বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়
azadi ka amrit mahotsav

টকিঅ’ত জাপানীজ বিজনেছ ফেডাৰেচনৰ বৈঠকত ভাষণ দিলে ভাৰতৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পিয়ুষ গোৱেলে

ভাৰত-জাপানৰ অংশীদাৰিত্ব অৰ্থনৈতিক সুৰক্ষা, প্ৰতিৰক্ষা, যোগান শৃংখলৰ স্থিতিস্থাপকতা, প্ৰযুক্তি, উদ্ভাৱন, স্বচ্ছ শক্তি আৰু জনসাধাৰণৰ মাজত বিনিময় আদি কৌশলগত ক্ষেত্ৰসমূহত সম্প্ৰসাৰিত হৈ আছে: শ্ৰী পিয়ুষ গোৱেল

পোষ্ট কৰা হৈছে: 24 AUG 2026 7:41PM by PIB Guwahati

ভাৰত-জাপানৰ অংশীদাৰিত্বই পৰম্পৰাগত বাণিজ্যৰ বহু উৰ্ধলৈ গৈ অৰ্থনৈতিক নিৰাপত্তা, প্ৰতিৰক্ষা, যোগান শৃংখলৰ স্থিতিস্থাপকতা, প্ৰযুক্তি, উদ্ভাৱন, স্বচ্ছ শক্তি আৰু জনসাধাৰণৰ মাজত আদান-প্ৰদানৰ দৰে কৌশলগত ক্ষেত্ৰসমূহক সামৰি লৈছে। ১৫০০ৰো অধিক আগশাৰীৰ জাপানী কোম্পানীক প্ৰতিনিধিত্ব কৰা শীৰ্ষ অৰ্থনৈতিক সংস্থা কেইডানৰেন (জাপান বিজনেছ ফেডাৰেচন)ৰ  এখন বৈঠকত এনেদৰে মন্তব্য কৰে কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পিয়ুষ গোৱেলে । শ্ৰী গোৱেলে দুয়োখন দেশৰ মাজত ব্যৱসায়িক সম্পৰ্কৰ ক্ষেত্ৰত  অংশীদাৰিত্ব অধিক গভীৰ কৰাৰ আহ্বান জনোৱাৰ লগতে ভাৰতত ব্যৱসায় কৰাৰ সহজতা বৃদ্ধি পোৱা তথা দেশৰ দ্ৰুতগতিত সম্প্ৰসাৰিত অৰ্থনীতিৰ পৰা উদ্ভৱ হোৱা সুযোগসমূহৰ বিষয়ত আলোকপাত কৰে। মন্ত্ৰীগৰাকীয়ে জাপানী বিনিয়োগকাৰীসকলক ভাৰতৰ প্ৰতি নিজৰ দায়বদ্ধতা বৃদ্ধি কৰিবলৈ আৰু  ভাৰতত কাম কৰা জাপানী কোম্পানীসমূহৰ সংখ্যা দুগুণ কৰিবলৈ আমন্ত্ৰণ জনাই কয় যে ভাৰতত জাপানী কোম্পানীসমূহৰ সংখ্যা “বৰ্তমানে থকাৰ  তুলনাত এই দশকত দুগুণ হ’ব লাগে।” তেওঁ লগতে উল্লেখ কৰে যে ভাৰত আৰু জাপানে ২০২৬ চনক “ভাৰত-জাপানৰ অংশীদাৰিত্বৰ বছৰ” হিচাপে নিৰ্ধাৰণ কৰিছে। দুয়োখন ৰাষ্ট্ৰৰ মাজত কূটনৈতিক সম্পৰ্কৰ ৭৫ বছৰ সম্পূৰ্ণ কৰাৰ এয়া হৈছে বিশেষ উদযাপন ।

শ্ৰী গোৱেলে চুমিটোমো কৰ্পৰেশ্যন, মেইজি ছেইকা ফাৰ্মা, মিটছুবিচি কৰ্পৰেশ্যন, টকিঅ’ ইলেক্ট্ৰন আৰু মিনেবিয়ামিটছুমিৰ নেতৃত্বৰ সৈতে  ব্যৱসায়িক বৈঠক অনুষ্ঠিত কৰে। আলোচনাত উক্ত প্ৰতিষ্ঠানসমূহৰ ভাৰতত সম্প্ৰসাৰণ তথা  বিনিয়োগ বৃদ্ধিৰ সুযোগৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হয়। বৈঠকত শ্ৰী গোৱেলে চুমিটোমো কৰ্প’ৰেশ্যনৰ অধ্যক্ষ  তথা  মুখ্য কাৰ্যবাহী বিষয়াৰ প্ৰতিনিধি সঞ্চালক শ্বিংগো উয়েন ; মেইজি ছেইকা ফাৰ্মা কোম্পানী লিমিটেডৰ অধ্যক্ষ  আৰু প্ৰতিনিধি সঞ্চালক শ্ৰীমান  টোছিয়াকি নাগাছাটো; মিটছুবিচি কৰ্পৰেশ্যনৰ গ্ল’বেল প্লেনিং এণ্ড ক’অৰ্ডিনেচনৰ কৰ্পৰেট ফাংচনেল অফিচাৰৰ কাৰ্যবাহী  উপাধ্যক্ষৰ প্ৰতিনিধি সঞ্চালক শ্ৰী জুৰো বাবাৰ সৈতেও আলোচনাত মিলিত হয়।

