প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

পুৰুষৰ ৫০০০ মিটাৰ দৌৰত ব্ৰঞ্জৰ পদক জয়ৰ বাবে গুলৱীৰ সিঙক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 02 AUG 2026 12:03PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছ, ২০২৬ৰ পুৰুষৰ ৫০০০ মিটাৰ প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে গুলৱীৰ সিঙক অভিনন্দন জনায়।

প্ৰধানমন্ত্ৰীয়ে কয় যে এই ব্যতিক্ৰমী প্ৰদৰ্শনেৰে গুলৱীৰ সিং একেখন কমনৱেলথ গেমছত দুটাকৈ এথলেটিকছ পদক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় এথলীট হৈ পৰিল। তেওঁ লগতে উল্লেখ কৰে যে গুলৱীৰ সিং কমনৱেলথ গেমছৰ পুৰুষৰ ৫০০০ মিটাৰ দৌৰত পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয়।

শ্ৰী মোদীয়ে এই সাফল্যক ভাৰতীয় এথলেটিকছৰ বাবে এক ঐতিহাসিক মুহূৰ্ত বুলি অভিহিত কৰাৰ লগতে গুলৱীৰ সিঙলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।

'X' ৰ এটা পোষ্টত শ্ৰী মোদীয়ে লিখে;

“গুলৱীৰ সিঙে ইতিহাস সৃষ্টি কৰিলে! ২০২৬ চনৰ কমনৱেলথ গেমছৰ পুৰুষৰ ৫০০০ মিটাৰ প্ৰতিযোগিতাত তেওঁ ব্ৰঞ্জৰ পদক জয় কৰিছে। তেওঁলৈ বহুত বহুত অভিনন্দন। এই ব্যতিক্ৰমী প্ৰদৰ্শনেৰে তেওঁ একেখন কমনৱেলথ গেমছত দুটাকৈ এথলেটিকছ পদক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় এথলীট হিচাপে পৰিগণিত হ’ল। তেওঁ পুৰুষৰ ৫০০০ মিটাৰ প্ৰতিযোগিতাত কমনৱেলথ গেমছৰ পদক জয় কৰাও প্ৰথমগৰাকী ভাৰতীয়। এই সাফল্য সঁচাকৈয়ে ভাৰতীয় এথলেটিকছৰ বাবে এক উল্লেখনীয় ক্ষণ। তেওঁলৈ মোৰ শুভকামনা জনালোঁ।”

#CWG2026”

***

MJPS/SS/ST/DB


(रिलीज़ आईडी: 2293395) आगंतुक पटल : 8
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Gujarati , Tamil , Telugu , Kannada , Malayalam