গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

আহমেদাবাদত গুজৰাট বিদ্যাপীঠৰ ৭২ সংখ্যক সমাৱৰ্তন অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে

ভাৰতীয় জীৱনশৈলী, মূল্যবোধ আৰু পৰম্পৰাই মহাত্মা গান্ধীৰ বাৰ্তাৰ ভেটি গঠন কৰে; সেয়েহে তেওঁৰ বাৰ্তা কেতিয়াও পুৰণি নহ’ব

১৯২০ চনৰ ১৮ অক্টোবৰত প্ৰতিষ্ঠা হোৱা গুজৰাট বিদ্যাপীঠ নিৰন্তৰ পৰীক্ষা-নিৰীক্ষাৰ জৰিয়তে ভাৰতীয় শিক্ষা ব্যৱস্থাৰ বিকাশৰ এক গৱেষণা কেন্দ্ৰত পৰিণত হৈছে

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয়, ‘মায়ে মোক খাদী পিন্ধাৰ আজীৱন প্ৰতিশ্ৰুতি দিবলৈ বাধ্য কৰাইছিল

খাদী আৰু গ্ৰাম্য উদ্যোগৰ ব্যৱসায় ২০১৩–১৪ চনত ৩১,০০০ কোটি টকা আছিল, যিটো ২০২৫–২৬ চনত ১.৮৭ লাখ কোটিলৈ বৃদ্ধি পাইছে

প্ৰকৃত শিক্ষা হ’ল সেয়া যিয়ে হাতৰ দক্ষতা, হৃদয়ৰ প্ৰতি সংবেদনশীলতা আৰু মনক বিবেকৰ দ্বাৰা পৰিচালিত কৰাটো শিকায়

মহাত্মা গান্ধীয়ে ধৰ্মান্তৰকৰণক পাপ বুলি অভিহিত কৰি প্ৰতিজন ব্যক্তিক নিজৰ ‘স্বধৰ্ম’ অনুযায়ী জীৱন যাপন কৰিবলৈ প্ৰেৰণা যোগাইছিল।

গান্ধীজীয়ে ‘নৱনিৰ্মাণ’ৰ নহয়, ‘পুনৰ-নিৰ্মাণ’ৰ কথাহে কৈছিল, এই মনোভাৱৰ দ্বাৰা পৰিচালিত হৈ মোদী চৰকাৰে সংস্কৃতি, সমৃদ্ধি, নিৰাপত্তা, আত্মনিৰ্ভৰশীলতা আৰু নেতৃত্বত নৈতিকতাক নিজৰ প্ৰগতিৰ ভেটি কৰি দেশখনক আগুৱাই লৈ গৈছে

গান্ধী জীয়ে বিশ্বাস কৰিছিল যে আমাৰ থলুৱা ভাষা, সংস্কৃতি আৰু শ্ৰম অবিহনে স্বাধীনতা অসম্পূৰ্ণ হৈ থাকিব, নিজৰ ভাষা অবিহনে স্বৰাজ লাভ কৰিব নোৱাৰি

যুৱ প্ৰজন্মৰ প্ৰতি আহ্বানঃ কেৱল নিজৰ বাবেই নহয়, দেশ, সমাজ আৰু দুখীয়াৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰক, যিমানেই প্ৰত্যাহ্বানৰ সৃষ্টি নহওক কিয়, আপোনালোক কেতিয়াও হতাশ নহ’ব

‘নিজৰ ভাষাত কথা ক’লে মই হীনমন্যতাত ভুগিম’ বুলি ভবা মানসিকতাতকৈ বেয়া মানসিকতা আন একো নাই।’ ভাষাই আমাক আমাৰ দেশৰ মূল্যবোধ, ইয়াৰ ইতিহাস আৰু আমাৰ শিপাৰ সৈতে সংযোগ কৰে

মহাত্মা গান্ধীয়ে গ্ৰাম স্বৰাজ, গ্ৰাম সমৃদ্ধি আৰু সমবায়ৰ বিষয়ত গুৰুত্ব আৰোপ কৰিছিল, মোদী চৰকাৰে এই তিনিওটা দিশতে নতুনকৈ অসংখ্য পদক্ষেপ গ্ৰহণ কৰিছে

