পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়
azadi ka amrit mahotsav

'সমুদ্ৰ মন্থন' - ৰাষ্ট্ৰীয় অফশ্ব'ৰ অন্বেষণ আঁচনিত ৮৪,০৮৪ কোটি টকা ব্যয়ত অনুমোদন কেবিনেটৰ

प्रविष्टि तिथि: 01 AUG 2026 9:46AM by PIB Guwahati

মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে কালি ২০৩০–৩১ বিত্তীয় বৰ্ষত  কাৰ্যকৰী কৰাৰ বাবে পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় খণ্ডৰ আঁচনি ৰাষ্ট্ৰীয় অফশ্ব’ৰ এক্সপ্ল’ৰেচন আঁচনি “সমুদ্ৰ মন্থন”ত অনুমোদন জনাইছে। ই ভাৰতৰ আটাইতকৈ অভিলাষী অফশ্ব’ৰ অন্বেষণ অভিযান। এই অনুমোদনে ভাৰতৰ হাইড্ৰ’কাৰ্বন অন্বেষণ আৰু উৎপাদন খণ্ডক শক্তিশালী কৰাৰ বাবে মাননীয় প্ৰধানমন্ত্ৰীৰ নেতৃত্বত গ্ৰহণ কৰা একাধিক পৰিৱৰ্তনশীল সংস্কাৰকেই প্ৰতিফলিত কৰিছে।

ৰাষ্ট্ৰীয় অফশ্ব’ৰ অন্বেষণ আঁচনি সমুদ্ৰ মন্থনে নীতিক কাৰ্য্যত পৰিণত কৰি ভাৰতৰ শক্তি সুৰক্ষা আৰু আত্মনিৰ্ভৰ ভাৰতৰ যাত্ৰাৰ এক নতুন অধ্যায় মুকলি কৰি এই সংস্কাৰসমূহক আগুৱাই নিব।

ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম খাৰুৱা তেলৰ গ্ৰাহক, ইয়াৰ বাৰ্ষিক আমদানি বিল প্ৰায় ১৪৪ বিলিয়ন মাৰ্কিন ডলাৰ (প্ৰায় ১৩ লাখ কোটি টকা)। শেহতীয়া ভূ-ৰাজনৈতিক উন্নয়নে প্ৰমাণ কৰা অনুসৰি দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতিৰ বাবে শক্তি সম্পদৰ সুৰক্ষিত আৰু নিৰৱচ্ছিন্ন প্ৰৱেশ কৌশলগত গুৰুত্বপূৰ্ণ। অনাগত দশকবোৰত ভাৰতৰ শক্তিৰ চাহিদা ক্ৰমাগতভাৱে বৃদ্ধি পোৱাৰ আশা কৰা হৈছে, সেয়েহে আমদানিৰ নিৰ্ভৰশীলতা হ্ৰাস, শক্তিৰ স্থিতিস্থাপকতা শক্তিশালী কৰা, আৰু দেশৰ দীৰ্ঘম্যাদী অৰ্থনৈতিক বিকাশ সুৰক্ষিত কৰাৰ বাবে ঘৰুৱা তেল আৰু গেছ উৎপাদন বৃদ্ধি কৰাটো অতি প্ৰয়োজনীয় হৈ পৰিছে।

                                                                            চিত্ৰ ১: উন্নত ভূমিকম্পীয় জৰীপে ভাৰতৰ অফশ্ব’ৰ সম্ভাৱনা মুকলি কৰিছে

২০১৪ চনৰ পৰা চৰকাৰে হাইড্ৰ’কাৰ্বন অন্বেষণ আৰু উৎপাদনৰ বাবে এক সক্ষম পৰিৱেশ তন্ত্ৰ সৃষ্টি কৰিবলৈ যোৱা কেইবছৰমানৰ পৰা ধাৰাবাহিকভাৱে গাঁথনিগত সংস্কাৰৰ পদক্ষেপ গ্ৰহণ কৰিছে  :

