গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

অপৰাধ নিয়ন্ত্ৰণৰ বাবে 'ভাৰতীয় ন্যায় সংহিতা' (বিএনএছ)ৰ ব্যৱস্থাসমূহ

प्रविष्टि तिथि: 04 AUG 2026 3:26PM by PIB Guwahati

মহিলা আৰু শিশুৰ বিৰুদ্ধে হোৱা অপৰাধ ৰোধ আৰু প্ৰতিৰোধ কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। 'ভাৰতীয় ন্যায় সংহিতা, ২০২৩' ত প্ৰথমবাৰৰ বাবে মহিলা আৰু শিশুৰ বিৰুদ্ধে সংঘটিত অপৰাধ সংক্ৰান্তীয় ব্যৱস্থাসমূহক অগ্ৰাধিকাৰ দিয়া হৈছে আৰু এটা নিৰ্দিষ্ট অধ্যায়ৰ অধীনত ৰখা হৈছে। মহিলাৰ বিৰুদ্ধে অপৰাধৰ বাবে মৃত্যুদণ্ড পৰ্যন্ত কঠোৰ শাস্তিৰ ব্যৱস্থা কৰা হৈছে। ১৮ বছৰতকৈ কম বয়সৰ মহিলাক দলবদ্ধ ধৰ্ষণ(Gang Rape) কৰাৰ শাস্তি হৈছে অপৰাধীক আজীৱন কাৰাদণ্ড বা মৃত্যুদণ্ড। বিবাহ, নিযুক্তি, পদোন্নতি বা পৰিচয় গোপন কৰি যৌন সম্পৰ্ক স্থাপন কৰাৰ বাবে এক নতুন অপৰাধ ‘ভাৰতীয় ন্যায় সংহিতা, ২০২৩’ ত অন্তৰ্ভুক্ত কৰা হৈছে। নতুন সংহিতাত মহিলা আৰু শিশুৰ সুৰক্ষা সংক্ৰান্তীয় মূল ব্যৱস্থাসমূহ পৰিশিষ্টত দিয়া হ’ল।

📋 মহিলা আৰু শিশুৰ সুৰক্ষাৰ বাবে থকা ব্যৱস্থাসমূহ

i. ‘ভাৰতীয় ন্যায় সংহিতা, ২০২৩’ৰ এক নতুন অধ্যায় (অধ্যায়-V) ত মহিলা আৰু শিশুৰ বিৰুদ্ধে হোৱা অপৰাধক অন্যান্য সকলো অপৰাধতকৈ প্ৰথম প্ৰাধান্য দিয়া হৈছে।

ii. ‘ভাৰতীয় ন্যায় সংহিতা’ত দলবদ্ধ ধৰ্ষণৰ ভুক্তভোগী নাবালিকাৰ বয়সৰ পাৰ্থক্য নাইকিয়া কৰা হৈছে। আগতে ১৬ বছৰ আৰু ১২ বছৰতকৈ কম বয়সৰ ছোৱালীৰ দলবদ্ধ ধৰ্ষণৰ বাবে পৃথক শাস্তিৰ বিধান আছিল। এই ব্যৱস্থা সংশোধিত কৰি এতিয়া ১৮ বছৰতকৈ কম বয়সৰ কোনো মহিলাক দলবদ্ধ ধৰ্ষণ কৰিলে ইয়াৰ শাস্তি আজীৱন কাৰাদণ্ড বা মৃত্যুদণ্ড।

iii. চমন লাভ কৰিবলগীয়া ব্যক্তিজনৰ হৈ সমন গ্ৰহণ কৰিব পৰা পৰিয়ালৰ এজন প্ৰাপ্তবয়স্ক সদস্য হিচাপে মহিলাসকলক স্বীকৃতি দিয়া হৈছে। আগৰ ‘কোনো প্ৰাপ্তবয়স্ক পুৰুষ সদস্য’ৰ পৰিৱৰ্তে এতিয়া ‘কোনো প্ৰাপ্তবয়স্ক সদস্য’ বুলি উল্লেখ কৰা হৈছে।

