠিক হস্তক্ষেপৰ ব্যৱস্থা
দিল্লী-এনচিআৰত প্ৰতি কিলোগ্ৰামত ৩৫ টকা দৰত পিঁয়াজ বিক্ৰী,পিঁয়াজৰ যোগান পৰ্যাপ্ত হৈয়েই আছে
কাণ্ডা এক্সপ্ৰেছে গতিশীলতা তথা মজুত বৃদ্ধি কৰি মূল্যৰ স্থিৰতা বজাই ৰাখিছে
পোষ্ট কৰা হৈছে:
27 AUG 2026 7:37PM by PIB Guwahati
সুলভ মূল্যত পিঁয়াজৰ পৰ্যাপ্ত উপলব্ধতা নিশ্চিত কৰাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। এই হস্তক্ষেপৰ অংশ হিচাপে সমগ্ৰ দিল্লী-এনচিআৰত খুচুৰা বিপণী আৰু মোবাইল বিতৰণ পইণ্টৰ জৰিয়তে প্ৰতি কিলোগ্ৰামত ৩৫ টকা দৰত পিঁয়াজ উপলব্ধ কৰা হৈছে। বজাৰৰ প্ৰচলিত পৰিস্থিতিৰ প্ৰতি সঁহাৰি জনাই এই হস্তক্ষেপ গ্ৰহণ কৰা হৈছে আৰু ইয়াৰ লক্ষ্য হৈছে গ্ৰাহকক উপকৃত কৰা , মূল্যৰ চাপ হ্ৰাস কৰা আৰু বজাৰত পৰ্যাপ্ত পৰিমাণৰ পিঁয়াজ উপলব্ধ হৈ থকাটো নিশ্চিত কৰা।





কাণ্ডা এক্সপ্ৰেছৰ পদক্ষেপে উৎপাদন হোৱা অঞ্চলৰ পৰা প্ৰধান উপভোগ কেন্দ্ৰলৈ পিঁয়াজ স্থানান্তৰ কৰাত সহায় কৰি চৰকাৰৰ লজিষ্টিক সঁহাৰি শক্তিশালী কৰিছে। ২০২৪-২৫ চনৰ ভিতৰত প্ৰায় ১২ হাজাৰ মেট্ৰিক টন পিঁয়াজ ১৪টা ৰে’লৱে ৰেকৰ জৰিয়তে পাঁচখন চহৰলৈ পৰিবহণ কৰা হৈছিল। ২০২৫-২৬ চনত এই পদক্ষেপৰ বৃহৎ সম্প্ৰসাৰণৰ ঘটিছে, ৮৬টা ৰে’লৱে ৰেকে দেশৰ ১৬খন চহৰলৈ প্ৰায় ৮৮,০০০ মেট্ৰিক টন পিয়াঁজ পৰিবহণ কৰিছে।
চলি থকা হস্তক্ষেপৰ বাবে ৰে’ল আৰু পথ দুয়োটা নেটৱৰ্কৰ জড়িয়তে পিঁয়াজ স্থানান্তৰ কৰা হৈছে। বৈজ্ঞানিক পদ্ধতিৰে পিঁয়াজৰ সংৰক্ষণ আৰু কাৰ্যক্ষম বিতৰণত সহায়ক হোৱাকৈ চেণ্ট্ৰেল ৱেৰহাউচিং কৰ্পোৰেচনকো এই ব্যৱস্থাত সামৰি লোৱা হৈছে।
***
RT/ SB / ARC/DM
(ৰিলিজ আই ডি : 2304603)
অতিথি কক্ষ : 10