শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়
এক দশকত ২৫ কোটিৰ পৰা ১০০ কোটিলৈ: ভাৰতৰ অভিলেখসংখ্যক সামাজিক নিৰাপত্তাৰ সম্প্ৰসাৰণৰ ওপৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আলোকপাত
যোৱা এক দশকত যুৱপ্ৰজন্মৰ বাবে কৰ্মসংস্থাপন আৰু উদ্যোগশীলতাৰ নতুন পথ মুকলি হৈছে বুলি প্ৰধানমন্ত্ৰীৰ মন্তব্য
प्रविष्टि तिथि:
15 AUG 2026 5:53PM by PIB Guwahati
আজি লালকিল্লাৰ প্ৰাচীৰৰ পৰা আগবঢ়োৱা স্বাধীনতা দিৱসৰ ভাষণত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ সামাজিক নিৰাপত্তাৰ পৰিসৰৰ অভূতপূৰ্ব সম্প্ৰসাৰণৰ ওপৰত আলোকপাত কৰে। তেওঁ উল্লেখ কৰে যে ২০১৪ চনৰ পূৰ্বে সামাজিক নিৰাপত্তাৰ অধীনত থকা লোকৰ সংখ্যা ২৫ কোটিৰ পৰা বৃদ্ধি পাই যোৱা এক দশকৰ ভিতৰতে ১০০ কোটি হৈছেগৈ।
প্ৰধানমন্ত্ৰীয়ে কয় যে এখন বিকশিত ভাৰত গঢ়ি তোলাৰ সংকল্প তেতিয়াহে পূৰণ হ'ব যেতিয়া উন্নয়ন সমাজৰ একেবাৰে শেষৰজন ব্যক্তিৰ কাষ পাবগৈ। সামাজিক নিৰাপত্তাৰ পৰিসৰ সম্প্ৰসাৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ কয়, "২০১৪ চনৰ পূৰ্বে কেৱল ২৫ কোটি লোকৰহে সামাজিক নিৰাপত্তাৰ কৱচ আছিল।" তেওঁ লগতে কয়, "যোৱা ৫-৭ দশকত মাত্ৰ ২৫ কোটি লোক এই সুবিধাৰ আওতাত আছিল; আমি মাত্ৰ এটা দশকৰ ভিতৰতে ১০০ কোটি দেশবাসীক সামাজিক নিৰাপত্তাৰ কৱচ প্ৰদান কৰিছো।"
সামাজিক নিৰাপত্তা আৰু কল্যাণমূলক ব্যৱস্থাসমূহৰ জৰিয়তে পৰিয়ালসমূহে লাভ কৰা সুবিধাসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে 'আয়ুষ্মান ভাৰত' আঁচনিৰ কথাও উল্লেখ কৰে, যাৰ অধীনত ৭০ বছৰৰ ঊৰ্ধ্বৰ জ্যেষ্ঠ নাগৰিকসকলে ৫ লাখ টকালৈকে বিনামূলীয়া চিকিৎসাৰ সুবিধা লাভ কৰিছে।
প্ৰধানমন্ত্ৰীয়ে যোৱা এক দশকত যুৱপ্ৰজন্মৰ বাবে কৰ্মসংস্থাপন আৰু উদ্যোগশীলতাৰ নতুন পথ মুকলি কৰাৰ ক্ষেত্ৰত হোৱা উল্লেখযোগ্য অগ্ৰগতিৰ ওপৰত আলোকপাত কৰে। তেওঁ উল্লেখ কৰে যে 'ষ্টাৰ্টআপ ইণ্ডিয়া' পদক্ষেপৰ জৰিয়তে ২.৫ লাখতকৈয়ো অধিক পঞ্জীয়নভুক্ত ষ্টাৰ্টআপৰ বিকাশ সম্ভৱ হৈছে, য'ত যুৱ উদ্যোগীসকলে কেৱল নিজৰ বাবেই সুযোগ সৃষ্টি কৰাই নহয়, আনৰ বাবেও কৰ্মসংস্থাপনৰ সৃষ্টি কৰিছে। তেওঁ কৰ্মসংস্থাপন, দক্ষতা বিকাশ আৰু উদ্যোগশীলতাৰ নতুন সুযোগ সৃষ্টিৰ ক্ষেত্ৰত ১ লাখ কোটি টকাৰ 'উদ্ভাৱন নিধি', 'স্কিল ইণ্ডিয়া', 'ডিজিটেল ইণ্ডিয়া', মহাকাশ আৰু বিমান পৰিবহণ খণ্ড মুকলি কৰা আৰু ৰাষ্ট্ৰীয় ড্ৰোন নীতিৰ ভূমিকাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে বিমান বন্দৰৰ সম্প্ৰসাৰণ, নতুন বিমান পথ, বিমান নিৰ্মাণ, ৰক্ষণাবেক্ষণ আৰু মেৰামতিৰ কামেও দক্ষ শ্ৰমিকসকলৰ বাবে কৰ্মসংস্থাপনৰ সৃষ্টি কৰিছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুনৰবাৰ দোহাৰে যে উন্নয়নৰ সুফল সমাজৰ একেবাৰে শেষৰজন ব্যক্তিৰ কাষ পোৱাটো নিশ্চিত কৰাই এখন 'বিকশিত ভাৰত'ৰ দৃষ্টিভংগীৰ মূল কেন্দ্ৰবিন্দু হৈয়েই আছে।
*****
Rini Choudhury/Anjelina Alexander/RD
(रिलीज़ आईडी: 2300749)
आगंतुक पटल : 8