পোষ্ট কৰা হৈছে: 27 AUG 2026 8:59PM by PIB Guwahati

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ  মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি আহমেদাবাদত গুজৰাট বিদ্যাপীঠৰ ৭২ সংখ্যক সমাৱৰ্তন অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাষণ দিয়ে। এই উপলক্ষ্যে  আয়োজিত অনুষ্ঠানত গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰতকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

WhatsApp Image 2026-08-27 at 20.23.12.jpeg

সমাৱৰ্তন অনুষ্ঠানত ভাষণ আগবঢ়াই  কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে আজি গুজৰাট বিদ্যাপীঠৰ ৯০০ ছাত্ৰ-ছাত্ৰীয়ে ডিগ্ৰী লাভ কৰি সামাজিক জীৱনত প্ৰৱেশ কৰিছে আৰু এই ছাত্ৰ-ছাত্ৰীসকলৰ জীৱনত এয়া এক বহুমূলীয়া মুহূৰ্ত।

শ্ৰী অমিত শ্বাহে কয় যে তেওঁ সৰুৰে পৰা মহাত্মা গান্ধীৰ প্ৰশংসক। তেওঁৰ মাতৃও মহাত্মা গান্ধীৰ এগৰাকী  নিষ্ঠাবান অনুগামী আছিল । শ্ৰী শ্বাহে কয় যে জীৱনৰ প্ৰথম বছৰবোৰত তেওঁ খাদী বোৱাৰ লগতে সূতাও কাটিছিল। তেওঁ কয় যে মাকে গোটেই জীৱন খাদী পিন্ধিবলৈ তেওঁক  শপত লোৱাইছিল।

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে গুজৰাট বিদ্যাপীঠ হৈছে সেই ঠাই য’ত  স্বাধীনতা সংগ্ৰামৰ সময়ত  দেশৰ স্বাধীনতা লাভৰ বাবে কৌশল প্ৰণয়ন কৰা হৈছিল, আৰু য’ত আচাৰ্য জে বি কৃপালনী আৰু কাকা চাহেব কলেলকাৰৰ দৰে মহান ব্যক্তিয়ে ভাৰতীয়ত্ব আৰু মাতৃভাষাৰ বাবে জনসাধাৰণক জাগ্ৰত কৰাৰ বাবে কাম কৰিছিল। তেওঁ কয় যে মহাত্মা গান্ধীয়ে যেতিয়া গুজৰাট বিদ্যাপীঠৰ ভেটি স্থাপন কৰিছিল তেতিয়া তেওঁ সিদ্ধান্ত লৈছিল যে ভাৰত মুক্ত হোৱাৰ পিছত গুজৰাট বিদ্যাপীঠে নিজেই ভাৰতীয় শিক্ষা ব্যৱস্থাৰ আৰ্হি সৃষ্টি কৰিব।

WhatsApp Image 2026-08-27 at 20.24.16.jpeg

শ্ৰী অমিত শ্বাহে আজি গুজৰাট বিদ্যাপীঠৰ পৰা ডিগ্ৰী লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলক কেম্পাছ এৰি যোৱাৰ পূৰ্বে নিজৰ জীৱনৰ লক্ষ্য নিশ্চিতভাৱে নিৰ্ধাৰণ কৰিবলৈ আহ্বান জনায়। সেই লক্ষ্য নিৰ্ধাৰণ কৰি লক্ষ্যত উপনীত হ’ব নে নহ’ব সেই বিষয়ে মনত কোনো ধৰণৰ দ্বিধা থাকিব নালাগে বুলিও তেওঁ কয়। তেওঁ কয় যে কামটো কৰিব পৰা যাব নে নাযায় সেয়া  কেতিয়াও ভাবিব নালাগে, বৰঞ্চ কামটো কৰাৰ যোগ্য নে হয় নে নহয় সেয়াহে ভাবিব লাগে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে ছাত্ৰ-ছাত্ৰীসকলক কয় যে কেতিয়াও নিজৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰিব নালাগে, বৰঞ্চ দেশ , সমাজ, জনসাধাৰণৰ বাবে আৰু বিশেষকৈ দুখীয়াৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰিব লাগে। সমাজ আৰু দেশৰ বাবে যদি এটা লক্ষ্য নিৰ্ধাৰণ কৰা হয়, তেন্তে বিজয় বা পৰাজয়ৰ বোজা আপোনাৰ ওপৰত নাথাকিব। জীৱনত যিমানেই অসুবিধাৰ সন্মুখীন নহওক কিয়, কেতিয়াও হতাশাক স্থান নিদিব। যদি নিজৰ আৰু পৰিয়ালৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰা হয়, তেন্তে অসুবিধা আহি পৰিলে  হতাশাৰ সৃষ্টি হ’ব পাৰে, আনকি কোনোবাই বাট হেৰুৱাবও পাৰে। নিজৰ উদাহৰণ দি শ্ৰী শ্বাহে কয় যে তেওঁ জীৱনত বহু অসুবিধাৰ সন্মুখীন হৈছিল, কিন্তু তেওঁ কেতিয়াও হতাশ হোৱা নাছিল। কাৰণ তেওঁ কয় যে তেওঁ নিৰ্ধাৰণ কৰা লক্ষ্য নিজৰ বাবেও নাছিল, পৰিয়ালৰ বাবেও নাছিল। সেইবাবেই তেওঁৰ কামৰ উৎসাহ সদায় অক্ষুণ্ণ হৈ থাকিল। তেওঁ কয় যে তেওঁক নিৰুৎসাহিত কৰিবলৈ সকলো চেষ্টা চলোৱাৰ পিছতো তেওঁ কেতিয়াও হতাশ হোৱা নাছিল।

