গ্ৰামোন্নয়ণ মন্ত্ৰালয়
'ভিবি-জি ৰাম-জি'ৰ অধীনত নিযুক্তি
प्रविष्टि तिथि:
04 AUG 2026 4:25PM by PIB Guwahati
'বিকশিত ভাৰত–নিশ্চিত গ্ৰাম্য নিযুক্তি আৰু আজীৱিকা মিছন (গ্ৰামীণ)'/ভিবি-জি ৰাম-জি] আইন, ২০২৫ ৰূপায়ণ হোৱাৰ পৰিপ্ৰেক্ষিতত, এই আঁচনিখন সমগ্ৰ দেশৰে গ্ৰাম্যাঞ্চলত ০১.০৭.২০২৬ তাৰিখৰ পৰা সফলতাৰে কাৰ্যকৰী কৰা হৈছে। এমজি এনৰেগাৰ অধীনত ১০০ দিনৰ যি মজুৰি সংসংস্থান নিশ্চিত কৰা হৈছিল, তাৰ বিপৰীতে নতুন 'ভিবি-জি ৰাম-জি' আঁচনিয়ে অদক্ষ শাৰীৰিক শ্ৰম কৰিবলৈ আগ্ৰহী প্ৰতিটো গ্ৰাম্য পৰিয়ালক এটা বিত্তীয় বৰ্ষত ১২৫ দিনৰ বৈধাनिक মজুৰি নিযুক্তিৰ নিশ্চয়তা প্ৰদান কৰে। এই নতুন আঁচনিখন মহাৰাষ্ট্ৰ আৰু মধ্যপ্ৰদেশ ৰাজ্যতো ০১.০৭.২০২৬ তাৰিখৰ পৰা সফলতাৰে ৰূপায়ণ কৰা হৈছে।
মহাৰাষ্ট্ৰ ৰাজ্যৰ বাবে ৪,৪২০.৩২ কোটি টকাৰ এক মধ্যৱৰ্তী আৱণ্টন ধাৰ্য কৰা হৈছে। তাৰ পিছত, ৰাজ্যখনৰ পৰা প্ৰাপ্ত প্ৰস্তাৱৰ ভিত্তিত বিভিন্ন উপাদানৰ অধীনত কেন্দ্ৰীয় অংশৰ প্ৰথম কিস্তি হিচাপে ১,৪৫৯.৯২ কোটি টকাৰ ‘মুল অনুমোদন’ মহাৰাষ্ট্ৰ চৰকাৰলৈ জাৰি কৰা হৈছে। ইফালে, মধ্যপ্ৰদেশ ৰাজ্যৰ বাবে ৬,২৫২.০৩ কোটি টকাৰ মধ্যৱৰ্তী আৱণ্টন কৰা হৈছে। ৰাজ্যখনৰ প্ৰস্তাৱৰ আধাৰত বিভিন্ন উপাদানৰ অধীনত কেন্দ্ৰীয় অংশৰ প্ৰথম কিস্তি হিচাপে ৬৩০.৭৬ কোটি টকাৰ ‘মুল অনুমোদন’ মধ্যপ্ৰদেশলৈ জাৰি কৰা হৈছে।
তদুপৰি উল্লেখ কৰা হৈছে যে আইনখনৰ ৫(৪) ধাৰা অনুসৰি ৰাজ্য চৰকাৰসমূহে নিজা উৎসৰ পৰা আইনখনে প্ৰদান কৰা নিশ্চিত সময়সীমাৰ উপৰিও অতিৰিক্ত দিনৰ নিযুক্তিৰ ব্যৱস্থা কৰিব পাৰে। এই আইনখনৰ উদ্দেশ্য হৈছে বহনক্ষম সম্পদ সৃষ্টি আৰু আইনখনৰ ১নং সূচীত নিৰ্ধাৰিত অনুমতিযোগ্য কাম-কাজ যেনে— জল সংক্ৰান্তীয় কাম, মূল গ্ৰাম্য আন্তঃগাঁথনি, জীৱিকা সম্পৰ্কীয় আন্তঃগাঁথনি আৰু চৰম জলবায়ু সংক্ৰান্তীয় পৰিস্থিতি নিৰসন কৰাৰ বাবে বিশেষ কামসমূহ ৰূপায়ণৰ জৰিয়তে গ্ৰাম্য জীৱিকা সৱলীকৰণ কৰা। এই ব্যৱস্থাসমূহৰ উদ্দেশ্য হৈছে জীৱিকাৰ নিৰাপত্তা বৃদ্ধি কৰা, গ্ৰাম্য আন্তঃগাঁথনি শক্তিশালী কৰা আৰু বহনক্ষম গ্ৰাম্য বিকাশক প্ৰাথমিকতা দিয়া।