iv. ভুক্তভোগীক অধিক সুৰক্ষা প্ৰদান কৰিবলৈ আৰু ধৰ্ষণ অপৰাধৰ সৈতে জড়িত তদন্তত স্বচ্ছতা অৱলম্বন কৰিবলৈ, পুলিচে ভুক্তভোগীৰ জবানবন্দী অডিঅ’-ভিডিঅ’ মাধ্যমৰ জৰিয়তে ৰেকৰ্ড কৰিব।

v. মহিলাৰ বিৰুদ্ধে সংঘটিত কিছুমান অপৰাধৰ ক্ষেত্ৰত, ভুক্তভোগীৰ জবানবন্দী সম্ভৱপৰ পৰ্যায়ত এগৰাকী মহিলা দণ্ডাধীশ ৰেকৰ্ড কৰিব আৰু তেওঁৰ অনুপস্থিতিত কোনো মহিলাৰ উপস্থিতি সংবেদনশীলতা আৰু নিৰপেক্ষতা নিশ্চিত কৰি এজন পুৰুষ মেজিষ্ট্ৰেটে ৰেকৰ্ড কৰিব, যাতে ভুক্তভোগীৰ বাবে এটা সমৰ্থনমূলক পৰিৱেশ সৃষ্টি হয়।

vi. চিকিৎসা কৰ্মীসকলক ধৰ্ষণৰ ভুক্তভোগীৰ চিকিৎসা প্ৰতিবেদন ৭ দিনৰ ভিতৰত তদন্তকাৰী বিষয়াৰ ওচৰলৈ প্ৰেৰণ কৰাটো বাধ্যতামূলক কৰা হৈছে।

vii. ব্যৱস্থা কৰা হৈছে যে ১৫ বছৰতকৈ কম বয়সৰ বাবে ৬০ বছৰৰ ঊৰ্ধ্বৰ (পূৰ্বে ৬৫ বছৰ আছিল) কোনো পুৰুষ, বা কোনো মহিলা, বা মানসিক বা শাৰীৰিকভাৱে অক্ষম ব্যক্তি, বা গুৰুতৰ ৰোগত আক্ৰান্ত ব্যক্তিক তেওঁলোকৰ বাসস্থানৰ বাহিৰে অন্য কোনো স্থানলৈ আহিবলৈ বাধ্য কৰাব নোৱাৰিব। এনে ব্যক্তিয়ে যদি নিজে থানালৈ যাব বিচাৰে, তেন্তে তেওঁলোকক তাৰ অনুমতি দিব পৰা যাব।

viii. নতুন আইনে সকলো হাস্পতালতে মহিলা আৰু শিশুৰ বিৰুদ্ধে হোৱা অপৰাধৰ ভুক্তভোগীসকলক বিনামূলীয়া প্ৰাথমিক চিকিৎসা বা চিকিৎসা সেৱা প্ৰদানৰ ব্যৱস্থা কৰিছে। এই ব্যৱস্থাই জৰুৰী সময়ছোৱাত ভুক্তভোগীৰ স্বাস্থ্য আৰু আৰোগ্যক অগ্ৰাধিকাৰ দি অত্যাৱশ্যকীয় চিকিৎসা সেৱালৈ তাৎক্ষণিক সুবিধা নিশ্চিত কৰে।

ix. অপৰাধ কৰিবলৈ কোনো শিশুক কামত লগোৱা, নিয়োজিত কৰা বা লগত ৰখা কাৰ্যক ‘ভাৰতীয় ন্যায় সংহিতা, ২০২৩’ ৰ ৯৫ নম্বৰ ধাৰাৰ অধীনত এক দণ্ডনীয় অপৰাধ হিচাপে গ্ৰহণ কৰা হৈছে, য’ত ন্যূনতম ৭ বছৰৰ পৰা ১০ বছৰ পৰ্যন্ত বৰ্ধিত কাৰাদণ্ডৰ শাস্তি আছে। এই ব্যৱস্থাৰ উদ্দেশ্য হৈছে অপৰাধ সংঘটিত কৰিবলৈ কোনো দলে শিশুক ব্যৱহাৰ কৰাটো বন্ধ কৰা।

লোকসভাত এক লিখিত প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী বন্দী সঞ্জয় কুমাৰে  এই তথ্য সদৰি কৰে।

 

*****

RK/RR/PR/PS/SC/DB


(रिलीज़ आईडी: 2295323) आगंतुक पटल : 3
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Tamil