WhatsApp Image 2026-08-27 at 20.24.45.jpeg

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে তেওঁ জীৱনত বহু মহান ব্যক্তিৰ বিষয়ে পঢ়িছে, বুজি পাইছে আৰু গ্ৰহণ কৰিছে। অৱশ্যে মহাত্মা গান্ধীৰ বাৰ্তা তেতিয়াও প্ৰাসংগিক আছিল, আজিও প্ৰাসংগিক, আগন্তুক এশ বছৰলৈও প্ৰাসংগিক হৈ থাকিব। তেওঁ কয় যে গান্ধীজীৰ এই বাৰ্তাই সমগ্ৰ বিশ্বৰ কল্যাণৰ পথ দেখুৱাইছে। ভাৰতীয়ৰ জীৱন-ধাৰণৰ পদ্ধতি, ভাৰতীয় মূল্যবোধ আৰু পৰম্পৰা গান্ধীজীৰ বাৰ্তাৰ মৌলিক ভিত্তি আৰু সেয়েহে, ই কেতিয়াও অপ্রাসংগিক হৈ নপৰে।

শ্ৰী অমিত শ্বাহে কয় যে আজি গুজৰাট বিদ্যাপীঠৰ পৰা ৯০০ ছাত্ৰ-ছাত্ৰীয়ে ডিগ্ৰী আৰু ১১ টা স্বৰ্ণ পদক লৈ স্নাতক ডিগ্ৰী লাভ কৰিছে। আগলৈ গৈ তেওঁলোকে বহু পাৰিবাৰিক আৰু সামাজিক প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লাগিব, কিন্তু দৈনন্দিন অনুশীলন আৰু আত্ম-অধ্যয়নৰ জৰিয়তে এইবোৰ দূৰ কৰিব পৰা যাব। তেওঁ কয় যে গুজৰাট বিদ্যাপীঠ মহাত্মা গান্ধীৰ মৌলিক শিক্ষাৰ ধাৰণাটোৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে, য’ত গাঁওকেন্দ্ৰিক উন্নয়ন আৰু “আত্ম”ৰ পৰা “অন্য”লৈ পৰিৱৰ্তনৰ ওপৰত গুৰুত্ব দিয়া হৈছে—অৰ্থাৎ এনে শিক্ষা যিয়ে আমাক কেৱল নিজৰ কথাতকৈ সকলোৰে কথা চিন্তা কৰিবলৈ শিকায়। তেওঁ কয় যে ভাৰতলৈ উভতি অহাৰ পিছত মহাত্মা গান্ধীয়ে গোপাল কৃষ্ণ গোখলেৰ পৰামৰ্শ মতে দেশৰ বিভিন্ন প্ৰান্ত ভ্ৰমণ কৰিছিল। ভাষা, উপভাষা, সাজ-পোছাক, খাদ্যাভ্যাস আৰু ধৰ্মৰ অপৰিসীম বৈচিত্ৰ্যৰ মাজেৰে  উভতি আহোঁতে তেওঁ চম্পাৰণত ড° ৰাজেন্দ্ৰ প্ৰসাদক কয় যে তেওঁ দেশত এক উল্লেখযোগ্য ঐক্যবোধৰ সাক্ষ্য প্ৰত্য কৰিছে।