১) অফশ্ব'ৰ একৰেজ মুকলি কৰা: পূৰ্বৰ "ন'-গ'" অঞ্চলৰ ৯৯%তকৈ অধিক অঞ্চল আঁতৰাই পেলোৱা হৈছে, যাৰ ফলত ভাৰতৰ একচেটিয়া অৰ্থনৈতিক মণ্ডলৰ ১০ লাখ বৰ্গ কিলোমিটাৰতকৈও অধিক অঞ্চল প্ৰথমবাৰৰ বাবে অন্বেষণৰ বাবে উপলব্ধ হৈছে।

২) চুক্তিবদ্ধ ব্যৱস্থাৰ আধুনিকীকৰণঃ ভাৰতে উৎপাদন ভাগ-বতৰা চুক্তিৰ পৰা ৰাজহ ভাগ-বতৰা চুক্তিলৈ পৰিৱৰ্তিত হ’ল, বিত্তীয় কাঠামো সৰল কৰি স্বচ্ছতা উন্নত কৰাৰ লগতে প্ৰশাসনিক হস্তক্ষেপ হ্ৰাস কৰিলে।

৩) বিধানৰ সংস্কাৰ: তৈলক্ষেত্ৰ (নিয়ন্ত্ৰণ আৰু উন্নয়ন) সংশোধনী আইন, ২০২৫-এ চুক্তিগত স্থিতিশীলতা প্ৰদান কৰি, সংহত পেট্ৰলিয়াম কাৰ্য্যকলাপক স্বীকৃতি দি, বিবাদ নিষ্পত্তিৰ ব্যৱস্থা শক্তিশালী কৰি, আৰু সমসাময়িক নিয়ন্ত্ৰণমূলক স্থাপন কৰি খণ্ডটোক নিয়ন্ত্ৰণ কৰা আইনী কাঠামোক আধুনিকীকৰণ কৰিছে।

৪) নতুন নিয়মৰ  ৰূপায়ণ: পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছৰ নিয়ম, ২০২৫-এ ব্যৱসায় কৰাত সহজতাক প্ৰসাৰিত কৰি, নিয়ন্ত্ৰণৰ দক্ষতা বৃদ্ধি কৰি, আৰু পেট্ৰলিয়াম প্ৰশাসনক সুশৃংখলিত কৰি এই সংস্কাৰসমূহক কাৰ্যকৰী কৰিছে।

৫) একেধৰণৰ সিদ্ধান্ত গ্ৰহণৰ কাঠামো: চৰকাৰে সচিবসকলৰ ক্ষমতাপ্ৰাপ্ত সমিতিৰ গঠন আৰু কাৰ্যভাৰকো সকলো চুক্তি ব্যৱস্থাতে প্ৰামাণিককৰণ কৰিছে, যাৰ ফলত সকলো অপাৰেটৰৰ বাবে সামঞ্জস্যতা নিশ্চিত কৰা হৈছে, তেওঁলোকৰ চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল সেই কথা নিৰ্বিশেষে।

 

৬) অন্বেষণৰ  বিষয়ত  চোকা মনোনিৱেশ: অন্বেষণৰ কাৰ্য্যকলাপত অধিক গুৰুত্ব দিবলৈ অ’ এন জি চি আৰু অইল ইণ্ডিয়াৰ কৰ্মক্ষমতাৰ পৰিমাপসমূহ পুনৰ অভিমুখী কৰা হৈছে, যাৰ ফলত ভাৰতৰ ঘৰুৱা হাইড্ৰ’কাৰ্বন সম্পদৰ ভিত্তি সম্প্ৰসাৰণৰ বাবে চৰকাৰৰ দায়বদ্ধতাক শক্তিশালী কৰা হৈছে।

পূৰ্বে এতিয়া

MapDescription automatically generated

চিত্ৰ ২: চিত্ৰ ৩:

                                                           পূৰ্বৰ অন্বেষণৰ বাবে নিষিদ্ধ অফশ্ব’ৰ এলেকাসমূহ  ভাৰতৰ প্ৰায় ৯৯% ইইজেড এতিয়া অন্বেষণৰ বাবে মুকলি

 

হাইড্ৰ'কাৰ্বন অন্বেষণ হৈছে মূলধন-নিবিড় আৰু দীৰ্ঘ  কাৰ্য্যকলাপ, ইয়াৰ সাধাৰণ সময়সীমা অন্বেষণ ব্লক প্ৰদানৰ পৰা বাণিজ্যিক উৎপাদন আৰম্ভ হোৱালৈকে ভাৰতৰ ক্ৰমবৰ্ধমান শক্তিৰ চাহিদা পূৰণৰ বাবে স্থায়ী অন্বেষণৰ প্ৰয়োজনীয়তাৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হৈছে।

ইয়াৰ উপৰি বৰ্তমানৰ তেল আৰু গেছ ক্ষেত্ৰসমূহে প্ৰতি বছৰে প্ৰায় ৬–৭% প্ৰাকৃতিক উৎপাদন হ্ৰাস পোৱাৰ সাক্ষী হৈ আহিছে , যাৰ ফলত ঘৰুৱা হাইড্ৰ’কাৰ্বন উৎপাদন বজাই ৰাখিবলৈ নিৰন্তৰ অন্বেষণ তথা নতুন আৱিষ্কাৰ অতি প্ৰয়োজনীয় হৈ পৰিছে।

 

এই প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিবলৈ চৰকাৰে  অন্বেষণ-নেতৃত্বাধীন বৃদ্ধিৰ দিশত পুনৰ দিশ নিৰ্ধাৰণ কৰিছে। ৰাষ্ট্ৰীয় অফশ্ব’ৰ অন্বেষণ আঁচনি “সমুদ্ৰ মন্থন”ৰ অধীনত চৰকাৰে গভীৰ পানীৰ তলত অন্বেষণৰ লগতে  কূপ খননৰ খৰচৰ ৫০% পৰ্যন্ত আৰ্থিক সহায় আগবঢ়াব, যাৰ ফলত অন্বেষণৰ বিপদ হ্ৰাস পাব, বিনিয়োগক উৎসাহিত হ’ব আৰু ভাৰতৰ অফশ্ব’ৰ হাইড্ৰ’কাৰ্বন সম্ভাৱনাৰ বিকাশ ত্বৰান্বিত হ’ব।

ভাৰতৰ ভৱিষ্যতৰ হাইড্ৰ’কাৰ্বন সম্ভাৱনা বহুলাংশে গভীৰ পানী আৰু অতি গভীৰ পানীৰ অৱবাহিকা যেনে কৃষ্ণা-গোদাৱৰী, কাবেৰী, মহানদী আৰু আন্দামান অঞ্চলত  আছে। এই অঞ্চলসমূহত অন্বেষণৰ বাবে উন্নত প্ৰযুক্তি আৰু উল্লেখযোগ্য বিনিয়োগৰ প্ৰয়োজন হয়, গভীৰ পানীৰ একোটা  অন্বেষণ কূপৰ বাবে প্ৰায় ১২৫–১৫ কোটি মাৰ্কিন ডলাৰ খৰচ হয়। এনে অন্বেষণৰ উচ্চ বিপদজনক, উচ্চ খৰচী প্ৰকৃতিক স্বীকৃতি দি চৰকাৰে স্থায়ী বিনিয়োগক উৎসাহিত কৰিবলৈ, অন্বেষণ ত্বৰান্বিত কৰিবলৈ, আৰু ভাৰতৰ অফশ্ব’ৰ হাইড্ৰ’কাৰ্বন সম্পদসমূহ মুকলি কৰিবলৈ বিশেষ পদ্ধতি গ্ৰহণ কৰিছে।

 

                                                                               চিত্ৰ ৪: গভীৰ পানী আৰু অতি গভীৰ পানীৰ অন্বেষণ ত্বৰান্বিত কৰা হৈছে

সেয়েহে সমুদ্ৰ মন্থনক অফশ্ব’ৰ অন্বেষণৰ বিপদমুক্ত কৰিবলৈ, ব্যক্তিগত বিনিয়োগক অনুঘটক হিচাপে কাম কৰিবলৈ, ঘৰুৱা উৎপাদন শক্তিশালী কৰিবলৈ আৰু সমগ্ৰ অফশ্ব’ৰ অন্বেষণ আৰু উৎপাদন মূল্য শৃংখলত স্থায়ী ৰাষ্ট্ৰীয় সামৰ্থ্য গঢ়ি তুলিবলৈ কৌশলগত ৰাষ্ট্ৰীয় হস্তক্ষেপ হিচাপে   গ্ৰহণ কৰা হৈছে।

ৰাষ্ট্ৰীয় অফশ্ব’ৰ অন্বেষণ আঁচনি “সমুদ্ৰ মন্থন”য়ে  নীতি সংস্কাৰৰ পৰা মিছন-ম’ডত ৰূপায়ণলৈ পৰিৱৰ্তনক চিহ্নিত কৰে। ২০৩১ চনৰ ৩১ মাৰ্চলৈকে প্ৰথম পৰ্যায়ৰ ব্যয় ৮৪,০৮৪ কোটি টকাৰ সৈতে কেন্দ্ৰীয় খণ্ডৰ আঁচনি হিচাপে অনুমোদিত এই আঁচনিখনে অফশ্ব’ৰ হাইড্ৰ’কাৰ্বন অন্বেষণ আৰু উৎপাদন ত্বৰান্বিত কৰাৰ বাবে এক সংহত পদ্ধতি গ্ৰহণ কৰিছে।

 

                                                 চিত্ৰ ৫ : দ্ৰুত উৎপাদনৰ বাবে অংশীদাৰী অফশ্ব'ৰ আন্তঃগাঁথনি

আঁচনিখনত চাৰিটা মূল উপাদান আছে:(i) ২৮,৫৩৪ কোটি টকা ব্যয়ৰে আধুনিক অফশ্ব’ৰ ভূমিকম্পীয় তথ্য আহৰণ আৰু প্ৰক্ৰিয়াকৰণ;

(ii) যোগ্য ড্ৰিলিং খৰচৰ ৫০% পৰ্যন্ত বা প্ৰতিটো কূপত ৬৭৫ কোটি টকা, যিটো কম, চৰকাৰী সমৰ্থনকে ধৰি ৪৩,২০০ কোটি টকাৰ আবণ্টনৰে ৬০টা গভীৰ পানীৰ অন্বেষণ কূপ খনন কৰা;(iii) আৱিষ্কাৰসমূহৰ বাণিজ্যিকীকৰণৰ সুবিধাৰ বাবে ১০,০০০ কোটি টকা ব্যয়ৰে সাধাৰণ অফশ্ব’ৰ আন্তঃগাঁথনি কেন্দ্ৰৰ বিকাশ; আৰু (iv) ঘৰুৱা উৎপাদন আৰু জটিল সঁজুলি আৰু সেৱাসমূহৰ স্থানীয়কৰণক প্ৰসাৰিত কৰিবলৈ ২০০০ কোটি টকা ব্যয়ৰে তেল আৰু গেছ উৎপাদন আৰু সেৱা মণ্ডল স্থাপন কৰা।

 

উপাদান অনুসৰি ব্যয়                                                                            (কোটি টকাত)

ক্ৰমিক নং

উপাদান

পৰিমাণ

অফশ্ব’ৰ তথ্য আহৰণ

২৮,৫৩৪

১ক

বেচিন কভাৰেজৰ বাবে ২ডি ভূমিকম্পীয় তথ্য আহৰণ

১২০০০

১খ

থ্ৰিডি ভূমিকম্পীয় তথ্য আহৰণ (লগতে অন্যান্য কৌশল)

১২,৫৩৪

১গ

এনডিআৰ ডাটা পুনৰ প্ৰক্ৰিয়াকৰণ আৰু এআই সঁজুলি প্ৰণয়ন

৪,০০০

অফশ্ব’ৰ অন্বেষণ আৰু আন্তঃগাঁথনিৰ অধীনত উৎপাদন

৫৫,২০০

২ক

অফশ্ব’ৰ অন্বেষণৰ ত্বৰান্বিতকৰণ

৪৩,২০০

২খ

আন্তঃগাঁথনিৰ অধীনত গভীৰ পানীৰ তলত উৎপাদন আৰু অন্বেষণ

১০০০০

2C

তেল আৰু গেছ উৎপাদন তথা  সেৱা মণ্ডলৰ উন্নয়ন

২০০০

3

নিৰীক্ষণ আৰু সমৰ্থন কাৰ্য্যকলাপ (ডিজিটেল হস্তক্ষেপ, নিৰীক্ষণ আৰু মূল্যায়ন, মানৱ সম্পদ, সজাগতা আৰু প্ৰচাৰ অনুষ্ঠান, সংবাদ মাধ্যমৰে যোগাযোগ)

৩৫০

 

মুঠ

৮৪,০৮৪

অন্বেষণৰ সফলতাৰ ওপৰত নিৰ্ভৰ কৰি ৰাষ্ট্ৰীয় অফশ্ব’ৰ অন্বেষণ আঁচনি – সমুদ্ৰ মন্থন – ভাৰতৰ ঘৰুৱা তেল আৰু গেছ উৎপাদন বছৰি প্ৰায় ৬২ এমএমটিঅ’ইৰ পৰা ৮০ এমএমটিঅ’ইলৈ বৃদ্ধি কৰাৰ লগতে দেশৰ হাইড্ৰ’কাৰ্বন সম্পদৰ ভিত্তি ১.৬ বিলিয়ন টিঅ’ইৰ পৰা ২.২ বিলিয়ন টিঅ’ইলৈ বৃদ্ধি কৰাৰ লক্ষ্য স্থিৰ কৰিছে। অতিৰিক্ত উৎপাদনে বছৰি প্ৰায় ১ লাখ কোটি টকাৰ খাৰুৱা তেলৰ আমদানি হ্ৰাস কৰাৰ সম্ভাৱনা আছে, যাৰ ফলত ভাৰতৰ শক্তি সুৰক্ষা শক্তিশালী হ’ব আৰু আমদানিৰ ক্ষেত্ৰত নিৰ্ভৰশীলতা হ্ৰাস পাব।উন্নত তথ্য, বিপদ-বিনিময়, উমৈহতীয়া আন্তঃগাঁথনি আৰু ঘৰুৱা উৎপাদন ক্ষমতাৰ জৰিয়তে সমুদ্ৰ মন্থনে ভাৰতক গভীৰ পানীৰ অন্বেষণ আৰু উৎপাদনত ৰাষ্ট্ৰীয় সামৰ্থ্য গঢ়ি তুলিবলৈ সক্ষম কৰিব, আমাৰ শক্তি-নিৰাপত্তাৰ স্থিতিস্থাপকতা শক্তিশালী কৰিব, আৰু আমদানিৰ ক্ষেত্ৰত আমাৰ দীৰ্ঘম্যাদী নিৰ্ভৰশীলতা হ্ৰাস কৰিব।

***

TM/DM


(रिलीज़ आईडी: 2294161) आगंतुक पटल : 12
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , Bengali , Bengali-TR , English , Urdu , हिन्दी , Gujarati , Tamil