অৰ্ধপৰিবাহী নিৰ্মাণৰ ক্ষেত্ৰত আগৰণুৱা দুটা কোম্পানীৰ সৈতেও মন্ত্ৰীগৰাকীয়ে বৈঠকত মিলিত হয়। টকিঅ’ ইলেক্ট্ৰনত তেওঁ টকিঅ’ ইলেক্ট্ৰন ইণ্ডিয়াৰ অধ্যক্ষ শ্ৰীমান তাকেছি অকুবোৰ সৈতেও মত-বিনিময় কৰে; ইণ্ডিয়া প্ৰজেক্টৰ নেতা বৈদ্য ভৰদ্বাজ ডাঙৰীয়া; মিষ্টাৰ টাকুও কাৱাউচি, জেনেৰেল মেনেজাৰ; শ্ৰীমতী ছাওৰি চুচিয়া, সঞ্চালক; আৰু শ্ৰীমতী ইউকিকো অটাকাৰ সৈতেও মত-বিনিময় কৰে। মাইনেবিয়ামিটছুমি ইনকৰ্পৰেশ্যনৰ  ভাৰতত  কোম্পানীটোৰ অৰ্ধপৰিবাহী উদ্যোগ প্ৰকল্পৰ তদাৰক কৰি থকা চি অ’ অ’ আৰু চিএফঅ’ৰ সঞ্চালক, সভাপতি শ্ৰীমান কাটছুহিকো যোছিদাৰ সৈতেও তেওঁ মত-বিনিময় কৰে। এই বৈঠকসমূহে  শক্তিশালী দ্বিপাক্ষিক সম্পৰ্কৰ লগতে অৰ্ধপৰিবাহী বিনিয়োগৰ  বিষয়ত  ক্ৰমবৰ্ধমান গুৰুত্বৰ কথাই  প্ৰতিফলিত কৰে। বিয়লি শ্ৰী গোৱেলে কান্টেই (উপ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়)ত জাপানৰ ৰাষ্ট্ৰীয় নিৰাপত্তা সচিবালয়ৰ কেবিনেট কাৰ্যালয়ৰ মহাসচিব ইচিকাৱা কেইচি ডাঙৰীয়াৰ সৈতে বৈঠকত মিলিত হৈ দ্বিপাক্ষিক সম্পৰ্কৰ অৰ্থনৈতিক মাত্ৰাৰ সমান্তৰালভাৱে কৌশলগত মাত্ৰাৰ বিষয়তো আলোকপাত কৰে। ইয়াৰ পিছত শ্ৰী গোৱেলে মূলধনী সামগ্ৰী, যন্ত্ৰপাতি আৰু অটোমোটিভ উদ্যোগৰ বিষয়ত অনুষ্ঠিত এখন ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰে।  এই বৈঠকে  জাপানী উদ্যোগ আৰু ভাৰতৰ দ্বিতীয় স্তৰ আৰু তৃতীয় স্তৰৰ যোগানকাৰী পৰিৱেশ তন্ত্ৰৰ মাজত সংযোগ শক্তিশালী কৰাৰ উপায় আলোচনা কৰাৰ লগতে ক্ষুদ্ৰ,লঘু আৰু মজলীয়া উদ্যোগ (এম এছ এম ই)কে ধৰি ঔদ্যোগিক সহযোগিতা তথা প্ৰযুক্তিৰ অংশীদাৰিত্বৰ বাবে নতুন পথ চিনাক্ত কৰাৰ  এক মঞ্চ প্ৰদান কৰে। এই ঘূৰণীয়া মেজখনত ভাৰত আৰু জাপানৰ প্ৰায় ৭০টা ব্যৱসায়িক প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে মূলধনী সামগ্ৰী, যন্ত্ৰপাতি, অটোমোটিভ আৰু উন্নত উৎপাদনত দুয়োখন দেশৰ মাজত সহযোগিতাৰ অপৰিসীম  সম্ভাৱনাৰ বিষয়ত আলোকপাত কৰে আৰু জাপানী কোম্পানীসমূহক এই খণ্ডসমূহত ভাৰতত নিজৰ উপস্থিতি অধিক শক্তিশালী  কৰিবলৈ আমন্ত্ৰণ জনায়। আলোচনাত জাপানী কোম্পানীসমূহে ভাৰতৰ উৎপাদন পৰিৱেশতন্ত্ৰৰ সৈতে নিজৰ সংযোগ গভীৰ কৰাৰ লগতে শক্তিশালী তথা  অধিক স্থিতিস্থাপক যোগান শৃংখলত অৰিহণা যোগোৱাৰ সুযোগসমূহৰ বিষয়েও  অন্বেষণ কৰে।

