প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
২০২৬ চনৰ কমনৱেলথ গেমছত ভাৰতীয় দলৰ প্ৰদৰ্শনত গৌৰৱ প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
03 AUG 2026 9:55AM by PIB Guwahati
গ্লাছগোত অনুষ্ঠিত ২০২৬ চনৰ কমনৱেলথ গেমছত ভাৰতীয় দলৰ প্ৰদৰ্শনত গৌৰৱ প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
১৩টা স্বৰ্ণ পদককে ধৰি ভাৰতে ৩৯টা পদক লাভ কৰাত প্ৰধানমন্ত্ৰীয়ে আনন্দ প্ৰকাশ কৰে আৰু সকলো পদক বিজয়ীক অভিনন্দন জনায়।
শ্ৰী মোদীয়ে কয় যে সমগ্ৰ গেমছত ভাৰতীয় খেলুৱৈসকলে ব্যতিক্ৰমী দক্ষতা, সংকল্প আৰু নিষ্ঠা প্ৰদৰ্শন কৰিছে। তেওঁ লগতে কয় যে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমে দেশৰ যুৱক-যুৱতীসকলক অনুপ্ৰাণিত কৰি থাকিব।
শ্ৰী মোদীয়ে লগতে সমগ্ৰ ভাৰতীয় দলটোক তেওঁলোকৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে আৰু আশা প্ৰকাশ কৰে যে তেওঁলোকে দেশৰ বাবে অধিক গৌৰৱ কঢ়িয়াই আনিব।
শ্ৰী মোদীয়ে এক্স-ত লিখিছে;
"গ্লাছগো কমনৱেলথ গেমছত আমাৰ দলৰ প্ৰদৰ্শনৰ বাবে গৌৰৱান্বিত।
ভাৰতে ১৩টা স্বৰ্ণসহ ৩৯টা পদক লাভ কৰাত আনন্দিত।পদক বিজয়ীসকলক অভিনন্দন জনাইছো।
সমগ্ৰ গেমছত আমাৰ প্ৰতিভাশালী খেলুৱৈসকলে ব্যতিক্ৰমী দক্ষতা, সংকল্প আৰু নিষ্ঠা প্ৰদৰ্শন কৰিছে। তেওঁলোকৰ কঠোৰ পৰিশ্ৰমে আমাৰ যুৱপ্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব।
ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে সমগ্ৰ ভাৰতীয় দলটোক মোৰ শুভেচ্ছা জনালোঁ। তেওঁলোকে নিজৰ সৰ্বশ্ৰেষ্ঠ প্ৰদান অব্যাহত ৰাখক আৰু ৰাষ্ট্ৰৰ বাবে অধিক গৌৰৱ কঢ়িয়াই আনক।
#CWG2026”
***
MJPS/SS/ST/HS
(रिलीज़ आईडी: 2293629)
आगंतुक पटल : 5
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Telugu
,
Kannada
,
Malayalam
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil