পৰিৱেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰালয়
ৰাষ্ট্ৰীয় গীত 'বন্দে মাতৰম' সমূহীয়াভাৱে পৰিৱেশন কৰাৰ জৰিয়তে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে ‘হৰ ঘৰ ত্ৰিৰংগা ২০২৬’ অভিযান উদযাপন কৰে
प्रविष्टि तिथि:
14 AUG 2026 7:49PM by PIB Guwahati
'হৰ ঘৰ ত্ৰিৰংগা' অভিযান আৰু ৰাষ্ট্ৰীয় গীত 'বন্দে মাতৰম'ৰ ১৫০ বছৰীয়া জয়ন্তী উদযাপনৰ অংশ হিচাপে, সচিব শ্ৰী তন্ময় কুমাৰৰ নেতৃত্বত কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ বিষয়া আৰু কৰ্মচাৰীসকলে আজি নতুন দিল্লীৰ ইন্দিৰা পৰ্যাৱৰণ ভৱনত সমূহীয়াভাৱে ৰাষ্ট্ৰীয় গীত পৰিৱেশনত অংশগ্ৰহণ কৰে।

সমূহীয়াভাৱে গীত পৰিৱেশনৰ পিছতে সচিবগৰাকীৰ নেতৃত্বত বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়, যিয়ে পৰিৱেশ সংৰক্ষণ আৰু বহনক্ষম উন্নয়নৰ প্ৰতি মন্ত্ৰালয়ৰ দায়বদ্ধতাক পুনৰ দৃঢ় কৰে। সমগ্ৰ দেশজুৰি মন্ত্ৰালয়ৰ প্ৰশাসনিক নিয়ন্ত্ৰণত থকা কাৰ্যালয়সমূহে বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে 'হৰ ঘৰ ত্ৰিৰংগা ২০২৬' অভিযান আৰু সমূহীয়াভাৱে ৰাষ্ট্ৰীয় গীত পৰিৱেশনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছে। তদুপৰি, মন্ত্ৰালয়ে বিষয়া আৰু কৰ্মচাৰীসকলক হৰ ঘৰ ত্ৰিৰংগা প'ৰ্টেলত (www.harghartiranga.com) 'ত্ৰিৰংগাৰ সৈতে চেলফি' (Selfie with Tiranga) আপল'ড কৰিবলৈ উৎসাহিত কৰিছে।
ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় গীত 'বন্দে মাতৰম'ৰ ১৫০ বছৰীয়া জয়ন্তী উদযাপনৰ সৈতে সংগতি ৰাখি ২০২৬ চনৰ ৯ আগষ্টৰ পৰা ১৭ আগষ্টলৈ সমগ্ৰ দেশজুৰি 'হৰ ঘৰ ত্ৰিৰংগা ২০২৬' উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
*****
VM/GS/SK/RD
(रिलीज़ आईडी: 2299959)
आगंतुक पटल : 6