ব্যক্তি, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়
ৰাজহুৱা পৰীক্ষাত সংস্কাৰৰ বাবে পৰামৰ্শ আহ্বান উচ্চ ক্ষমতাসম্পন্ন টাস্ক ফ’ৰ্চৰ
পোষ্ট কৰা হৈছে:
28 AUG 2026 4:03PM by PIB Guwahati
ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ দ্বাৰা পৰিচালিত পৰীক্ষাসমূহকে ধৰি ৰাজহুৱা পৰীক্ষাসমূহ পৰিচালনা, সুৰক্ষা আৰু প্ৰশাসনিক ব্যৱস্থাসমূহ পৰ্যালোচনা তথা ব্যাপকভাৱে পৰামৰ্শ আগবঢ়াবলৈ শ্ৰী নন্দন নিলেকানীৰ অধ্যক্ষতাত কেন্দ্ৰীয় চৰকাৰে এখন উচ্চ ক্ষমতাসম্পন্ন টাস্ক ফ’ৰ্চ (এইচ পি টি এফ) গঠন কৰিছে।
এই টাস্ক ফ’ৰ্চে প্ৰতিষ্ঠানিক ব্যৱস্থা আৰু প্ৰক্ৰিয়াসমূহ শক্তিশালী কৰা, পৰীক্ষাৰ অখণ্ডতা আৰু সুৰক্ষা নিশ্চিত কৰিবলৈ উপযুক্ত প্ৰযুক্তিৰ ব্যৱহাৰ, পৰীক্ষাৰ আন্তঃগাঁথনি বৃদ্ধি, সুলভতা আৰু সৰ্বাংগীণতাক প্ৰসাৰিত কৰা, ছাত্ৰ-ছাত্ৰীৰ অনুকূল ব্যৱস্থা ৰূপায়ণৰ বিষয়ে আলোচনা কৰি আছে। ইয়াৰ উদ্দেশ্য হৈছে এক শক্তিশালী, নিৰাপদ, স্বচ্ছ, সমতাপূৰ্ণ আৰু ভৱিষ্যতৰ বাবে সাজু ৰাজহুৱা পৰীক্ষা ব্যৱস্থা গঢ়ি তোলা।
এই অনুশীলনৰ অংশ ৰূপে উচ্চ ক্ষমতাসম্পন্ন টাস্ক ফ’ৰ্চে সকলো অংশীদাৰৰ অভিজ্ঞতা, জ্ঞান আৰু দৃষ্টিভংগীক অত্যন্ত মূল্যৱান বুলি বিবেচনা কৰি তলত উল্লেখ কৰাসকলৰ পৰা পৰামৰ্শ বিচাৰিছে :
- শিক্ষাৰ্থী আৰু প্ৰাৰ্থী;
- পিতৃ-মাতৃ বা অভিভাৱক;
- শিক্ষক আৰু শিক্ষানুষ্ঠান;
- পৰীক্ষা অনুষ্ঠিত কৰা আৰু পৰীক্ষাৰ সামগ্ৰী প্ৰদান কৰা সংস্থা;
- বিষয় বিশেষজ্ঞ আৰু প্ৰযুক্তিৰ পেছাদাৰী লোক;
- উদ্যোগ সংস্থাসমূহ;
- নাগৰিক সমাজৰ সংগঠন; আৰু
- অন্যান্য ইচ্ছুক অংশীদাৰসকল
এই পৰামৰ্শসমূহ তলত দিয়া ক্ষেত্ৰসমূহৰ সৈতে জড়িত হ'ব পাৰে :
১. ৰাজহুৱা পৰীক্ষাসমূহ সুৰক্ষিতভাৱে অনুষ্ঠিত কৰা
২. পৰীক্ষাৰ গাঁথনি আৰু মূল্যায়ন পদ্ধতি
৩. প্ৰশাসন, দায়বদ্ধতা আৰু প্ৰতিষ্ঠানিক ব্যৱস্থা
৪. পৰীক্ষাত হোৱা অসৎ উপায় প্ৰতিৰোধ, চিনাক্তকৰণ আৰু প্ৰতিকাৰ
৫. নিৰাপদ কম্পিউটাৰভিত্তিক পৰীক্ষাকে ধৰি প্ৰযুক্তিৰ ব্যৱহাৰ
৬. পৰীক্ষাৰ আন্তঃগাঁথনি সৃষ্টি আৰু উন্নীতকৰণ
৭. সামাজিক, অৰ্থনৈতিক, আঞ্চলিক আৰু ভাষিক গোটসমূহৰ মাজত উন্নত প্ৰৱেশৰ বাবে সৰ্বাংগীণ পৰীক্ষাৰ কাঠামো
৮. স্বচ্ছতা, অভিযোগ নিষ্পত্তি আৰু অংশীদাৰসকলৰ সৈতে যোগাযোগ
৯. সমগ্ৰ পৰীক্ষা প্ৰক্ৰিয়াত ছাত্ৰ-ছাত্ৰীৰ কল্যাণ বৃদ্ধিৰ ব্যৱস্থা, আৰু
১০. পৰীক্ষা ব্যৱস্থা উন্নত কৰাৰ ক্ষেত্ৰত অন্যান্য যিকনো পদক্ষেপ
সকলো অংশীদাৰকে তলত দিয়া মাধ্যমসমূহৰ জৰিয়তে ১৩ ছেপ্টেম্বৰ, ২০২৬ৰ ভিতৰত নিজৰ নিজৰ পৰামৰ্শসমূহ দাখিল কৰিবলৈ অনুৰোধ জনোৱা হৈছে :
ৱেবছাইট : https://examreforms-taskforce.dopt.gov.in
ফোন : ১৮০০-১৮০-৪৭৪৭
হোৱাটছএপ : +৯১৭৮২৭০৪২৮৩০লৈ “hptf” প্ৰেৰণ কৰক বা https://wa.me/917827042830?text=hptfত ক্লিক কৰক
ইমেইল : ExamReformsTaskforce@dopt.gov.in
ইংৰাজী, হিন্দী আৰু আঞ্চলিক ভাষাত পৰামৰ্শসমূহ প্ৰেৰণ কৰিব পাৰিব।
ৰাজহুৱা আলোচনাৰ পৰা লাভ কৰা পৰামৰ্শসমূহে উচ্চ ক্ষমতাসম্পন্ন টাস্ক ফ’ৰ্চক চৰকাৰক পৰামৰ্শ প্ৰস্তুত কৰাত সহায় কৰিব।
এইচ পি টি এফে সকলো অংশীদাৰৰ পৰা সক্ৰিয়, গঠনমূলক আৰু ব্যাপক অংশগ্ৰহণ আশা কৰে।
অধিক তথ্য আৰু পৰামৰ্শৰ বাবে তলৰ লিংকটো চাওক : https://examreforms-taskforce.dopt.gov.in
পৰামৰ্শ দাখিলৰ অন্তিম তাৰিখ : ১৩ ছেপ্টেম্বৰ, ২০২৬।

*****
NKR/AV/KD
(ৰিলিজ আই ডি : 2304457)
অতিথি কক্ষ : 8