গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

গুজৰাটৰ আমৰেলীত ‘গুজৰাট গৌৰৱ সৰোৱৰ’ উদ্বোধন কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰত জল শক্তি মন্ত্ৰালয় প্ৰতিষ্ঠা কৰিছে; তেওঁৰ এই প্ৰচেষ্টাৰ ফলত সমগ্ৰ দেশতে বান্ধসমূহৰ জলসিঞ্চনৰ ক্ষমতা ১৬০%লৈ বৃদ্ধি পাইছে

৪০০ নিযুত লিটাৰ ক্ষমতাৰে ২১ একৰ ভূমিত বিস্তৃত ‘গুজৰাট গৌৰৱ সৰোবৰ’-এ কৃষি আৰু খোৱাপানীৰ বাবে পানীৰ উপলব্ধতা নিশ্চিত কৰাৰ লগতে ভূগৰ্ভস্থ পানী সংৰক্ষণতো সহায় কৰিব

মোদী জীৰ নেতৃত্বত গভীৰ জলসিঞ্চন ব্যৱস্থা, স্প্ৰিংকলাৰ জলসিঞ্চন ব্যৱস্থা আৰু ‘বৰষুণ ধৰক’ অভিযান ৰূপায়ণ কৰা হৈছে, যাতে প্ৰতি টোপাল পানীয়ে মাটিক পুনৰ ভৰাই তোলে

সমগ্ৰ উত্তৰ আৰু মধ্য গুজৰাটৰ প্ৰায় ১০ হাজাৰ জলাশয়ত নৰ্মদা নদীৰ পানী জমা হৈ আছে

জলাশয় আৰু চেক বান্ধৰ সংখ্যা বৃদ্ধি পোৱাৰ ফলত কৃষি উৎপাদন উন্নত হোৱাৰ লগতে সেউজ আৱৰণৰ সম্প্ৰসাৰণ ঘটিছে

যদি আমি বৰষুণৰ প্ৰতিটো টোপাল সংৰক্ষণ কৰি ভূগৰ্ভস্থ পানীৰ স্তৰ বৃদ্ধি কৰো তেন্তে দেশখনে কেতিয়াও খৰাং পৰিস্থিতিৰ সন্মুখীন নহ’ব

মোদী জীয়ে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰা - প্ৰথমে মুখ্যমন্ত্ৰী হিচাপে আৰু পৰৱৰ্তী সময়ত প্ৰধানমন্ত্ৰী হিচাপে - ২০২৬ চনলৈকে গুজৰাটে কোনো ডাঙৰ খৰাং পৰিস্থিতিৰ সন্মুখীন হোৱা নাই

পোষ্ট কৰা হৈছে: 27 AUG 2026 5:29PM by PIB Guwahati

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ  মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি গুজৰাটৰ আমৰেলীত ‘গুজৰাট গৌৰৱ সৰোৱৰ’ উদ্বোধন কৰে। ‘গুজৰাট গৌৰৱ সৰোবৰ’ হৰিকৃষ্ণ গ্ৰুপ আৰু ঢোলকীয়া ফাউণ্ডেচনৰ উদ্যোগত নিৰ্মাণ কৰা হৈছে। এই উপলক্ষ্যে আয়োজিত অনুষ্ঠানত  গুজৰাটৰ উপ-মুখ্যমন্ত্ৰী শ্ৰীযুত হৰ্ষ সাংভীকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

https://static.pib.gov.in/WriteReadData/userfiles/image/2026/aug/image001_20260827173016_d2b8eb.jpg

অনুষ্ঠানত ভাষণ আগবঢ়াই  কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে কয় যে মৎস্য পুৰাণৰ মতে কুঁৱা, ষ্টেপৱেল আৰু পুখুৰী নিৰ্মাণ কৰাসকলে বিশেষ যোগ্যতা অৰ্জন কৰে। তেওঁ কয় যে আজিকালি কম বৰষুণ হোৱাৰ  পৰিপ্ৰেক্ষিতত যদি আমি বৰষুণৰ প্ৰতিটো টোপাল  সংৰক্ষণ  কৰি ভূগৰ্ভস্থ পানীৰ স্তৰ বৃদ্ধি কৰিবলৈ চেষ্টা কৰো তেন্তে দেশত বা ৰাজ্যত কেতিয়াও খৰাং পৰিস্থিতিৰ আশংকা নাথাকিব। তেওঁ কয় যে ৪০০ নিযুত লিটাৰ ক্ষমতাৰে ২১ একৰ ভূমিত বিস্তৃত ‘গুজৰাট গৌৰৱ সৰোবৰ’-এ কৃষি আৰু খোৱাপানীৰ বাবে পানীৰ উপলব্ধতা নিশ্চিত কৰাৰ  লগতে ভূগৰ্ভস্থ পানী সংৰক্ষণত সহায় কৰিব।

গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে কবি কালাপীয়ে "প্ৰজাৰ ভাগ্যই ৰজাৰ স্বভাৱক প্ৰতিফলিত কৰে" বুলি উল্লেখ কৰি এটা সুন্দৰ কবিতা লিখিছিল। তেওঁ কয় যে ২০০১ চনত যেতিয়া প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী গুজৰাটৰ মুখ্যমন্ত্ৰী হৈছিল তেতিয়া সমগ্ৰ সৌৰাষ্ট্ৰ আৰু উত্তৰ গুজৰাট অঞ্চলত পানীৰ অভাৱ ক্ষিপ্ৰতাৰে সমাধান কৰা হৈছিল আৰু খৰাং অতীতৰ কথা হৈ পৰিছিল।

শ্ৰী অমিত শ্বাহে কয় যে মোদী জী মুখ্যমন্ত্ৰী আৰু পিছলৈ প্ৰধানমন্ত্ৰী হোৱাৰ পিছত ২০২৬ চনলৈকে গুজৰাটে কোনো বৃহৎ খৰাং পৰিস্থিতিৰ সন্মুখীন হোৱা নাই। দুই এখন সৰু গাঁৱত কিছু বৰষুণ হৈছিল যদিও আগৰ দৰে গৰু আদি ভালছাদলৈ নিবলগীয়া হোৱা পৰিস্থিতিৰ সৃষ্টি হোৱা নাছিল। শ্ৰী শ্বাহে মুখ্যমন্ত্ৰী হোৱাৰ পিছত ২০০৩ চনৰ ভিতৰত মোদী জীয়ে ডেৰ লাখ চেক মথাউৰি নিৰ্মাণ কৰিছিল বুলিও কয়।তেওঁ কয় যে ১৯৬৪ চনত তদানীন্তন প্ৰধানমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰা নৰ্মদা প্ৰকল্পৰ দুৱাৰ মুকলি হৈছিল যেতিয়া মোদী জী প্ৰধানমন্ত্ৰী হৈছিল। এই প্ৰকল্পৰ বাবেই নৰ্মদাৰ পানী সমগ্ৰ সৌৰাষ্ট্ৰ, কুচ্চ আৰু খাৱড়াত বিয়পি পৰিল। যেতিয়া পানী ৰাহি হ’বলৈ ধৰিলে, তেতিয়াই আৰম্ভ হ’ল সৌনি যোজনা। উদ্বৃত্ত পানী সৌনি যোজনাৰ জৰিয়তে সৌৰাষ্ট্ৰৰ বান্ধ আৰু নদীলৈ প্ৰেৰণ কৰা হৈছিল। উত্তৰ আৰু মধ্য গুজৰাটৰ প্ৰায় ১০ হাজাৰ পুখুৰীত নৰ্মদা নদীৰ পানী জমা কৰি ৰখা হৈছে। তেওঁ কয় যে মোদী জীৰ নেতৃত্বত বহু লোকে অগণন পুখুৰী নিৰ্মাণ কৰিছে।

https://static.pib.gov.in/WriteReadData/userfiles/image/2026/aug/image002_20260827173025_135f69.jpg

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী হোৱাৰ পিছত মোদী জীয়ে জল শক্তি মন্ত্ৰালয় প্ৰতিষ্ঠা কৰে। তেওঁ কয় যে সন্তসকলে যুগ যুগ ধৰি কৈ আহিছে যে “পানীয়েই জীৱন,” কিন্তু ইয়াৰ আগৰ কোনো চৰকাৰে জল শক্তি মন্ত্ৰালয় স্থাপন কৰা নাছিল। তেওঁ কয় যে অতিৰিক্ত এটকাও খৰচ নকৰাকৈয়ে মোদী জীয়ে সমগ্ৰ দেশৰ বান্ধৰ  পৰা পলস  আঁতৰাই জলসিঞ্চনৰ ক্ষমতা ১৬০ শতাংশলৈ বৃদ্ধি কৰিছে। মোদী জীৰ নেতৃত্বত গভীৰ  জলসিঞ্চন ব্যৱস্থা, স্প্ৰিংকলাৰ জলসিঞ্চন ব্যৱস্থা আৰু “বৰষুণ ধৰো আহক” অভিযান আৰম্ভ কৰা হৈছে , যাতে প্ৰতিটো টোপাল পানী পুনৰ মাটিলৈ যায়। তেওঁ কয় যে আজি গুজৰাট খৰাং সমস্যাৰ পৰা বহুলাংশে মুক্ত হৈছে। ৰাজ্যখনত হ্ৰদ আৰু বান্ধৰ সংখ্যা বৃদ্ধি পাইছে, ইয়াৰ সমান্তৰালকৈ খেতিৰ ক্ষেত্ৰও বৃদ্ধি পাইছে। নদীক সজীৱ কৰাৰ লগতে  পুখুৰী নিৰ্মাণ কৰাৰ ফলত  বহু ক্ষেত্ৰত ভূগৰ্ভস্থ পানীৰ স্তৰ যথেষ্ট বৃদ্ধি পাইছে।

