প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

পুৰুষৰ ৯০ কেজি ঊৰ্ধ্বৰ বক্সিং প্ৰতিযোগিতাত ৰূপৰ পদক জয়ৰ বাবে নৰেন্দ্ৰ বাৰৱাললৈ অভিনন্দন প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 02 AUG 2026 12:01PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছ, ২০২৬ৰ পুৰুষৰ ৯০ কেজি ঊৰ্ধ্বৰ বক্সিং প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে নৰেন্দ্ৰ বাৰৱালক অভিনন্দন জনায়।

প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ প্ৰতিযোগিতাত অপাৰ সাহসিকতা আৰু দৃঢ় সংকল্প প্ৰদৰ্শন কৰাৰ বাবে নৰেন্দ্ৰ বাৰৱালৰ ভূয়সী প্ৰশংসা কৰে।

শ্ৰী মোদীয়ে আগন্তুক বছৰবোৰত তেওঁৰ অধিক সফলতা কামনা কৰে।

'X'ৰ এটা পোষ্টত শ্ৰী মোদীয়ে লিখেঃ

“কমনৱেলথ গেমছৰ পুৰুষৰ ৯০ কেজি ঊৰ্ধ্বৰ বক্সিং প্ৰতিযোগিতাত নৰেন্দ্ৰ বাৰৱালে ৰূপৰ পদক অৰ্জন কৰাত মই অতিশয় সুখী অনুভৱ কৰিছোঁ। সমগ্ৰ প্ৰতিযোগিতাত অপাৰ সাহসিকতা আৰু দৃঢ় সংকল্প প্ৰদৰ্শন কৰাৰ বাবে তেওঁলৈ মোৰ অভিনন্দন। ভৱিষ্যতে তেওঁলৈ অধিক সাফল্য কঢ়িয়াই আনক, তাকে কামনা কৰিলোঁ।”

 

#CWG2026”

 

***

MJPS/SS/ST/DB


(रिलीज़ आईडी: 2293388) आगंतुक पटल : 6
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Gujarati , Tamil , Telugu , Kannada , Malayalam