প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ইকনমিক টাইমছ ৱ’ৰ্ল্ড লীডাৰ্ছ ফ’ৰাম ২০২৬ত দিয়া ভাষণৰ উল্লেখযোগ্য দিশসমূহ ভাগ-বতৰা কৰে প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
21 AUG 2026 10:33PM by PIB Guwahati
ইকনমিক টাইমছ ৱ’ৰ্ল্ড লীডাৰ্ছ ফ’ৰাম ২০২৬ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া তেওঁৰ ভাষণৰ উল্লেখযোগ্য দিশসমূহ ভাগ-বতৰা কৰে।
এক্সৰ এলানি পোষ্টত শ্ৰী মোদীয়ে কয়;
“ভাৰত উৎপাদন-সংলগ্ন জৰিমনাৰ পৰা উৎপাদন-সংলগ্ন উদগনিলৈ অগ্ৰসৰ হৈছে।
এটা সময় আছিল যেতিয়া কোম্পানীবোৰক উৎপাদনৰ সীমা অতিক্ৰম কৰিলে শাস্তি দিয়া হৈছিল! তেনে ‘লাইচেন্স ৰাজ’ পদ্ধতিয়ে উদ্যোগ, উৎপাদন আৰু চাকৰি সৃষ্টিৰ মনোভাৱক নিৰুৎসাহিত কৰিছিল।
আজি পদ্ধতি সম্পূৰ্ণ বেলেগ। আমি উৎপাদনক প্ৰৰোচিত কৰোঁ, উচ্চাকাংক্ষাক উৎসাহিত কৰোঁ আৰু আমাৰ উদ্যোগীসকলক বিশ্বাস কৰোঁ।
ভাৰতে উদ্যোগক নিয়ন্ত্ৰণৰ পৰা ইয়াক সবলীকৰণৰ দিশত অগ্ৰসৰ হৈছে।”
‘ভাৰতৰ সংস্কাৰ যাত্ৰাৰ মূলতে আছে শাসন ব্যৱস্থাৰ মানসিকতাৰ পৰিৱৰ্তন।
আমি ‘অনুমোদিত নহ’লে নিষিদ্ধ’ৰ পৰা ‘নিষিদ্ধ নহ’লে অনুমোদন’লৈ আগবাঢ়িছো। জনসাধাৰণৰ আস্থা গঢ়ি তোলা, অপৰাধমুক্তকৰণ, হাজাৰ হাজাৰ অনুসৰণ নিয়ম আৰু বহুতো অচল আইন নিৰ্মূল আদিৰ জৰিয়তে আমি নাগৰিক আৰু উদ্যোগীৰ ওপৰত বোজা হ্ৰাস কৰিছো।”
“নীতিসমূহ জনসাধাৰণৰ স্বাৰ্থত, বিকাশৰ সমৰ্থনত আৰু উন্নয়নৰ অনুকূল হ’ব লাগিব...”
"বহুতো গুৰুত্বপূৰ্ণ সংস্কাৰ হ'ল সেইবোৰ যিবোৰ নিৰৱে দৈনন্দিন জীৱনৰ অংশ হৈ পৰে। জীৱন-যাপনৰ সহজতা দৰাচলতে এইটোৱেই..."
****
MJPS/SS/ST/KD
(रिलीज़ आईडी: 2302532)
आगंतुक पटल : 4