শ্ৰী অমিত শ্বাহে কয় যে সমগ্ৰ সৌৰাষ্ট্ৰৰ জল সংৰক্ষণৰ সংস্কৃতি এতিয়া নতুন প্ৰজন্মৰ মাজলৈ গৈছে। হাজাৰ হাজাৰ সন্ত আৰু লোকশিল্পীয়ে পানী সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ বাৰ্তা জনসাধাৰণৰ মাজলৈ কঢ়িয়াই লৈ গৈছে। তেওঁ কয় যে ২০০১ চনত গুজৰাট প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হৈছিল। প্ৰায় ৮০ শতাংশ পানী ভাৰুচ  অঞ্চলটোত আছিল, আনহাতে সেই অঞ্চলত  জনসংখ্যা আছিল মাত্ৰ ১৬ শতাংশ। ৮৫ শতাংশ জনসংখ্যাই য’ত বাস কৰিছিল তাত মাত্ৰ ১৪ শতাংশ পানীহে আছিল। জনশক্তি, জনসচেতনতা আৰু গণ আন্দোলনৰ জৰিয়তে এই বিশাল ব্যৱধান দূৰ কৰিবলৈ মোদী জীয়ে চেষ্টা কৰিছিল। তেওঁ কয় যে সৌনি যোজনাৰ জৰিয়তে নৰ্মদাৰ  পানী সৌৰাষ্ট্ৰলৈ লৈ যোৱা হৈছিল আৰু উত্তৰ গুজৰাটৰ সুজালাম সুফলাম যোজনাৰ জৰিয়তে বহু গাঁৱত পানীৰ স্তৰ বৃদ্ধি কৰাৰ প্ৰচেষ্টা চলোৱা হৈছিল। তেওঁ কয় যে আজি গুজৰাট সঁচাকৈয়ে খৰাংমুক্ত হৈ পৰিছে। হ্ৰদ আৰু চেক বান্ধ  বাঢ়িছে, খেতি ভাল হৈছে, সেউজীয়াৰ আৱৰণ  বাঢ়িছে, বৰষুণো ভাল হৈছে। ২০০১ চনৰ পৰা ২০২৬ চনলৈ খৰাং পৰিস্থিতি ক’তো দেখা পোৱা নাই। এয়া মোদী জীৰ আঁচনিৰ ফল।

https://static.pib.gov.in/WriteReadData/userfiles/image/2026/aug/image003_20260827173034_582faf.jpg

গৃহমন্ত্ৰীগৰাকীয়ে কয় যে হৰিকৃষ্ণ গোটৰ প্ৰতিষ্ঠাপক শ্ৰী সাৱজী ধোলাকিয়াই তেওঁক কৈছে  যে তেওঁ পদ্মশ্ৰীৰ বাবে চৰকাৰক কোনো অনুৰোধ কৰা নাছিল, তথাপিও তেওঁক সন্মান দিয়া হৈছে। শ্ৰী শ্বাহে কয় যে জল সংৰক্ষণৰ বাবে ২০৮টা হ্ৰদ নিৰ্মাণ কৰা কোনোবাই যদি এতিয়াও পদ্মশ্ৰীৰ অনুৰোধ কৰিবলগীয়া হয় তেন্তে বহুতেই আমাৰ চৰকাৰক অকামিলা  বুলি গণ্য কৰিব। এনে উদাৰ কাম দেখা নোপোৱা  চৰকাৰক চৰকাৰ বুলি ক’ব নোৱাৰি। শ্ৰী শ্বাহে কয় যে পদ্মশ্ৰী, পদ্মভূষণ, পদ্মবিভূষণ আৰু ভাৰতৰত্ন পৰিয়ালৰ কোনো সদস্য বা চিনাকিসকলৰ সন্তুষ্টিৰ বাবে দিয়া  সন্মান নহয়। প্ৰশংসাৰ কোনো আকাংক্ষা নোহোৱাকৈয়ে সমগ্ৰ জীৱন ভাৰত মাতৃৰ প্ৰতি উৎসৰ্গা কৰা সকলৰ বাবে এই সন্মান।

 

*****

RK/RR/PR/PS/DM


(ৰিলিজ আই ডি : 2304184) অতিথি কক্ষ : 12