শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়
ইপিএফঅ’-এ ওনাম উপলক্ষে কেৰলম্ত ২০২৬-ৰ আগষ্টৰ পেঞ্চন মুকলি কৰি দিয়ে
পোষ্ট কৰা হৈছে:
26 AUG 2026 2:49PM by PIB Guwahati
কৰ্মচাৰী ভৱিষ্য নিধি সংগঠনে (EPFO) ওনাম উৎসৱ উপলক্ষে ২০২৬-ৰ ২৬ আগষ্টত কেৰলম্ মণ্ডলৰ অধীনৰ ৪,৪০,৯০১ জন পেঞ্চনাৰৰ একাউন্টলৈ ২০২৬-ৰ আগষ্টৰ পেঞ্চন প্ৰেৰণ কৰিছে। ইপিএফঅ'-এ ইয়াৰ সকলো সদস্য আৰু পেঞ্চনাৰলৈ ওনামৰ শুভেচ্ছা জনাইছে।
সাধাৰণতে কৰ্মচাৰী পেঞ্চন আঁচনি (EPS), ১৯৯৫-ৰ অধীনত মাহিলী পেঞ্চন মাহৰ শেষত প্ৰদান কৰা হয়। কিন্তু ওনাম উদযাপনৰ পৰিপ্ৰেক্ষিতত ইপিএফঅ’-এ ২০২৬-ৰ ২৬ আগষ্টতে পেঞ্চন মুকলিৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰে। ইয়াৰ ফলশ্ৰুতিত পেঞ্চনাৰ আৰু তেওঁলোকৰ পৰিয়ালে তেওঁলোকৰ আৰ্থিক প্ৰয়োজনীয়তা পূৰণ কৰিব পাৰিব আৰু অসুবিধা নোহোৱাকৈ উৎসৱটো উদযাপন কৰিব পাৰিব।
ইপিএফঅ’-ৰ কেন্দ্ৰীয় পেঞ্চন পেমেন্ট চিষ্টেমৰ (CPPS) জৰিয়তে পেঞ্চন প্ৰেৰণ কৰা হৈছে। এই ব্যৱস্থাই সমগ্ৰ দেশৰ হিতাধিকাৰী সকলৰ বেংক একাউন্টলৈ পোনপটীয়াকৈ পেঞ্চনৰ নিৰৱচ্ছিন্ন আৰু ফলপ্ৰসূ হস্তান্তৰৰ সুবিধা প্ৰশস্ত কৰে।
ইপিএফঅ’ সামাজিক সুৰক্ষাৰ সুবিধাসমূহ সময়মতে প্ৰদান কৰাটো নিশ্চিত কৰাৰ বাবে অংগীকাৰবদ্ধ হৈ আছে আৰু প্ৰযুক্তি-চালিত পদক্ষেপ তথা নাগৰিক-কেন্দ্ৰিক সংস্কাৰ সাধনৰ জৰিয়তে পেঞ্চন সেৱাৰ অগ্ৰগতিৰ বাবে নিৰন্তৰ প্ৰচেষ্টা গ্ৰহণ কৰি আহিছে।
*****
Rini Choudhury/Anjelina Alexander/SB
(ৰিলিজ আই ডি : 2303787)
অতিথি কক্ষ : 10