গ্ৰাম্য উন্নয়ন মন্ত্ৰালয়ৰ দাৰিদ্ৰ্য দূৰীকৰণৰ মুখ্য কাৰ্যসূচী ‘দীনদয়াল অন্ত্যোদয়া যোজনা–ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা মিছন’ মহাৰাষ্ট্ৰ আৰু মধ্যপ্ৰদেশকে ধৰি ৩৪খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৭৬০খন জিলা আৰু ৭,২৪৬টা ব্লকত ‘ৰাজ্যিক গ্ৰাম্য জীৱিকা মিছন’ৰ জৰিয়তে ৰূপায়ণ কৰা হৈছে। ২০২৬ চনৰ জুন মাহলৈকে, এই মিছনে প্ৰায় ১০.০৮ কোটি গ্ৰাম্য পৰিয়ালক আনুমানিক ৯২ লাখ আত্মসহায়ক গোটত সংগঠিত কৰিছে। ডে-এনআৰএলএমৰ বৰ্তমানৰ ব্যৱস্থা অনুসৰি, অৰ্থনৈতিক আৰু জীৱিকা সম্পৰ্কীয় কাৰ্যসূচী তথা উদ্যোগীকৰণৰ বাবে যোগ্য আত্মসহায়ক গোটসমূহক প্ৰতি গোটত ২০,০০০ৰ পৰা ৩০,০০০ টকা পৰ্যন্ত 'আৱৰ্তক পুঁজি' আৰু প্ৰতি গোটত ২.৫০ লাখ টকা পৰ্যন্ত 'সম্প্ৰদায় বিনিয়োগ পুঁজি'ৰ ৰূপত মূলধনী সাহায্য প্ৰদান কৰা হয়।
তদুপৰি, যোগ্য আত্মসহায়ক গোটসমূহক বেংক ঋণৰ ওপৰত সুদ ৰেহাইৰ সুবিধা দিয়া হয়। ৩ লাখ টকা পৰ্যন্ত ঋণৰ বাবে বেংকসমূহে বছৰি ৭% ৰেহাই সুতৰ হাৰত ঋণ প্ৰদান কৰে। ৩ লাখ টকাৰ ওপৰৰ পৰা ৫ লাখ টকা পৰ্যন্ত ঋণৰ বাবে, বেংকসমূহে তেওঁলোকৰ এবছৰীয়া এমটিএলআৰ বা অন্য কোনো বাহ্যিক দিশ ভিত্তিক ঋণৰ হাৰ অথবা বাৰ্ষিক ১০% (যিটো কম হয়) সুতৰ হাৰত ঋণ প্ৰদান কৰে। সংগ্ৰহীত তথ্য অনুসৰি, এই মিছনৰ অধীনত আত্মসহায়ক গোটসমূহক এতিয়ালৈকে ১৩.৪১ লাখ কোটি টকাৰ ঋণ আৱণ্টন কৰা হৈছে। আঁচনিৰ নিৰ্দেশনা অনুসৰি মহাৰাষ্ট্ৰ আৰু মধ্যপ্ৰদেশৰ গোটসমূহ ধৰি সকলো যোগ্য আত্মসহায়ক গোটে এই সুবিধাসমূহ লাভ কৰিব পাৰিব।
লোকসভাত এক লিখিত প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় গ্ৰামোন্নয়ন ৰাজ্যমন্ত্ৰী কমলেশ পাছৱানে এই তথ্য সদৰি কৰে।
*****
RC/PU/DB
(रिलीज़ आईडी: 2295326)
आगंतुक पटल : 5