প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
কমনৱেলথ গেমছ, ২০২৬ৰ মহিলাৰ ৫৪ কেজি বক্সিং প্ৰতিযোগিতাত স্বৰ্ণ পদক জয়ৰ বাবে প্ৰীতিক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
02 AUG 2026 12:43AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কমনৱেলথ গেমছ, ২০২৬ৰ মহিলাৰ ৫৪ কেজি বক্সিং প্ৰতিযোগিতাত স্বৰ্ণ পদক অৰ্জন কৰাৰ বাবে প্ৰীতিক অভিনন্দন জনায়।
প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰীতিয়ে ধাৰাবাহিকভাৱে এক অসাধাৰণ প্ৰদৰ্শন দাঙি ধৰিছে।
শ্ৰী মোদীয়ে এই সাফল্যৰ বাবে তেওঁক অভিনন্দন জনোৱা লগতে আগন্তুক দিনবোৰত তেওঁৰ নিৰৱচ্ছিন্ন সফলতা কামনা কৰে।
প্ৰধানমন্ত্ৰীয়ে ‘X’ত লিখিছে:
“৫৪ কেজি মহিলাৰ বক্সিং প্ৰতিযোগিতাত সোণৰ পদক জয় কৰি প্ৰীতিয়ে এক উৎকৃষ্ট প্ৰদৰ্শন দাঙি ধৰিছে। তেওঁৰ প্ৰদৰ্শন অত্যন্ত ধাৰাবাহিক আছিল। তেওঁলৈ মোৰ অভিনন্দন। আগন্তুক দিনবোৰতো তেওঁৰ সফলতা অব্যাহত থাকক, তাকে কামনা কৰিলোঁ।”
#CWG2026”
***************
MJPS/SS/ST/DB
(रिलीज़ आईडी: 2293385)
आगंतुक पटल : 3