নৌ-পৰিবহন মন্ত্ৰালয়
‘নাৱিক-প্ৰথম’ প্ৰচেষ্টা
प्रविष्टि तिथि:
04 AUG 2026 3:39PM by PIB Guwahati
বিশ্বৰ সামুদ্ৰিক শ্ৰমশক্তিৰ এক উল্লেখযোগ্য অংশ গঠন কৰা ভাৰতীয় নাৱিকসকলৰ সুৰক্ষা, নিৰাপত্তা আৰু কল্যাণক চৰকাৰে সৰ্বোচ্চ অগ্ৰাধিকাৰ প্ৰদান কৰে। ইৰাণ, হৰমুজ প্ৰণালী, পাৰস্য উপসাগৰ আৰু ইয়াৰ সমীপৱৰ্তী জলৰাশিত নিৰাপত্তা পৰিস্থিতি অৱনতি ঘটাৰ পৰিপ্ৰেক্ষিতত মন্ত্ৰালয়ৰ অধীনস্থ কাৰ্যালয় সামুদ্ৰিক প্ৰশাসন সঞ্চালকালয় (ডিজিএমএ)-য়ে নাৱিকসকলৰ বাবে বিস্তৃত আৰু ক্ৰমান্বয়ে কাৰ্যকৰী কৰিব পৰা 'নাৱিক-প্ৰথম' কাঠামোগত ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ অংশ হিচাপে উক্ত অঞ্চলত নিয়োজিত জাহাজ আৰু নাৱিকসকলৰ বাবে এটা ৰিয়েল-টাইম ৰিপৰ্টিং, ট্ৰেকিং আৰু নিৰীক্ষণ প্ৰণালী কাৰ্যকৰী কৰা হৈছে। চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ/ব্যৱস্থাসমূহৰ বিশদ বিৱৰণ পৰিশিষ্টত দিয়া হ’ল।
পৰিশিষ্ট
ভাৰতীয় নাৱিকসকলৰ সুৰক্ষা আৰু নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে পৰামৰ্শৱলী:
১০.০৪.২০২৪ তাৰিখৰ '২০২৪ৰ ৮নং ডিজিএছ চাৰ্কোলাৰৰ অধীনত প্ৰতিষ্ঠিত সামুদ্ৰিক নিৰাপত্তা ব্যৱস্থাৰ উপৰিও তলত উল্লেখ কৰা পৰামৰ্শাৱলী কাৰ্যকৰী হৈ আছে। এই ব্যৱস্থাটোক ২৪ ঘণ্টা চালিত নিয়ন্ত্ৰণ কক্ষ, ডিজিএমএৰ অধীনস্থ ডিজি কমিউনিকেশ্যন চেণ্টাৰৰ জৰিয়তে নিৰন্তৰ ৰিয়েল-টাইম নিৰীক্ষণ, আৰু প্ৰতি ২৪ ঘণ্টাত এখন 'পৰিস্থিতি প্ৰতিবেদন' প্ৰকাশৰ জৰিয়তে সহায় কৰা হয়।
- ২০২৬ৰ ১নং ডিজিএছ চাৰ্কোলাৰ: বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু তেহৰানস্থিত ভাৰতীয় দূতাবাসৰ নিৰ্দেশনা অনুসৰি জাৰি কৰা হৈছে, য’ত সকলো আৰপিএছএল কোম্পানী আৰু শ্বিপিং কোম্পানীক পৰৱৰ্তী নিৰ্দেশ দিয়ালৈকে ইৰাণলৈ ভাৰতীয় নাৱিক মোতায়েন নকৰিবলৈ আৰু ইৰাণৰ বন্দৰত প্ৰৱেশ কৰা বা হৰমুজ প্ৰণালীৰে পাৰ হোৱা জাহাজসমূহক অতিৰিক্ত সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।
- ২০২৬ৰ ৮নং ডিজিএছ চাৰ্কোলাৰ: লোইটাৰিং মিউনিচন, চালকহীন জলযান আৰু অনুৰূপ ভাবুকিৰ বিৰুদ্ধে জাহাজ-পাৰ নিৰাপত্তা ড্ৰিল, যাত্ৰাৰ পূৰ্বে শ্বিপ চিকিউৰিটী এলাৰ্টট ছিষ্টেমৰ পৰীক্ষণ, মালিক/অপাৰেটৰসকলৰ দ্বাৰা যাত্ৰা-নিৰ্দিষ্ট বিপদাশংকাৰ মূল্যায়ন, শ্বিপ ছিকিউৰিটীৰ পূৰ্ণ কাৰ্যকৰী কৰা আৰু কোনো সন্দেহজনক কাৰ্যকলাপ, ইণ্টাৰচেপ্চন, ইলেক্ট্ৰনিক হস্তক্ষেপে ব্যাহত হ’লে লগে লগে ডিজি কমিউনিকেশ্যন চেণ্টাৰক জনায়।
- ২০২৬ৰ ৯নং ডিজিএছ চাৰ্কোলাৰঃ ইৰাণৰ উৰ্ধমুখী পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় নাৱিক আৰু সংশ্লিষ্ট পক্ষসমূহলৈ জৰুৰী পৰামৰ্শ, য’ত ইৰাণত থকা ভাৰতীয় নাৱিকসকলক সতৰ্ক হৈ থাকিবলৈ, ভাৰতীয় দূতাবাসত নাম পঞ্জীয়ন কৰিবলৈ, সম্ভৱ হ’লে সুৰক্ষিতভাৱে প্ৰস্থান কৰিবলৈ আৰু ক্ষতিগ্ৰস্ত এলেকাৰ নাৱিকসকলৰ বিৱৰণ লগে লগে প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।
- ২০২৬ৰ ২১ নং ডিজিএছ চাৰ্কোলাৰ (০৭.০৪.২০২৬): ইৰাণৰ পাৰত বা কাষৰীয়া সাগৰত কাৰ্যৰত নাৱিকসকলৰ বাবে সুৰক্ষা পৰামৰ্শ, য’ত তেওঁলোকক সতৰ্ক থাকিবলৈ, অপ্ৰয়োজনীয় চলাচল প্ৰতিহত কৰিবলৈ, তেহৰানৰ ভাৰতীয় দূতাবাসৰ নিৰ্দেশনা মানি চলিবলৈ আৰু প্ৰয়োজন অনুসৰি ডিজিএছ জৰুৰীকালীন সহায় গ্ৰহণ কৰিবলৈ কোৱা হৈছে।
- ২০২৬ৰ ৩১ নং ডিজিএছ চাৰ্কোলাৰ নং (১৩.০৬.২০২৬): ভূমধ্য সাগৰীয় অঞ্চলত বৃদ্ধি পোৱা নিৰাপত্তা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিৰোধমূলক ব্যৱস্থা, য’ত নিৰাপত্তা বিষয়ক সতৰ্কতা বৃদ্ধি কৰা, সংঘাতপূৰ্ণ অঞ্চললৈ ভাৰতীয় নাৱিক মোতায়েন প্ৰতিহত কৰা (সন্মতিসহ জৰুৰীকালীন ক্ৰু পৰিৱৰ্তনৰ বাহিৰে), নিৰীক্ষণ কৰা আৰু সত্যাপিত নিৰাপত্তা তথ্য প্ৰচাৰ কৰাৰ নিৰ্দেশ দিয়া হৈছে।
- ২০২৬ৰ ৩৩ নং ডিজিএছ চাৰ্কোলাৰ (২৬.০৬.২০২৬): পৰিস্থিতিৰ উন্নতিত পুৰণি নিষেধাজ্ঞা বাতিল কৰি উপকূলীয় ৰাজ্যৰ নিৰাপত্তা প্ৰট’কল মানি স্বাভাৱিক কাম-কাজৰ অনুমতি দিয়া হৈছে, য’ত IMO, UKMTO, MICA Centre আৰু উপকূলীয় ৰাজ্যসমূহৰ সৈতে সমন্বয়ৰ জৰিয়তে উচ্ছেদৰ ব্যৱস্থা ৰখা হৈছে।
- ২০২৬ৰ ৩৬নং ডিজিএছ চাৰ্কোলাৰ (১৫.০৭.২০২৬): পুনৰ পৰিস্থিতি অৱনতি ঘটাৰ বাবে জাৰি কৰা, য’ত হৰমুজ প্ৰণালীৰে পাৰ হোৱা জাহাজত পৰৱৰ্তী নিৰ্দেশ পৰ্যন্ত ভাৰতীয় নাৱিক মোতায়েন নকৰিবলৈ আৰু আইএছপিএছ কোড সম্পূৰ্ণৰূপে মানি চলিবলৈ কোৱা হৈছে।
উক্ত অঞ্চলত নিয়োজিত জাহাজ আৰু নাৱিকসকলৰ বাবে ৰিয়েল-টাইম ৰিপৰ্টিং, ট্ৰেকিং আৰু নিৰীক্ষণ প্ৰণালীৰ বিশদ বিৱৰণ:
- eNavik প’ৰ্টেল (০১.০৭.২০২০ ৰ পৰা কাৰ্যকৰী): এই সংহত ডিজিটেল প্লেটফৰ্মত ২৪x৭ সামুদ্ৰিক দুৰ্ঘটনা ৰিপৰ্টিং, সংকট ব্যৱস্থাপনা আৰু নাৱিকসকলৰ অভিযোগ সংক্ৰান্তীয় মডিউল উপলব্ধ, যিয়ে ঘটনাৰ প্ৰতিবেদন ক্ষিপ্ৰভাৱে প্ৰেৰণ কৰাত সহায় কৰে।
- অনলাইন জাহাজ ৰিপৰ্টিং ফৰ্ম: ২০২৪ৰ ৮ নং ডিজিএছ চাৰ্কোলাৰৰ অধীনত পাৰস্য উপসাগৰ, হৰমুজ প্ৰণালী, ওমান উপসাগৰ, এডেন উপসাগৰ, লোহিত সাগৰ ইত্যাদিৰে পাৰ হোৱা সকলো জাহাজে নিজৰ বিৱৰণ দাখিল কৰিব লাগে, যিয়ে ভাৰতীয় নৌসেনাক ক্ষিপ্ৰ সঁহাৰি দিয়াত সহায় কৰে।
- অতিৰিক্ত নিৰ্দেশনা: ২০২৬ৰ ৮নং ডিজিএছ চাৰ্কোলাৰৰ অধীনত কোম্পানীৰ সুৰক্ষা বিষয়াই (CSO) ডিজি কমিউনিকেশ্যন চেণ্টাৰক জাহাজ আৰু ক্ৰুৰ সম্পূৰ্ণ তালিকা প্ৰদান কৰাটো বাধ্যতামূলক।
- ৰিয়েল-টাইম নিৰীক্ষণ: ডিজি কমিউনিকেশ্যন চেণ্টাৰ এ ভাৰতীয় নৌসেনা, IFC-IOR আৰু অন্যান্য কতৃপক্ষৰ সৈতে ২৪ ঘণ্টাই সম্পৰ্ক ৰাখি নিৰীক্ষণ কৰে। প্ৰতি ২৪ ঘণ্টাত এটা 'পৰিস্থিতি প্ৰতিবেদন' প্ৰস্তুত কৰা হয়।
অঞ্চলটোত কাৰ্যৰত ভাৰতীয় নাৱিকসকলৰ সুৰক্ষা, যোগাযোগ, উচ্ছেদ আৰু স্বদেশলৈ প্ৰত্যাহ্বান নিশ্চিত কৰিবলৈ গ্ৰহণ কৰা পদক্ষেপসমূহ:
- যোগাযোগ: ২৪ ঘণ্টা চালিত নিয়ন্ত্ৰণ কক্ষ আৰু ডিজি কমিউনিকেশ্যন চেণ্টাৰ (MMDAC) ৰ ব্যৱস্থা। ভিএইএফ চেনেল ১৬ৰ জৰিয়তে নিকটৱৰ্তী ভাৰতীয় নৌসেনা বা মিত্ৰজোঁটৰ যুদ্ধজাহাজ আৰু ডিজি কমিউনিকেশ্যন চেণ্টাৰ, IFC-IOR, UKMTO ৰ সৈতে সংযোগৰ নিয়ম। কাৰ্যকৰী হোৱাৰ পৰা নিয়ন্ত্ৰণ কক্ষই ১৫,৭৭১ টা ফোন কল আৰু ৩৬,৪৯৯ টা ই-মেইল পৰিচালনা কৰিছে।
- উদ্ধাৰ আৰু প্ৰত্যাহ্বান: মুঠ ৬০খন জাহাজে ভাৰতৰ বাবে সামগ্ৰী কাঢ়ি নিৰাপদে হৰমুজ প্ৰণালী পাৰ হৈছে। ইয়াৰ উপৰিও ভূমধ্য সাগৰীয় অঞ্চলৰ পৰা ৩,৯৭২ গৰাকী ভাৰতীয় নাৱিকক নিজ দেশলৈ ঘূৰাই অনা হৈছে। নাৱিকসকলৰ পৰিয়ালৰ সৈতে যোগাযোগ ৰখা হৈছে আৰু প্ৰয়োজন অনুসৰি কল্যাণকাৰী পৰামৰ্শদাতাৰ সুবিধা প্ৰদান কৰা হৈছে। কোনো নাৱিকৰ মৃত্যু হ’লে Seafarers Welfare Fund Society ৰ জৰিয়তে লগে লগে ১০,০০,০০০ টকা (দহ লাখ টকা) ৰ বিত্তীয় সাহায্য প্ৰদান কৰা হয়।
পৰ্যাপ্ত তথ্য, সুৰক্ষা আৰু সমৰ্থন নোহোৱাকৈ কোনো ভাৰতীয় নাৱিক যাতে যাত্ৰা কৰিবলৈ বাধ্য নহয় তাৰ বাবে লোৱা পদক্ষেপসমূহ:
- নিয়ন্ত্ৰিত নিয়োজিতকৰণ: প্ৰতিগৰাকী ভাৰতীয় নাৱিক অনুজ্ঞাপ্ৰাপ্ত আৰপিএছএল এজেন্সীৰ জৰিয়তে হে নিয়োজিত হয়। অনুমোদন অবিহনে কোনো নাৱিকে ইমিগ্ৰেচন ক্লিয়াৰেন্স লাভ কৰিব নোৱাৰে।
- ক্ৰু পৰিৱৰ্তনত সন্মতি: সংঘাতপূৰ্ণ অঞ্চলত জৰুৰীকালীন ক্ৰু পৰিৱৰ্তন কেৱল সংশ্লিষ্ট নাৱিকজনৰ সন্মতি সাপেক্ষেহে অনুমতি দিয়া হৈছিল।
- ব্যৱস্থাগত পৰ্যায়ত বাধ্যবাধকতা প্ৰত্যাহাৰ: হৰমুজ প্ৰণালীৰ মাধ্যমেৰে কৰা যাত্ৰাত নাৱিক মোতায়েন নকৰিবলৈ পৰামৰ্শ দি চৰকাৰে ব্যক্তিগত পৰ্যায়ত নাৱিকসকলৰ ওপৰত থকা বিপদাশংকাপূৰ্ণ কামৰ চাপ আঁতৰাইছে।
- প্ৰকাশ আৰু যথোপযুক্ত তৎপৰতা: চুক্তি গ্ৰহণ কৰাৰ পূৰ্বে আৰপিএছএল কোম্পানী আৰু নাৱিকসকলে জাহাজৰ পথ, ইয়াৰ ফ্লেগ, মালিকৰ সুনাম, বীমাৰ স্থিতি আদি পৰীক্ষা কৰাটো প্ৰয়োজনীয়।
- অভিযোগ নিষ্পত্তি আৰু সাহায্য: ২৪x৭ দেশীয় টোল-ফ্ৰী হেল্পলাইন (1800-889-7768), আন্তঃৰাষ্ট্ৰীয় টোল-ফ্ৰী হেল্পলাইন (+1-888-988-0256), হোৱাটছএপ (+91 8655856830), ই-মেইল (enavik.24x7[at]gov[dot]in) আৰু e-Navik প’ৰ্টেলৰ জৰিয়তে সহায়ৰ ব্যৱস্থা আছে।
- সত্যাপিত তথ্য: সকলো পক্ষকে চৰকাৰী উৎসৰ পৰা তথ্য সত্যাপিত কৰিবলৈ আৰু অপৰীক্ষিত খবৰ প্ৰচাৰ নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে।
ৰাজ্যসভাত এক লিখিত উত্তৰত এই তথ্য প্ৰদান কৰে কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
***
MI/Indu/DB
(रिलीज़ आईडी: 2294838)
आगंतुक पटल : 3