তেওঁ অসংখ্য পৰীক্ষা-নিৰীক্ষাৰ জৰিয়তে এই ঐক্যক বাস্তৱলৈ পৰিণত কৰিবলৈ কাম কৰিছিল আৰু গুজৰাট বিদ্যাপীঠ এই প্ৰচেষ্টাসমূহৰ পৰীক্ষাগাৰত পৰিণত হৈছিল। শ্ৰী শ্বাহে কয় যে গান্ধীজীৰ চিন্তা আৰু পথ প্ৰদৰ্শন অনুসৰি ১৯২০ চনৰ ১৮ অক্টোবৰত গুজৰাট বিদ্যাপীঠ প্ৰতিষ্ঠা কৰা হয়।

WhatsApp Image 2026-08-27 at 20.25.03.jpeg

শ্ৰী অমিত শ্বাহে কয় যে মহাত্মা গান্ধীয়ে বিশ্বাস কৰিছিল যে আমাৰ ভাষা, সংস্কৃতি, শ্ৰম আৰু উদ্দেশ্য জাতীয় স্বাৰ্থৰ সৈতে সম্পৃক্ত নোহোৱালৈকে স্বাধীনতা অসম্পূৰ্ণ হৈয়েই থাকে। তেওঁৰ মতে নিজৰ ভাষা অবিহনে স্বৰাজ কেতিয়াও সম্ভৱ নহয়। তেওঁ কয় যে যদি আমি আমাৰ ধৰ্ম আৰু সংস্কৃতিৰ সৈতে সংযুক্ত নাথাকো তেন্তে স্বাধীনতাৰ কোনো অৰ্থ নাই। যদি আমাৰ শ্ৰম আৰু আমাৰ উদ্দেশ্য আমাৰ  দেশৰ লগত সংযুক্ত নহয়, তেন্তে স্বাধীনতা লাভ কৰাৰ পিছতো আমি ইয়াক ৰক্ষা কৰিব নোৱাৰিম।

গৃহমন্ত্ৰীগৰাকীয়ে কয় যে শিক্ষাৰ উদ্দেশ্য হ’ব লাগে হাত, হৃদয় আৰু মনৰ সুসম সংমিশ্ৰণৰ জৰিয়তে দেশক পুনৰ নিৰ্মাণ কৰা। শিক্ষাই হাতক দক্ষতা প্ৰদান কৰিব লাগে, হৃদয়ত সংবেদনশীলতা জাগ্ৰত কৰিব লাগে, প্ৰজ্ঞা আৰু বিবেচনাৰ লগতে মনক জ্ঞানেৰে সজ্জিত কৰিব লাগে। তেওঁ কয় যে কেৱল জ্ঞানেৰে ভৰা মনটোৱে অহংকাৰৰ জন্ম দিব পাৰে, আনহাতে জ্ঞান আৰু প্ৰজ্ঞাৰে সমৃদ্ধ মনটোৱে নম্ৰতা আৰু পাণ্ডিত্যৰ পোষকতা কৰে।

