গৃহ মন্ত্ৰালয়
কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে পশ্চিমবংগৰ শিলিগুৰিত তিনিখন নতুন আইনৰ সন্দৰ্ভত এখন প্ৰদৰ্শনী উদ্বোধন কৰে
বংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে ‘ছিণ্ডিকেট’, ‘ধন কৰ্তন’ আৰু ‘ভয়ৰ ৰাজত্ব’ সংস্কৃতিক সুৰক্ষিত কৰাৰ স্বাৰ্থত তিনিখন ‘নবীন ন্যায় সংহিতা’ কাৰ্যকৰী কৰাত ব্যৰ্থ হৈছিল; শুভেন্দু অধিকাৰী চৰকাৰে কাৰ্যভাৰ গ্ৰহণ কৰাৰ লগে লগে সেইবোৰ কাৰ্যকৰী কৰি ‘ভয়ৰ পৰিৱৰ্তে বিশ্বাস’ৰ প্ৰতিশ্ৰুতি পূৰণ কৰিলে
নাগৰিকৰ মৰ্যাদা, সম্পত্তিৰ সুৰক্ষা আৰু সময়োপযোগী ন্যায়ক অগ্ৰাধিকাৰ দিয়া মোদী চৰকাৰৰ ‘নবীন ন্যায় সংহিতা’ই প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে ক্ষিপ্ৰ আৰু স্বচ্ছ ন্যায় সুনিশ্চিত কৰিব
ই-এফআইআৰ, জিৰো-এফআইআৰ, বাধ্যতামূলক এফএছএল তদন্ত আৰু বৈদ্যুতিন প্ৰমাণে নতুন ন্যায়িক ব্যৱস্থাটোক দ্ৰুত, আধুনিক, স্বচ্ছ আৰু ভুক্তভোগীকেন্দ্ৰিক কৰি তুলিব
বংগত দীৰ্ঘদিন ধৰি বোমা বিস্ফোৰণ, হিংসা, ভয়ৰ সন্ত্ৰাস দেখা গৈছিল। এতিয়া চৰকাৰ আৰু আইনৰ পৰিৱৰ্তনৰ লগে লগে "ভয়ৰ পৰিৱৰ্তে বিশ্বাস"ৰ প্ৰতিশ্ৰুতি কাৰ্যকৰী হ'বলৈ ধৰিছে
পূৰ্বৰ চৰকাৰসমূহৰ অধীনত ‘কেডাৰ ৰাজ’ আৰু ‘গুণ্ডা-ৰাজ’ৰ পিছত এতিয়া পশ্চিমবংগত আইনৰ শাসন প্ৰতিষ্ঠা কৰা হৈছে
পশ্চিমবংগত আমাৰ চৰকাৰে মুকলি কৰা তিনিটা টোল ফ্ৰী নম্বৰে ৰাজ্যখনক ধন কৰ্তন, ছিণ্ডিকেট আৰু অবৈধ টোলকৰ সংগ্ৰহৰ সংস্কৃতিৰ পৰা মুক্ত সহায় কৰিব
চুবুৰীয়া দেশৰ ধৰ্মীয় সংখ্যালঘুসকলক নাগৰিকত্ব প্ৰদানৰ বাবে মোদী চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ, আনহাতে অনুপ্ৰৱেশকাৰী সন্দৰ্ভত চিনাক্তকৰণ, নোহোৱা কৰা আৰু বিতাড়ন কৰা (ডিটেক্ট, ডিলিট আৰু ডিপোৰ্ট) নীতি একেবাৰে স্পষ্ট।
সীমান্ত সুৰক্ষাৰ বাবে প্ৰয়োজনীয় ভূমিৰ ব্যৱস্থা কৰি শুভেন্দু অধিকাৰী চৰকাৰে ৰাষ্ট্ৰীয় নিৰাপত্তা যে সৰ্বোচ্চ অগ্ৰাধিকাৰ সেই কথা স্পষ্ট কৰি দিছে
ধন কৰ্তন, ছিণ্ডিকেট আৰু অবৈধ টোলকৰ সংগ্ৰহৰ বিৰুদ্ধে টোল-ফ্ৰী ব্যৱস্থা আৰম্ভ কৰি শুভেন্দু অধিকাৰী চৰকাৰে জনসাধাৰণক অভিযোগ আৰু ব্যৱস্থা গ্ৰহণৰ প্ৰত্যক্ষ পথ প্ৰদান কৰিছে।
পশ্চিমবংগৰ কৃষক, কৰ্মচাৰী, যুৱক-যুৱতী, মহিলাৰ বাবে লোৱা সিদ্ধান্তই প্ৰমাণ কৰে যে শুভেন্দু অধিকাৰী চৰকাৰৰ গুৰুত্ব কেৱল আইন-শৃংখলাৰ ওপৰত নহয়, জনকল্যাণ আৰু উন্নয়নৰ ওপৰতো
উত্তৰ বংগৰ আয়ুষ্মান ভাৰত, কেন্সাৰ চিকিৎসালয়, নতুন মহিলা বেটেলিয়ন আৰু কৃষকসকলৰ বাবে সহায়ৰ দৰে পদক্ষেপে বংগত নিৰাপত্তা, স্বাস্থ্য আৰু উন্নয়নৰ বাবে এক নতুন পথ নিৰ্ধাৰণ কৰিছে
মাত্ৰ ১০০ দিনৰ ভিতৰতে ইস্তাহাৰৰ আধাতকৈ অধিক প্ৰতিশ্ৰুতি পূৰণ কৰা বুল
পোষ্ট কৰা হৈছে:
21 AUG 2026 7:26PM by PIB Guwahati
কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি পশ্চিমবংগৰ শিলিগুৰিত তিনিখন নতুন আইনৰ সন্দৰ্ভত এখন প্ৰদৰ্শনী উদ্বোধন কৰে। এই উপলক্ষে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শ্ৰী শুভেন্দু অধিকাৰী, কেন্দ্ৰীয় গৃহ সচিব শ্ৰী গোবিন্দ মোহন, চোৰাংচোৱা ব্যুৰোৰ সঞ্চালক শ্ৰী মহেশ দীক্ষিতকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
ভাষণ প্ৰসংগত কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে সমগ্ৰ দেশতে নতুন ন্যায় সংহিতা ৰূপায়ণৰ কাম আৰম্ভ হৈছে, কিন্তু পশ্চিমবংগৰ পূৰ্বৰ চৰকাৰে ইয়াৰ বাবে অধিসূচনা জাৰি কৰা নাছিল। তেওঁ কয় যে পূৰ্বৰ চৰকাৰে এনে হ’বলৈ নিদিলে কাৰণ নতুন ন্যায় সংহিতা কাৰ্যকৰী হ’লে ছিণ্ডিকেট, ধন কৰ্তন, টোল কৰ সংগ্ৰহ আৰু ভয়ৰ শাসন বিঘ্নিত হ’লহেঁতেন। পশ্চিমবংগৰ নিৰ্বাচনৰ সময়ত আমি ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ যে আমি ভয়ৰ নহয়, এখন আস্থাৰ চৰকাৰ প্ৰদান কৰিম। কাৰ্যভাৰ গ্ৰহণ কৰাৰ লগে লগে মুখ্যমন্ত্ৰী শ্ৰী শুভেন্দু অধিকাৰীৰ প্ৰথম পদক্ষেপ আছিল ৰাজ্যখনত নতুন ন্যায় সংহিতা কাৰ্যকৰী কৰা, যাৰ ফলত ভয়ৰ পৰিৱৰ্তে আস্থাৰ চৰকাৰৰ সূচনা হল।
শ্ৰী অমিত শ্বাহে উল্লেখ কৰে যে আজি ইয়াত অনুষ্ঠিত এখন প্ৰদৰ্শনীয়ে প্ৰমাণ কৰিলে যে তিনিওখন ন্যায় সংহিতাই নাগৰিক, তেওঁলোকৰ সম্পত্তি আৰু তেওঁলোকৰ মৰ্যাদা কেনেদৰে সুৰক্ষিত কৰিব। তেওঁ উল্লেখ কৰে যে এসময়ত ৰবীন্দ্ৰ সংগীতৰ অনুৰণন ঘটা এই ৰাজ্যখন পূৰ্বৰ চৰকাৰৰ দিনত বোমা বিস্ফোৰণ আৰু এচিড আক্ৰমণত আতংকিত হৈ জীয়াই আছিল। আৰ.জি. কৰ চিকিৎসা মহাবিদ্যালয়ৰ বৰ্বৰতাই হওক, সন্দেশখালীৰ দুখ-কষ্টই হওক, দুৰ্গাপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ধৰ্ষণেই হওক বা দক্ষিণ কলকাতা আইন মহাবিদ্যালয়ৰ নিৰ্যাতনেই হওক, চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। শ্ৰী শ্বাহে কয় যে চৰকাৰ সলনিৰ লগে লগে আইনৰো পৰিৱৰ্তন ঘটিছে আৰু ১৫ বছৰৰ পাছত ৰাজ্যখনত পুনৰবাৰ আইনৰ শাসন নিশ্চিত হ’ব। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এই বাৰ্তা দিছিল যে ইয়াত ভয় নহয়, বিশ্বাসেহে ৰাজত্ব কৰিব, সেই বাৰ্তা এতিয়া পশ্চিমবংগত বাস্তৱায়িত হৈছে।
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে নতুন ন্যায় সংহিতাসমূহত প্ৰযুক্তিৰ অন্তৰ্ভুক্তি কৰা হৈছে, যাৰ ফলত আৰক্ষীয়ে তদন্তৰ সময়ত অধিক কাৰিকৰী প্ৰমাণ লাভ কৰিব পাৰিব আৰু ইয়াৰ জৰিয়তে ন্যায় প্ৰদানৰ কাম ত্বৰান্বিত হব। এই সংহিতাসমূহত বিচাৰ, আৰক্ষীৰ নিৰীক্ষণ আৰু ন্যায়িক ব্যৱস্থাই লোৱা সময় হ্ৰাস কৰাৰ বাবে আইনী ব্যৱস্থা আছে। তেওঁ কয় যে দুবছৰৰ ভিতৰত ৰাজ্যত নবীন ন্যায় সংহিতা সম্পূৰ্ণৰূপে কাৰ্যকৰী হোৱাৰ পিছত যিকোনো এফআইআৰ তিনি বছৰৰ ভিতৰত উচ্চতম ন্যায়ালয়ত ন্যায়ৰ ওচৰ পাব। জিৰো-এফআইআৰ আৰু ই-এফআইআৰৰ ব্যৱস্থা কৰা হৈছে, যাৰ ফলত ৰাজ্যখনৰ বাহিৰত অধ্যয়ন কৰা যুৱতী, ভগ্নী আৰু কন্যা, বেংক জালিয়াতিৰ বলি হোৱাসকল আৰু দেশৰ যিকোনো ঠাইত কাম কৰা পশ্চিমবংগৰ নাগৰিকসকল আটাইতকৈ বেছি লাভান্বিত হ’ব।
শ্ৰী অমিত শ্বাহে কয় যে নতুন ন্যায় ব্যৱস্থাটো শাস্তিকেন্দ্ৰিক নহয়, বৰঞ্চ ভুক্তভোগীকেন্দ্ৰিক। তেওঁ উল্লেখ কৰে যে এই আইনসমূহত মহিলা আৰু শিশুক অগ্ৰাধিকাৰ দিয়া হৈছে। নিৰ্ধাৰিত সাত বছৰৰ অধিক কাৰাদণ্ডৰ সৈতে জড়িত সকলো ক্ষেত্ৰতে ফৰেনছিকৰ তথ্য আৰু প্ৰতিবেদন বাধ্যতামূলক কৰা হৈছে। আদালতে এতিয়া ন্যায়িকভাৱে সকলো ই-নথি গ্ৰহণ কৰিবলৈ বাধ্য। তিনিটা দশকৰ পাছতো শিখ সংঘৰ্ষৰ ন্যায় পোৱা নাই, ভূপাল গেছ ট্ৰেজেডীৰ ন্যায় পাবলৈ ২৬ বছৰ সময় লাগিল আৰু আজমেৰৰ দলবদ্ধ ধৰ্ষণৰ গোচৰত ৩২ বছৰ সময় লাগিছিল। এতিয়া এই তিনিটা টি(T)য়ে- প্ৰযুক্তি, স্বচ্ছতা, আৰু সময়ৰেখা- সমগ্ৰ ন্যায় ব্যৱস্থাটোক ৰূপান্তৰিত কৰিবলৈ ওলাইছে।
কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰীগৰাকীয়ে কয় যে পশ্চিমবংগত দুটা কাম চলি আছে। প্ৰথমতে, ন্যায়িক ব্যৱস্থা সলনি হৈছে আৰু টোল কৰ, ছিণ্ডিকেট, ধন কৰ্তন তথা দুৰ্নীতি আদি নিৰ্মূলকৰণ আৰু চৰকাৰে জনসাধাৰণৰ সৈতে থিয় দিয়া। তেওঁ কয় যে আগতে ইয়াত কেডাৰ শাসন প্ৰচলিত আছিল। আনকি পূৰ্বৰ শাসনৰ সময়তো কেডাৰ শাসনৰ প্ৰাধান্য আছিল আৰু পূৰ্বৰ চৰকাৰত গুণ্ডা কেডাৰে শাসন কৰিছিল। এতিয়া মুখ্যমন্ত্ৰী শ্ৰী শুভেন্দুজীৰ চৰকাৰৰ দিনত আইনৰ শাসন গঢ় লৈ উঠিছে। তেওঁ কয় যে বংগ এতিয়া আইনৰ পথত আগবাঢ়িছে। তেওঁ লগতে কয় যে এতিয়া আমাৰ ইয়াত চৰকাৰ আছে আৰু আমি ছমাহৰ ভিতৰত বাংলাদেশৰ পৰা অহা হিন্দু, শিখ, জৈন শৰণাৰ্থীসকলক নাগৰিকত্ব প্ৰদান কৰিম।
শ্ৰী অমিত শ্বাহে উল্লেখ কৰে যে ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ে পশ্চিমবংগ চৰকাৰৰ আঠজন কালেক্টৰক নাগৰিকত্ব প্ৰদানৰ কৰ্তৃত্ব অৰ্পণ কৰিছে। সকলো শৰণাৰ্থীয়ে নিশ্চিতভাৱে মৰ্যাদাসহকাৰে ভাৰতীয় নাগৰিকত্ব লাভ কৰিব। আমাৰ চৰকাৰে পশ্চিমবংগৰ পৰা প্ৰতিজন অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি বহিষ্কাৰ কৰাৰ দৃঢ় সংকল্প লৈছে।
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে সীমান্ত সুৰক্ষাৰ বাবে আমাক মাটিৰ প্ৰয়োজন আছিল আৰু আমি সেয়া পাইছো। পশ্চিমবংগ চৰকাৰে প্ৰায় ১১২৯ একৰ মাটি বেৰ দিয়াৰ বাবে আবণ্টন দিছে। জনগাঁথনি পৰিৱৰ্তন বিষয়ক সমিতিৰ সৈতেও সহযোগিতাৰ আশ্বাস দিছে বংগ চৰকাৰে। কৰ্তন কৰা ধন আৰু অবৈধ কমিচন বন্ধ কৰিবলৈ শ্ৰী শুভেন্দু অধিকাৰীজীয়ে মুকলি কৰিছে টোল-ফ্ৰী নম্বৰ। এই নম্বৰত ফোন কৰি ধন দাবী কৰাসকলৰ বিৰুদ্ধে অভিযোগ দাখিল কৰক। আমাৰ পশ্চিমবংগ চৰকাৰে নিশ্চিত কৰিব যে যিসকলে কৰ্তন কৰা ধন গ্ৰহণ কৰে তেওঁলোকক কাৰাগাৰত ৰখা হব। ছিণ্ডিকেট আৰু টোলকৰ সংগ্ৰহ কৰাসকলৰ বাবেও আমি একোটাকৈ টোল ফ্ৰী নম্বৰ মুকলি কৰিছোঁ। এই তিনিটা টোলফ্ৰী নম্বৰে পশ্চিমবংগৰ পৰা কৰ্তন কৰা ধন, ছিণ্ডিকেট আৰু টোলকৰ সংগ্ৰহ কৰাসকলৰ সংস্কৃতিক স্থায়ীভাৱে নিৰ্মূল কৰিব।
শ্ৰী অমিত শ্বাহে কয় যে আমি আলু খেতিয়কসকলক কৈছিলো যে তেওঁলোকৰ আলু ওড়িশা, ঝাৰখণ্ড, বিহাৰলৈ যোৱাত কোনেও বাধা নিদিয়ে। চৰকাৰ গঠনৰ প্ৰথম দিনাই শ্ৰী শুভেন্দুজীয়ে আলু ৰপ্তানিৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই লয়। ৰাজ্যৰ কেবিনেটে ইয়াত সপ্তম দৰমহা আয়োগ ৰূপায়ণত অনুমোদন জনাইছে। ২০% ডি এ ঘোষণা কৰা হৈছে আৰু আমাৰ বংগ চৰকাৰেও যুৱক-যুৱতীসকলৰ বাবে বয়সৰ ক্ষেত্ৰত শিথিলতা কাৰ্যকৰী কৰিছে। লগতে প্ৰতিগৰাকী দিদিক ৩,০০০ টকাকৈ দিয়া হৈছে আৰু আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত দৰিদ্ৰ লোকৰ বাবে ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা আৰম্ভ কৰা হৈছে। মাটাংগিনী হাজৰা আৰু ৰাণী শিৰোমণি বেটেলিয়নৰ কথাও ঘোষণা কৰা হৈছে, উত্তৰ বংগত কেন্সাৰ চিকিৎসালয় নিৰ্মাণৰ কাম আৰম্ভ হৈছে।
শ্ৰী শুভেন্দু অধিকাৰী চৰকাৰে কৃষকক ৬,০০০ টকাৰ সলনি ৯০০০ টকাকৈ দিয়াৰ প্ৰতিশ্ৰুতি পূৰণ কৰিছে। শ্ৰী শুভেন্দুজীয়ে ৫ বছৰীয়া ইস্তাহাৰত উল্লেখ কৰা কামৰ ৪৩% মাত্ৰ ১০০ দিনত সম্পূৰ্ণ কৰিছে। বহুদিনৰ মূৰত বংগলৈ আহিছে ৰাইজৰ কথা শুনা চৰকাৰ। আগতে গুণ্ডাবোৰে ইয়াত শুনানি অনুষ্ঠিত কৰিছিল, এতিয়া থানা আৰু কালেক্টৰে কৰে, বিধায়ক-সাংসদে কৰে আৰু মন্ত্ৰীয়ে কৰে। আগতে তেওঁলোকক টোলকৰ আৰু ছিণ্ডিকেটৰ লোকে ন্যায় দিছিল, এতিয়া আদালতত ন্যায় দিয়া হৈছে। আগতে ভগ্নী-মহিলাসকলে অভিযোগ কৰিব পৰা নাছিল, এতিয়া তেওঁলোকে অতিশয় শক্তিশালী লোকৰ বিৰুদ্ধেও মুক্তমনে অভিযোগ দাখিল কৰিবলৈ ভয় নকৰে। ৫ বছৰ সম্পূৰ্ণ হোৱাৰ আগতে আমি বিবেকানন্দজী, কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু বংকিম বাবুৱে কল্পনা কৰা সোণাৰ বাংলা নিৰ্মাণ কৰিবলৈ সক্ষম হ’ম।
******
RK/RR/PR/PS/KD
(ৰিলিজ আই ডি : 2302238)
অতিথি কক্ষ : 21