নৌ-পৰিবহন মন্ত্ৰালয়
azadi ka amrit mahotsav

লাইটহাউছ পৰ্যটন আৰু সামুদ্ৰিক ঐতিহ্য

प्रविष्टि तिथि: 11 AUG 2026 3:46PM by PIB Guwahati

নিৰাপদ আৰু দক্ষ সামুদ্ৰিক পৰিবহন নিশ্চিত কৰাৰ বাবে লাইটহাউছে প্ৰাথমিকভাৱে সামুদ্ৰিক সহায়ক হিচাপে কাম কৰে। এই মূল কাৰ্য্যৰ উপৰি, চৰকাৰে লাইটহাউচ পৰ্যটনক সক্ৰিয়ভাৱে প্ৰচাৰ কৰি আছে যি ভাৰতৰ সামুদ্ৰিক ঐতিহ্য সংৰক্ষণ আৰু মেৰিন এইডছ টু নেভিগেচন আইন, ২০২১ -ৰ ধাৰা ২৩-ৰ অধীনত শৈক্ষিক, সাংস্কৃতিক আৰু পৰ্যটনৰ উদ্দেশ্যৰ প্ৰচাৰৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখে।

এই পদক্ষেপৰ অংশ হিচাপে লাইটহাউচ প্ৰযুক্তিৰ বিকাশ আৰু ভাৰতৰ সামুদ্ৰিক ঐতিহ্য প্ৰদৰ্শনৰ বাবে চেন্নাই, মহাবলীপুৰম, আলাপ্পুঝা, কান্নুৰ, মাট্টম, দ্বাৰকা আৰু গোপনাথত লাইটহাউচ সংগ্ৰহালয় স্থাপন কৰা হৈছে। এই পদক্ষেপৰ অধীনত, ঐতিহাসিক আৰু স্থাপত্যৰ গুৰুত্ব সংৰক্ষণৰ বাবে চৰকাৰৰ দৃষ্টিভংগীৰ অংশ হিচাপে সমগ্ৰ দেশৰ ৭৫ খন লাইটহাউচত পৰ্যটনৰ সুবিধা বিকশিত কৰা হৈছে। চিনাক্ত কৰা লাইটহাউচত কেফেটেৰিয়া, ভূ-দৃশ্য উদ্যান, বাটচ’ৰা, শিশুৰ খেলৰ স্থান, লাইট এণ্ড ছাউণ্ড শ্ব', আভ্যন্তৰীণ পথ, ৰাজহুৱা শৌচাগাৰ ব্লক, খোৱা পানীৰ সুবিধা, এম্ফিথিয়েটাৰ আৰু লিফ্টৰ দৰে পৰ্যটন সুবিধাসমূহ বিকশিত কৰা হৈছে। পৰ্যটনৰ সুবিধা থকা লাইটহাউছৰ তালিকাখন সংযুক্তি হিচাপে সংলগ্ন কৰা হৈছে।

সংযুক্তি

পৰ্যটনৰ উদ্দেশ্যে ৰাজ্য অনুসৰি ৭৫ টা লাইটহাউছৰ তালিকা প্ৰস্তুত কৰা হৈছে

 

S. No.

State/ UT

Name of Lighthouse

 

1

Gujarat

Mandvi Lighthouse, Rawalpir Lighthouse, Samiyani Lighthouse, Okha Lighthouse, Kachchhigadh Lighthouse, Porbandar Lighthouse, Mangrol Lighthouse, Jaffrabad Lighthouse, Jegri Lighthouse, Alang Lighthouse, Ghogha Lighthouse, Hazira Lighthouse, Valsad Khadi Lighthouse, Gopnath Lighthouse, Veraval Lighthouse, Dwarka Lighthouse, Umargaon Lighthouse.

2

Goa

Aguada Lighthouse,

3

Karnataka

Tadri Lighthouse, Bhatkal Lighthouse, Kaup Lighthouse, Surathkal Lighthouse, Kundapur Lighthouse.

4

Kerala

Kannur Lighthouse, Ponnani Lighthouse, Chetwai Lighthouse, Vypin Lighthouse, Alappuzha Lighthouse, Valiyazhikal Lighthouse, Thangasseri Lighthouse, Anjengo Lighthouse, Vizhinjam Lighthouse, Azhikode Lighthouse, Kadalur Point Lighthouse.

5

Tamil Nadu

Kanniyakumari Lighthouse, Kuthenkuli Lighthouse, Manappad Lighthouse, Kilakkarai Lighthouse, Dhanushkodi Lighthouse, Pamban Lighthouse, Karaikal Lighthouse, Mallipattinam Lighthouse, Kodikkarai Lighthouse, Nagapattinam Lighthouse, Poompuhar Lighthouse, Pulicat Lighthouse, Muttom Point Lighthouse, Mahabalipuram Lighthouse, Chennai Lighthouse.

6

Andhra Pradesh

Ramayapatnam Lighthouse, Machilipatnam Lighthouse, Antervedi Lighthouse, Sacramento Lighthouse, Vakalapudi Lighthouse, Santapalli Lighthouse, Kalingapatnam Lighthouse, Baruva Lighthouse, Vodarevu Lighthouse, Pudimadaka Lighthouse.

7

Odisha

 

Gopalpur Lighthouse, Puri Lighthouse, Chandrabhaga Lighthouse, Paradip Lighthouse, False Point Lighthouse

 

8

West

Bengal

Tajpur Lighthouse, Dariapur Lighthouse, Sagar Island Lighthouse

9

Maharashtra

Uttan Point Lighthouse, Korlai Fort Lighthouse, Jaigarh Lighthouse, Ratnagiri Lighthouse, Vengurla Point Lighthouse, Kelshi Lighthouse

10

Andaman and

Nicobar Islands

North Point Lighthouse, Keating Point Lighthouse.

 

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যসভাত এটা লিখিত উত্তৰত এই তথ্য প্ৰদান কৰে।

 

*****

MI/Indu/MK


(रिलीज़ आईडी: 2298008) आगंतुक पटल : 10
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Tamil , Telugu