প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

মহিলাৰ ৫১ কেজি বক্সিং প্ৰতিযোগিতাত স্বৰ্ণ পদক জয়ৰ বাবে সাক্ষীক প্ৰধানমন্ত্ৰীৰ অভিনন্দন

प्रविष्टि तिथि: 02 AUG 2026 12:54AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছ, ২০২৬ৰ মহিলাৰ ৫১ কেজি বক্সিং প্ৰতিযোগিতাত স্বৰ্ণ পদক অৰ্জন কৰাৰ বাবে সাক্ষীক অভিনন্দন জনায়।

প্ৰধানমন্ত্ৰীয়ে সাক্ষীৰ শক্তিশালী প্ৰদৰ্শন আৰু নিৰ্ণায়ক বিজয়ৰ ভূয়সী প্ৰশংসা কৰে।

শ্ৰী মোদীয়ে তেওঁৰ নিৰৱচ্ছিন্ন সফলতা কামনা কৰাৰ লগতে ভৱিষ্যতে তেওঁ অধিক সাফল্যৰ শিখৰ চুব বুলি আশা প্ৰকাশ কৰে।

'X'ৰ এটা পোষ্টত শ্ৰী মোদীয়ে লিখিছে;

“মহিলাৰ ৫১ কেজি বক্সিং প্ৰতিযোগিতাত সাক্ষীয়ে এক গৌৰৱময় সোণৰ পদক অৰ্জন কৰিলে! এক শক্তিশালী প্ৰদৰ্শন আৰু নিৰ্ণায়ক বিজয়ৰ বাবে তেওঁক অভিনন্দন জনালোঁ। তেওঁ যেন ভৱিষ্যতেও সফলতাৰ অধিক উচ্চতা স্পর্শ কৰি থাকে, তাকে কামনা কৰিলোঁ!”


#CWG2026”



 

**********


MJPS/SS/ST/DB


(रिलीज़ आईडी: 2293376) आगंतुक पटल : 3
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Gujarati , Telugu , Kannada , Malayalam