নৌ-পৰিবহন মন্ত্ৰালয়
azadi ka amrit mahotsav

সাগৰমালা ৰ্ষ্টাটআপ আৰু উদ্ভাৱনী পদক্ষেপ

प्रविष्टि तिथि: 11 AUG 2026 3:47PM by PIB Guwahati

সাগৰমালা ষ্টাৰ্টআপ এণ্ড ইনোভেচন ইনিচিয়েটিভ (S2I2) ভাৰতত সামুদ্ৰিক খণ্ডৰ বাবে এক উদ্ভাৱন আৰু উদ্যোগশীলতা পৰিৱেশ প্ৰতিষ্ঠাৰ উদ্দেশ্যৰে ১৯.০৩.২০২৫ ত আৰম্ভ কৰা হৈছিল। তামিলনাডু সমিতি পঞ্জীয়ন আইন, ১৯৭৫-ৰ অধীনত পঞ্জীয়ন কৰা আৰু বন্দৰ, জাহাজ পৰিবহণ তথা জলপথ মন্ত্ৰালয়ৰ (এম অ’ পি এছ ডব্লিউ) অধীনত কাম কৰা মেৰিটাইম ইণ্ডিয়া ফাউণ্ডেশ্যন (এম আই এফ) হৈছে S2I2 ৰূপায়ণৰ বাবে মনোনীত সংস্থা।

S2I2-ৰ অধীনত, উদ্ভাৱনীমূলক সামুদ্ৰিক সমাধানৰ বিকাশ আৰু প্ৰদৰ্শনত প্ৰযুক্তিৰ বিকাশ, পৰীক্ষা, বৈধকৰণ, ক্ষমতা নিৰ্মাণ আৰু হেণ্ডহোল্ড ষ্টাৰ্টআপসমূহক সমৰ্থন কৰিবলৈ আই আই টি মাদ্ৰাজ, আই আই টি বোম্বাই, আই আই টি খড়গপুৰ আৰু ইণ্ডিয়ান মেৰিটাইম ইউনিভাৰ্চিটি (IMU), চেন্নাইত সামুদ্ৰিক উদ্ভাৱন হাব (MIHs) স্থাপন কৰা হৈছে। এই পৰিকাঠামোৱে বন্দৰ-নেতৃত্বাধীন সমস্যা চিনাক্তকৰণৰ পৰা পৰীক্ষামূলক কাৰ্য্যকৰীকৰণ আৰু ষ্টাৰ্টআপ সমাধানৰ পৰিমাপলৈ এক গঠনমূলক পথ সক্ষম কৰি সামুদ্ৰিক পৰিৱেশতন্ত্ৰৰ অগ্ৰাধিকাৰৰ সৈতে সংৰেখন শক্তিশালী কৰে।

এম আই এফ-এ চেন্নাই বন্দৰ কৰ্তৃপক্ষ (চি এইচ পি এ) আৰু বন্দৰ, জলপথ আৰু উপকূলৰ ৰাষ্ট্ৰীয় প্ৰযুক্তি কেন্দ্ৰৰ (এন টি চি পি ডব্লিউ চি, আই আই টি মাদ্ৰাজ) সহযোগিতাত S2I2-ৰ অধীনত আই আই ট মাদ্ৰাজত ভাৰতৰ প্ৰথমটো সামুদ্ৰিক হেকাথন-মাৰ-এ-থন ২০২৫-ৰ শুভাৰম্ভ কৰা হয়।

হেকাথন আৰম্ভ হোৱাৰ পাছত ২০২৫ চনৰ ১৬ আৰু ১৭ অক্টোবৰত আই আই টি মাদ্ৰাজ ৰিচাৰ্চ পাৰ্কত মাৰ-এ-থন নামৰ প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা হৈছিল, য’ত ষ্টাৰ্টআপ, শিক্ষা, উদ্যোগৰ নেতা আৰু সামুদ্ৰিক অংশীদাৰসকলক সামুদ্ৰিক প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ একত্ৰিত কৰা হৈছিল। সমগ্ৰ ভাৰতৰ ষ্টাৰ্টআপসমূহৰ পৰা নিম্নলিখিত ছটা বিষয়গত ক্ষেত্ৰত ৫১ টা সমস্যাৰ বিবৃতিৰ বাবে ৩৩০ খন আৱেদন লাভেৰে  এই পদক্ষেপৰ প্ৰতি সঁহাৰি অতিশয় প্ৰশংসনীয় আছিলঃ

বন্দৰৰ আন্তঃগাঁথনি

স্মাৰ্ট আৰু সংহত বন্দৰ কাৰ্য্যকলাপ

সংহত যোগান ব্যৱস্থা আৰু বহুমুখী সংযোগ

সেউজ আৰু বহনক্ষম সামুদ্ৰিক খণ্ড

উন্নত সুৰক্ষা, নিৰাপত্তা তথা নিয়ামক অনুপালন

জাহাজ নিৰ্মাণ আৰু জীৱন চক্ৰ ব্যৱস্থাপনা

একাধিক বিশেষজ্ঞ সমিতিৰ মূল্যায়নৰ পাছত, ৪০টা প্ৰকল্পৰ বাবে ৩৬ টা ষ্টাৰ্টআপৰ বাছনিৰ সৈতে অনুষ্ঠানটোৰ সামৰণি পৰে, প্ৰতিটোৱে ভাৰতৰ সামুদ্ৰিক খণ্ডত পৰিৱৰ্তনৰ বাবে সাজু উদ্ভাৱনীমূলক, পৰিসৰযোগ্য সমাধানৰ সৈতে বাস্তৱ-বিশ্বৰ কাৰ্য্যকৰী প্ৰত্যাহ্বানৰ সন্মুখীন হয়।।

S2I2-ৰ অংশ হিচাপে অন্ধ্ৰ প্ৰদেশৰ বিশাখাপত্তনম বন্দৰে ৪ টা নিৰ্দিষ্ট সমস্যাৰ বিবৃতি চিনাক্ত কৰিছে।

ইয়াৰ উপৰি, অন্ধ্ৰ প্ৰদেশৰ ২টা ষ্টাৰ্টআপক সমস্যাৰ বিবৃতিৰ উদ্ভাৱনীমূলক সমাধানৰ বিকাশ আৰু ৰূপায়ণৰ বাবে জড়িত কৰা হৈছে।

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যসভাত এটা লিখিত উত্তৰত এই তথ্য প্ৰদান কৰে।

 

*****

MI/Indu/MK


(रिलीज़ आईडी: 2297996) आगंतुक पटल : 6
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Tamil