শ্ৰী অমিত শ্বাহে কয় যে ৰাষ্ট্ৰীয় শিক্ষা নীতি (এন ই পি) ২০২০ পাঁচটা স্তম্ভৰ ওপৰত নিৰ্ভৰশীল—মাতৃভাষা, দক্ষতা, বহুবিষয়ক শিক্ষণ, ভাৰতীয় জ্ঞান পৰম্পৰা, আৰু সামগ্ৰিক ব্যক্তিত্বৰ বিকাশ। এক কথাত ভাৰতে যুগ যুগ ধৰি বিশ্বক প্ৰদান কৰি অহা সেই একেই শিক্ষা ব্যৱস্থা, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীয়ে এতিয়া ভাৰতৰ যুৱক-যুৱতীসকলৰ বাবে সেই শিক্ষা ব্যৱস্থাটোকে ঘূৰাই আনিছে। তেওঁ কয় যে ইয়াৰ মূল সত্তা সলনি নকৰাকৈয়ে সমগ্ৰ বিশ্বৰ আধুনিক উন্নতি ৰাষ্ট্ৰীয় শিক্ষা নীতিত অন্তৰ্ভুক্ত কৰা হৈছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে মহাত্মা গান্ধীয়ে সাতটা সামাজিক পাপ চিনাক্ত কৰিছে। এই সাতটা সামাজিক পাপ পৰিহাৰ কৰিলে সমাজৰ ৯০% অশুভ শক্তি  নাইকিয়া হ’ব পাৰে। ইয়াৰ ভিতৰত নীতিবিহীন ৰাজনীতি, নৈতিকতাবিহীন ব্যৱসায়, শ্ৰমবিহীন ধন, বিবেকহীন আনন্দ, চৰিত্ৰবিহীন জ্ঞান, মানৱতাবিহীন বিজ্ঞান, ত্যাগ  বিহীন পূজা। তেওঁ কয় যে সকলো যুৱকে এই সাতটা সামাজিক পাপৰ কথা সদায় মনত ৰাখিব লাগে। তেওঁ লগতে কয় যে আমাৰ কোনো এজনো হয়তো এনে মহান ব্যক্তি নাই যিয়ে দাবী কৰিব পাৰে যে আমি কেতিয়াও এই পাপবোৰৰ কোনো এটাও কৰা নাই । কিন্তু, যদি আমি সেইবোৰৰ প্ৰতি সচেতন হৈ থাকোঁ, তেন্তে   প্ৰলোভনৰ সন্মুখীন হ’লে আমি দ্বিধাবোধ কৰিম আৰু নিজকে ৰখাম; আৰু যদি আমি সেইবোৰৰ  কেতিয়াবা এটা কৰো, তেন্তে আমিও অনুতাপ কৰিবলৈ আৰু তাৰ প্ৰায়শ্চিত্ত কৰিবলৈ ইচ্ছুক হ’ম।শ্ৰী অমিত শ্বাহে কয় যে মহাত্মা গান্ধীয়ে অহিংসা, শাৰীৰিক শ্ৰম, জিভা  নিয়ন্ত্ৰণ, নিৰ্ভীকতা, সকলো ধৰ্মৰ প্ৰতি সন্মান, স্বদেশীক সমান সন্মান, অস্পৃশ্যতা দূৰ কৰাকে ধৰি ১১টা ব্ৰত নিৰ্ধাৰণ কৰিছিল। এই ১১ টা ব্ৰত আজিও প্ৰাসংগিক হৈ আছে, আৰু আমি সেইবোৰ পালন কৰি আগবাঢ়ি যোৱা উচিত। তেওঁ কয় যে গান্ধীজীয়ে ধৰ্মান্তৰকৰণক পাপ বুলি অভিহিত কৰিছিল। ছাত্ৰ-ছাত্ৰীসকলেও আজি নিজৰ ‘স্বধৰ্ম’ অনুযায়ী জীৱন যাপন কৰাৰ প্ৰতিশ্ৰুতি গ্ৰহণ কৰিছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে খাদী কেৱল কাপোৰ বা অৰ্থনৈতিক কাৰ্যকলাপ নহয়; ই জীৱনৰ প্ৰতিটো দিশতে স্বাধীনতাৰ আত্মাক বজাই ৰাখিব লাগে বুলি সোঁৱৰাই থাকে। তেওঁ কয় যে ২০১৩–১৪ চনত খাদী আৰু গ্ৰামোদ্যোগৰ ব্যৱসায় ৩১ হাজাৰ কোটি টকা আছিল, যিটো ২০২৫–২৬ চনত ১.৮৭ লাখ কোটি টকালৈ বৃদ্ধি পাইছে। তেওঁ কয় যে মহাত্মা গান্ধীয়ে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বিষয়ত যথেষ্ট গুৰুত্ব দিছিল আৰু আজি দেশত শৌচাগাৰ নথকা এটাও ঘৰ নাই। তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন প্ৰজন্মৰ মাজত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ মূল্যবোধক শিক্ষাৰ সৈতে একত্ৰিত কৰি জগাই তুলিবলৈ কাম কৰিছে।

