গৃহ মন্ত্ৰালয়
অবৈধ মাদকদ্ৰব্যৰ চোৰাং সৰবৰাহৰ বিৰুদ্ধে আপোচহীন নীতি
प्रविष्टि तिथि:
04 AUG 2026 3:25PM by PIB Guwahati
অবৈধ মাদক চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে উদ্ভৱ হোৱা নতুন নতুন প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰিবলৈ নাৰ্কোটিকছ কণ্ট্ৰোল ব্যুৰ’য়ে সংশ্লিষ্ট ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ আৰক্ষী বাহিনীৰ সৈতে নিৰৱচ্ছিন্ন সমন্বয় ৰক্ষা কৰি চলিছে। মাদক দ্ৰব্য সৰবৰাহকাৰীসকলৰ বিৰুদ্ধে এক আপোচহীন নীতি অনুসৰণ কৰি বিভিন্ন কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। ২৬ জুনত মাদক দ্ৰব্য সৰবৰাহ নিয়ন্ত্ৰণৰ বাবে এখন 'ভিজন ডকুমেণ্ট' প্ৰকাশ কৰা হয়। ইয়াৰ মূল উদ্দেশ্য হৈছে— অহা তিনি বছৰৰ ভিতৰত সৰ্বাংগীন চৰকাৰী আৰু সামাজিক উদ্যোগৰ জৰিয়তে মাদক দ্ৰব্য সৰবৰাহ নিয়ন্ত্ৰণ কৰা। এনচিবিয়ে এই ক্ষেত্ৰত মাদক দ্ৰব্য সৰবৰাহ প্ৰতিহত কৰিবলৈ প্ৰয়োজনীয় প্ৰতিষ্ঠান আৰু ৰাজ্যিক আৰক্ষী বাহিনীৰ সৈতে যৌথভাৱে কাম কৰি আহিছে। এই দিশত এক চাৰিতৰপীয়া নাৰ্কো ক’অৰ্ডিনেচন চেণ্টাৰ গঠন কৰা হৈছে।
উগ্ৰপন্থীসকল প্ৰায়েই মাদক দ্ৰব্য সৰবৰাহৰ সৈতে জড়িত হৈ পৰে। এই নতুন সমস্যাটোৰ মোকাবিলা কৰিবলৈ বিভিন্ন ৰাজ্যৰ এনচিবিৰ মহাপৰিদৰ্শকসকলৰ সৈতে এখন ‘যৌথ সমন্বয় সমিতি’ গঠন কৰা হৈছে। ইতিমধ্যে এই সমিতিসমূহে ৰাজ্যিক পৰ্যায়ত ৭৫খন আৰু কেন্দ্ৰীয় পৰ্যায়ত ১১খন বৈঠকত মিলিত হৈছে।
ৰাষ্ট্ৰীয় পৰ্যায়ত মাদক দ্ৰব্যৰ প্ৰতি আসক্তসকলক স্বাভাৱিক জীৱনযাত্ৰালৈ ঘূৰাই অনাৰ উদ্দেশ্যৰে এটা হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে। এই কামত সহায়ৰ বাবে ১৯৩৩ টোল-ফ্ৰী নম্বৰৰ লগতে 'UMANG' ম’বাইল অ্যাপ কাৰ্যক্ষম কৰা হৈছে। এই হেল্পলাইন নম্বৰটো ‘মানস’ নামেৰে পৰিচিত।
চৰকাৰে সমগ্ৰ দেশৰ শিক্ষা প্ৰতিষ্ঠানসমূহক মাদক দ্ৰব্যমুক্ত কৰাৰ বিশেষ উদ্যোগ গ্ৰহণ কৰিছে। এই ক্ষেত্ৰত এনচিবিৰ সহায়ত অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি চোকা দৃষ্টি ৰখা হৈছে।
২৬ জুনত প্ৰকাশিত ডক্যুমেণ্টখনত 'ক্ৰিপ্ট’কাৰেন্সী চেল' আৰু 'ডাৰ্কনেট'ৰ দৰে মাধ্যমসমূহৰ বিৰুদ্ধে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ ছুপাৰিছ কৰা হৈছে। নাৰ্কোটিক ড্ৰাগছ এণ্ড চাইক’ট্ৰপিক চাবষ্টেনছেছ (NDPS) আইন অনুসৰি চৰকাৰে বিভিন্ন পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে। চৰকাৰী পৰিকল্পনা অনুসৰি, যিকোনো শিক্ষা প্ৰতিষ্ঠানৰ ৫০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত মাদক দ্ৰব্য বিক্ৰী ৰোধ কৰিবলৈ নানা পদক্ষেপ গ্ৰহণ কৰা হৈছে। চৌহদসমূহত মাদকৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰিবলৈ বিভিন্ন কাৰ্যসূচীৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক প্ৰয়োজনীয় পৰামৰ্শ প্ৰদান কৰা হয়।
লোকসভাত আজি এক প্ৰশ্নৰ লিখিত উত্তৰত কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী শ্ৰী নিত্যনন্দ ৰায়ে এই তথ্য প্ৰকাশ কৰে।
*****
RK/RR/PS/SC/DB
(रिलीज़ आईडी: 2295321)
आगंतुक पटल : 7