যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়
azadi ka amrit mahotsav

পুনেত অনুষ্ঠিত দ্বাদশ ব্ৰিকছ (BRICS) যোগাযোগ মন্ত্ৰীসকলৰ বৈঠকত নেতৃত্ব প্ৰদান কৰে কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী শ্ৰী জ্যোতিৰাদিত্য এম. সিন্ধিয়াই, বহনক্ষম আই চি টি (ICT) আন্তঃগাঁথনি আৰু ডিজিটেল অন্তৰ্ভুক্তিকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে

বিশ্বস্তৰীয় মঞ্চসমূহত ব্ৰিকছে (BRICS) এক ক্ৰমবৰ্ধমান ভূমিকা পালন কৰিবলগীয়া আছে: শ্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত যোৱা দশকত ভাৰতে এক অভূতপূৰ্ব পৰিৱৰ্তন প্ৰত্যক্ষ কৰিছে

পোষ্ট কৰা হৈছে: 21 AUG 2026 8:12PM by PIB Guwahati

ভাৰতৰ অধ্যক্ষতাত আজি মহাৰাষ্ট্ৰৰ পুনেত দ্বাদশ ব্ৰিকছ (BRICS) যোগাযোগ মন্ত্ৰীসকলৰ বৈঠক অনুষ্ঠিত হয়। ভাৰতৰ কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী শ্ৰী জ্যোতিৰাদিত্য এম. সিন্ধিয়াই সভাপতিত্ব কৰা এই বৈঠকত ব্ৰিকছৰ সদস্য ৰাষ্ট্ৰসমূহৰ যোগাযোগ মন্ত্ৰীসকল আৰু প্ৰতিনিধি দলৰ মুৰব্বীসকলে অংশগ্ৰহণ কৰে।

বৈঠকখন মুকলি কৰি কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী শ্ৰী জ্যোতিৰাদিত্য এম. সিন্ধিয়াই ভাৰতৰ অধ্যক্ষতাত আই চি টি (ICT) ট্ৰেকৰ বিষয়বস্তু "এক স্থিতিস্থাপক ভৱিষ্যতৰ বাবে উদ্ভাৱন, সহযোগিতা আৰু ৰূপান্তৰ (ICT)" আৰু ইয়াৰ চাৰিটা স্তম্ভ দাঙি ধৰে — বহনক্ষম আৰু স্থিতিস্থাপক ডিজিটেল আৰু আই চি টি পৰিৱেশতন্ত্ৰ; চাইবাৰ সুৰক্ষা আৰু নিৰ্ভৰযোগ্য আই চি টি; ডিজিটেল দক্ষতা বিকাশ আৰু সামৰ্থ্য নিৰ্মাণ; আৰু উদ্ভাৱন, ষ্টাৰ্টআপ তথা উদ্যোগশীলতা।

এই উপলক্ষে ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, “২০২৬ চনত ভাৰতে অধ্যক্ষতাৰ দায়িত্ব গ্ৰহণ কৰিছে, আমি অতি নম্ৰতাৰে আৰু স্থিতিস্থাপকতা, উদ্ভাৱন, সহযোগিতা আৰু বহনক্ষমতা গঢ়ি তোলাৰ প্ৰতি থকা এক উমৈহতীয়া প্ৰতিশ্ৰুতিৰে এই দায়িত্ব গ্ৰহণ কৰিছোঁ, যিটো আই চি টি (ICT) ট্ৰেকৰ বিষয়বস্তু 'এক স্থিতিস্থাপক ভৱিষ্যতৰ বাবে উদ্ভাৱন, সহযোগিতা আৰু ৰূপান্তৰ'ৰ জৰিয়তে প্ৰতিফলিত হৈছে।”

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, “আজি বিশ্ব এক গভীৰ প্ৰযুক্তিগত ৰূপান্তৰৰ সন্ধিক্ষণত থিয় দিছে। এ আই (AI), পৰৱৰ্তী প্ৰজন্মৰ নেটৱৰ্ক, ছেটকম (SATCOM), ক্লাউড কম্পিউটিং আৰু উন্নত ডিজিটেল আন্তঃগাঁথনিয়ে অৰ্থনীতি আৰু সমাজ ব্যৱস্থাক নতুন ৰূপ প্ৰদান কৰিছে। আমি নিশ্চিত কৰিব লাগিব যে উদ্ভাৱন সদায় সুৰক্ষিত, অন্তৰ্ভুক্তিমূলক, বহনক্ষম আৰু জনকেন্দ্ৰিক হৈ থাকে।”

