প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
মহিলাৰ ৫৭ কেজি বক্সিং প্ৰতিযোগিতাত স্বৰ্ণ পদক জয়ৰ বাবে জেছমিন লম্বোৰীয়াক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
02 AUG 2026 12:45AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছ, ২০২৬ৰ মহিলাৰ ৫৭ কেজি বক্সিং প্ৰতিযোগিতাত স্বৰ্ণ পদক অৰ্জন কৰাৰ বাবে জেছমিন লম্বোৰীয়াক অভিনন্দন জনায়।
প্ৰধানমন্ত্ৰীয়ে কয় যে জেছমিন লম্বোৰীয়াৰ সমৰ্পিত মনোভাৱ আৰু ধাৰাবাহিকতাই তেওঁৰ এই সাফল্যত স্পষ্টভাৱে প্ৰতিফলিত হৈছে।
শ্ৰী মোদীয়ে তেওঁৰ ভৱিষ্যতৰ যাত্ৰাৰ বাবে শুভকামনা জনায়।
প্ৰধানমন্ত্ৰীয়ে ‘X’ত লিখেঃ
“গ্লাছগো কমনৱেলথ গেমছৰ ৫৭ কেজি মহিলাৰ বক্সিং প্ৰতিযোগিতাত স্বৰ্ণ পদক জয় কৰাৰ বাবে জেছমিন লম্বোৰীয়ালৈ অভিনন্দন জ্ঞাপন কৰিলোঁ। তেওঁৰ সমৰ্পিত মনোভাৱ আৰু ধাৰাবাহিকতা এই সাফল্যত স্পষ্টভাৱে প্ৰতিফলিত হৈছে। তেওঁলৈ মোৰ শুভকামনা জনালোঁ।”
#CWG2026”
***************
MJPS/SS/ST/DB
(ৰিলিজ আই ডি : 2293392)
অতিথি কক্ষ : 35
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam