গৃহ মন্ত্ৰালয়
গুজৰাটৰ আহমেদাবাদত ট্ৰ’ইকা ফাৰ্মাচিউটিকেলছৰ উদ্যোগত অনুষ্ঠিত ফাৰ্মাইনোভা বঁটা প্ৰদান অনুষ্ঠান-২০২৬ত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে
প্ৰধানমন্ত্ৰী মোদী জীয়ে লক্ষ্য নিৰ্ধাৰণ কৰিছে যে ২০৪৭ চনৰ ভিতৰত ভাৰত প্ৰতিটো ক্ষেত্ৰতে — নিৰাপদ, শিক্ষিত, সভ্যতাৰ মূল্যবোধ ৰক্ষা কৰি উন্নয়নশীল তথা বিশ্বৰ আগশাৰীৰ অৰ্থনীতিৰ ভিতৰত প্ৰথম স্থানত থাকিব লাগিব
ভাৰতীয় ফাৰ্মা খণ্ড দেশৰ বাবে এক ৰাষ্ট্ৰীয় কৌশলগত সম্পদ আৰু ইয়াক উপেক্ষা কৰিব নালাগে, সেয়েহে মোদী চৰকাৰে পিআৰআইপি আঁচনিৰ জৰিয়তে ফাৰ্মা-মেডটেক খণ্ডত গৱেষণা তথা উদ্ভাৱনক প্ৰসাৰিত কৰিছে
ভাৰতে কেৱল ঔষধৰ ক্ষেত্রত স্বাৱলম্বী হোৱাই নহয়, মেড-ইন-ইণ্ডিয়া ঔষধ যাতে বিশ্বৰ প্রতিটো প্রান্তত প্রৱেশ কৰে সেয়াও সুনিশ্চিত হ’ব লাগিব৷
মোদী চৰকাৰৰ বাল্ক ড্ৰাগ পাৰ্ক আৰু মেডিকেল ডিভাইচ পাৰ্ক আঁচনিয়ে বিশ্বমানৰ উৎপাদন পৰিৱেশতন্ত্ৰৰ সৃষ্টি কৰিছে আৰু ঔষধ খণ্ডত ভাৰতক বিশ্ব মানচিত্ৰত প্ৰতিষ্ঠা কৰিছে
প্ৰতিটো কোম্পানীয়ে গৱেষণাক প্ৰসাৰিত কৰিব লাগিব আৰু গৱেষণাত নিয়োজিত মেধাৱী ছাত্ৰ-ছাত্ৰী তথা অধ্যাপকক উৎসাহিত কৰিব লাগিব, যদিহে আমি গৱেষণাক আগুৱাই নিব নোৱাৰো তেন্তে আমি আগবাঢ়িব নোৱাৰিম
ভাৰতে আজি ভেণ্টিলেটৰ নিৰ্মাণ কৰি আছে আৰু মোদী চৰকাৰে ২০২৮ চনৰ আগতে বেণ্ডেজৰ পৰা আৰম্ভ কৰি এম আৰ আই মেচিনলৈকে প্ৰতিটো চিকিৎসা সঁজুলি ভাৰততে নিৰ্মাণ কৰিবলৈ এক পৰিৱেশতন্ত্ৰ সৃষ্টি কৰিছে
আমাৰ যুৱক-যুৱতীসকলে আমেৰিকাৰ তুলনাত ২২ গুণ কম খৰচত এটা ব্যক্তিগত উপগ্ৰহ নিৰ্মাণ কৰি মহাকাশলৈ প্ৰেৰণ কৰিলে, আজি সমগ্ৰ দেশতে লাখ লাখ ষ্টাৰ্টআপৰ উত্থান ঘটিছে
“সফলতাৰ অৰ্থ হ’ল অসংখ্য ব্যৰ্থতাৰ সন্মুখীন হৈও নিৰ্ভয়ে আগবাঢ়ি যোৱাৰ সাহস”ঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ
যিখন ভাৰতক ২০১৪ চনত ‘ফ্ৰেজাইল ফাইভ’ৰ অংশ হিচাপে অভিহিত কৰা হৈছিল আৰু ‘নীতিগত পক্ষাঘাত’ত আক্ৰান্ত বুলি কোৱা হৈছিল, সেইখন ভাৰতেই আজি মোদী জীৰ নেতৃত্বত বিশ্বৰ অন্যতম শীৰ্ষ অৰ্থনীতি আৰু সৰ্ববৃহৎ উদীয়মান কেন্দ্ৰ হিচাবে পৰিগণিত হৈছে
স্বাস্থ্যসেৱা খণ্ডত আমি এক সামগ্ৰিক স্বাস্থ্যসেৱাৰ পদ্ধতি গ্ৰহণ কৰিছো আৰু একেলগে ৰোগীৰ যত্ন, স্বাস্থ্য আন্তঃগাঁথনি, ঔষধ, গৱেষণা তথা উন্নয়ন আৰু উৎপাদনৰ বিষয়ত কাম কৰিছো
ৰোগ প্ৰতিৰোধৰ আটাইতকৈ ফলপ্ৰসূ উপায় হ’ল অনাময় ব্যৱস্থা। প্ৰতিটো ঘৰতে শৌচাগাৰ, বিশুদ্ধ পানীৰ সুবিধা কৰি দিয়াৰ বাবে মোদী চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে
পোষ্ট কৰা হৈছে:
27 AUG 2026 9:31PM by PIB Guwahati
কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে আজি গুজৰাটৰ আহমেদাবাদত ট্ৰ’ইকা ফাৰ্মাচিউটিকেলছৰ উদ্যোগত অনুষ্ঠিত হোৱা ফাৰ্মাইনোভা বঁটা প্ৰদান অনুষ্ঠান-২০২৬ত মুখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰে।
ভাষণ প্ৰসংগত কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ সন্মুখত এটা লক্ষ্য নিৰ্ধাৰণ কৰিছে যে যেতিয়া ভাৰতে স্বাধীনতাৰ শতবাৰ্ষিকী উদযাপন কৰিব তেতিয়া দেশখনে প্ৰতিটো ক্ষেত্ৰতে বিশ্বৰ ভিতৰত এক নম্বৰ স্থান লাভ কৰিব লাগিব। ভাৰত নিৰাপদ, শিক্ষিত, সভ্যতামূলক মূল্যবোধ ৰক্ষা কৰি বিকশিত হোৱা উচিত আৰু বিশ্বৰ অৰ্থনীতিৰ ভিতৰত অগ্ৰণী স্থান দখল কৰা উচিত। এই সকলোবোৰ লাভ কৰিবলৈ ভাৰতৰ শক্তি আছে আৰু আমি এই শক্তিক সঠিক পথ দেখুৱাব লাগিব, সেই অনুসৰি নীতি প্ৰণয়ন কৰিব লাগিব তথা কাৰ্যকৰীকৰণৰ দৃষ্টিকোণৰ পৰা নীতিৰ কাঠামোক তৃণমূল পৰ্যায়লৈ নিব লাগিব। ২০১৪ চনত যেতিয়া মোদী জী দেশৰ প্ৰধানমন্ত্ৰী হৈছিল, তেতিয়া ভাৰত আছিল বিশ্বৰ ১১ সংখ্যক অৰ্থনীতি । মাত্ৰ যোৱা ১২ বছৰত আমি বিশ্বৰ চতুৰ্থ বৃহৎ অৰ্থনীতি হৈ পৰিছো।

শ্ৰী অমিত শ্বাহে কয় যে ক’ভিড সংকটে প্ৰমাণ কৰিলে যে ভাৰতে মহামাৰীক বিশ্বৰ ভিতৰতে সৰ্বোত্তম পদ্ধতিৰে চম্ভালিবলৈ সক্ষম হৈছে। তেওঁ কয় যে ইয়াৰ কাৰণ হ’ল সমগ্ৰ বিশ্বৰ চৰকাৰসমূহে ক’ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজি থকাৰ সময়তে ভাৰতত জনসাধাৰণ, ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে একেলগে ইয়াৰ বিৰুদ্ধে যুঁজিছিল।
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে আমাৰ যুৱক-যুৱতীসকলে আমেৰিকাৰ তুলনাত ২২ গুণ কম খৰচত এটা ব্যক্তিগত উপগ্ৰহ নিৰ্মাণ কৰি মহাকাশলৈ প্ৰেৰণ কৰিছে আৰু আজি সমগ্ৰ দেশতে লাখ লাখ ষ্টাৰ্টআপৰ উত্থান ঘটিছে। কোভিড-১৯ মহামাৰীৰ সময়ত ভাৰতবৰ্ষ ভেকচিন প্ৰস্তুত কৰা বিশ্বৰ প্ৰথম তিনিখন দেশৰ ভিতৰত আছিল। আমি কেৱল নিজৰ মানুহক টিকা দিয়াই নহয়, সমগ্ৰ বিশ্বৰ ৭০খন দেশলৈও ভেকচিন প্ৰেৰণ কৰিলোঁ, তাত মানুহৰ জীৱন ৰক্ষা কৰাত সহায় কৰিলোঁ। প্ৰয়োজন হৈছে ভাৰতে হীনমন্যতা অতিক্ৰম কৰি আমাৰ যুৱক-যুৱতীসকলক উৎসাহিত কৰা আৰু তেওঁলোকৰ মাজত আত্মবিশ্বাস তথা উৎসাহ জগাই তুলিব যে পাৰে সেই কথা আমি ইতিমধ্যে প্ৰমাণ কৰিছো।

শ্ৰী অমিত শ্বাহে কয় যে ২০১৪ চনত ভাৰতক “ফ্ৰেজাইল ফাইভ”ৰ ভিতৰত ধৰা হৈছিল আৰু কোৱা হৈছিল যে দেশখন নীতিগত পক্ষাঘাতত ভুগিছে। একেখন ভাৰতেই আজি বিশ্বৰ অন্যতম আকৰ্ষণীয় উৎপাদন কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰি বিশ্বজুৰি স্বীকৃতি লাভ কৰিছে। আমি নিয়ম, মানসিকতা, ব্যৱস্থা আৰু প্ৰক্ৰিয়া সলনি কৰিছো। ২০১৪ চনত দেশৰ মাত্ৰ ১.৮ কোটি পৰিয়ালত শৌচাগাৰ আছিল, আনহাতে আজি ১৩ কোটি পৰিয়ালত শৌচাগাৰ আছে। মানুহৰ স্বাস্থ্য আৰু ঘৰত শৌচাগাৰৰ উপলব্ধতাৰ মাজত অতি শক্তিশালী সম্পৰ্ক আছে, কাৰণ ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত অনাময় ব্যৱস্থাই মুখ্য ভূমিকা পালন কৰে। একেদৰে আজি ১৬ কোটি পৰিয়ালে টেপৰ জৰিয়তে বিশুদ্ধ খোৱাপানী লাভ কৰিছে।
কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে কয় যে মোদী চৰকাৰে ভাৰতৰ আটাইতকৈ দৰিদ্ৰ শ্ৰেণীৰ লোকৰ বাবে আয়ুষ্মান ভাৰত আঁচনি প্ৰৱৰ্তন কৰিছে, যাৰ অধীনত ৫ লাখ টকা পৰ্যন্ত চিকিৎসাৰ সমগ্ৰ খৰচ ভাৰত চৰকাৰে বহন কৰে। এই আঁচনিৰ অধীনত ৭০ কোটি লোকৰ চিকিৎসাৰ খৰচ সামৰি লোৱা হৈছে। স্বাস্থ্যসেৱা খণ্ডত আমি এক সামগ্ৰিক স্বাস্থ্যসেৱাৰ পদ্ধতি গ্ৰহণ কৰিছো আৰু একেলগে ৰোগীৰ যত্ন, স্বাস্থ্য আন্তঃগাঁথনি, ঔষধ, গৱেষণা তথা উন্নয়নৰ লগতে উৎপাদনৰ বিষয়ত কাম কৰিছো। গ্ৰাম্য স্বাস্থ্য আন্তঃগাঁথনিৰ বাবে ১.৬০ লাখ কোটি টকা ব্যয় কৰা হৈছে , তাৰ পিছত চিকিৎসালয়ৰ নেটৱৰ্ক স্থাপন কৰা হৈছে আৰু গ্ৰাম্য অঞ্চললৈ চিকিৎসালয়ৰ সুবিধা সম্প্ৰসাৰণ কৰা হৈছে। এতিয়া ঔষধ উদ্যোগৰ পাল। ভাৰতে কেৱল ঔষধৰ ক্ষেত্ৰত স্বাৱলম্বী হোৱাই নহয়, বিশ্বক ঔষধ যোগান ধৰাৰ দায়িত্বও ল’ব লাগিব।

শ্ৰী অমিত শ্বাহে কয় যে আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগীৰ অধীনত মোদী চৰকাৰেও এই খণ্ডত পি এল আই আঁচনি ৰূপায়ণ কৰিছে। আমি ভাৰতত জটিল এপিআই, মূল আৰম্ভণি সামগ্ৰী আৰু চিকিৎসা সঁজুলি নিৰ্মাণৰ বাবে উদগনি প্ৰদান কৰিছো। বাল্ক ড্ৰাগ পাৰ্ক আৰু মেডিকেল ডিভাইচ পাৰ্ক নীতিৰ জৰিয়তে সমগ্ৰ বিশ্বৰ বাবে ভাৰতত এক বিশ্বমানৰ উৎপাদন পৰিৱেশতন্ত্ৰৰ সৃষ্টি কৰা হৈছে। ক’ভিড-১৯ মহামাৰীৰ সময়ত অত্যন্ত প্ৰত্যাহ্বানজনক পৰিস্থিতিতো ১৪০ কোটি লোকৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ পিছত ভাৰত পিপিই কিট আৰু এন-৯৫ মাস্কৰ নেট এক্সপ’ৰ্টাৰ দেশ হিচাপে পৰিগণিত হ’ল। ১৩ মাহৰ ভিতৰতে আমি আমাৰ দুয়োটা ভেকচিন কোভাক্সিন আৰু কোভিশ্বিল্ড প্ৰস্তুত কৰিলোঁ। এই বাল্ক ড্ৰাগ পাৰ্কসমূহ আৰু ঔষধ খণ্ডৰ বাবে প্ৰণয়ন কৰা পিএলআই আঁচনিখনে অনাগত দিনত ভাৰতৰ ঔষধ উদ্যোগক শক্তিশালী কৰাৰ লগতে এই খণ্ডত চীনৰ আধিপত্য ভংগ কৰাত অতি ফলপ্ৰসূ বুলি প্ৰমাণিত হ’ব। এতিয়ালৈকে এই পদক্ষেপসমূহৰ অধীনত ৪২,৭০০ কোটি টকাৰ বিনিয়োগ কৰা হৈছে আৰু ভাৰতে ৩.৬৪ লাখ কোটিতকৈ অধিক মূল্যৰ ঔষধ ৰপ্তানি কৰিছে।
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰতিটো কোম্পানীয়ে গৱেষণাৰ বিষয়ত গুৰুত্ব দিব লাগিব আৰু গৱেষণাত নিয়োজিত ছাত্ৰ-ছাত্ৰী, মেধাৱী ছাত্ৰ-ছাত্ৰী তথা পেছাদাৰীসকলক উৎসাহিত কৰিব লাগিব। ভাৰত চৰকাৰেও গৱেষণাৰ প্ৰসাৰৰ বাবে তিনিখন ভাল আঁচনি প্ৰৱৰ্তন কৰিছে। গৱেষণাৰ প্ৰসাৰ নকৰালৈকে আমি আগবাঢ়িব নোৱাৰো। আমি ফাৰ্মা আৰু মেডটেক খণ্ডত গৱেষণা তথা উদ্ভাৱনক প্ৰসাৰিত কৰাৰ বাবে ৰাষ্ট্ৰীয় নীতিও প্ৰস্তুত কৰিছো। পিআৰআইএল আঁচনিৰ জৰিয়তে বহু হাজাৰ কোটি টকাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে, যাৰ জৰিয়তে চৰকাৰে আপোনালোকক সহায় কৰিব পাৰে। শ্ৰী শ্বাহে কয় যে আজি আমি ভেণ্টিলেটৰো নিৰ্মাণ কৰি আছো আৰু এনে এক পৰিৱেশ তন্ত্ৰৰ সৃষ্টি কৰা হৈছে যাৰ অধীনত ২০২৮ চনৰ আগতে ভাৰতত সকলো চিকিৎসা সঁজুলিৰ নিৰ্মাণ আৰম্ভ হ’ব।
****
RK/RR/PR/PS/DM
(ৰিলিজ আই ডি : 2304053)
অতিথি কক্ষ : 5