সন্ধিয়া শ্ৰী গোৱালে নিকেই এছিয়াই আঁত ধৰা বৈঠকত অংশগ্ৰহণ কৰে, য’ত ভাৰত আৰু জাপানৰ ব্যৱসায়িক সমাজৰ প্ৰতিনিধি  আৰু সংবাদ মাধ্যমৰ প্ৰতিনিধিয়েও অংশগ্ৰহণ কৰে। তেওঁ ভাৰত-জাপানৰ অৰ্থনৈতিক সম্পৰ্কৰ সম্প্ৰসাৰিত ৰূপ আৰু ভাৰতৰ বিকাশৰ কাহিনী , প্ৰযুক্তিগত পৰিৱৰ্তন তথা  বিশ্ব মূল্য শৃংখলৰ সৈতে বৰ্ধিত সংহতিৰ পৰা উদ্ভৱ হোৱা সুযোগসমূহৰ বিষয়ত আলোকপাত কৰে।

দিনটোৰ এনে  যোগাযোগসমূহে ভাৰত-জাপানৰ অৰ্থনৈতিক অংশীদাৰিত্বৰ শক্তিশালী গতি তথা বাণিজ্য, বিনিয়োগ, প্ৰযুক্তি আৰু ব্যৱসায়-ব্যৱসায়ৰ সংযোগ গভীৰ কৰাৰ বাবে ভাৰতৰ দায়বদ্ধতাৰ কথা  পুনৰ দৃঢ়  কৰাৰ  লগতে পাৰস্পৰিকভাৱে লাভজনক দিশৰ সন্ধানৰ ক্ষেত্ৰতো  নতুন সুযোগ সৃষ্টি  কৰে।

 ভাৰতৰ পৰা জাপানলৈ যোৱা সৰ্ববৃহৎ ব্যৱসায়িক প্ৰতিনিধি দলৰ নেতৃত্ব দিবলৈ শ্ৰী পিয়ুষ গোৱেলে আজি টকিঅ’ত উপস্থিত হয়। এই প্ৰতিনিধিৰ দলটোত  উদ্যোগৰ ২০০ৰো অধিক প্ৰতিনিধিৰে গঠিত, যিসকল উৎপাদন, অৰ্ধপৰিবাহী, স্বচ্ছ শক্তি, তীখা, অটোমোটিভ, বিত্তীয় সেৱা, স্বাস্থ্যসেৱা, আৰু ষ্টাৰ্ট-আপকে ধৰি খণ্ডসমূহৰ সৈতে জড়িত। ২৪ আগষ্টৰ পৰা ২৭ আগষ্টলৈ চলিবলগীয়া এই চাৰিদিনীয়া ভ্ৰমণৰ সময়ত  প্ৰতিনিধি দলটোক সমগ্ৰ টকিঅ’, নাগোয়া  আৰু ওছাকালৈ লৈ যোৱা হ'ব । ইয়াৰ লক্ষ্য হৈছে ভাৰত-জাপান বিশেষ কৌশলগত তথা বিশ্বজুৰি  অংশীদাৰিত্বৰ অধীনত বাণিজ্য আৰু বিনিয়োগৰ সম্পৰ্ক গভীৰ কৰা।

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ সমন্বয়ত ভাৰতৰ আগশাৰীৰ উদ্যোগ সংস্থাসমূহে যৌথভাৱে গঠন কৰা এই প্ৰতিনিধি দলটোত ফেডাৰেচন অৱ ইণ্ডিয়ান চেম্বাৰ্ছ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰী (এফআইচিচিআই), কনফেডাৰেচন অৱ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰী (চিআইআই), আৰু এছ’চিয়েটেড চেম্বাৰ্ছ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰী অৱ ইণ্ডিয়া (এএছএছঅ’চিএএম)ৰ দ্বাৰা মনোনীত প্ৰতিনিধিসকলক অন্তৰ্ভুক্ত কৰা হৈছে।

 

***

Abhishek Dayal/Shabbir Azad/DM


(ৰিলিজ আই ডি : 2303373) অতিথি কক্ষ : 7
ত এই ৰিলিজটো পঢ়ক: Urdu , English , Marathi , हिन्दी , Bengali , Malayalam