সাংস্কৃতিক মন্ত্ৰালয়
azadi ka amrit mahotsav

ভাৰত মণ্ডপমত বন্দে মাতৰমৰ ১৫০ বৰ্ষপূৰ্তিত তিৰংগা কনচাৰ্টৰ জৰিয়তে হৰ ঘৰ তিৰংগা ২০২৬ৰ সামৰণি মাৰিলে সাংস্কৃতিক মন্ত্ৰালয়ে

प्रविष्टि तिथि: 18 AUG 2026 10:27PM by PIB Guwahati

সাংস্কৃতিক মন্ত্ৰালয়ে নতুন দিল্লীৰ ভাৰত মণ্ডপমত ১৫০ বছৰীয়া বন্দে মাতৰমৰ বাবে উৎসৰ্গিত এক বিশেষ হৰ ঘৰ তিৰংগা কনচাৰ্টৰ সফলতাৰে আয়োজন কৰি হৰ ঘৰ তিৰংগা ২০২৬ৰ দেশজোৰা অভিযানৰ  সামৰণি মাৰে।

https://static.pib.gov.in/WriteReadData/userfiles/image/image001L823.jpghttps://static.pib.gov.in/WriteReadData/userfiles/image/image002ZIR7.jpeg

বিখ্যাত গায়ক বি প্ৰাকে নাগৰিকসকলে  জাতীয়  পতাকা আৰু ভাৰতৰ চিৰস্থায়ী মনোভাৱৰ এক সুন্দৰ উদযাপন কৰাৰ সময়তে সংগীতৰ জৰিয়তে দেশপ্ৰেমৰ মনোভাৱ প্ৰতিধ্বনিত কৰে। হৰ ঘৰ তিৰংগা ২০২৬ৰ অংশ হিচাপে, সাংস্কৃতিক মন্ত্ৰালয়ে আয়োজন কৰা এই কনচাৰ্টে এক শক্তিশালী সংগীতৰ মাত্ৰা যোগ কৰে, যিবোৰ বন্দে মাতৰমৰ ১৫০ বছৰ সম্পূৰ্ণ হোৱাৰ বাবে উৎসৰ্গিত কৰা হয় । সংগীতৰ  এই সন্ধিয়াই প্ৰজন্মক মাতৃভূমিৰ প্ৰতি প্ৰেম, ত্যাগ আৰু জাতীয় গৌৰৱৰ আবেগৰ  মনোভাব জগাই তোলে

https://static.pib.gov.in/WriteReadData/userfiles/image/image00344DA.jpghttps://static.pib.gov.in/WriteReadData/userfiles/image/image004UUNU.jpg

https://static.pib.gov.in/WriteReadData/userfiles/image/image005DKNT.jpg

https://static.pib.gov.in/WriteReadData/userfiles/image/image006MK3I.jpg

https://static.pib.gov.in/WriteReadData/userfiles/image/image0072RW3.jpg

স্বকীয় কণ্ঠ আৰু শক্তিশালী সংগীত পৰিৱেশনৰ বাবে পৰিচিত বি প্ৰাকে তেওঁৰ বহু প্ৰিয় দেশপ্ৰেমমূলক পৰিবেশন “তেৰী মিট্টি”কে ধৰি জনপ্ৰিয়  নিৰ্বাচিত গীত পৰিবেশন কৰিছিল। সমগ্ৰ দেশৰ দৰ্শকৰ মাজত গভীৰভাৱে প্ৰতিধ্বনিত হোৱা এই গীতটোৱে ভাৰতৰ সশস্ত্ৰ বাহিনীৰ সাহস আৰু ত্যাগৰ স্মৃতি প্ৰতিফলিত কৰি আহিছে । সাংস্কৃতিক সন্ধিয়াৰ আৰম্ভণিতে যুৱ কণ্ঠশিল্পী মন্য ত্ৰিপাঠীৰ মনোমোহা পৰিৱেশনে  তিৰংগা আৰু দেশপ্ৰেমৰ মনোভাৱক জীপাল কৰি তোলে ।

এই কনচাৰ্টত সমগ্ৰ দিল্লীৰ পৰা ১০০০ৰো অধিক স্কুলীয়া ছাত্ৰ-ছাত্ৰী আৰু আগতীয়াকৈ অনলাইনত পঞ্জীয়ন কৰা ৭ হাজাৰৰো অধিক অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰে। বিভিন্ন শ্ৰেণীৰ লোকে একত্ৰিত হৈ জাতীয় পতাকা আৰু জাতীয় গীতৰ মনোভাৱ, দেশপ্ৰেম আৰু ঐক্য উদযাপন কৰে ।

https://static.pib.gov.in/WriteReadData/userfiles/image/image008K29V.jpg

https://static.pib.gov.in/WriteReadData/userfiles/image/image009CNFF.jpg

এই কনচাৰ্টত ৯ আগষ্টৰ পৰা ১৭ আগষ্টলৈ আয়োজন কৰা হৰ ঘৰ তিৰংগা ২০২৬ অভিযানৰ শিখৰত উপনীত হয়, য’ত পুনৰবাৰ দেশৰ নাগৰিকে হৰ ঘৰ তিৰংগা অভিযানক কেন্দ্ৰ কৰি বিস্তৃত কাৰ্যসূচীত অংশগ্ৰহণ কৰা হয় । যোৱা ৫ বছৰত হৰ ঘৰ তিৰংগাই দেশজোৰা জন আন্দোলনলৈ ৰূপান্তৰিত  হৈছে, য’ত  পতাকা উত্তোলনৰ বাহিৰেও তিৰংগা যাত্ৰা, সাংস্কৃতিক কাৰ্যসূচী, প্ৰদৰ্শনী, সামূহিক অনুষ্ঠান আৰু ডিজিটেল পদক্ষেপলৈকে বহু অনুষ্ঠান সামৰি লোৱা হয়।  এই বছৰ জনসাধাৰণৰ অংশগ্ৰহণৰ পৰিসৰৰ এটা মূল বিষয়  আছিল চেলফি উইথ তিৰংগা অভিযানৰ প্ৰতি সঁহাৰি। হৰ ঘৰ তিৰংগা পৰ্টেলত ৮.২৭ কোটিৰো অধিক চেলফি আপলোড কৰি যোৱা বছৰৰ ৭.৫ কোটি চেলফিৰ অভিলেখ অতিক্ৰম কৰে। জনতাৰ অভিলেখ সংখ্যক  অংশগ্ৰহণে অভিযানৰ ক্ৰমবৰ্ধমান জনপ্ৰিয়তা আৰু শাৰীৰিকতথা ডিজিটেল দুয়োটা অংশগ্ৰহণৰ জৰিয়তে ৰাষ্ট্ৰীয় পতাকা আৰু ৰাষ্ট্ৰীয় গীতৰ সৈতে নিজৰ সংযোগ প্ৰকাশ কৰাৰ ইচ্ছাক প্ৰতিফলিত কৰে।

তিৰংগা  কনচাৰ্টত সভাত ভাষণ দি কেন্দ্ৰীয় সাংস্কৃতিক আৰু পৰ্যটন মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱতে কয় যে তিৰংগাই দেশৰ সামূহিক আকাংক্ষা, ত্যাগ আৰু কৃতিত্বক প্ৰতিনিধিত্ব কৰে আৰু প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি ভাৰতীয়সকলক একত্ৰিত কৰি আহিছে। তেওঁ বন্দে মাতৰমৰ ১৫০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষ্যে আয়োন কৰা এইবাৰৰ উদযাপনৰ বিশেষ তাৎপৰ্যৰ বিষয়ত  আলোকপাত কৰি জাতীয় গীতক ভাৰতীয় প্ৰজন্মৰ প্ৰজন্মক অনুপ্ৰাণিত কৰা মাতৃভূমিৰ প্ৰতি থকা প্ৰেমৰ কালজয়ী প্ৰকাশ বুলি অভিহিত কৰে। এই কনচাৰ্টত সাংস্কৃতিক মন্ত্ৰালয়ৰ সচিব  শ্ৰীযুত বিবেক আগৰৱালাকে ধৰি অন্যান্য বিশিষ্ট ব্যক্তিসকলেও অংশগ্ৰহণ কৰে।

কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভাগ, স্থানীয় সংস্থা, শিক্ষানুষ্ঠান, সশস্ত্ৰ বাহিনী, ৰাজহুৱা খণ্ডৰ সংগঠন, নাগৰিক সমাজৰ গোট আৰু নাগৰিকৰ অংশগ্ৰহণেৰে সমগ্ৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত হৰ ঘৰ তিৰংগা ২০২৬ উদযাপন কৰা হয়। তিৰংগা যাত্ৰা, সাংস্কৃতিক প্ৰদৰ্শন, প্ৰদৰ্শনী, গণ অংশগ্ৰহণ কাৰ্যসূচী আৰু সামূহিক কাৰ্যসূচীয়ে সমগ্ৰ দেশৰ চহৰ, নগৰ আৰু গাঁৱলৈ এই অভিযান প্ৰসাৰিত কৰে।

ভাৰত মণ্ডপমত হৰ ঘৰ তিৰংগা কনচাৰ্টেৰে  অভিযানৰ  সামৰণি মৰা হয়।  বি প্ৰাকৰ পৰিৱেশনে হাজাৰ হাজাৰ যুৱ,  ছাত্ৰ-ছাত্ৰী আৰু নাগৰিকক সংগীত আৰু সামূহিক অংশগ্ৰহণৰ চেতনাৰে উদ্বুদ্ধ কৰে। কনচাৰ্ট আৰু তিৰংগাৰ সৈতে অভিলেখ সংখ্যক চেল্ফিয়ে প্ৰমাণ কৰে যে হৰ ঘৰ তিৰংগা কেনেকৈ নাগৰিকৰ দ্বাৰা পৰিচালিত আৰু দেশৰ বিভিন্ন প্ৰান্তৰ লোকৰ  অংশগ্ৰহণেৰে ই জীপাল হৈ পৰিছিল, লগতে এক আন্দোলনলৈ পৰিণত হৈছিল।

 

https://static.pib.gov.in/WriteReadData/userfiles/image/image010ZOCM.jpg

***

M Annadurai/DM


(रिलीज़ आईडी: 2301848) आगंतुक पटल : 8
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Punjabi , Telugu