শ্ৰী অমিত শ্বাহে কয় যে ভাষা জ্ঞান লাভৰ ক্ষেত্ৰত পৃথিৱীৰ কোনো ভাষা শিকাত কোনো আপত্তি নাই। কিন্তু নিজৰ ভাষাত কথা ক’লে মানুহ  নীচ হৈ পৰিব বুলি ভবাতকৈ একো   ডাঙৰ ভুল হ’ব নোৱাৰে। ভাষাই আমাক আমাৰ দেশৰ মূল্যবোধ, ইতিহাস আৰু শিপাৰ সৈতে সংযোগ কৰে। সেইবাবেই গান্ধীজীয়েও নিজৰ ভাষাৰ বিষয়ত  গুৰুত্ব আৰোপ কৰিছিল। তেওঁ কয় যে গান্ধীজীয়ে গ্ৰাম স্বৰাজ, গ্ৰাম সমৃদ্ধি আৰু সমবায়ৰ ক্ষেত্ৰতো  গুৰুত্ব আৰোপ কৰিছিল। এই তিনিওটা ক্ষেত্ৰতে নতুনকৈ কাম কৰি আছে মোদী চৰকাৰে।

গৃহমন্ত্ৰীগৰাকীয়ে কয় যে ঔপনিৱেশিক শাসনৰ সময়ছোৱাতো বাৰে বাৰে বিপৰ্যয়ৰ সন্মুখীন হোৱাৰ পিছতো গান্ধীজীয়ে সদায় ‘নৱনিৰ্মাণ’ শব্দটো ব্যৱহাৰ কৰাতকৈ, দেশৰ ‘পুনাৰ – নিৰ্মাণ’ শব্দটো ব্যৱহাৰ কৰিছিল। গান্ধীজীয়ে বিশ্বাস কৰিছিল যে হাজাৰ হাজাৰ বছৰ ধৰি পালন কৰা নীতিবোৰ অপৰিৱৰ্তিত হৈ থাকিব; কিন্তু আমি সেইবোৰৰ আধুনিকীকৰণ কৰিম আৰু পুনৰ্গঠনৰ কাম হাতত লম। শ্ৰী শ্বাহে কয় যে বিগত ১২ বছৰত দেশখনে পুনৰ নিৰ্মাণৰ পথত আগবাঢ়িছে। মোদী চৰকাৰে ২০১৪ চনৰ পৰা ২০২৬ চনলৈকে ৰাষ্ট্ৰৰ শক্তি, সমৃদ্ধি, নিৰাপত্তা, আত্মনিৰ্ভৰশীলতা আৰু নেতৃত্বৰ নৈতিকতাক মূল নীতি হিচাপে লৈ আগবাঢ়ি যোৱাৰ এক সংহত প্ৰচেষ্টা চলাইছে।

তেওঁ কয় যে দেশখনে স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ কৰাৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ যুৱক-যুৱতীসকলৰ সন্মুখত এটা সংকল্প ৰাখিছে যে ভাৰতৰ স্বাধীনতাৰ শতবাৰ্ষিকী ২০৪৭ চনৰ ভিতৰত ভাৰতে প্ৰতিটো ক্ষেত্ৰতে বিশ্বৰ ভিতৰতে এক নম্বৰ স্থান লাভ কৰিব লাগে। তেওঁ কয় যে আমি যদি এক নম্বৰ হওঁ তেন্তে আমি কেৱল নিজৰ কথাই নাভাবি সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডৰ কল্যাণৰ কথাও চিন্তা কৰিম। আমি শক্তিশালী হ’ম, কিন্তু আমাৰ শক্তিক জ্ঞান আৰু বিবেচনাৰে ব্যৱহাৰ কৰা হ’ব। আমি সমৃদ্ধিশালী হ’ম, কিন্তু সেই সমৃদ্ধি দেশৰ প্ৰতিজন নাগৰিকৰ বাবে আৰু সমগ্ৰ বিশ্বৰ প্ৰতিজন দুখীয়া ব্যক্তিৰ বাবে হ’ব। এই দৃষ্টিভংগীয়ে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰহণ কৰা ২০৪৭ চনত বিকশিত ভাৰতৰ দৃষ্টিভংগীক আজিৰ যুৱক-যুৱতীসকলৰ আগত দাঙি ধৰিছে।

****

RK/RR/PR/PS/DM

(ৰিলিজ আই ডি : 2304055) অতিথি কক্ষ : 11
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Punjabi , Gujarati