এই বৈঠকৰ পূৰ্বে ২০২৬ চনৰ ১৭ ৰ পৰা ১৯ আগষ্টলৈ আই চি টিৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে ব্ৰিকছ ৱৰ্কিং গ্ৰুপৰ ৭ম বৈঠক, ব্ৰিকছ ইনষ্টিটিউট অৱ ফিউচাৰ নেটৱৰ্কছৰ পৰিষদৰ বৈঠক, ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি আৰু ডিজিটেল ব্ৰিকছ টাস্ক ফ'ৰ্চৰ ফোকাছ গ্ৰুপৰ বৈঠকসমূহ আৰু লগতে ২০২৬ চনৰ ২০ আৰু ২১ আগষ্টত ডিজিটেল ব্ৰিকছ ফ'ৰাম আৰু এক্সপ' অনুষ্ঠিত হৈছিল।

ব্ৰিকছ ৰাষ্ট্ৰসমূহৰ মন্ত্ৰী পৰ্যায়ৰ প্ৰতিনিধি দলৰ মুৰব্বীসকলেও এই বৈঠকত নিজৰ ভাষণ প্ৰদান কৰে। অধ্যক্ষতাৰ বৰ্ষটোত সকলো সদস্য ৰাষ্ট্ৰই আগবঢ়োৱা সক্ৰিয় অংশগ্ৰহণৰ বাবে ভাৰতে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰে আৰু লগতে আগন্তুক অধ্যক্ষৰ প্ৰতি নিজৰ সমৰ্থন ব্যক্ত কৰে।

কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী শ্ৰী জ্যোতিৰাদিত্য এম. সিন্ধিয়াই এখন সংবাদমেল সম্বোধন কৰি দ্বাদশ ব্ৰিকছ যোগাযোগ মন্ত্ৰীসকলৰ বৈঠকৰ মূল ফলাফল আৰু বিশ্বস্তৰীয় প্ৰভাৱৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয়, "যোৱা দশকত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীৰ নেতৃত্বত ভাৰতে লাভ কৰা ৰূপান্তৰ সঁচাকৈয়ে অভূতপূৰ্ব।"

 

সংবাদ মাধ্যমৰ আগত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, “আমি এনে বিস্তৃত আলোচনা আৰু অগ্ৰাধিকাৰসমূহ প্ৰস্তুত কৰিছোঁ যিয়ে ব্ৰিকছৰ ভিতৰত আমাৰ ভৱিষ্যতৰ আই চি টি সহযোগিতাক গঢ় দিব। বিশেষকৈ আঠটা স্তম্ভৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে: - সাৰ্বজনীন আৰু অৰ্থপূৰ্ণ সংযোগ, স্থিতিস্থাপক ৰাজহুৱা আন্তঃগাঁথনি, নিৰ্ভৰযোগ্য, সুৰক্ষিত আৰু জনকেন্দ্ৰিক পৰিৱেশতন্ত্ৰ, ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি, কৃত্ৰিম বুদ্ধিমত্তা আৰু ভৱিষ্যতৰ নেটৱৰ্ক প্ৰযুক্তি, উদ্ভাৱনী ষ্টাৰ্টআপ আৰু উদ্যোগশীলতা, আৰু ডিজিটেল পৰিসৰ বৃদ্ধি তথা আমাৰ ব্ৰিকছ ৰাষ্ট্ৰসমূহৰ মাজত বৰ্ধিত সহযোগিতা। যিহেতু সমগ্ৰ মানৱজাতিৰ আধা অংশ এই অঞ্চলত বাস কৰে আৰু বিশ্বৰ অৰ্থনীতিৰ দুই-পঞ্চমাংশ এই অঞ্চলতে কেন্দ্ৰীভূত, সেয়েহে বিশ্বস্তৰীয় মঞ্চত ব্ৰিকছে পালন কৰিবলগীয়া ভূমিকা ক্ৰমান্বয়ে বৃদ্ধি পাইছে।”

ইয়াৰ পিছতে মন্ত্ৰীসকলে ডিজিটেল ব্ৰিকছ ফ'ৰাম এক্সপ' পৰিদৰ্শন কৰে আৰু ঘৰুৱা তথা আন্তঃৰাষ্ট্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠানসমূহৰ দ্বাৰা প্ৰদৰ্শিত মতবিনিময়মূলক প্ৰদৰ্শনী আৰু অত্যাধুনিক টেলিকম সমাধানসমূহ প্ৰত্যক্ষ কৰে। পুনেৰ চহকী সাংস্কৃতিক ঐতিহ্যক দাঙি ধৰি আমন্ত্ৰিত প্ৰতিনিধিসকলৰ বাবে আয়োজন কৰা এক আনুষ্ঠানিক ভ্ৰমণ কাৰ্যসূচীৰে এই পাঁচদিনীয়া অনুষ্ঠানটোৰ সামৰণি পৰে।

 

****

NJ/ ARJ/RD


(ৰিলিজ আই ডি : 2302609) অতিথি কক্ষ : 22
ত এই ৰিলিজটো পঢ়ক: English , Urdu , Marathi , हिन्दी , Tamil